Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 11 Question Answer | Class 8 Social Science Chapter 11 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা Question Answer in Assamese Medium | 2026

আর্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠানৰ ভূমিকা

১। চমু উত্তৰ লিখা—

(ক) দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে?

উত্তৰঃ দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী গ্ৰহণ কৰি সেইবোৰ কাৰ্যকৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ অনুমোদিত বা স্বীকৃত বিভিন্ন সংস্থা আৰু অনুষ্ঠান-প্ৰতিষ্ঠানেও দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে।

(খ) অৰ্থনৈতিক উন্নয়নৰ মূল উপাদান কেইটামানৰ নাম উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান উপাদানসমূহ হ’ল— ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান আদি।

(গ) বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান কাক বোলে?

উত্তৰঃ যিবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানে হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত সহায় কৰে, সেইবোৰকে বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান বোলে।

(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া।

উত্তৰঃ বেংকে কৰা দুটা উল্লেখযোগ্য কাম হ’ল—
১) গ্ৰাহকৰ ধন জমা ৰখা।
২) গ্ৰাহকক ঋণ প্ৰদান কৰা।

(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়?

উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI) নামেৰে জনা যায়।

(চ) নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক’ত বিক্ৰী কৰা হয়?

উত্তৰঃ নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত অৱস্থিত নেড্ফিহাটত বিক্ৰী কৰা হয়।


২। বহলাই আলোচনা কৰা—
(ক) আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।

উত্তৰঃ আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উল্লেখযোগ্য অৱদানসমূহ হ’ল—

১) বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া ধনৰ ভিত্তিত কৃষক, উদ্যোগপতি, কাৰিকৰ আদি বিভিন্ন শ্ৰেণীৰ লোকক ঋণৰ যোগান ধৰে।

২) বিভিন্ন অৰ্থনৈতিক খণ্ডৰ বিকাশৰ বাবে বৃহৎ পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়। বাণিজ্যিক বেংকে বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলক ঋণ প্ৰদান কৰি উৎপাদন বৃদ্ধি আৰু উদ্যোগ স্থাপনত সহায় কৰে।

৩) দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ ওচৰলৈ নোযোৱাকৈ বেংকৰ পৰা ঋণ গ্ৰহণ কৰি কৃষিকাৰ্য আৰু অন্যান্য উৎপাদনমূলক কাম চলাই নিব পাৰে।

৪) বাণিজ্যিক বেংকসমূহে ছাত্ৰ-ছাত্ৰীসকলক উচ্চশিক্ষাৰ বাবে শিক্ষা ঋণ প্ৰদান কৰে। ইয়াৰ ফলত আৰ্থিক অসুবিধা থকা শিক্ষাৰ্থীয়েও উচ্চশিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰে।

এইদৰে বাণিজ্যিক বেংকে সঞ্চয়, বিনিয়োগ, উৎপাদন, শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সহায় কৰি দেশৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগায়।


(খ) উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেড্ফি-এ উল্লেখযোগ্য ভূমিকা পালন কৰে।

নেড্ফিয়ে উত্তৰ-পূব অঞ্চলৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ, আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন উৎপাদনমূলক প্ৰকল্প চিনাক্তকৰণত সহায় কৰে। অঞ্চলটোৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খোৱা কৃষিভিত্তিক আৰু অন্যান্য উদ্যোগ গঢ়ি তুলিবলৈও ই উৎসাহ প্ৰদান কৰে।

কৃষি, ঔষধি উদ্ভিদ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰশিল্প, উদ্যানশস্য, হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়োৱা হয়। বেংকৰ সাধাৰণ ঋণৰ চৰ্ত পূৰণ কৰিব নোৱাৰা লোকসকলকো তুলনামূলকভাৱে সহজ চৰ্তত ঋণ লাভৰ সুবিধা দিয়া হয়।

ইয়াৰ উপৰি ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে বিশেষকৈ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত নেড্ফিয়ে সহায় কৰে। বহু আত্মসহায়ক গোট এই ব্যৱস্থাৰ জৰিয়তে উপকৃত হয়।


