১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা।
ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা
উত্তৰঃ
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।
(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয়।
(গ) নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষকদ্ৰব্য আৰু পানী প্ৰয়োজন হয়।
২) ‘ক’ স্তম্ভৰ ‘খ’ স্তম্ভ মিলোৱা-
ক | খ |
(i) খাৰিফ শস্য় | (ক) গৰুৰ খাদ্য |
(ii) ৰবি শস্য | (খ) ইউৰিয়া আৰু ছুপাৰ ছফফেট |
(iii) ৰাসায়নিক সাৰ | (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়, গৰুৰ গোবৰ গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য় |
(iv) জৈৱিক সাৰ | (ঘ) ঘেঁহু, বুট, মটৰ মাহ |
(ঙ) ধান আৰু যৱ |
উত্তৰঃ
ক | খ |
(i) খাৰিফ শস্য় | (ঙ) ধান আৰু যৱ |
(ii) ৰবি শস্য় | (ঘ) ঘেঁহু, বুট, মটৰ মাহ |
(iii) ৰাসায়নিক সাৰ | (খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট |
(iv) জৈৱিক সাৰ | (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য় |
৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া –
উত্তৰঃ
ক) খাৰিফ শস্যঃ ধান আৰু যৱ।
খ) ৰবি শস্যঃ ঘেঁহু আৰু বুটমাহ।
৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।
উত্তৰঃ
ক) মাটি চহোবাঃ-
শস্য উৎপাদনৰ প্ৰথম আৰু প্ৰধান কাম হৈছে মাটি চহোৱা। মাটি চহোৱাৰ ফলত মাটিখিনি ঢিলা আৰু নরম হয়, যাৰ ফলত উদ্ভিদৰ শিপা সহজে মাটিৰ গভীৰতালৈ যাব পাৰে। এই ঢিলা মাটিয়ে কেঁচুঁ আৰু বিভিন্ন উপকাৰী অনুজীৱৰ বৃদ্ধি স্বাভাৱিক কৰে, যাৰ ফলত মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি পায়। তদুপৰি, মাটি চহোৱাৰ ফলত মাটিৰ তলৰ পুষ্টিকৰ পদাৰ্থসমূহ যেনে সাৰ আৰু হিউমাছ সমানভাৱে মিহলি হয়, আৰু ইয়াৰ ফলত উদ্ভিদে সহজে এই পুষ্টিকৰ উপাদানবোৰ গ্ৰহণ কৰিব পাৰে।
খ)বীজ সিঁচা ঃ-
শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাৰ্য হ’ল বীজ সিঁচা। বীজ সিঁচাৰ আগতে অধিক উৎপাদন নিশ্চিত কৰিবলৈ উন্নত জাতৰ বীজ বাচি লোৱাটো অতি প্ৰয়োজনীয়। এই উন্নত বীজ সাধাৰণতে চাফা আৰু নিৰোগী ভাল সঁচৰ পৰা সংগ্ৰহ কৰা হয়। বীজ সিঁচাৰ বাবে সাধাৰণতে পৰম্পৰাগত চুপি আকৃতিৰ সঁজুলি ব্যৱহাৰ কৰা হয়, বা কেতিয়াবা হাতেৰে সিঁচা হয়।
গ) বনবাত নিৰোৱাঃ
খেতিত গজা অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে। এই অপতৃণবোৰ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে।
অপতৃণবোৰে মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্য আহৰণ কৰি শস্যৰ বৃদ্ধিত বিঘ্ন ঘটায়। খেতিয়কসকলে মাটি চহোৱাৰ সময়ত বা উপযুক্ত সময়ত অপতৃণবোৰ উঘালি বা গুৰি কাটি ধ্বংস কৰে। ইয়াৰ উপৰিও, বীজ সিঁচা যন্ত্ৰৰ সহায়ত বা অপতৃণ-নাশক তথা বননাশক ৰাসায়নিক ব্যৱহাৰ কৰি এই অপতৃণসমূহ নাশ কৰা হয়।
ঘ) মৰণা মৰা ঃ
শস্য চপোৱাৰ পিছত বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰাৰ প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু, ম’হ বা ট্ৰেক্টৰৰ সহায়ত এই কাম কৰা হয়। ক্ষুদ্ৰ খেতিয়কসকলে সাধাৰণতে এটুকুৰা সৰু চোতালত বা-দিয়া যন্ত্ৰৰ সহায়ত শীহ্ আৰু পতানৰ পৰা বীজবোৰ পৃথক কৰে। আধুনিক পদ্ধতিত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম একেলগে ‘কমবাইন’ মেচিনৰ দ্বাৰা সম্পন্ন কৰা হয়, যিয়ে খেতিপথাৰত সময় আৰু পৰিশ্ৰম বাচায়।
৫)জৈৱিক সাৰৰ লগত ৰাসায়ণিক সাৰৰ প্ৰভেদ কি বৰ্ণণা কৰা।
উত্তৰঃ
ক্ৰম নং | ৰাসায়নিক সাৰ | জৈৱিক সাৰ |
১ | ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। | জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। গৰু-ম’হ-ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য় আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয়। |
২ | ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। | জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। |
৩ | ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। | জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। |
৪ | ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য় নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। | জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষকদ্ৰব্য় তুলনামূলকভাৱে কম থাকে। |
৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰ ঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে।
পানী সংৰক্ষন কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ’ল-
ক) পানী ছটিওৱা ব্যৱস্থাঃ এই পদ্ধতি পানীৰ পৰিমাণ কম থকা অসমান ভূমিৰ বাবে বিশেষভাৱে উপযোগী। পানী আহা মূল নলী-ডালৰ আগত এক নিৰ্দিষ্ট দূৰত্বত এডাল ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে সংযুক্ত থাকে। পাম্পৰ সহায়ত চাপযুক্ত পানী মূল নলীডালৰ মাজেৰে প্ৰবাহিত হৈ ঘূৰ্ণনশীল বিন্ধাৰ দ্বাৰা জোৰেৰে ওলাই যায়। ইয়াৰ ফলত, বৰষুণৰ দৰে পানীৰ ছিটিকনি শস্যৰ ওপৰত পৰে, যিয়ে শস্যৰ পানী প্ৰয়োজন মেটাবলৈ সহায় কৰে। পানী ছটিওৱা এই পদ্ধতি বালীয়া মাটিৰ বাবে বিশেষকৈ উপযোগী।
খ) পানী নিগৰোৱা ব্যৱস্থা ঃ এই পদ্ধতিত পানী নিগৰাই টোপ-টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়, যাৰ বাবে ইয়াক “পানী নিগৰোৱা ব্যবস্থা” বুলি কোৱা হয়। এই পদ্ধতি ফলৰ গছ, বাগিচা, আৰু ডাঙৰ গছত পানী যোগানৰ বাবে অতি উপযোগী। বিশেষকৈ, পানীৰ অভাৱ থকা ঠাইত এই পদ্ধতি উদ্ভিদৰ বাবে আশীৰ্বাদ স্বৰূপ, কাৰণ ই পৰিমিত পৰিমাণৰ পানীকে সঠিকভাৱে উদ্ভিদৰ গুৰিলৈ পৰিৱেশন কৰে, যিয়ে পানী নষ্ট হ’ব নিদিয়ে।
৭) বৰ্ষা ঋতুত যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি হ’ব আলোচনা কৰা ।
উত্তৰ ঃ বৰ্ষা বা খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয়, তেন্তে ইয়াৰ বীজবোৰ ধ্বংস হ’ব । ঘেঁহুৰ বাবে প্ৰয়োজনীয় সময় হৈছে শীতকাল।শীতকালৰ তুলনাত বৰ্ষা তথা গ্ৰীষ্ম কালৰ উষ্ণতা , আৰ্দ্ৰতা, বৰষুণ আৰু মাটিৰ পোষক দ্ৰব্যৰ তাৰতম্য অধিক। সেয়েহে, বৰ্ষা ঋতুত ঘেঁহু সিঁচাটো উচিত নহয়।
৮) একে লেথাৰিয়ে শস্য় উৎপাদন কৰিলে মাটিৰডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।
উত্তৰ ঃ একে লেথাৰে খেতি কৰাৰ ফলত মাটিত থকা পোষক দ্ৰব্যসমূহ, যেনে পটাছিয়াম, ফছফৰাছ, আৰু নাইট্ৰ’জেনৰ পৰিমাণ ক্ৰমেই হ্ৰাস পায়। এইবোৰ পোষক দ্ৰব্য উদ্ভিদ তথা শস্যৰ সুস্থ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। একে লেথাৰে খেতি কৰি থকাৰ ফলত মাটিত এই পোষক দ্ৰব্যৰ অভাৱ সৃষ্টি হয়, যাৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয় আৰু উৎপাদনশীলতা কমি যায়।
৯) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰ ঃ খেতিত পথাৰত গজা কিছুমান অলাগতিয়াল উদ্ভিদসমূহক অপতৃণ বোলে।
এই অপতৃণবোৰ মাটিৰ পৰা পানী,পোষক দ্ৰব্য আদি আহৰণ কৰি শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়। খেতিয়কসকলে মাটি -চহাওতে অথবা সময়ে সময়ে উঘালি বা গুৰিতে কাটি এই অপতৃণসমূহ নাশ কৰে। তদুপৰি,বীজ সিঁচা যন্ত্ৰ অথবা অপতৃণ-নাশক বা বননাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও অপতৃণ ধ্বংস কৰা হয়।
১০) তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় –
চেনিৰ কাৰখানালৈ শস্য় পঠোৱা |
জলসিঞ্চন |
খেতি চপোৱা |
বীজ সিঁচা / ৰোৱা |
মাটি চহোৱা |
পথাৰত হাল পোৱা |
সাৰ প্ৰয়োগ |
উত্তৰ ঃ
মাটি চহোৱা
↓
পথাৰত হাল বোৱা
↓
বীজ সিঁচা/ ৰোৱা
↓
সাৰ প্ৰয়োগ
↓
জলসিঞ্চন
↓
খেতি চপোৱা
↓
চেনিৰ কাৰখানালৈ শস্য পঠোৱা
১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা।
উত্তৰ ঃ
পথালিকৈ ঃ
১) গুটি = বীজ।
২) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া = ৰাইজ’বিয়াম।
তললৈ ঃ
২) পথাৰত পানী যোগান ধৰা ব্যৱস্থা = জলসিঞ্চন ।
৩) শীতকালত খেতি কৰা শস্য = ৰবিশস্য।
৫) এবিধ ৰাসায়নিক সাৰ = ইউৰিয়া ।
৬) চপোৱা শস্যৰ পৰা ধান পৃথক কৰা কাম =মৰণা।