মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা
১। চমু উত্তৰ লিখা—
(ক) মানৱ সম্পদ কাক বোলে?
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে, তেওঁকেই মানৱ সম্পদ বোলে।
(খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে?
উত্তৰঃ যি ব্যক্তিয়ে শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু প্ৰয়োজনীয় শিক্ষা তথা প্ৰশিক্ষণ লাভ কৰিছে, তেওঁ দেশৰ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি?
উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলে। যেনে— শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমূৰি আয় আদি।
(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয়, তাক বৃত্তিমূলক শিক্ষা বোলে।
(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি?
উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তিসমূহ হ’ল— স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।
২। বহলাই আলোচনা কৰা—
(ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাবে গুণগত শিক্ষা, উন্নত স্বাস্থ্যসেৱা, উপযুক্ত খাদ্য, বাসস্থান, প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ সুবিধা নিশ্চিত কৰা অতি প্ৰয়োজনীয়। চৰকাৰে আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন কল্যাণমূলক আঁচনি আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি মানৱ সম্পদ উন্নয়নৰ চেষ্টা কৰে।
ভূ-আয়তনৰ তুলনাত জনসংখ্যা অধিক হ’লে সকলো মানুহক একেলগে শিক্ষা, স্বাস্থ্য, খাদ্য, বাসস্থান আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাটো সহজ নহয়। তথাপি শিক্ষা আৰু প্ৰশিক্ষণৰ সুযোগ বৃদ্ধি, স্বাস্থ্যসেৱাৰ উন্নতি আৰু কৰ্মসংস্থাপনৰ সুবিধা বিস্তাৰৰ জৰিয়তে মানুহক অধিক দক্ষ আৰু উৎপাদনক্ষম কৰি তুলিব পাৰি। এইদৰে জনসাধাৰণৰ গুণগত মান বৃদ্ধি কৰি মানৱ সম্পদৰ উন্নয়ন সাধন কৰিব পাৰি।
(খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ প্ৰধান নিৰ্দেশকসমূহ হ’ল—
১। শিক্ষাৰ হাৰঃ
গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান। সঠিক শিক্ষাই মানুহৰ জ্ঞান, দক্ষতা আৰু কৰ্মক্ষমতা বৃদ্ধি কৰে। যি দেশত শিক্ষিত লোকৰ হাৰ অধিক, সেই দেশৰ মানৱ সম্পদৰ মানো তুলনামূলকভাৱে উন্নত হয়।
২। জীৱনৰ প্ৰত্যাশাঃ
এটি শিশু জন্মৰ পাছৰ পৰা গড়ে কিমান বছৰলৈ সুস্থ আৰু সবলভাৱে জীয়াই থাকে, তাক জীৱনৰ প্ৰত্যাশাই সূচায়। জীৱনৰ প্ৰত্যাশা অধিক হোৱাটো উন্নত স্বাস্থ্য আৰু উন্নত মানৱ সম্পদৰ পৰিচায়ক।
৩। জনমূৰি আয়ঃ
দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় পোৱা যায়, তাক জনমূৰি আয় বোলে। জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথা সূচায়।
৪। বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ
প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষা স্তৰলৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিৰ হাৰ অধিক আৰু মাজপথতে বিদ্যালয় এৰাৰ হাৰ কম হোৱাটো মানৱ সম্পদ উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশক।
৫। প্ৰতিষেধক টিকাকৰণৰ হাৰঃ
প্ৰতিষেধক টিকাকৰণে শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰে আৰু বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰো মানৱ সম্পদ উন্নয়নৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশক।
(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।
উত্তৰঃ বৃত্তিমূলক শিক্ষাই মানুহক বিশেষ কামৰ বাবে প্ৰয়োজনীয় কৌশল আৰু প্ৰশিক্ষণ প্ৰদান কৰে। কেৱল সাধাৰণ শিক্ষা গ্ৰহণ কৰিলেই সকলো মানুহ আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে। সেইবাবে জীৱিকা উপাৰ্জনৰ বাবে ব্যৱহাৰিক দক্ষতা প্ৰদান কৰা বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন হয়।
দৰ্জী, মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, ম’বাইল বা কম্পিউটাৰ মেৰামতি কৰা আদি বহুতো বৃত্তিৰ বাবে বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এনে প্ৰশিক্ষণ গ্ৰহণ কৰি মানুহে সহজে জীৱিকা অৰ্জন কৰিব পাৰে।
বৃত্তিমূলক শিক্ষাই মানুহক উপাৰ্জনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাৰ লগতে স্বনিয়োজনৰ পথ মুকলি কৰে। ফলত ব্যক্তিৰ দক্ষতা, উৎপাদনক্ষমতা আৰু অৰ্থনৈতিক অৱস্থা উন্নত হয়। সেয়েহে বৃত্তিমূলক শিক্ষা মানৱ সম্পদ উন্নয়নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।
(ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?
