Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Assamese Chapter 12 Answer 2026 | Class 8 Assamese Chapter 12 Question and Answer Solution By SEBA Teachers সুখ ।

Chapter 12 –

সুখ

৩। উত্তৰ দিয়া।

(ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?

উত্তৰঃ- সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়।

(খ) কবিয়ে মানুহক ‘দিন কণা’ বুলি কিয় কৈছে?

উত্তৰঃ- কবিয়ে মানুহক ‘দিন কণা’ বুলি এইকাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহে সুখ বিচাৰি হাবাথুৰি খায় অথচ নিজৰ চৌপাশতে থকা সুখবোৰ দেখা নোপোৱা স্বভাৱৰ বাবেই কবিয়ে মানুহক ‘দিন কণা’ বুলি কৈছে।

(গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব?

উত্তৰঃ- সুখ পাবলৈ হ’লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। অকল নিজৰ বাবেই চিন্তা কৰা স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিব লাগিব।

(ঘ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?

উত্তৰঃ- পৰমপিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে।

(ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?

উত্তৰঃ- স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি হূলে বিন্ধে বুলি কবিয়ে কৈছে।

(চ) সুগন্ধি কুসুম ক’ত ফুলে?

উত্তৰঃ- সুগন্ধি কুসুম নিঃস্বার্থৰ বাটত ফুলে।

(ছ) জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ’লে কাৰ বাবে?

উত্তৰঃ- জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকূলৰ বাবেও এই জীৱন।

(জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব?

উত্তৰঃ- কেৱল নিজৰ কথা নাভাবি আনৰহকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম-কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। মনটোক থিৰ কৰি এই পৃথিৱীত বসবাস কৰা আন জীৱকূলক নিঃস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে আৰু সকলোকে নিজৰ ভাই-ভনী হিচাপে ভাবিব পাৰিলে; বিশ্ব প্ৰেমেৰে ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হ’ব।

৪। কবিতাটোৰ মূলভাৱ নিজৰ কথাৰে লিখা। 

উত্তৰঃ- কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে “সুখ” নামৰ কবিতাত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখৰ সন্ধানত হাবাথুৰি ফুৰে, কিন্তু সুখৰ মুখ দেখা নাপায়, সেই কথাটো প্ৰতিফলিত কৰিছে। মানুহে সুখৰ সন্ধানত গোটেই জীৱনটো ব্যস্ত থাকে, কিন্তু হাতৰ মুঠিত থকা সুখক উলিওৱাত ব্যৰ্থ হয়।

কবিয়ে কৈছে, যিসকলে নিজৰ স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰে, তেওঁলোকৰ পিছত সুখ ঘূৰি ফুৰে। এনে লোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ’ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰিব পাৰে, তেওঁলোকে সদায় সুখী হৈ থাকিব পাৰে। আনকি আনৰ দুখত কান্দা জনা মানুহে কান্দোতে তেওঁলোকেও সুখ বিচাৰি পায়, বুলি কবিয়ে উল্লেখ কৰিছে।

কবিয়ে সকলো মানুহক নিজৰ ভাই-ভনী বুলি উল্লেখ কৰি কৈছে যে, সকলো নৰ-নাৰীৰ একে পিতা। সেয়ে, কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি, আনৰ দুখলৈ মন দিব লাগে। মানুহৰ সেৱা আৰু পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে, আমি সুখী হ’ব পাৰিম।

এই কবিতাৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে, “মই” বুলি কেৱল আমি মোহ-মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। “মই” বা “মোৰ” মনোভাৱে মানুহক তললৈ নি যায়। সেয়ে, আমি মনটোক থিৰ কৰি ৰাখি, ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মন।

সেয়া হৈছে, যিমান পাৰো মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু হূল থাকে, কিন্তু নিঃস্বার্থৰ বাট হৈছে সেন্দুৰীয়া আলি, য’ত কুসুম ফুলে থাকে। সেয়ে, আমি নিঃস্বাৰ্থভাৱে লোকৰ হিত সাধনত মন দিব লাগে। কবিয়ে কবিতাত উল্লেখ কৰিছে যে, যদি আমি সকলো মানুহক নিঃস্বাৰ্থ মৰমেৰে আচৰণ কৰোঁ, তেনেহলে এই বিশ্ব প্ৰেম আৰু সুখেৰে পৰিপূৰ্ণ হৈ পৰিব।

৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব? কবিতাটোৰ আলমত লিখা।

উত্তৰঃ- সংসাৰত সুখ পাবলৈ হ’লে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব। আনৰ সুখত সুখী হ’ব পাৰিব লাগিব আৰু আনৰ দুখত কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে। এই পৃথিৱীত বসবাস কৰা সকলো নৰ -নাৰীয়েই এক পৰম পিতাৰ সন্তান। গতিকে বিশ্বৰ সকলো নৰ-নাৰীকেই নিঃস্বাৰ্থ প্ৰেম কৰিলে এই সংসাৰ সুখেৰে পৰিপূৰ্ণ হৈ পৰিব। সেইবাবে আমি বিশ্বপ্ৰেমৰ বান্ধোনেৰে বান্ধ খাই সকলোকে ভাই-ভনী বুলি গণ্য কৰা উচিত। 

৬। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা।

উত্তৰঃ-

দিন-কণাঃ দিনতে নেদেখা, মতা কুলি চৰাই।

স্বাৰ্থঃ নিজৰ লাভ বা মঙ্গল।

বলিদানঃ বলি, উচৰ্গা, ত্য়াগ।

থিতঃ ধীৰ, স্থিৰ।

হিতঃ মংগল, উপকাৰী।

সন্তোষঃ আনন্দ, তৃপ্তি।

গাই-গোটা-পেটে ভঁৰালঃ স্বাৰ্থপৰ।

পৱিত্ৰঃ শুচি, শুদ্ধ।

তৰীঃ নাও, নৌকা।

যথাৰ্থঃ সঁচা, সত্য।

বৰতঃ উপবাস, ব্ৰত। 

পৰমপিতাঃ ঈশ্বৰ।

নিঃস্বাৰ্থঃ স্বাৰ্থ নথকা, আনৰ হিত নিবিচৰা, উপকাৰৰ আশা নকৰা।

ওৰঃ অন্ত, শেষ।

অভাৱঃ লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা, কষ্ট, দুখ।

পমিঃ লীণ।

সামৰথঃ শক্তি, ক্ষমতা।

হুলঃ সৰু কাঁইট, সৰু জোঙা বস্তু।

৭। দেখিও নেদেখা কিয় দিন-কণা 

                    সুখ হে হাততে আছে;

যিয়ে দিব পাৰে স্বাৰ্থ বলিদান

                 সুখ ফুৰে পাছে পাছে।

* কবিয়ে দিন-কণা বুলি কাক আৰু কিয় কৈছে? 

উত্তৰঃ- কবিয়েদিন-কণা বুলি এই পৃথিৱীৰ নৰ-মনুষ্য়ক কৈছে। এই পৃথিৱীত মানুহে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ নেদেখে বৰঞ্চ সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ হে পাবলগীয়া হয়। কিন্তু নিজৰ হাততেই যে সুখ নিহিত হৈ থাকে সেই সুখক মানুহে বিচাৰি ল’ব নাজানে। সেয়েহে কবিয়ে মানুহক দিন-কণা বুলি কৈছে।

* মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে কি কৰিব লাগিব? 

উত্তৰঃ- মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব।

৮। প্ৰসংগ সংগতি লগাই ব্য়াখ্যা কৰা। 

যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন 

                 বিশ্ব-প্ৰেমে ভৰ-পূৰ,

বিশ্বৰ সকলো ভাই-ভনী তাৰ,

                 সুখৰ নপৰে ওৰ।

উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ৰ অন্তৰ্গত ‘সুখ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কবিতাফাঁকি অৱতাৰণা কৰা হৈছে।

ব্য়াখ্যাঃ মানুহে যদি নিঃস্বাৰ্থভাৱে সকলোকে মৰম আৰু চেনেহ দিব পাৰে, তেনেহ’লে জীৱনটো সুখেৰে উপচি পৰে। বিশ্বৰ সকলো মানুহক নিজৰ ভাই-ভনী হিচাপে গ্ৰহণ কৰিব পৰা পৰিস্থিতিত, বিশ্বত প্ৰেমৰ আবহাৰ সৃষ্টি হয় আৰু সংসাৰখনো এখন সুখৰ ঠাই হৈ পৰে, বুলি কবিয়ে কৈছে।

আৰু যিসকল লোকে বিশ্বপ্ৰেমৰ ভাবনাৰে উদ্বুদ্ধ হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দিয়ে, প্ৰেম আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ে, তেনে মানুহৰ জীৱনটো সুখৰ পৰা বঞ্চিত নহ’ব। কবিতাত এই কথাটোৰ উল্লেখ কৰি কবিয়ে দেখুৱাইছে যে, নিঃস্বার্থভাবে প্ৰেম আৰু সঁহাৰাৰ অভিব্যক্তি জীৱনৰ সুখৰ মূল চাবিকাঠী।

৯। বাক্য ৰচনা কৰা। 

উত্তৰঃ-

স্বাৰ্থ-বলিদানঃ দেশৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে।

সুগন্ধিঃ ধূপকাঠিৰ সুগন্ধিয়ে কোঠাটো মলমলাই তুলিছে।

সেন্দুৰীয়াঃ বেলিটোৰ সেন্দুৰীয়া জীৱনত সুখী হ’ব পাৰি।

ভৰ-পূৰঃ ফুলনি বাগিছাখন ফুলেৰে ভৰ-পূৰ হৈ আছে।

দিন-কণাঃ দিন-কণা মানুহজনে উজুটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল।

১০। কবিতাটোত থকা যুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা। 

উত্তৰঃ-

শক্তি-সামৰ্থঃ শক্তি-সামৰ্থ অনুযায়ী মানুহে দান-দক্ষিণা কৰা উচিত।

দিন-কণাঃ দিন-কণা মানুহে দিনৰ পোহৰত দেখা নাপায়।

নৰ-নাৰীঃ এই পৃথিৱীখন নৰ-নাৰীৰ সমষ্টি।

গাই-গোটাঃ মানুহ গাই-গোটা পেটে ভঁৰাল স্বৰূপ হ’ব নালাগে।

ভাই-ভনীঃ যদু আৰু হিয়া দুয়ো ভাই-ভনীয়ে একেলগে স্কুললৈ অহা-যোৱা কৰে।

১১। তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা।

উত্তৰঃ-

পুংলিঙ্গঃ দঁতাল,    স্ত্ৰীলিঙ্গঃ মাখুন্দী

পুংঃ মতা মানুহ,     স্ত্ৰীঃ মাইকী মানুহ 

পুংঃ মতা ম’হ,        স্ত্ৰীঃ মাইকী ম’হ 

পুংঃ পঠা,                স্ত্ৰীঃ পাঠী 

পুংঃ মতা কুকুৰা,    স্ত্ৰীঃ মাইকী কুকুৰা 

১২। “নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,

                          সুগন্ধি কুসুম ফুলে।”

সেন্দুৰ শব্দটোত ‘-ঈয়া’ প্ৰত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে।

যেনে 一 সেন্দুৰ + ঈয়া = সেন্দুৰীয়া

তেনেদৰে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। 

উত্তৰঃ-

ঢুলীয়া 一 ঢোল + ঈয়া

তেলীয়া 一 তেল + ঈয়া

কপটীয়া 一 কপট + ঈয়া

পাহাৰীয়া 一 পাহাৰ + ঈয়া

সেউজীয়া 一 সেউজ + ঈয়া

নগৰীয়া 一 নগৰ + ঈয়া

১৩। তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা। 

? সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।

যৌগিক বাক্যঃ যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব।

? ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব।

যৌগিক বাক্যঃ যদি ব্যায়াম নকৰা তেতিয়াহ’লে স্বাস্থ্য ভালে নাথাকিব।

? পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল।

যৌগিক বাক্যঃ প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল।

? ৰবীন আহিল, শ্যামল নাহিল।

যৌগিক বাক্যঃ ৰবীন আহিল কিন্তু শ্যামল নাহিল।

? খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল।

যৌগিক বাক্যঃ খেলুৱৈৰ দলটোৱে জিৰণি ল’লে আৰু তাৰ পিছত খেলপথাৰত নামিল। 

১৪। স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ, গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা।

উত্তৰঃ- স্বাৰ্থপৰ মানুহবোৰে সকলো কাম নিজৰ সুবিধা অনুসৰি কৰে। তেওঁলোকে আনৰ বিষয়ে চিন্তা নকৰে, আৰু যিকোনো বস্তু নিজে লাভ কৰিবলৈ ব্যস্ত থাকে। আনৰ বাবে সঁহাৰা বা খোৱাৰ অভ্যাসৰ অভাৱ থাকে, আৰু বিপদত পৰা আনৰ প্ৰতি সহায় কৰিবলৈ তেওঁলোকে সচৰাচৰ পিঠি দি হাত সাৰিবলৈ ইচ্ছুক।

বিপৰীতে, স্বাৰ্থ বলিদান কৰা মানুহবোৰে সদায় আনৰ কথা আগত ধৰে। তেওঁলোকে যিকোনো কথা বা কামত নিজৰ সুবিধাৰ ওপৰত আনৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়ে। তেওঁলোক সদায় সতৰ্ক থাকে যেনে তেওঁলোকৰ কথা বা কামে আনক ক্ষতি নকৰে। যিকোনো বস্তু নিজে গ্ৰহণ কৰাৰ আগতে, তেওঁলোকে সেই বস্তু আনৰ বাবে সাঁচি ৰাখে। আনৰ বিপদৰ সময়ত, নিজৰ জীৱন খৰচ কৰি হলেও সহায় কৰিবলৈ আগবাঢ়ি আহে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects