SCERT Class 8 Social Science Chapter 4 Question Answer | Class 8 Social Science Chapter 4 বসতিঃ গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন Question Answer in Assamese Medium | 2026

Chapter 4

বসতিঃ গ্রাম্য জীৱন আৰু নগৰীয়া জীৱন

১। উত্তৰ লিখা :

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়- গ্ৰাম্য় বসতি আৰু নগৰীয়া বসতি।

(খ) গ্রামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্য়ৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰত  নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে- প্ৰাচীন নগৰ, মধ্য় যুগৰ নগৰ আৰু আধুনিক  নগৰ।

(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।

২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক । 

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ৷

উত্তৰঃ শুদ্ধ।

(গ) নতুন দিল্লী এখন প্রশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।

(ঘ) আগ্রা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৩। চমুকৈ উত্তৰ লিখা

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য় অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।

(খ) নগৰীয়া বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰীয়া বসতিৰ সা-সুবিধাসমূহ হৈছে- নগৰত শিক্ষা, চিকিৎসা ইত্য়াদিৰ সুবিধা বেছি। যাতায়তৰ ব্যৱস্থাও সুচল। নগৰত শিক্ষানুষ্ঠান, উদ্য়োগ, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ইত্য়াদি।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ  নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায় – বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল – কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ।

(ঘ) মেগাল ‘পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উৎকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল’পলিছ বোলে।

৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্রস্তুত কৰা।

উত্তৰঃ

ক্ৰমিক নংনগৰৰ সুবিধাসমূহ
শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়
উন্নত চিকিৎসা সেৱা পোৱা যায়
যাতায়তৰ সুবিধা থাকে ।
বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্হাসমূহ উপলব্ধ ।
পৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে ।
নিয়োগৰ সুবিধা বেছি ।
বেংক,পাইকাৰী আৰু  খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য
ক্ৰমিক নংনগৰৰ সমস্যাসমূূূহ
বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়
গাড়ী, মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ
আৱৰ্জনা নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়
কৃত্ৰিম বানপানীৰ সমস্যা
খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ
যান-যটৰ সমস্যা
দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা
ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান-প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনি

৫ । ভূ – চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা । 

উত্তৰ- 

ক্ৰমিক নংনগৰ জিলা 
তেজপুৰশোণিতপুৰ
শিলচৰকাছাৰ
ডিফুকাৰ্বি আংলং
হাফলংউত্তৰ কাছাৰ
মংগলদৈদৰং
তিনিচুকীয়াতিনিচুকীয়া
উত্তৰ লক্ষীমপুৰউত্তৰ লক্ষীমপুৰ
ডিব্ৰুগড়ডিব্ৰুগড়
শিৱসাগৰশিৱসাগৰ
১০ধেমাজীধেমাজী

৬ । তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অহর্তা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত । জড়িত তাৰ জৰীপ কৰি এখন প্রতিবেদন প্রস্তুত কৰা ।

উত্তৰঃ 

এলেকা/ চুবুৰীৰৰ নাম-
পঞ্চায়ত/নগৰ সমিতি-
জিলা-
ক্ৰমিক নংসদস্য সংখ্যাপৰিয়ালৰ সদস্যৰ  নামবয়সশিক্ষাগত অৰ্হতাবৃত্তি
৩জনশ্ৰীযুত যতীন বৰা৩২ বছৰমেট্ৰিকচাহ খেতিয়ক
শ্ৰীযুতা লক্ষ্মী বৰা৩০ বছৰঅষ্টম শ্ৰেণীগৃহিণী
শ্ৰী নয়ন বৰা৭ বছৰ২য় শ্ৰেণীছাত্ৰ
২জনশ্ৰী যুত অভয় শইকীয়া৩৪ বছৰএম এশিক্ষক
শ্ৰীযুতা কিৰণবালা শইকীয়া৩০ বছৰবি এশিক্ষয়িত্ৰী
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top