(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ।

উত্তৰঃ আত্মসহায়ক গোট গঠনৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল—

১) সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।
২) বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লাভ কৰা।
৩) গোটৰ সদস্যসকলে সমূহীয়াভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা।
৪) সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।
৫) গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা আৰু আত্মসহায়ৰ মানসিকতা গঢ়ি তোলা।
৬) ঋণ প্ৰদানকাৰী অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ লাভত সহায় কৰা।


৩। চমু টোকা লিখা—

(ক) সমবায় বেংক

উত্তৰঃ সমবায় বেংকৰ প্ৰধান উদ্দেশ্য হ’ল কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগপতি আদি লোকক উৎপাদনমূলক কামৰ বাবে ঋণ প্ৰদান কৰা। মহাজনৰ উচ্চ সুদৰ ঋণৰ পৰা কৃষকসকলক ৰক্ষা কৰি তেওঁলোকৰ মাজত সঞ্চয়, মিতব্যয়িতা আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ গঢ়ি তোলাত সমবায় বেংকে সহায় কৰে।

আমাৰ দেশত সমবায় বেংক ব্যৱস্থা সাধাৰণতে তিনি স্তৰীয়া—
১) ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক সমবায় বেংক।
২) জিলা পৰ্যায়ত কেন্দ্ৰীয় সমবায় বেংক।
৩) তৃণমূল পৰ্যায়ত কৃষিভিত্তিক সমবায় সমিতি।

সমবায় বেংকে হ্ৰস্বম্যাদী ঋণ আগবঢ়াই কৃষি আৰু ক্ষুদ্ৰ উৎপাদন বৃদ্ধিত সহায় কৰে।

(খ) নাবাৰ্ড

উত্তৰঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ উদ্দেশ্যে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) স্থাপন কৰা হয়। এই বেংকে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বাবে ঋণৰ যোগান ধৰে।

সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু বাণিজ্যিক বেংকসমূহকো নাবাৰ্ডে ঋণ প্ৰদান কৰে। এইদৰে কৃষি, গ্ৰাম্য উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিৰ বিকাশত নাবাৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(গ) কেন্দ্ৰীয় বেংক

উত্তৰঃ এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাৰ শীৰ্ষস্থানীয় বেংকটোক কেন্দ্ৰীয় বেংক বোলে। ভাৰতৰ কেন্দ্ৰীয় বেংক হ’ল ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। ই ১৯৩৫ চনত স্থাপিত হয়।

কেন্দ্ৰীয় বেংকক “বেংকসমূহৰ বেংক” বুলিও কোৱা হয়। ই অন্যান্য বেংকৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ আৰু তদাৰক কৰে। ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপেও কাম কৰে আৰু দেশৰ মুদ্ৰা ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে।

(ঘ) আত্মসহায়ক গোট

উত্তৰঃ আত্মসহায়ক গোট হৈছে আৰ্থিকভাৱে পিছপৰা, কিন্তু উৎপাদনমূলক কামত নিয়োজিত হৈ স্বাৱলম্বী হ’ব বিচৰা লোকসকলৰ স্বেচ্ছাসেৱী গোট। সাধাৰণতে ১০ৰ পৰা ২০জন সদস্যক লৈ এনে গোট গঠন কৰা হয়।

গোটৰ সদস্যসকলে নিয়মীয়াকৈ সঞ্চয় কৰি সমূহীয়া পুঁজি গঠন কৰে। তাৰ ভিত্তিত বেংক, নেড্ফি আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাই, ফুলৰ খেতি, ক্ষুদ্ৰ ব্যৱসায় আদি কাম কৰিব পাৰে। এইদৰে আত্মসহায়ক গোটে স্বনিয়োজন আৰু দৰিদ্ৰতা দূৰীকৰণত সহায় কৰে।


৪। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।

উত্তৰঃ অশুদ্ধ।

(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়।

উত্তৰঃ শুদ্ধ।

(গ) আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে।

উত্তৰঃ অশুদ্ধ।

(ঘ) নেড্ফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।

উত্তৰঃ অশুদ্ধ।

(ঙ) আৰ্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।

উত্তৰঃ অশুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects