SCERT Class 6 Social Science Chapter 19 Answer | জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

১) প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা।

উত্তৰঃ কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা, আহিলা পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলিব পাৰি।
কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তু হৈছে- বাছ, এৰোপ্লেন, ট্ৰেক্টৰ, কম্পিউটাৰ ইত্যাদি।

২) আমাৰ জীৱন-যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা।

উত্তৰঃ প্ৰযুক্তিয়ে মানৱ জীৱনৰ উন্নয়নত বহুখিনি সুবিধা কৰি দিছে। পূৰ্বৰ তুলনাত আজিকালিৰ মানুহে অধিক সুবিধাজনক আহিলা তথা যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ শিকিছে। প্ৰকৃতিৰ অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন উন্নতৰ পৰা উন্নততৰ স্তৰলৈ লৈ গৈছে। উদাহৰণস্বৰূপে নদী ৰ পানী প্ৰকৃতিৰ দান। কিন্তু সেই পানী জলসিঞ্চন আৰু বিজুলী সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিবলৈ আমাক প্ৰযুক্তিৰ জ্ঞানৰ দৰকাৰ। ঠিক তেনেদৰে প্ৰযুক্তিৰ সহায়লৈয়ে মানুহে গোৱৰৰ পৰা গোৱৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে।

৩) প্ৰযুক্তি অবিহনে আমাৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা হ’লহেতেন বৰ্ণনা কৰা।

উত্তৰঃ মানৱ জীৱনত প্ৰযুক্তিৰ প্ৰভাৱ অসীম। ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱা লৈকে প্ৰযুক্তিৰ দ্বাৰা লাভ কৰা বিভিন্ন সা-সামগ্ৰীৰ বাবে আমাৰ জীৱনটো আগতকৈ সহজ হৈ পৰিছে। উদাহৰণস্বৰূপে চিলিণ্ডাৰ গেছ আদি আৱিষ্কাৰ হোৱাৰ আগতে মানুহে গছ কাটি খৰি লুৰি খাদ্য সিজাব লগীয়া হৈছিল। ঠিক তেনেদৰে আগৰ দিনত কৃষকে পৰম্পৰাগত সা-সঁজুলি যেনে-কোৰ, নাঙল, মৈ আদিৰে মাটি চহাই খেতি কৰিছিল। ট্ৰেক্টৰ আৱিষ্কাৰ হোৱাৰ পিছত কৃষকৰ বহুখিনি কষ্ট লাঘৱ হ’ল। যান বাহন আদি আৱিষ্কাৰ হোৱা ফলত মানুহে দূৰ দৰণিলৈ কম সময়তে অহা-যোৱা কৰিব পৰা হ’ল। বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰি থকা টিভি , কম্পিউটাৰ, এচি, ফ্ৰীজ আদি বিলাসী সামগ্ৰীসমূহো প্ৰযুক্তিৰে ফল। মূলত প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ শাৰিৰীক কষ্ট লাঘৱ কৰাৰ লগতে জীৱনৰ বহুখিনি সময় ৰাহি কৰে তথা জীৱনটো উন্নত কৰি তোলে।

৪) নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ। ব্যাখ্যা কৰা।

উত্তৰঃ আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰায়ভাগ বস্তুৱে প্ৰকৃতি পদত্ত। প্ৰকৃতি পৰা আহৰণ কৰা বস্তুবোৰ আমি প্ৰযুক্তিৰ জ্ঞানৰ দ্বাৰা নিজৰ উপকাৰত লগাও। উদাহৰণস্বৰূপে- মাটিৰ ভিতৰত সঞ্চিত ভূ-জল আমি খোৱা পানী হিচাপে গ্ৰহণ কৰাৰ উপৰি কৃষি আৰু উদ্যোগত ব্যৱহাৰ কৰো। উশাহ ল’বলৈ ব্যৱহাৰ কৰা বায়ু আমি শক্তি উৎপাদনতো ব্যৱহাৰ কৰো। উদ্যোগ আৰু বিভিন্ন কল-কাৰখানা, ৰন্ধনকাৰ্যত জীৱাষ্ম ইন্ধন হিচাপে আজিও কয়লা ব্যৱহৃত হয়। যান-বাহনৰ ইন্ধন হিচাপে আমি খাৰুৱা তেলৰ পৰা প্ৰস্তুত হোৱা সামগ্ৰী পেট্ৰল ব্যৱহাৰ কৰো। চিমেন্ট তৈয়াৰ কৰিবলৈ চূণশিল; সৌন্দৰ্যবৰ্ধনৰ বাবে, প্ৰসাধন সামগ্ৰীৰ প্ৰস্তুতিত সুগন্ধি হিচাপে বিভিন্ন ফুল; খাদ্য হিচাপে ফল-মূল; কাঠ, খৰি, ঘৰ-দুৱাৰ নিৰ্মাণৰ সা-সামগ্ৰী হিচাপে নানান গছ গছনি; শক্তিৰ উৎস আৰু জলসিঞ্চনৰ বাবে নিজৰা আৰু নৈ পানী; উশাহ লবলৈ ব্যৱহাৰ কৰা বায়ু আমি শক্তি উৎপাদনত ব্যৱহাৰ কৰি আছো।

৫) খালী ঠাই পূৰ কৰা–

(ক) মানুহৰ অভাৱৰ কোনো সীমা নাই।

(খ) জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতি গৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস

(গ) মানৱ সভ্যতা হ’ল প্ৰকৃতি আৰু প্ৰযুক্তি ৰ সমন্বয়ৰ ফল।

(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে।

(ঙ) গোবৰৰ পৰা গোৱৰ গেছ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তত কৰা হয়।

৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা-

ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/সীমাহীন।

খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে।

গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহনিশে সহায় / অসুবিধা কৰি আছে।

ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে।

ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি/অচিনাকি।

Leave a Reply

Your email address will not be published. Required fields are marked *