দৈনন্দিন জীৱনত সংখ্য়াৰ ব্য়ৱহাৰ | Lesson 10 | Class 5 Maths Solution Assam SCERT | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ১০দৈনন্দিন জীৱনত সংখ্য়াৰ ব্য়ৱহাৰ
        👉Book PDF Download
1. মণিয়ে বিদ্য়ালয়লৈ যাওঁতে বিদ্য়ালয়ৰ কাষতে থকা কিতাপৰ দোকানৰ পৰা কিতাপ, বহী, পেন ইত্য়াদি কিনাৰ কথা ভাবি এটা থূলমূল হিচাপ উলিয়াই চালে। প্ৰতিখন বহীত 10 টকাকৈ 3খন বহী, 15 টকাকৈ দুটা কলম আৰু 5 টকাকৈ দুখন আৰ্ট পেপাৰ কিনিব। দেউতাকৰ পৰা এশ টকা লৈ ঘৰলৈ ওলাল। চিটী বাছখন পাবলৈ প্ৰায় 500 মিটাৰ খোজকাঢ়িব লাগে। বাছত উঠি বিদ্য়ালয় পাবলৈ 2 কিলোমিটাৰ বাট যাব লাগে। বাছৰ ভাড়া 5 টকা মণিয়ে বস্তুখিনি ভবামতেই কিনিব পাৰিলে।তাই কিনা বস্তুৰ বিলখন চাওঁ আহাঃ

Sl NoItemsNo of ItemsRatePrice
123বহীকলমআৰ্ট পেপাৰ31210155301510
  মুঠ70
  

এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃa) মণিয়ে মুঠতে কিমান টকাৰ বজাৰ কৰিলে?→ 55
b) তাই দেউতাকক কিমান টকা ঘূৰাই দিলে?→40
c) কোনটো বস্তুত মণিয়ে বেছি টকা দিব লগা হ’ল?→.বহী।
d) 3 খন বহী আৰু 2 টা কলমৰ মুঠ মূল্য় কিমান হ’ব?→ 60 টকা।
e) একে মূল্য়ৰ 5 টা কলমৰ দাম কিমান হ’ব?→ 75 টকা।
f) বিদ্য়ালয়লৈ যাওঁতে তাই কিমান দূৰত্ব অতিক্ৰম কৰিবলগা হ’ল?→ 2 কিলোমিটাৰ।
g) প্ৰতিমাহত তিনিখনকৈ বহী প্ৰয়োজন হ’লে এবছৰত তাইক কিমানখন বহী প্ৰয়োজন হ’ব?→ 36 খন।
h) বাকী থকা টকাৰে বহী আৰু আৰ্ট পেপাৰ কিনিব পাৰিবনে? যদি পাৰে কেইকন বহী আৰু কেইখন আৰ্ট পেপাৰ কিনিব পাৰিব?→ পাৰিব, বহী 4 খন নাইবা আৰ্ট পেপাৰ 8 খন।
2. যোগ কৰাঃ

3. বিয়োগ কৰাঃ

4. পূৰণ কৰাঃa) 2430 টকা x 25 = 60750 টকা
b) 19 ঘণ্টা x 8 = 152 ঘণ্টা
c) 399 ঘণ্টা x 15 = 5985 লিটাৰ
5. হৰণ কৰাঃa) 300 কি মি ÷ 5 = 60 কি মি
b) 250 টকা ÷ 10 = 25 টকা
c) 60 ঘণ্টা ÷ 4 = 15 ঘণ্টা

5. বস্তুৰ মুঠ মূল্য উলিয়াই তলৰ তালিকাখন পূৰ কৰাঃ

সামগ্ৰীহাৰপৰিমাণমূল্য
আপেল240 টকা প্ৰতি কি গ্ৰা3 কি গ্ৰা720 টকা
বুট45 টকা প্ৰতি কি গ্ৰা4 কি গ্ৰা180 টকা
কমলা50 টকা প্ৰতি কি গ্ৰা3 কি গ্ৰা150 টকা
মগু105 টকা প্ৰতি কি গ্ৰা5 কি গ্ৰা525 টকা
মধুৰিআম40 টকা প্ৰতি কি গ্ৰা1.5 কি গ্ৰা60 টকা
মুঠ টকা1635 টকা

6. সমাধান কৰাঃa) 16 টকা 75 পইচাৰ লগত 27 টকা 25 পইচা যোগ কৰা।⟶ 16 টকা 75 পইচা + 27 টকা 25 পইচা⟶ 16.75 টকা + 27.25 টকা = 44 টকা
b) 20 টকা, 100 টকা 50 পইচা যোগ কৰি যোগফলৰ পৰা 90 টকা 75 পইচা বিয়োগ কৰাঃ⟶ 20 টকা + 100 টকা 50 পইচা – 90 টকা 75 পইচা⟶ 120 টকা 50 পইচা – 90 টকা 75 পইচা⟶ 120.50 টকা – 90.75 টকা = 29.75 
c) 120মিনিটত কিমান ঘণ্টা?⟶ 2 ঘণ্টা
d) 25 ঘণ্টাত কিমান মিনিট?⟶ 1500 মিনিট
e) ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 1 বজালৈ কিমান ঘণ্টা?⟶ 7 ঘণ্টা
f) 6 ঘণ্টা 40 মিনিটত কিমান মিনিট?⟶ 400 মিনিট
g) চন্দনে প্ৰতি মাহে 5,000 টকা ঘৰ ভাড়া দিয়ে। এবছৰত কিমান টকা ঘৰ ভাড়া দিব?⟶ 60,000
h) ৰমলাই 1.500 কি গ্ৰা মচুৰ দাইল, 500 গ্ৰাম ৰহৰ দাইল, 50 গ্ৰাম  জিৰা গুৰি, 50 গ্ৰাম পাঁচফোৰণ আৰু 1.250 কি গ্ৰা পিয়াঁজ কিনিলে। তাই মুঠ কিমান পৰিমাণৰ বস্তু কিনিলে?
⟶ 3.350 কি গ্ৰা
i) এক কিলোগ্ৰাম মাছৰ দাম 300 টকা হ’লে 250 গ্ৰাম মাছৰ দাম কিমান?⟶ 1 কি গ্ৰা  = 1000 গ্ৰাম⟶ 1 কি গ্ৰা = 1000 গ্ৰাম = 300 টকা⟶ 1 গ্ৰাম = 300 টকা ÷ 1000 টকা∴ 250 গ্ৰাম = 250 x 300 ÷ 1000 টকা                  = 75

7. তলৰ সমসস্য়াসমূহ সমাধান কৰাঃa) মৌচুমীৰ মাকে বজাৰৰ পৰা 5 মিটাৰ 25 ছেমি জোখৰ এটুকুৰা কাপোৰ কিনি তাৰ পৰা 3 মিটাৰ 50 ছেমি কাপোৰ ফ্ৰক চিলাওঁতে ব্য়ৱহাৰ কৰিলে। কিমান কাপোৰ ৰৈ গ’ল?⟶ 5 মিটাৰ 25 ছেমি – 3 মিটাৰ 50 ছেমি⟶ 1 মিটাৰ 75 ছেমি
b) এজন শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা তেওঁ 25 দিন কাম কৰিলে মুঠ কিমান টকা পাব?⟶ 8750 টকা
c) এখন বিমানে 4 ঘণ্টাত 2068 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা।⟶ 2068 কিলোমিটাৰ ÷ 4⟶ 517 কিলোমিটাৰ
d) এজন মানুহে বজাৰ কৰোঁতে দুখন 200 টকীয়া নোট, এখন 2000 টকীয়া নোট, 3 খন 50 টকীয়া নোট, 4 খন 20 টকীয়া নোট আৰু এটা 5 টকাৰ মুদ্ৰা দিব লগা হ’ল। মানুহজনে মুঠতে কিমান টকাৰ বজাৰ কৰিলে?⟶ 2 x 200 + 2000 + 3 x 50 + 4 x 20 + 5⟶ 400 + 2000 + 150 + 80 + 5⟶ 2635
e) এটা টিনত 10 কিলো গ্ৰাম চেনি আছে। তাৰে 7 কিলোগ্ৰাম 500 গ্ৰাম চেনি বিক্ৰী কৰিলে কিমান চেনি থাকিব?⟶ 10 কিলোগ্ৰাম – 7 কিলোগ্ৰাম 500 গ্ৰাম⟶ 10 কি গ্ৰা – 7.5 কি গ্ৰা⟶ 2.5 কি গ্ৰা
f) ৰঙিয়াৰ পৰা ধুবুৰীলৈ মুঠ পথৰ দূৰত্ব 240 কিলোমিটাৰ, এজন মানুহে 5 কিলোমিটাৰ চাইকেলেৰে, 115 কিলোমিটাৰ ৰে’লগাড়ীৰে আৰু বাকী অংশ বাছেৰে গ’ল। মানুহজনে কিমান দূৰত্ব বাছেৰে গ’ল?⟶ বাছেৰে যোৱা দূৰত্ব = 240 কিমি – 5 কিমি – 115 কিমি= 120 কিমি
g) এটা গেলনত 12 লিটাৰ পানী ধৰে। তেনেকুুৱা 24 টা গেলনত কিমান লিটাৰ পানী ধৰিব?⟶ 12 লিটাৰ x 24 = 288 লিটাৰ
h) এটা মিঠাতেল টিনত 18 লিটাৰ ধৰে। 180 লিটাৰ মিঠাতে ভৰাবলৈ হ’লে কিমানটা তেনেকুৱা টিন লাগিব?⟶ 180 লিটাৰ ÷ 18 = 10 টা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top