Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 12 Question Answer | Class 8 Social Science Chapter 12 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Question Answer in Assamese Medium | 2026

গ্রাহকৰ সজাগতা ,অধিকাৰ আৰু সুৰক্ষা

১। চমু উত্তৰ লিখা—

(ক) গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে।

১) গ্ৰাহক সজাগ আৰু সচেতন নহ’লে আৰ্থিকভাৱে লোকচান হ’ব পাৰে।
২) বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে।


(খ) গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি?

উত্তৰঃ এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত বা প্ৰতাৰিত হ’ব পাৰে। যেনে—

১) বস্তুৰ ওজন সঠিকভাৱে নকৰা।
২) ভেজাল বস্তু বিক্ৰী কৰা।
৩) বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা।
৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা ভুলকৈ দিয়া।
৫) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা।
৬) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা।
৭) মানসূচক চিহ্নসমূহ নকল কৰা।
৮) নামী-দামী কোম্পানীৰ সামগ্ৰীৰ হুবহু নকল কৰি বিক্ৰী কৰা।


(গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত?

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য। ক্ৰয় কৰাৰ সময়ত তলত দিয়া বিষয়সমূহলৈ মনোযোগ দিব লাগে—

১) সামগ্ৰীৰ গুণাগুণ, দাম, ওজন আৰু বিশুদ্ধতা সম্পৰ্কে নিশ্চিত হ’ব লাগে।
২) জোখ-মাখৰ আহিলা, যেনে— দগা-পাল্লা, মিটাৰ কাঠি আদি সঠিক হয় নে নহয় চাব লাগে।
৩) ক্ৰয় কৰা সামগ্ৰীৰ বিৱৰণ আৰু মূল্য উল্লেখ থকা ৰচিদ ল’ব লাগে।
৪) এগমাৰ্ক, আই এছ আই মাৰ্ক, হলমাৰ্ক, এফ পি অ’ আদি মানসূচক চিহ্ন আছে নে নাই চাব লাগে।
৫) দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড ল’ব লাগে।
৬) পেকেটযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলাৰ তাৰিখ আৰু MRP অৰ্থাৎ সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰিব লাগে।


(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এই অধিকাৰসমূহকে গ্ৰাহকৰ অধিকাৰ বোলে।

গ্ৰাহকৰ উল্লেখযোগ্য অধিকাৰসমূহ হ’ল—

১) ক্ৰয় কৰা সামগ্ৰী বা সেৱাৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদি সম্পৰ্কে তথ্য লাভ কৰাৰ অধিকাৰ।
২) ক্ৰয় কৰা সামগ্ৰী বা সেৱা সম্পৰ্কে অভাৱ-অভিযোগ থাকিলে গ্ৰাহক সুৰক্ষা সংস্থা বা গ্ৰাহক আদালতত অভিযোগ দাখিল কৰাৰ অধিকাৰ।
৩) প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণ দাবী কৰাৰ অধিকাৰ।
৪) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱাৰ অধিকাৰ।
৫) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ।


(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ গ্ৰাহকৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

১) ৰেডিঅ’, টেলিভিছন, বাতৰি কাকত আদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে গ্ৰাহক সজাগতা বৃদ্ধি কৰা হয়।
২) গ্ৰাহকৰ অধিকাৰক আইনী স্বীকৃতি প্ৰদান কৰা হৈছে।
৩) গ্ৰাহকৰ অভিযোগ নিষ্পত্তিৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱস্থা গঠন কৰা হৈছে।
৪) গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে।
৫) প্ৰতাৰণাৰ বিৰুদ্ধে অভিযোগ দাখিল আৰু ক্ষতিপূৰণ লাভৰ আইনী সুবিধা প্ৰদান কৰা হৈছে।


২। চমু টোকা লিখা—

(ক) গ্ৰাহক সুৰক্ষা আইন

উত্তৰঃ গ্ৰাহকৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে। পূৰ্বতে ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য আছিল। পৰৱৰ্তী সময়ত তাৰ ঠাইত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱৰ্তন কৰা হয়।

এই আইনৰ অধীনত গ্ৰাহকৰ অভিযোগ শুনানি, ক্ষতিপূৰণ আৰু বিবাদ নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়। গ্ৰাহকৰ অধিকাৰ সম্পৰ্কে পৰামৰ্শ আৰু সুৰক্ষাৰ বাবে কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত গ্ৰাহক সুৰক্ষা পৰিষদ গঠন কৰা হয়। গ্ৰাহকক বিভিন্ন ধৰণৰ প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ ব্যৱস্থাও কৰা হয়।


(খ) গ্ৰাহক সজাগতা

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকা উচিত। বস্তুৰ গুণাগুণ, মূল্য, ওজন, বিশুদ্ধতা আৰু মানসম্পৰ্কীয় চিহ্নসমূহ পৰীক্ষা কৰিব লাগে।

জোখ-মাখৰ আহিলা সঠিক নে নহয় চাব লাগে আৰু ক্ৰয় কৰাৰ পিছত ৰচিদ ল’ব লাগে। পেকেটযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলাৰ তাৰিখ আৰু MRP চাব লাগে। দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত গেৰাণ্টি বা ৱাৰেণ্টিৰ সুবিধা আছে নে নাই চাব লাগে।


(গ) গ্ৰাহক প্ৰতাৰণা

উত্তৰঃ বিক্ৰেতা বা সেৱা প্ৰদানকাৰীয়ে অসৎ উপায়ে গ্ৰাহকক আৰ্থিক বা অন্য ধৰণে ক্ষতি কৰাকে গ্ৰাহক প্ৰতাৰণা বুলি কোৱা হয়।

গ্ৰাহক প্ৰতাৰণাৰ কিছুমান উদাহৰণ হ’ল—

১) ওজন কমকৈ দিয়া।
২) ভেজাল সামগ্ৰী বিক্ৰী কৰা।
৩) ভুল বা নকল মূল্যৰ লেবেল লগোৱা।
৪) নকল মানসূচক চিহ্ন ব্যৱহাৰ কৰা।
৫) ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰা।
৬) ৰচিদ নিদিয়া বা ভুল ৰচিদ দিয়া।
৭) নামী কোম্পানীৰ সামগ্ৰীৰ নকল বস্তু বিক্ৰী কৰা।
৮) ডাক, টেলিফোন বা ইণ্টাৰনেটযোগে অৰ্ডাৰ কৰা সামগ্ৰী সময়মতে নিদিয়া।


(ঘ) গ্ৰাহকৰ অধিকাৰ

উত্তৰঃ গ্ৰাহক হিচাপে এজন ব্যক্তিয়ে কিছুমান আইনী আৰু সামাজিক অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহকৰ অধিকাৰ বোলে।

গ্ৰাহকৰ প্ৰধান অধিকাৰসমূহ হ’ল—

১) সামগ্ৰীৰ মূল্য, ওজন, গুণাগুণ আৰু বিশুদ্ধতা সম্পৰ্কে জানিব পৰা।
২) অভিযোগ দাখিল কৰিব পৰা।
৩) গ্ৰাহক সুৰক্ষা আইনৰ সহায় ল’ব পৰা।
৪) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰিব পৰা।
৫) ক্ষতিপূৰণ লাভ কৰিব পৰা।
৬) গ্ৰাহক শিক্ষা লাভ কৰিব পৰা।

বিশ্বজুৰি গ্ৰাহকৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ১৫ মাৰ্চ তাৰিখটো বিশ্ব গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।


(ঙ) গ্ৰাহক আদালত

উত্তৰঃ গ্ৰাহকৰ অভিযোগ আৰু বিবাদ নিষ্পত্তিৰ বাবে গঠন কৰা বিশেষ ব্যৱস্থাক সাধাৰণতে গ্ৰাহক আদালত বুলি কোৱা হয়। ইয়াত গ্ৰাহকে উপযুক্ত তথ্য-প্ৰমাণ দাখিল কৰি নিজৰ অভিযোগৰ নিষ্পত্তি আৰু ক্ষতিপূৰণ দাবী কৰিব পাৰে।

গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ ব্যৱস্থা তিনিটা পৰ্যায়ত থাকে—

পৰ্যায়বিবাদ নিষ্পত্তি ব্যৱস্থা
জিলা পৰ্যায়জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ
ৰাজ্যিক পৰ্যায়ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ
ৰাষ্ট্ৰীয় পৰ্যায়ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে।

উত্তৰঃ অশুদ্ধ।

(গ) শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তি ব্যৱস্থাত অভিযোগ দাখিল কৰিব পাৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য।

উত্তৰঃ অশুদ্ধ।

(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(চ) বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ।

উত্তৰঃ শুদ্ধ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects