Chapter 10
আমাৰ বজাৰ ব্যৱস্থা
১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) বজাৰ কাক বোলে।
উত্তৰঃ য’ত বস্তু কিনা-বেচা কৰা হয় তাকে বজাৰ বোলে।
(খ) বজাৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ বজাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।
(গ) স্থায়ী বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তাকে স্থায়ী বজাৰ বোলে।
(ঘ) অস্থায়ী বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নাথাকে তেনে বজাৰকে অস্থায়ী বজাৰ বোলে।
(ঙ) সাপ্তাহিক বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ হাট সপ্তাহটোৰ কোনো এটা নিৰ্দিষ্ট দিনত বহে তেনে বজাৰক সাপ্তাহিক বজাৰ বোলে।
(চ) দৈনিক হাট কাক বোলে?
উত্তৰঃ যিবেোৰ হাট সপ্তাহটোৰ গোটেইকেইটা দিনত বহে অর্থাৎ সদায় হাট বহে।এনে হাটকে দৈনিক হাট বোলে।
(ছ) দৈনিক হাটবোৰক কিয় অস্থায়ী বজাৰ বুলি কোৱা হয়?
উত্তৰঃ দৈনিক হাটবোৰক অস্থায়ী হাট বুলি কব পাৰি কাৰণ- এনে হাট সদায় বহে যদিও দোকান পোহাৰ বিলাকৰ কোনো স্থায়ী হাৰ নাথাকে।বিক্ৰীৰ বাবে বস্ত্ত-বাহানিবোৰ সদায় বজাৰলৈ অনা হয় আৰু বজাৰ সপ্তাহ হোৱাৰ পাছত বাকী ৰৈ যোৱা খিনি ঘৰলৈ লৈ যোৱা হয়।সেয়ে দৈনিক বহে যদিও এনে বজাৰ অস্থায়ী বজাৰৰ শ্ৰেণীতহে পৰে।
(জ) অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহাৰ কৰাণ কি?
উত্তৰঃ অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহে।কাৰণ শ্ৰমিক সকলক পোন্ধৰ দিনৰ মূৰে মূৰে মজুৰি দিয়া হয়।সেয়ে শ্ৰমিকসকলে মজুৰি পোৱা দিনটোত বজাৰ বা হাট বহে।
(ঝ) পাইকাৰী গ্ৰাহক বুলিলে কি বুজা?
উত্তৰঃ পাইকাৰী গ্ৰাহক বুলিলে আমি বুজোযে- যিবোৰ প্ৰয়োজনীয়া পূৰাবলৈ বস্ত্ত নিকিনে।এই গ্ৰাহক বোৰে এখন বজাৰৰ পৰা অধিক পৰিমাণত বস্ত্তবোৰ কিনি পুনৰ সেই বস্ত্তবোৰ আন বজাৰত বিক্ৰি কৰে।এনে গ্ৰাহকক পাইকাৰী গ্ৰাহক বোলে।
(ঞ) হাটখোৱা বা মহলদাৰ কাক বোলে?
উত্তৰঃ প্ৰতি বছৰে বজাৰ বা হাটবোৰ এক নিৰ্দিষ্ট হাৰত ডাকত দিয়া হয়।নিৰ্দিষ্ট ব্যক্তি বা কোনো গোটে নিৰ্দিষ্ট হাৰত বজাৰখন ডাকি লয়।ডাকোতাজনক হাটখোৱা বা মহলদাৰ বোলে।
২) খালী ঠাই পূৰ কৰাঁ।
(ক) স্থায়ী বজাৰত থকা দোকান-পোহাৰবিলাক স্থায়ীভাৱে থাকে।
(খ) খুচিৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ পাইকাৰী বজাৰৰ পৰা কিনি অনা হয়।
(গ) অস্থায়ী বজাৰক হাট বুলিও কোৱা হয়।
(ঘ) বেপাৰী শ্ৰেণীটোৱে বেপাৰ-বাণিজ্য ৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা অৰ্জন কৰে।
(ঙ) হাট-বজাৰবোৰ সূচাৰুৰূপে চলোৱাৰ দায়িত্ব প্ৰশাসন আৰু হাটখোৱা ৰ ওপৰত থাকে।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঁ।
| ‘ক’ অংশ | ‘খ’ অংশ |
| (ক) সপ্তাহত এদিন বহা হাট | পষেকীয়া হাট |
| (খ) সপ্তাহত দুদিন বহা হাট | দৈনিক হাট |
| (গ) পোন্ধৰ দিনৰ মূৰত বহা হাট | খেতিয়ক |
| (ঘ)প্ৰতিদিন বহা হাট | অৰ্ধ-সাপ্তাহিক হাট |
| (ঙ) নিজৰ উৎপাদিত বস্তুৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অৰ্জন কৰা লোক | বেপাৰী |
