পাঠঃ- ৩ হৰণ
অনুশীলনী ৩(খ)
(১) ২৫ খন চকীৰ মুঠ দাম ৭১২৫ টকা। একোখন চকীৰ দাম কিমান? উত্তৰঃ- দিয়া আছে, ২৫ খন চকীৰ মুঠ দাম = ৭১২৫ টকা
∴ একোখন চকীৰ দাম হ’ব = (২৫÷ ৭১২৫) টকা
= ২৮৫ টকা
(২) ৩ ডজন কলমৰ মুঠ দাম ৫০৪ টকা। একোটা কলমৰ দাম কিমান? (১ ডজন = ১২ টা) উত্তৰঃ- দিয়া আছে, ৩ ডজন কলমৰ মুঠ দাম = ৫০৪ টকা
∴ একোটা কলমৰ দাম = (৫০৪ ÷ ৩৬) টকা = ১৪ টকা
(৩) এজন মানুহৰ ৩০ দিনৰ হাজিৰা ১১,২৫০ টকা। মানুহজনৰ দৈনিক হাজিৰা কিমান? উত্তৰঃ- দিয়া আছে, মানুহজনৰ ৩০ দিনৰ হাজিৰা = ১১,২৫০ টকা
∴ মানুহজনৰ দৈনিক হাজিৰা হ’ব = (১১,২৫০ ÷ ৩০) = ৩৭৫ টকা
(৪) এখন আমৰ বাগানত ৭৫ শাৰী আম গছ আছে। মুঠ আমগছৰ সংখ্যা ১০৮৭৫ জোপা। একোটা শাৰীত কিমান জোপাকৈ আমগছ আছে? উত্তৰঃ- দিয়া আছে, এখন আমৰ বাগানত আম গছৰ শাৰী আছে = ৭৫ জোপা
মুঠ আমগছৰ সংখ্যা আছে = ১০৮৭৫ জোপা
∴ একোটা শাৰীত আমগছ আছে = ১৪৫ জোপাকৈ
(৫) এজন দোকানীয়ে ৯ ৰীম কাগজ ৩২৪০ টকাৰে কিনে। প্ৰতি দিস্তা কাগজৰ দাম কিমান? (১ ৰীম = ২০ দিস্তা)উত্তৰঃ- দিয়া আছে, এজন দোকানীয়ে ৯ ৰীম কাগজ কিনে = ৩২৪০ টকাৰে
∴ প্ৰতি দিস্তা কাগজৰ দাম হ’ব = (১৮০ ÷ ৩২৪০) = ১৮ টকা
(৬) ১২ খন গণিতৰ কিতাপ আৰু ১৫ খন বিজ্ঞানৰ কিতাপৰ মুঠ দাম ১১৪০ টকা। যদি একোখন গণিতৰ কিতাপৰ দাম ৪৫ টকা, তেন্তে একোখন বিজ্ঞানৰ কিতাপৰ দাম কিমান ?উত্তৰঃ- দিয়া আছে, ১২ খন গণিতৰ কিতাপ আৰু ১৫ খন বিজ্ঞানৰ কিতাপৰ মুঠ দাম = ১১৪০ টকা
একোখন গণিতৰ কিতাপৰ দাম = ৪৫ টকা
মুঠ গণিতৰ কিতাপৰ দাম = (১২ ✖ ৪৫) = ৫৪০ টকা
∴ মুঠ কিতাপৰ দাম = (১১৪০ – ৫৪০) টকা = ৬০০ টকা
∴ একোখন বিজ্ঞানৰ কিতাপৰ দাম হ’ব = (৬০০ ÷ ১৫) = ৪০ টকা
(৭) একোটা বাকচত ৩০ টাকৈ চকলেট ভৰাব পাৰি। ১৩৫০ টা চকলেট ভৰাবলৈ কিমানটা বাকচ লাগিব? উত্তৰঃ- দিয়া আছে, একোটা বাকচত চকলেট ভৰাব পাৰি = ৩০ টাকৈ
∴ ১৩৫০ টা চকলেট ভৰাবলৈ বাকচ লাগিব = (১৩৫০ ÷ ৩০) = ৪৫ টা বাকচ লাগিব
(৮) এখন বিদ্যালয়ৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰী বাছেৰে বনভোজ খাবলৈ যাব। এখন বাছত ৩২ জনকৈ ছাত্ৰ-ছাত্ৰী যাব পাৰে। মুঠতে কিমানখন বাছ লাগিব? (মন কৰিবা: হৰণ কৰাৰ পাছত যদি ভাগশেষ থাকে, সেইখিনিৰ বাবে এখন বাছ বেছিকৈ ধৰিব লাগিব?) উত্তৰঃ- দিয়া আছে, বনভোজ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = ৮৯০ গৰাকী
এখন বাছত ছাত্ৰ-ছাত্ৰী যাব পাৰে = ৩২ জনকৈ
মুঠতে বাছ লাগিব = (৮৯০ ÷ ৩২) খন = ২৮ খন
(৯) কেইজনমান মানুহৰ মাজত ৬৮০ টা কমলা সমানকৈ ভগোৱাত প্ৰত্যেকে ১৬ টাকৈ কমলা পালে আৰু ৮ টা কমলা ৰৈ গ’ল। মানুহ কিমানজন আছিল ?উত্তৰঃ- দিয়া আছে, কমলা আছিল = ৬৮০ টা
সমানকৈ ভগোৱাত প্ৰত্যেকে পালে = ১৬ টাকৈ
আৰু কমলা ৰৈ গ’ল = ৮ টা
∴ মানুহ আছিল = (৬৮০ ÷ ১৬) = ৪২ জন
(১০) ২০ গণ্ডা তামোলৰ দাম ২৪০ টকা। একোটা তামোলৰ দাম কিমান? (১ গণ্ডা = ৪ টা)উত্তৰঃ- দিয়া আছে, ২০ গণ্ডা তামোলৰ দাম = ২৪০ টকা ∴ একোটা তামোলৰ দাম হ’ব = (২৪০ ÷ ৮০) টকা = ৩ টকা
(১১) ১২ যোৰ হাঁহৰ দাম ২৮৮০ টকা। একোটা হাঁহৰ দাম কিমান ? (১ যোৰ =২ টা)উত্তৰঃ- দিয়া আছে, ১২ যোৰ হাঁহৰ দাম = ২৮৮০ টকা
∴ একোটা হাঁহৰ দাম হ’ব = (২৮৮০ ÷ ২৪) টকা
= ১২০ টকা
(১২) একোটা পাত্ৰত ২৫ লিটাৰকৈ পানী ভৰাব পাৰি। ৮০০ লিটাৰ পানী ভৰাবলৈ কিমানটা তেনে পাত্ৰ লাগিব ? উত্তৰঃ- দিয়া আছে, একোটা পাত্ৰত ২৫ লিটাৰকৈ পানী ভৰাব পাৰি।
∴ ৮০০ লিটাৰ পানী ভৰাবলৈ পাত্ৰ লাগিব = (৮০০ ÷ ২৫) লি: = ৩২ টা তেনে পাত্ৰ লাগিব
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post