Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Assamese Chapter 6 Answer বাদলৰ বিদ্যালয়

Chapter 6

বাদলৰ বিদ্যালয়

ক্ৰিয়া-কলাপ

🌕 অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

নিৰ্মিত = যিহক সজা হৈছে

পিৰিক-পাৰাক = চকু এবাৰ মেলি এবাৰ মুদি থকা কাৰ্য

পঢ়া আৰু বুজা:

ৰই মই ৰ্ম

ৰই ভই ৰ্ভ

ণই টই ণ্ট

বই ৰই ৰ্ব

[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:

ক) বাদলৰ কেনেকৈ ভৰি ভাগিল?

উত্তৰঃ বাদলে তললৈ নোচোৱাকৈ মাকৰ ওচৰলা দৌৰি গৈছিল আৰু উজুটি খালেআৰু তাৰ ভৰি ভাগিল।

খ) বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন?

উত্তৰঃ বাদলহঁতৰ বিদ্যালয়খনৰ নাম হ’ল- সোণতলী অৰণ্য প্ৰাথমিক বিদ্যালয়। শিক্ষক গৰাকীৰ নাম- মহিষ ডাঙৰীয়া।

গ) বিদ্যালয়খন ক’ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে?

উত্তৰঃ সোণতলী অৰণ্যৰ মাজ অংশতে বিদ্যালয়খন অৱস্থিত আৰু ইয়াৰ সমুখত এখন মুকলি পথাৰ, সোঁহাতে আছে এটা পুখুৰী।

ঘ) বাদলহঁতৰ বিদ্যালয় শিক্ষকগৰাকীৰ বিষয় চমুকৈ লিখা।

উত্তৰঃ শিক্ষক মহিষ ডাঙৰীয়াক দেখিলেই শ্রদ্ধাত মূৰ দোঁ খাই যায়। তেওঁ ছাত্র-ছাত্রীসকলক বৰ মৰম কৰে। তেওঁ যেতিয়া নেগুৰডাল আৰু শিংযােৰ জোকাৰি জোকাৰি কথা কয়, তেতিয়া সকলােৱেই বুজি পায় যে তেওঁৰ মনত স্ফূৰ্তি। সাধাৰণতে তেওঁৰ খং নুঠে। কিন্তু যেতিয়া তেওঁৰ খং উঠে তেওঁৰ চকুযোৰ ৰঙা পৰি যায়। নাকেৰেও ফোঁচ ফোঁচ শব্দ কৰে। সেই সময়ত তেওঁক দেখিলে ভয় লাগে। সেইকাৰণে ছাত্র-ছাত্রীয়ে তেওঁক যিমান ভাল পায়, সিমান ভয়াে কৰে।

ঙ) গজানন কেনে প্ৰকৃতিৰ?

উত্তৰঃ গজানন শান্ত প্ৰকৃতিৰ আছিল। গজাননে তাৰ লগৰবোৰক আকৌ সহায় কৰে। সি তাৰ লগৰবোৰক দীঘল শুঁৰডালেৰে ওখ গছৰ পৰা ফলমূল পাৰি দিয়ে।

চ) বন্দুৱাই কেনেকুৱা আচৰণ কৰে?

উত্তৰঃ বন্দুৱাই শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু অশান্তি দিয়ে। ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাই যেন তাৰ কাম।

ছ) শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন?

উত্তৰঃ শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী লপলপী।

জ) বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়?

উত্তৰঃ ফুটুকী নামৰ হৰিণজনী আৰু চঞ্চলমতি নামৰ শহাটোক বাদলে ভাল পায়। দুয়ু ইমান মৰমলগা চকুকেইটাও বৰ ধুনীয়া।

ঝ) শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন?

উত্তৰঃ শ্ৰেণীটোৰ আটাইতকৈ শান্ত পখাৰ নামৰ জেব্ৰাটো আৰু নেলীয়া নামৰ জিৰাফটো।

ঞ) বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা।

উত্তৰঃ বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম হ’ল গজানন, বন্দুৱা, লপলপী, ফুটুকী, চঞ্চলমতি, পখাৰ, নেলীয়া আদি।

ট) ছাত্ৰ-ছাত্ৰীসকলে বাদলক কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে বাদলক ফল-মূল, ঘাহ-বন আৰু পেংডাল আনি দি সহায় কৰিলে।

ঠ) গজাননে বাদলৰ কাৰণে কি আনিলে?

উত্তৰঃ গজানন বাদলৰ কাৰণে পেং আনিলে।

ড) বাদলৰ কিয় চকুপানী ওলাল?

উত্তৰঃ সি গম পালে যে তাক বন্ধুসকলে ইমান ভাল পাই সেই কথা জানি তাৰ চকুপানী উলাল।

[২] কোনে কৈছিল, কাক কৈছিল:

(ক) “বাদল, এতিয়া কেনে পাইছা”

উত্তৰঃ মহিষ ডাঙৰিয়াই বাদলক কৈছিল।

(খ) “পাইলৈ বিষ কমি গ’ল।”

উত্তৰঃ বাদলে মহিষ ছাৰক কৈছিল

[৩] বাক্য ৰচনা কৰা:

খেলা-ধূলা; পিৰিক-পাৰাককৈ; চুচুক-চামাকৈ।

খেলা-ধুলা-বাদলৰ ভৰিখন ভঙাৰ বাবে খেলা-ধুলা কৰিব পৰা নাচিল।

পিৰিক-পাৰাককৈ- ফিটুকী আৰু চঞ্চলমতি ধুনীয় চকুৰে পিৰিক-পাৰাককৈ

[৪] ‘বালদৰ বিদ্যালয়’ নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা

আন চৰাই আৰু জন্তুৰ এখন তালিকা কৰা।

[৫] বুজা আৰু লিখা:

স্কুল = বিদ্যালয়

শিক্ষাৰ্থী = ……….

পদুম = ……….

ভেঁট = ……….

শীতল = ……….

চকুপানী = ……….

[৬] পঢ়া আৰু লিখা:

দুদিন + ঈয়া = দুদিনীয়া

লঘোন + ঈয়া = ………….

ভকত + ঈয়া = ………….

[৭] পঢ়া, বুজা আৰু নতুনকৈ শব্দ গঠন কৰা:

তন্ময় – তন্ময়তা

সৰল – …………

সাধু – …………

অসৎ – …………

বিশাল – ………….

[৮] উপযুক্ত শব্দ বহুৱাই খালি ঠাই পূৰ কৰা:

পিৰিক- পাৰাক; চুচুক- চামাক; থুপুক- থাপাক; জুনুক- জানাক।

ক) শ্ৰেণীকোঠাত বহি ল’ৰাটোৱে __ কৈ ইফাল-সিফাল চাই আছে।

খ) ছোৱালীজনীয়ে খোজ কাঢ়োঁতে ভৰিত পিন্ধা জুনুকাযোৰ __ কৌ বাজি

আছে।

গ) কণমানিটোৱে __ কৈ খোজ কাঢ়ি আছে।

ঘ) মইনাটোৰ __ কৈ মাত ওলাইছে।

ঙ) মানুহজনে মতাত ছোৱালীজনী _ কৈ আগ বাঢ়ি আহিছে।

[৯] পঢ়া আৰু বুজা:

ক) তজবজীয়া ল’ৰাটোৱে বল খেলিআছে।

খ) বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে।

গ) ডাঙৰ পুথুৰীটোত বহুত মাছ আছে।

ঘ) হালধীয়া সৰিয়হডৰা চালে চকুৰোৱা হৈছে।

[১০] ভাবা আৰু উত্তৰ উলিওৱা:

চাৰিফালে চাৰি খুঁটা মাজত মেদেল পেটা,

দুই বিচনীয়ে বিচি থাকে লেৰেলা সাপে নাচি থাকে।

[১১] বিদ্যালয়ত হোৱা কোনো এটাঅভিজ্ঞতাৰ কথা বৰ্ণনা কৰি

তোমাৰ বন্ধু এজনলৈ এখনি চিঠি লিখা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects