Might Learn Logo Might Learn Might Learn Shop

AJB Class 3 Science Chapter 14 Answer প্ৰাণীৰ পৰা পোৱা বস্তু

 Lesson 14

প্ৰাণীৰ পৰা পোৱা বস্তু

☐ প্ৰশ্নাৱলী

১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ?

উত্তৰঃ মানুহে আন প্ৰণীৰ পৰা গাখীৰ,দৈ,মাখন,ক্ৰীম,কণী,মাংস,মৌ আদি পায়।

২। (ক) পশুপালন কি ?

উত্তৰঃ মানুহে কিছুমান প্ৰাণী পোহে বা প্ৰতিপালন কৰে। এইদৰে প্ৰাণী পোহাকে পশুপালন বোলে।

    (খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ?

উত্তৰঃ পশুপালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে। চাফ-চিকুনকৈ ৰাখিব লাগে। যতন নললে প্ৰাণীবোৰৰ বেমাৰ হ’ব পাৰে।বেমাৰ হ’লে চিকিৎসকৰ হতোৱাই পৰীক্ষা কৰাব লাগে। পশুপালন কৰোঁতে এই সকলোবোৰ কথাত গুৰুত্ব দিব লাগে।

৩। (ক) চামৰা ক’ৰ পৰা তৈয়াৰ কৰা হয় ?

উত্তৰঃ চামৰা গৰু,ম’হৰ ছালৰ পৰা তৈয়াৰ  কৰা হয়।

  (খ) ঊণ সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ ভেড়া ছাগলীৰ নোমৰ পৰা ঊণ সূতা তৈয়াৰ কৰা হয়।

  (গ) এৰী, মুগা, সূতা ক’ৰ পৰা হয় ?

উত্তৰঃ এৰী,মুগা সূতা পলুৰ পৰা হয়।

  (ঘ) কুকুৰে বস্তু কেনেদৰে চিনি পায় ?

উত্তৰঃ কুকুৰৰ গোন্ধ পোৱা শক্তি অতি সক্ৰিয় সেইবাবে কুকুৰে বস্তু চিনি পায়।

৪। (ক)  মীনপালন কি ?

উত্তৰঃ পুখুৰীত মাছ পোহাকে মীনপালন বোলে।

        (খ) পশু চিকিৎসক কাক বোলে ?

উত্তৰঃ জীৱ-জন্তুৰ বেমাৰ হ’লে চিকিৎসা কৰা চিকিৎসকক পশু চিকিৎসক বোলে। 

       (গ) চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল—জোতা, বেগ।

       (ঘ) কেঁচুৱে মাটি কেনেদৰে  সাৰুৱা কৰে ?

উত্তৰঃ কেঁচু মাটিত থাকে। ই পঁচা বস্তু খাই মাটি সাৰুৱা কৰে।

       (ঙ) আন প্ৰাণী বোৰে মানুহক কেনেদৰে সহায় কৰে ?

উত্তৰঃ মানুহে খোৱা বহুত ধৰণৰ খাদ্য় আন প্ৰাণীৰ পৰাই পায়। কিছুমান প্ৰাণীৰ মাংস মানুহৰ খাদ্য়।মানুহে কুকুৰা,ছাগলী, পাৰ,হাঁহ আদিৰ পৰা মাংস পায়।গাখীৰ, কণী মৌ আদি খাদ্য়বোৰ আন প্ৰাণীৰ পৰাই পায়।মানুহে নিজৰ কামৰ বাবে কিছুমান প্ৰাণী পোহে। যেনে- খেতি কৰিবৰ বাবে গৰু পোহে। ইয়াৰউপৰিও গৰু ,ম’হৰ ছালৰ পৰা ছামৰাৰ নানান ধৰণৰ বস্তু তৈয়াৰ কৰা হয়। ভেড়াৰ নোমৰ পৰা ঊণসূতা পোৱা যায়। পলুৰ পৰা এৰী,মূগা আৰু পাটৰ সূতা পোৱা যায়। কিছুমান প্ৰাণীয়ে মানুহৰ বস্তু কঢ়িয়াই। কেঁচুৱে পঁচা বস্তু খায় মাটি সাৰুৱা কৰে।এইদৰে আন প্ৰাণীয়ে মানুহৰ নানান ধৰনৰ সহায় কৰে।

৫丨 কোনবোৰ প্ৰাণীয়ে আবৰ্জনা আঁতৰায় ?

উত্তৰঃ কাউৰি, শগুণ, শিয়াল, কুকুৰ আদি।

৬丨 শুদ্ধ উত্তৰটোত ✓ চিন দিবা :

       (ক) গাখীৰ পুষ্টিকৰ আহাৰ হয়/নহয় ।

উত্তৰঃ হয়।

       (খ) মুগা সূতা কিছুমান পখিলাৰ পৰা হয়/নহয় ।

উত্তৰঃ হয়।

       (গ) ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে/নোৱাৰে ।

উত্তৰঃ পাৰে।

       (ঘ) বনৰীয়া জীৱ-জন্তু মানুহে ৰক্ষা কৰিব লাগিব/নালাগে ।

উত্তৰঃ লাগিব।

       (ঙ) উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰে বিপদ হ’ব/নহ’ব । 

উত্তৰঃ হ’ব।

← Previous Chapter NEXT Chapter →

⬜ এটি পৰামৰ্শ

       অসম বিজ্ঞান  সমিতিয়ে প্ৰকাশ কৰা ড° ভূবনমোহন দাসৰ ‘মানুহে নাখায় কি’ কিতাপখন পঢ়িবা । ◼️

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects