AJB Class 6 Mahapurush Shankrdev Chapter 5 Answer

অনুশীলনী

১। মহেন্দ কন্দলীৰ পাঠশালাৰ গছৰ তলত বহি কথা পাতি থকা ছাত্ৰ দুজনৰ কথোপকথনখিনি তোমাৰ কথাৰে লিখাঁ ।

উত্তৰঃ- মহেন্দ কন্দলিৰ পাঠশালাৰ গছৰ তলত বহি ছাত্ৰ দুজনে আলোচনা কৰিছিল যে শংকৰসকল বাৰভূঞা বংশৰ, সেয়েহে গুৰুজনে তাক পাঠশালা সৰা-মচা কামবোৰ কৰিবলৈ নিদিয়ে। আনহাতে আনজনে কৈছিল যে শংকৰ বিদ্য়া-বুদ্ধিত চোকা, তাক কিবা এটা এবাৰ শিকালেই মনত ৰয়, সেই কাৰণেহে গুৰুদেৱে তাক পাঠশালা সৰা-মচা কামত নলগায়।

২। শংকৰৰ পূৰ্বপুৰুষ ক’ৰপৰা আহিছিল ? তেওঁলোকক কোনে ক’লৈ আনি ক’ত বহুৱাইছিল আঁতি-গুৰি মাৰি লিখা ঁ।

উত্তৰঃ- শংকৰৰ পূৰ্বপুৰুষসকল কান্য়কুব্জ বা কনৌজ নামৰ ঠাইখনৰপৰা আহিছিল। তেওঁলোকক গৌড় ৰজা ধৰ্মনাৰায়ণৰপৰা আমাৰ দেশৰ ৰজা কমতেশ্বৰ দুৰ্লভনাৰায়ণে সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ মানুহ পাইছিল। সেই কায়স্থকেইঘৰৰে এজন আছিল শংকৰৰ পূৰ্বপুৰুষ চণ্ডীবৰ কায়স্থ। চণ্ডীবৰ আছিল সংস্কৃত ভাষাত ব্য়ুৎপত্তি থকা এজন যুক্তিবান মানুহ। কমতাৰ ৰজাই চণ্ডীবৰক বাৰভূঞাৰ শিৰোমণি ভূঞা খিতাপ দি লেঙামাগুৰি নামৰ ঠাইত আনি বহুৱাইছিল।

৩। শংকৰৰ বুঢ়ীমাকৰ নাম খেৰসুতী কিয় হৈছিল ?

উত্তৰঃ- উপজিয়েই খেৰৰ ওপৰত শুইছিল কাৰণে খেৰসুতী নাম দিয়া হৈছিল।

৪। শংকৰে অনুশাসন ভংগৰ কি কাম কৰিছিল ?

উত্তৰঃ- শংকৰে পাঠশালাৰপৰা মনে মনে ঘৰলৈ যাওঁ বুলি গৰুৰ জাকত ঘূৰি ফুৰিছিল।

Type Sumit Patar

Author By- Himadree Bora

Post ID : DABP006620