AJB Class 6 Mahapurush Shankardev Chapter 10 Answer

অনুশীলনীঃ

১। বৰদোৱা এৰিব লগা হোৱা বাবে শংকৰদেৱৰ কেনে লাগিছিল? বৰদোৱা এৰাৰ আগমুহূৰ্তত তেওঁৰ কি কি কথা মনলৈ আহিছিল?

উত্তৰঃ- বৰদোৱা এৰিব লগা হোৱা বােবে শংকৰদেৱৰ মনে মনা নাছিল। উপৰিপুৰুষে পাতি থৈ যোৱা ভূঞা ৰাজ্য়খন এৰি আন ঠাইলৈ যাবলৈ শংকৰদেৱৰ মনে নসহিলে। বৰদোৱা এৰাৰ আগমুহূৰ্তত তেওঁৰ শৈশৱৰ অনেক ঘটনাৰ স্মৃতি বিজড়িত হাবিখন, তাত থকা চৰাই-চিৰিকটি আৰু জন্তুবোৰ, পথাৰকেইখন, নামঘৰ, মণিকূট, কন্দলিৰ পাঠখালা এই সকলোবোৰৰ কথা মনলৈ আহিছিল।

২। বৰদোৱা এৰি প্ৰথমে কত আশ্ৰয় লয় ভূঞাসকলে ? সেই ঠাই কিয় পৰিত্যাগ কৰিলে?

উত্তৰঃ- বৰদোৱা এৰি প্ৰথমে ৰৌতাত আশ্ৰয় লয়। খৰালিকাল পৰিলে ভোট নামৰ জাতিটোৱে পাহাৰৰ পৰা নামি আহি গাঁৱত সোমাই উদ্ভণ্ডালি কৰে। ৰৌতাৰ পানিও ভাল নহয়।

৩। ধুঁৱাহাটা শংকৰদেৱৰ কিয় ভাল লাগিল ?

উত্তৰঃ– ধুঁৱাহাটাৰ সুন্দৰ পৰিৱেশ দেখি শংকৰদেৱৰ ভাল লাগিল।

৪। ধুঁৱাহাটাত শংকৰদেৱে গয়াপাণিৰ লগত কাক লগ পাইছিল ? তেওঁক কি যুক্তিয়ে তৰ্কত খটুৱাইছিল ?

উত্তৰঃ- ধুঁৱাহাটাত শংকৰদেৱে গয়াপাণিৰ লগত মাধৱক লগ পাইছিল। তেওঁক শংকৰদেৱৰ অকাট্য় যুক্তিৰে তৰ্কত খটুৱাইছিল।

Question Type : Sumit Patar.

Answer Type : Himadree Bora.

Post ID : DABP006634