উত্তৰঃ নিবনুৱা সমস্যা বুলিলে কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা সত্ত্বেও উপযুক্ত কৰ্ম নোপোৱা অৱস্থাক বুজায়। বৃত্তিমূলক শিক্ষাই ব্যক্তিক বিভিন্ন কামৰ বাবে প্ৰয়োজনীয় বিশেষ দক্ষতা প্ৰদান কৰে আৰু স্বনিয়োজনৰ পথ মুকলি কৰে।
বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি এজন ব্যক্তিয়ে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, ম’বাইল বা কম্পিউটাৰ মেৰামতি কৰা আদি বৃত্তিত নিয়োজিত হ’ব পাৰে। ইয়াৰ ফলত চৰকাৰী বা বেচৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰশীলতা কমে।
এইদৰে বৃত্তিমূলক শিক্ষাই মানুহক আত্মনিৰ্ভৰশীল আৰু উপাৰ্জনক্ষম কৰি তোলাৰ লগতে নিবনুৱা সমস্যা লাঘৱ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয়।
উত্তৰঃ অশুদ্ধ।
(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয়।
উত্তৰঃ শুদ্ধ।
(গ) জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়।
উত্তৰঃ শুদ্ধ।
(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়।
উত্তৰঃ অশুদ্ধ।
(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
উত্তৰঃ শুদ্ধ।
(চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে।
উত্তৰঃ অশুদ্ধ।
৪। খালী ঠাই পূৰ কৰা—
(ক) এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম, য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।
(খ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
(গ) উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয়।
(ঘ) গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান।
(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে, তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে।
৫। চমু টোকা লিখা—
(ক) মানৱ সম্পদ
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে, তেওঁকেই মানৱ সম্পদ বোলে। সম্পদ হিচাপে পৰিগণিত হ’বলৈ মানুহে উপযুক্ত শিক্ষা, প্ৰশিক্ষণ আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’ব লাগে। তদুপৰি কাৰিকৰী দক্ষতা, কুশলতা আৰু ব্যৱস্থাপনা আদি গুণৰ জৰিয়তে তেওঁ উৎপাদনমূলক কাৰ্যত অংশগ্ৰহণ কৰিব লাগে।
(খ) মানৱ সম্পদ উন্নয়ন
উত্তৰঃ মানুহক শিক্ষা, স্বাস্থ্য, প্ৰশিক্ষণ আৰু দক্ষতাৰ জৰিয়তে অধিক উৎপাদনক্ষম সম্পদলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়াক মানৱ সম্পদ উন্নয়ন বোলে। কেৱল জনসংখ্যা বৃদ্ধি হ’লেই মানৱ সম্পদৰ উন্নয়ন নহয়।
উপযুক্ত শিক্ষা, সুস্বাস্থ্য, প্ৰশিক্ষণ আৰু কৰ্মদক্ষতাৰ উন্নতিৰ জৰিয়তে মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। মানৱ সম্পদ উন্নত হ’লে দেশৰ উৎপাদন বৃদ্ধি পায় আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধিত সহায় হয়।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক
উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলে। শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমূৰি আয়, বিদ্যালয়ত ভৰ্তিৰ হাৰ, বিদ্যালয় এৰাৰ হাৰ আৰু প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি মানৱ সম্পদ উন্নয়নৰ প্ৰধান নিৰ্দেশক।
(ঘ) বৃত্তিমূলক শিক্ষা
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা কোনো বিশেষ কামৰ দক্ষতা লাভ কৰি উপাৰ্জনৰ পথ মুকলি হয়, তাক বৃত্তিমূলক শিক্ষা বোলে। এই শিক্ষাই মানুহক জীৱিকাৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক কৌশল প্ৰদান কৰে।
বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি মানুহে মটৰ মেকানিক, কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, পেইণ্টাৰ, বিউটিচিয়ান, ইলেক্ট্ৰিচিয়ান, দৰ্জী, ম’বাইল বা কম্পিউটাৰ মেৰামতি কৰা আদি জীৱিকা গ্ৰহণ কৰিব পাৰে। ই মানুহক আত্মনিৰ্ভৰশীল কৰাৰ লগতে নিবনুৱা সমস্যা লাঘৱ আৰু স্বনিয়োজনৰ পথ মুকলি কৰাত সহায় কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post