সাগৰ-মহাসাগৰ
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা—
(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?
উত্তৰঃ পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূলৰ আকাৰ আদি কাৰণত সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি হয়।
(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা?
উত্তৰঃ শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। ফলত উষ্ণমণ্ডলৰ গৰম আৰু তুলনামূলকভাৱে পাতল সমুদ্ৰজল পৃষ্ঠপ্ৰবাহৰ ৰূপত শীতপ্ৰধান অঞ্চলৰ ফালে প্ৰৱাহিত হয়। এনে সোঁতক গৰম পানীৰ সোঁত বোলে।
(গ) সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণীবিভক্ত কৰা হৈছে?
উত্তৰঃ সাগৰীয় জীৱবোৰ প্ৰধানকৈ তিনি প্ৰকাৰৰ—
১) প্লেংকটন বা প্লৱক
২) নেক্টন
৩) বেনথ’জ।
লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱবোৰক এইদৰে শ্ৰেণীবিভক্ত কৰা হৈছে।
(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?
উত্তৰঃ সাগৰৰ যিবোৰ অঞ্চলত প্লৱক বা প্লেংকটন, বিশেষকৈ উদ্ভিদ প্লেংকটন যথেষ্ট পৰিমাণে পোৱা যায়, সেই অঞ্চলবোৰত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে।
২। কাৰণ দৰ্শোৱা—
(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
উত্তৰঃ পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ প্ৰায় একেডাল ৰেখাত থাকে। সেই সময়ত সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ শক্তিয়ে একেলগে কাম কৰাৰ বাবে বাসন্তী জোৱাৰ অধিক শক্তিশালী হয়। কিন্তু সপ্তমী আৰু অষ্টমী তিথিৰ ওচৰত সূৰ্য আৰু চন্দ্ৰই পৃথিৱীৰ সৈতে প্ৰায় সমকোণ সৃষ্টি কৰে। ফলত দুয়োৰে আকৰ্ষণ শক্তিয়ে পৰস্পৰক কিছু পৰিমাণে বাধা দিয়ে। সেয়েহে নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।
(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
উত্তৰঃ আধুনিক শীতলীকৰণ, হিমায়িতকৰণ আৰু সংৰক্ষণ ব্যৱস্থাৰ উন্নতিৰ বাবে সাগৰীয় মাছ বহুদিন সতেজ কৰি ৰাখিব পাৰি। টিনত সংৰক্ষণ বা হিমায়িত কৰি মাছ দূৰ-দূৰণিৰ দেশ আৰু অঞ্চললৈ সহজে পৰিবহণ কৰিব পৰা যায়। সেয়েহে আজিকালি পৃথিৱীৰ বহু ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।
(গ) জাপানত সঘনাই চুনামী হয়।
উত্তৰঃ জাপান প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই অঞ্চলটো পৃথিৱীৰ অন্যতম ভূমিকম্পপ্ৰৱণ অঞ্চল। সাগৰৰ তলত সংঘটিত শক্তিশালী ভূমিকম্পৰ ফলত বৃহৎ সামুদ্ৰিক ঢৌৰ সৃষ্টি হ’ব পাৰে। সেয়েহে জাপানত সঘনাই চুনামীৰ আশংকা দেখা যায়।
(ঘ) সূৰ্য আকাৰত বিশাল হোৱা সত্ত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।
উত্তৰঃ সূৰ্য আকাৰত চন্দ্ৰতকৈ বহুগুণে ডাঙৰ হ’লেও ই পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত। পৃথিৱীৰ পৰা চন্দ্ৰৰ গড় দূৰত্ব প্ৰায় ৩,৮৪,৪০০ কিলোমিটাৰ, আনহাতে সূৰ্যৰ দূৰত্ব প্ৰায় ১৪,৯৬,০০,০০০ কিলোমিটাৰ। জোৱাৰ সৃষ্টিৰ ক্ষেত্ৰত দূৰত্বৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। সেয়েহে সূৰ্য বিশাল হোৱা সত্ত্বেও চন্দ্ৰৰ তুলনাত ইয়াৰ জোৱাৰ সৃষ্টিকাৰী প্ৰভাৱ কম।
(ঙ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।
উত্তৰঃ বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ অতি উপযোগী। জাহাজে একেলগে বৃহৎ পৰিমাণৰ গধুৰ সামগ্ৰী কম খৰচত দূৰ-দূৰণিলৈ কঢ়িয়াই নিব পাৰে। সাগৰীয় পথত স্থলপথৰ দৰে পাহাৰ, উপত্যকা আদি বহু প্ৰাকৃতিক বাধা নাথাকে। সেয়েহে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত জাহাজ পৰিবহণৰ গুৰুত্ব অধিক।
৩। শুদ্ধ উত্তৰটোত (√) চিন দিয়া—
(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়—
(ক) মেৰু অঞ্চলত
(খ) নিৰক্ষীয় অঞ্চলত
(গ) এটাও নহয়
উত্তৰঃ (ক) মেৰু অঞ্চলত।
(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে—
(ক) সাগৰীয় সোঁত
(খ) জোৱাৰ-ভাটা
(গ) ঢৌ
উত্তৰঃ (খ) জোৱাৰ-ভাটা।
(৩) চুনামী শব্দৰ অৰ্থ হ’ল—
(ক) ভূমিকম্প
(খ) সাগৰৰ ঢৌ
(গ) পোতাশ্ৰয়ৰ ঢৌ
উত্তৰঃ (গ) পোতাশ্ৰয়ৰ ঢৌ।
(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ—
(ক) নেক্টন
(খ) বেনথ’জ
(গ) প্লেংকটন শ্ৰেণীৰ
উত্তৰঃ (ক) নেক্টন।
৪। সোঁফালৰ লগত বাওঁফাল মিলোৱা—
| বাওঁফাল | সোঁফাল |
|---|---|
| (ক) ডায়েটম | (গ) এবিধ উদ্ভিদ প্লেংকটন |
| (খ) নিৰক্ষীয় অঞ্চলত | (ঙ) পানীৰ ঘনত্ব কম হয় |
| (গ) সাধাৰণ নিমখ | (ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে |
| (ঘ) সপ্তমী আৰু অষ্টমী তিথিত | (খ) নাটনি জোৱাৰ হয় |
| (ঙ) মৎস্যক্ষেত্ৰবোৰ | (ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে |
উত্তৰঃ
(ক) ডায়েটম — এবিধ উদ্ভিদ প্লেংকটন।
(খ) নিৰক্ষীয় অঞ্চলত — পানীৰ ঘনত্ব কম হয়।
(গ) সাধাৰণ নিমখ — মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।
(ঘ) সপ্তমী আৰু অষ্টমী তিথিত — নাটনি জোৱাৰ হয়।
(ঙ) মৎস্যক্ষেত্ৰবোৰ — উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post