পৃথিৱীৰ গতি
(১) তলৰ প্রশ্নবোৰৰৰ উত্তৰ দিয়া –
(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে ?
উত্তৰঃ চাৰে ৬৬ ডিগ্ৰী কোণ ধৰি আছে।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰঃ ৩৬৫ দিন আৰু ৬ ঘন্টা সময় লাগে।
(গ) পোহৰ বৃত্ত কাক বোলা হয়?
উত্তৰঃ পৃথিৱীখনত দিন-ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?
উত্তৰঃ ২১ মাৰ্চৰ দিনা।
(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) আহ্নিক গতি আৰু বার্ষিক গতি বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকে আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰা যি গতি তাকে বাৰ্ষিক গতি বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা।
উত্তৰঃ এটা গোলক আৰু এটা টৰ্চ লাইট ল’ব লাগে। এতিয়া এজনে চৰ্চলাইটটো গোলকটোৰ ফালে জ্বলাই দিয়া এতিয়া আনএজনে গোলকটো পূবৰ পৰা পশ্চিমলৈ ঘূৰাই দিয়া। এনেদৰে ঘূৰাই থাকোতে এটা অংশত পোহৰ পৰিব আৰু বাকী অংশত এন্ধাৰ হ’ব এনেদৰে পৃথিৱীত দিন-ৰাতি হয়।
(গ) অধিবর্ষ বুলিলে কি বুজা?
উত্তৰঃ প্ৰতি ৪ বছৰৰ মূৰে-মূৰে ফেব্ৰুৱাৰী মাহটোট এদিন বঢ়াই ২৮ দিনৰ ওপৰি ২৯ দিন গণনা কৰা হয়। এনেকৈ যিতো বছৰত এদিন বঢ়াই দিয়া হয় তাকে অধিৰ্বষ বোলে।
(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পার্থক্য নিৰূপণ কৰা।
উত্তৰঃ কৰ্কট সংক্ৰান্তিৰ দিনা উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়।
আনহাতে মকৰ সংক্ৰান্তিৰ দিনা দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকালআৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়।
(ঙ) পৃথিৱীৰ বার্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন লিখা।
উত্তৰঃ পৃথিৱীত বাৰ্ষিক গতি নথকাহেঁতেন – ঋতু বিৰাজ নহলেহেঁতেন, সাজ-পাৰ, খাদ্য পৰিৱৰ্তন নহলেহেঁতেন, উদ্ভিদো পৰিৱৰ্তন নহলেহেঁতেন, মানুহৰ উৎসৱ-পাৰ্ৱন আদিও পালন নহলেহেঁতেন।
(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীৱে সূৰ্যৰ চাৰিওফালে ঘূৰা যি পথ। সেই পথটো গোলাকাৰ নহয় উপবৃত্তাকাৰহে সেইপথটোকে পৃথিৱীৰ কক্ষপথ বোলে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post