| (চ) বিভিন্ন ঠাইত হাট-বজাৰ কৰি জীৱিকা অৰ্জন কৰা লোক | সাপ্তাহিক হাট |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| (ক)সপ্তাহত এদিন বহা হাট | সাপ্তাহিক হাট |
| (খ)সপ্তাহত দুদিন বহা হাট | অৰ্ধ-সাপ্তাহিক হাট |
| (গ)পোন্ধৰ দিনৰ মূৰত বহা হাট | পষেকীয়া হাট |
| (ঘ)প্ৰতিদিন বহা হাট | দৈনিক হাট |
| (ঙ)নিজৰ উৎপাদিত বস্ত্তৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অৰ্জন | খেতিয়ক |
| (চ)বিভিন্ন ঠাইত হাট-বজাৰ কৰি জীৱিকা অৰ্জন কৰা লোক। | বেপাৰী |
৪। তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।(ক) পাইকাৰী বজাৰত বস্ত্তবোৰ একেলগে অধিক পৰিামণত বেচা-কিনা কৰা হয়।উত্তৰঃ শুদ্ধ
(খ) গাওঁ অঞ্চলত স্থায়ী বজাৰ নাথাকে।উত্তৰঃ অশুদ্ধ।
(গ) বেপাৰীসকল এখন বজাৰত ক্ৰেতা হ’লে আনখন বজাৰত বিক্ৰেতা হয়।উত্তৰঃ শুদ্ধ।
(ঘ) হাটখোৱাই বজাৰখন ডাকি লোৱাৰ বিনিময়ত একো নাপায়।উত্তৰঃ অশুদ্ধ।
(ঙ) বজাৰ ব্যৱস্থাই সমাজৰ এক শ্ৰেণীৰ লোকক নিয়োগৰ সুবিধা দিছে।উত্তৰঃ শুদ্ধ।
৫। চমু উত্তৰ লিখাঁ।(ক) হাটখোৱাই বজাৰৰ বিক্ৰেতাসকলৰপাৰ কিয় কৰ বা মাচূল সংগ্ৰহ কৰে? (১০-১৫ শব্দৰ ভিতৰত)উত্তৰঃহাটখোৱাই বজাৰৰ বিক্ৰেতাসকলৰ পৰা কৰা বা মাছূল সংগ্ৰহ কৰে।কাৰণ, হাটখোৱা জনে বজাৰখন ডাকি লওঁতে যি ধন খৰচ কৰিছিল, সেই ধনএইদৰে কৰ বা মাছূল সংগ্ৰহ কৰি বজাৰৰ পৰা তলি লয়।এনে কৰি হাটখোৱা জনৰ কিছু অংশ লাভ হিচাপে ৰৈ যায়।
(খ) পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্ত্তৰ দাম কিয় অধিক হয়? (২০-২৫ টা শব্দৰ ভিতৰত)উত্তৰঃ পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্ত্তৰ দাম অধিক হয় কাৰণ-পাইকাৰী গ্ৰাহকবোৰে নিজৰ প্ৰয়োজন পূৰাবলৈ বস্ত্ত নিকিনে।তেওঁলোকে যিবোৰ বস্ত্ত কিনে সেইবোৰ খুচুৰা বজাৰত বিক্ৰি কৰে আৰু তেওঁলোকে যিমনা দামৰ বস্ত্ত কিনি আনে সেইবোৰ খুচুৰা বজাৰত তেওঁলোকে তাতোতকৈ অধিক দামত বিক্ৰী কৰে।
(গ) হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কিয় ক’ব পাৰি? (২০-২৫ টা শব্দৰ ভিতৰত)উত্তৰঃ হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কোৱা হয় কাৰণ- হাট-বজাৰবোৰত দেশ-বিদেশত ঘটা বিভিন্ন ঘটনা বজাৰত আলোচনা হয়।ইয়াৰ ফলত বহুতো নজনা কথা বজাৰত গম পোৱা যায়।
(ঘ) বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কিয় কোৱা হয়? (২৫-৩০ টা শব্দৰ ভিতৰত)উত্তৰঃ বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হয় কাৰণ- তেওঁলোকে বস্ত্ত বিক্ৰী কৰিবলৈ বিভিন্ন হাটটলৈ যায়।বেপাৰী শ্ৰেণীটো সমাজৰ গুৰুত্বপূৰ্ণ অংগ।বেপাৰীসকলৰ দ্বাৰা আমি নিজৰ ঠাইত নোপাৱা বস্তুবোৰ সহজতে আৰু নিজে থকা ঠাইৰ ওচৰতে লাভ কৰিব পাৰি।
(ঙ) হাট-বজাৰবোৰে আমাক কেনেধৰণে উপকৃত কৰে? (৫০-৬০ টা শব্দৰ ভিতৰত)উত্তৰঃ হাট-বজাৰৰ দ্বাৰা আমি নিজৰ পছন্দ অনুযায়ী বস্তু কিনিব পাৰো।বজাৰত বহুত বিক্ৰেতা থকাৰ কাৰণে কিনোতাসকলে দৰ-দাম কৰিবলৈ সুবিধা পায়।ফলত বস্ত্তবোