AJB Class 8 Chapter 7 Notun Boigyanik Chinta Answer নতুন বিকিৰণ আৰু তেজস্ত্ৰিয়তা

Lesson – 7

নতুন বিকিৰণ আৰু তেজস্ত্ৰিয়তা

১। ইলেকট্ৰ’নৰ আৱিস্কাৰ কোনে কৰিছিল?

উত্তৰঃ  ইলেকট্ৰ’নৰ আৱিস্কাৰ ব্ৰিটিছ পদাৰ্থবিজ্ঞানী জে জে থমছনে কৰিছিল।

২। পৰমাণুৰ দুই ধৰণৰ কণিকাৰ নাম লিখা।

উত্তৰঃ পৰমাণুৰ দুই ধৰণৰ কণিকাৰ নাম হ’ল এবিধ ঋনাত্মক আধানযুক্ত আৰু আনবিধ ধনাত্মক আধানযুক্ত।

৩। টনৰ পিছত টন পিটছ ব্লেণ্ডৰ মাজৰপৰা মেডাম কুৰীয়ে কিমান গ্ৰাম অমূল্য পদাৰ্থ উলিয়ায়?

উত্তৰঃ  টনৰ পিছত টন পিটছ ব্লেণ্ডৰ মাজৰ পৰা কুৰীয়ে ০.১ গ্ৰাম অমূল্য পদাৰ্থ সম্পূৰ্ণ বিশুদ্ধ অৱস্থাত উলিয়ায়।

৪। পিটছ ব্লেণ্ডৰ মাজৰপৰা উলিওৱা নতুন অমূল্য পদাৰ্থটেপৰ নাম কি?

উত্তৰঃ পিটছ ব্লেণ্ডৰ মাজৰপৰা উলিওৱা নতুন অমূল্য পদাৰ্থটোৰ নাম ৰেডিয়াম।

৫। হেনৰি বেকুইৰেল, মেডাম কুৰী আৰু তেওঁৰ গিৰিয়েক পিয়েৰ কুৰীক যুটীয়াভাৱে কি আৰু কেতিয়া দিছিল?

উত্তৰঃ হেনৰি বেকুইৰেল, মেডাম কুৰী আৰু তেওঁৰ গিৰেয়েক পিয়েৰ কুৰীক যুটীয়াভাৱে ন’বেল পুৰস্কাৰ আৰু ১৯০৩ চনত দিছিল।

৬। হেনৰি বেকুইৰেলও এক্স-ৰশ্মিৰ ওপৰত গৱেযণা চলোৱাৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ হেনৰি বেকুইৰেলও এক্স-ৰশ্মিৰ ওপৰত গৱেষণা চলোৱাৰ উদ্দেশ্য আছিল এক্স-ৰশ্মিৰ প্ৰকৃতি আৰু ধৰ্মৰ লগতে ইয়াৰ উৎপত্তিৰ কাৰণ বাহিৰ কৰা।

 ৭। এক্স -ৰশ্মি কোনে আৱিস্কৰ কৰিছিল? 

উত্তৰঃ এক্স-ৰশ্মি জাৰ্মান পদাৰ্থবিজ্ঞানী উইলেহল্ম কনৰাড ৰ’ণ্টজেনে আৱিস্কাৰ কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top