Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 15 Answer 2026 | মধ্যযুগৰ অসমীয়া সমাজ | Chapter 15 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Answer Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ১১ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অসমৰ আর্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰবৰঙণি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

মধ্য়যুগৰ অসমীয়া সমাজ 

১। চমুকৈ উত্তৰ লিখা—

(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?

উত্তৰঃ অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল— কামৰূপ-কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম।

(খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে?

উত্তৰঃ বড়ো জাতিৰ মহিলাসকলে দখনা পৰিধান কৰে।

(গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল?

উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ৰজা ভূ-সম্পত্তিৰ গৰাকী আছিল।

(ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল?

উত্তৰঃ মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল।

(ঙ) কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল?

উত্তৰঃ কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল।


২। ‘ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা—

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
মাধৱ কন্দলিৰামায়ণ
সুকুমাৰ বৰকাইথহস্তীবিদ্যাৰ্ণৱ
পুৰুষোত্তম বিদ্যাবাগীশৰত্নমালা
ভট্টদেৱকথাগীতা
বলদেৱ সূৰ্যখৰি দৈৱজ্ঞদৰং ৰাজবংশাৱলী

৩। খালী ঠাই পূৰ কৰা—

(ক) হয়গ্ৰীৱ-মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল।

(খ) মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ।

(গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল।

(ঘ) অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল।

(ঙ) আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল।


৪। শুদ্ধ উত্তৰটোত (√) চিন দিয়া—

(ক) মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক।

উত্তৰঃ ৰাজতান্ত্ৰিক।

(খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে।

উত্তৰঃ আহোমসকলে।

(গ) টঙালি, হাঁচতি বড়োসকলৰ/বাৰভূঞাসকলৰ অৱদান আছিল।

উত্তৰঃ বাৰভূঞাসকলৰ।

(ঘ) কছাৰীসকল/কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল।

উত্তৰঃ কছাৰীসকল।

(ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/স্বৰ্গদেউ শিৱসিংহৰ দিনৰপৰা আহোম স্থাপত্যত মোগল-পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে।

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ।


৫। উত্তৰ লিখা— (৫০টা মান শব্দৰ ভিতৰত)
(ক) আহোমসকলৰ পাইক প্ৰথা।

উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা ৪ জন পাইক মিলি একোটা গোট গঠন কৰিছিল। প্ৰতিটো গোটৰ এজন পাইকে ৰজাঘৰত শ্ৰমদান কৰিছিল আৰু বাকীসকলে তেওঁৰ ঘৰুৱা কাম ভাগ কৰি লৈছিল। যুদ্ধৰ সময়ত পাইকসকলে সৈনিকৰ কামো কৰিব লাগিছিল।

(খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল। এই ব্যৱস্থাক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত বাস কৰা আহোম প্ৰজাসকলক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু সীমান্তত শান্তি বজাই ৰখাই এই প্ৰথাৰ মূল উদ্দেশ্য আছিল।

(গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল?

উত্তৰঃ মধ্যযুগত অসমীয়া সমাজত মহিলাসকলক যথেষ্ট সন্মানৰ চকুৰে চোৱা হৈছিল। তেওঁলোকে ঘৰুৱা কামৰ লগতে বোৱা-কটা, নৃত্য, চোৰাংচোৱা, যুদ্ধ আদি ক্ষেত্ৰতো অংশ লৈছিল। কোনো কোনো মহিলাই সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। সেয়েহে মধ্যযুগীয় অসমীয়া সমাজত নাৰীৰ স্থান তুলনামূলকভাৱে উচ্চ আছিল।

(ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।

উত্তৰঃ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, ফল-মূল আৰু শাক-পাচলিৰ খেতি কৰা হৈছিল। পাহাৰীয়া অঞ্চলত খলপীয়া কৃষি আৰু জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি জলসিঞ্চনো কৰা হৈছিল।

(ঙ) কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি আছিল?

উত্তৰঃ কছাৰীসকল স্থাপত্য, ভাস্কৰ্য আৰু শিল্পকলাত যথেষ্ট আগবঢ়া আছিল। তেওঁলোকৰ ৰাজধানী ডিমাপুৰ ইটাৰ বেৰেৰে ঘেৰা আছিল। গৃহ নিৰ্মাণত খোদিত স্তম্ভ ব্যৱহাৰ কৰা হৈছিল। ডিমাপুৰ নগৰত বহুতো পুখুৰী আছিল। নলা-নৰ্দমা নিৰ্মাণৰ ক্ষেত্ৰতো কছাৰীসকল আগৰণুৱা আছিল।


৬। মধ্যযুগত অসমৰ অৰ্থনৈতিক কাম-কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তিও আছিল কৃষি। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, ফল-মূল, শাক-পাচলি আদি উৎপাদন কৰা হৈছিল। পাহাৰীয়া অঞ্চলত খলপীয়া কৃষি আৰু জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল।

কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল।

মধ্যযুগত অসম ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া আছিল। প্ৰায় প্ৰতিটো পৰিয়ালতে তাঁতশাল আছিল। কামৰূপ-কমতাৰ কিছুমান অঞ্চলত পুৰুষ আৰু মহিলা উভয়েই পেছাদাৰী শিপিনী হিচাপে কাম কৰিছিল।

সেই সময়ত বাণিজ্যিক আদান-প্ৰদান তুলনামূলকভাৱে সীমিত আছিল আৰু আত্মনিৰ্ভৰশীলতা যুগটোৰ এটা মুখ্য বৈশিষ্ট্য আছিল। আহোমসকলে ওচৰ-চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায়-বাণিজ্যৰ অধিক প্ৰসাৰ ঘটে। ৰাস্তা-পদূলি নিৰ্মাণ আৰু মুদ্ৰাৰ প্ৰচলনেও বাণিজ্য বৃদ্ধিত সহায় কৰিছিল। আৰম্ভণিতে বিনিময় প্ৰথা প্ৰচলিত আছিল যদিও পাছলৈ মুদ্ৰাৰ ব্যৱহাৰ বৃদ্ধি পায়।


৭। আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা।

উত্তৰঃ আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল।

আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰমুক্ত মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদি সংৰক্ষণ আৰু মেৰামতিৰ বাবেও মাটি দান কৰা হৈছিল।

এইদৰে আহোম স্বৰ্গদেউসকলৰ তত্ত্বাৱধানত ভূমি সম্পৰ্কীয় কাম-কাজ সুশৃংখলিতভাৱে পৰিচালিত হৈছিল। ভূমিদানৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উদাৰ মনোভাৱ পোষণ কৰিছিল।


৮। মধ্যযুগত নিৰ্মিত মঠ-মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে মধ্যযুগত নিৰ্মিত মঠ-মন্দিৰৰ ছবি সংগ্ৰহ কৰি নিজে এলবাম প্ৰস্তুত কৰিব।


৯। মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

পুথিৰচক
ৰামায়ণমাধৱ কন্দলি
হস্তীবিদ্যাৰ্ণৱসুকুমাৰ বৰকাইথ
মহাভাৰতৰাম সৰস্বতী
পদ্মপুৰাণনাৰায়ণদেৱ
দৰং ৰাজবংশাৱলীবলদেৱ সূৰ্যখৰি দৈৱজ্ঞ
ৰত্নমালা ব্যাকৰণপুৰুষোত্তম বিদ্যাবাগীশ
কথা-ভাগৱতভট্টদেৱ
কীৰ্তন, গুণমালাশংকৰদেৱ
নামঘোষামাধৱদেৱ
গীত গোবিন্দ, ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, শকুন্তলা কাব্যনুবাদৰামনাৰায়ণ চক্ৰৱৰ্তী

১০। ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি-জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি’— বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতি কোনো এটা জাতি বা জনগোষ্ঠীৰ একক সৃষ্টি নহয়। মধ্যযুগৰ পৰাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, কামৰূপ-কমতাৰ ৰজা, কছাৰী, কোচ আৰু আহোম শাসকসকলৰ পৃষ্ঠপোষকতাত সাহিত্য-সংস্কৃতিৰ বিকাশ ঘটিছিল।

কামৰূপ-কমতাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। কছাৰী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল। মহেন্দ্ৰ কন্দলিয়ে আলীপুখুৰীৰ বৰদোৱাত টোল পাতি জ্ঞান চৰ্চা কৰিছিল।

আহোমসকলৰ অন্যতম উল্লেখযোগ্য অৱদান হ’ল বুৰঞ্জী সাহিত্য। প্ৰথমে টাই-আহোম ভাষাত আৰু পাছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা গঢ় লৈ উঠে। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে ‘হস্তীবিদ্যাৰ্ণৱ’ ৰচনা কৰিছিল। ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে বিভিন্ন সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল।

কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নাৰায়ণদেৱে পদ্মপুৰাণ, বলদেৱ সূৰ্যখৰি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী, ৰাম সৰস্বতীয়ে মহাভাৰত আৰু পুৰুষোত্তম বিদ্যাবাগীশে ৰত্নমালা ব্যাকৰণ ৰচনা কৰিছিল। অনন্ত কন্দলীয়ে ভাগৱতসহ কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি আন্দোলনৰ জৰিয়তে অসমৰ ধৰ্ম, সাহিত্য, সংগীত, নৃত্য আৰু নাট্যকলাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰে। মাধৱদেৱ, ভট্টদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলি, ৰামচৰণ ঠাকুৰ আদি বহু সাহিত্যিকে এই ধাৰাক সমৃদ্ধ কৰে।

এইদৰে বিভিন্ন জাতি-জনগোষ্ঠী, শাসক, কবি, সাহিত্যিক আৰু শিল্পীৰ যৌথ অৱদানৰ ফলতেই আজিৰ অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি-জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects