Might Learn Logo Might Learn Shop Might Learn

Class 7 Assamese Chapter 6 নোকোৱাৰ পৰিণাম

নোকোৱাৰ পৰিণাম

৩) উত্তৰ দিয়া ।

(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?

উত্তৰঃ- হুনমিলি, শৈলহঁতে মালা গাঁঠী ছাৰ, বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল ।

(খ) চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল!’- কথাষাৰি কোনে কাক কৈছিল?

উত্তৰঃ- এই কথাষাৰ মালতীয়ে হুনমিলিক কৈছিল ।

(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

উত্তৰঃ- সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল ।

(ঘ) নাচি থাকোঁতে কোন মূচ্ছা গৈছিল?

উত্তৰঃ- নাচি থাকোতেঁ শৈলবালা মূচ্ছা গৈছিল ।

(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?

উত্তৰঃ- শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী ।

(চ) সময় টিকনিডাল হেনো আগফালে উৰে- এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল?

উত্তৰঃ- এই কথাষাৰ হুনমিলিয়ে শৈলবালাক কৈছিল ।

৪) প্ৰসংগ-সংগতি দশাই ব্যাখ্যা কৰা।

(ক) কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সৰ্বনাশৰ মূল।

উত্তৰঃ মাক-বাপেকে কেতিয়াবা নিজৰ সন্তান বেমাৰ হ’লেও লুকুৱাই ৰাখে, কাৰণ তেওঁলোক ভয় কৰে যে কোনোবাই ছোৱালীজনীক বেমাৰী বুলি হাঁহিব পাৰে। এই সংকোচৰ ফলত মাক-বাপে ছোৱালীজনীৰ উপযুক্ত চিকিৎসা নলয়।

কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত বহুতে সন্তানৰ বেমাৰ গোপনে ৰাখে, যাৰ পৰিণামত সৰ্বনাশ ঘটাৰ সম্ভাৱনা থাকে। কেতিয়াবা এই বেমাৰ দুৰাৰোগ্য ৰূপ ধাৰণ কৰে। তদুপৰি, কৈশোৰকালৰ দৈহিক পৰিৱৰ্তনসমূহক বহুতে গুৰুত্ব নিদিয়ে, যাৰ ফলত এনে বিপদজনক পৰিস্থিতিৰ উদ্ভৱ হয়।

৫) মালতীয়ে শৈলবালক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল।

উত্তৰঃ- মালতীয়ে শৈলবালাক চেন্দেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেন্দেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হলেওঁ বেলেগ কথা ।

জানো আহা-

‘…………বােধকৰোঁ মাক – দেউতাকে চিকিৎসাৰ ব্যৱস্থা কৰা নাই’। পাঠত পােৱা ওপৰৰ বাক্যটোত থকা দেউতাকে পদটো সম্বন্ধবাচক, দেউতা শব্দটোৰ লগত প্ৰথমতে ক আৰু তাৰ পাছত -এ বিভক্তি লগ লাগি গঠিত হৈছে ।
সম্বন্ধবাচক শব্দত বিভক্তি লগাই কথা কোৱাটো অসমীয়া ভাষাৰ এটা বিশেষ বৈশিষ্ট্য। সেইকাৰণে ককা, আইতা, ভাই, ভনী, খুৰা, খুৰী আদি বিশেষ্য শ যাৰ লগত সম্বন্ধযুক্ত হয়, তাৰ মান অনুসৰি অনাদৰত ৰ, -এৰ, আদৰত ৰা, আৰু মান্যার্থত ক, অক লগ লাগে। তাৰ পাছতহে কাৰক বিভক্তি যােগ হয় ।

উদাহৰণস্বৰূপে ।

  • তােৰ দেউতাৰে ( দেউতাৰ + এ ) খেতি – বাতি কৰিছিল ।
    • তােমাৰ আইতাৰাই ( আইতা + বা + ই ) বিয়ানাম গাইছে ।
  • তেওঁৰ ককাকে ( ককা + ক + এ ) সাধুকথা কয় ।
  • তেখেতৰ খুৰাকে ( খুৰা + ক + এ ) বেহেলা বজায় ।
  • সিহঁতৰ মাকে ( মা + ক + এ ) তাঁত বয় ।

৭) তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱাঃ

মাৰা = মা + ৰা
ভায়েৰা = ভাই + এ + ৰা
ভনীয়েৰা= ভনী + এ + ৰা
খুড়ীয়েকক = খুৰী + এ + ক + ক

৯) চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল- এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত -আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ বাক্য কেইটা গঠন কৰা।

জানো আহা-

(ক) সর্বনাশ ! চেণ্ডেলপাট মুখত লগাবানে ?

(খ) শৈল, ফোটটো লৈ লােৱা।

(গ) এৰা, ৰিহাখন ঠিক – ঠাক কৰি লওঁ ৰ’বা ।

ওপৰৰ প্রথম বাক্যটোত চেণ্ডেল শব্দৰ লগত লগ হােৱা পাট, ফোট শব্দৰ লগত টো আৰু ৰিহা শব্দৰ লগত খন যােগ হৈছে। এনেদৰে শব্দত যােগ হােৱা পাট, -টো, খন আদিক নির্দিষ্টতাবাচক প্রত্যয় বােলে ।

অসমীয়া ভাষাত ইয়াৰ বাহিৰে জন, জনী, গৰাকী, -টো, টি, টা, কণ, কণি, খিলা, চটা, ডাল, ডালি, খন, খনি, গছ, গছি, পাট, পাটি আদি বহুতাে নির্দিষ্টতাবাচক প্রত্যয় আছে । ( যিহেতু এইবােৰ মূল শব্দৰ পাছত বহে সেই কাৰণে, তাৰ আগত এডাল ( – ) দিয়া হৈছে । কিন্তু প্রয়ােগৰ সময়ত ( – ) ডালৰ প্রয়ােজন নাই। যেনেঃ -পাট, চেণ্ডেলপাট ) ।

৯। ‘চোৱাচোন ! ফুলবোৰ কিমান সতেজ আৰু জীপাল !’- এই বাক্যটিত থকা ‘জীপাল’ শব্দটো জীপ শব্দটো লগত – ‘আল’ প্ৰত্যয় যোগ হৈ ‘জীপাল’ শব্দ গঠিত হৈছে।
তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা-

ৰস + আল = ৰসাল

ভয় + আল = ভয়াল

উম + আল = উমাল

খং + আল = খঙাল

Last Update by Dipawali Bora (03.05.2022)

Check By- Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects