Might Learn Logo Might Learn

অনুশনলী ১ | Chapter 1 | Class 4 Verbal Mental Aptitude Shankardev School Question Answer Solution For Assam |

  অনুশনলী ১

১। বেদপ্ৰকাশৰ হাতত কেইামান টফি আছিল। তেওঁ ৪ জন বন্ধুক ৪ টাকৈ টফি দিলে আৰু তেওঁৰ হাতত ৩ টা টফি থাকিলে, বেদপ্ৰকাশৰ হাতত মুঠতে কিমান টফি আছিল ?

উত্তৰঃ ……………..

২। ৮, ৭, ৯, এই তিনিটা সংখ্যাৰে তুমি ৮৭৯ আৰু ৯৮৭ সংখ্যা দুটা লিখিছা। এতিয়া তৃতীয় সংখ্যাটো কি হ’ব ?

উত্তৰঃ ……………..

৩। কোনো এটা সংখ্যাৰ লগত ৮ যোগ কৰিলে সংখ্যাটো দুগুণ হয়। সংখ্যাটো কি ?

উত্তৰঃ……………….

৪। ২৫ আৰু ৫০ৰ ভিতৰত এনে এটা সংখ্যা বাছি উলিওৱা, যিটো সংখ্যাক ২, ৩ আৰু ৫ ৰে ভাগ কৰিলে ভাগশেষ নাথাকে।

উত্তৰঃ……………..

৫। এডাল বাঁহত পৰুৱা এটা বগাইছে। পৰুৱাটোৱে ১ মিনিটত বাঁহডালত ৩ চেন্টিমিটাৰ ওপৰলৈ বগাই যায় কিন্তু পুনৰ পিছলৈ ২ চেণ্টিমিটাৰ তললৈ আহে। গতিকে ২ চেন্টিমিটাৰ বগাই ওপৰলৈ উঠিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন হ’ব?

উত্তৰঃ…………….

৬। তলত উল্লেখিত যোৱা সংখ্য়া সমূহৰ ভিতৰত কোণ যোৰ সংখ্যাৰ যোগফল ৭০০ত কৈ বেছি হ’ব?

(ক) ৩৬৫ আৰু ২৯৫         (খ) ১৮৭ আৰু ৫০৬

(গ) ৪৯৭ আৰু ২২৩           (ঘ) ৩০৯ আৰু ৩২৩

উত্তৰঃ…………..

৭। গুৱাহাটীৰ পৰা ডুমডুমালৈ পথেৰে দূৰত্ব ৫১৫ কিলোমিটাৰ। মনপাই গুৱাহাটীৰ পৰা ডুমডুমালৈ বাছেৰে  যাত্ৰা কৰিলে। বাছখনে ২৯৭ কিলোমিটাৰ যোৱাৰ পিছত ৰাস্তাৰ কাষৰ হোটেল ‘নিৰিবিলি’ত  যাত্ৰীসকলে ভাত পানী খাবলৈ সোমালে। এতিয়া হোটেল ‘নিৰিবিলি’ৰ পৰা ডুমডুমালৈ কিমান দূৰত্ব?

উত্তৰঃ……………..

৮। যোৰহাটৰ টোকলাইত থকা চাহ গবেষণা কেন্দ্ৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ১০ জনীয়া দল এটা ২ জন আচাৰ্যৰ সৈতে বাছত গৈছে। বাছ ভাড়ো প্ৰতিজনৰে ১২০ টকাকৈ। তেওঁলোকে বাছ ভাড়া কিমান পৰিশোধ কৰিব?

উত্তৰঃ……………….

৯।  ৰাজু আৰু বিজয়ৰ ৩৭০ টকা এনেদৰে ভগাই দিব লাগে যাতে বিজয়ে ৰাজুতকৈ ১০ টকা বেছি পায়। বিজয়ৰ অংশটো কিমান?

উত্তৰঃ……………..

১০। ৰামায়ণখনত মুঠ পৃষ্ঠা আছে ৬৯০ পৃষ্ঠা। মৃন্ময়ে ইয়াৰে ৩৭০ পৃষ্ঠা পঢ়িছে। আৰু কিমান পৃষ্ঠা পঢ়িলে সম্পূৰ্ণ হ’ব?

উত্তৰ…………….

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects