অনুশীলনী
১। শংকৰ এদিন এছোৱা ৰাতিত খেৰসুতীৰ ভয়ত চুচুক্ -চামাককৈ কিয় ঘৰ সোমাইছিল লিখাঁ ।
উত্তৰঃ- এবাৰ হাবিৰ মাজত মৌ-বাহৰপৰা মৌ পাৰিবলৈ গৈ এছোৱা ৰাতিতহে ঘৰ সোমাল। গোটেই গাটো এঠা এঠা । কাপোৰ-কানিৰ অৱস্থা নাই, এই কাৰণেই শংকৰে খেৰখুতীৰ ভয়ত চুচুক-চামাককৈ ঘৰ চাপিলে।
২। খেৰসুতীয়ে শংকৰক কি কথাৰ কাৰণে তিৰস্কাৰ কৰিছিল ? খেৰসুতীয়ে শংকৰক কোৱা কথাখিনি নিজৰ ভাষাৰে লিখাঁ ।
উত্তৰঃ- শংকৰে পঢ়া-শুনা নকৰা, ধিতিঙালি কৰি ফুৰা আদিবোৰ কথাৰ কাৰণে তাক খেৰসুতীয়ে তিৰস্কাৰ কৰিছিল। খেৰসুতীয়ে শংকৰক কৈছিল যে পঢ়া-শুনা নকৰি টলৌ-টলৌকৈ ঘূৰি ফুৰা, ধিতিঙালি কৰি সদায় খেল-ধেমালি কৰি ফুৰা আদি কামবোৰ কৰি ফুৰিলেই নহ’ব। শংকৰহঁতৰ বংশত কোনো অপণ্ডিত, মূৰ্খ লোক নাছিল। পূৰ্বপুৰুষসকলে দক্ষতা আৰু পাণ্ডিত্য়ৰে নিজৰ নিজৰ শাসন চলাইছিল। দৈৱজ্ঞই গণনা কৰি পাইছিল যে সি এদিন পণ্ডিত হ’ব। কিন্তু শংকৰে পণ্ডিত নহ’বই যেন পাইছিল খেৰসুতীয়ে। কিন্তু বাৰ বছৰ বয়সলৈকে হাবিত ছিটিকা ধৰা, বৰনৈত সাঁতোৰা, নৈৰপৰা কাছ, শিহু পোৱালি ধৰা, মৌ-বাহৰ পৰা মৌ-খোৱা আদি ক্ষেত্ৰত খেৰসুতীয়ে তাৰ সাহস, চতুৰালি আদি কিন্তু ঠিকেই দেখিছিল।
৩। শংকৰক খেৰসুতীয়ে কাৰ পঢ়াশালিত নাম লগাই দিছিল? পঢ়াশালিত থৈ অহাৰ পিছত শংকৰৰ কি কথাবোৰলৈ মনত পৰি থাকিছিল ?
উত্তৰঃ- খেৰসুতীয়ে শংকৰক মহেন্দ্ৰ কন্দলীৰ পঢ়াশালিত নাম লগাই দিছিল। পঢ়াশালিত থৈ অহাৰ পিছত শংকৰৰ ঘৰখনলৈ, লগ-সমনীয়াবোৰলৈ, খেল-ধেমালিবোৰলৈ, বনৰ চৰাই-চিৰিকটিবোৰলৈ মনত পৰি থাকিছিল।
Question Type : Sumit Patar
Answer Type : Himanku Bora
Post ID : DABP006618
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post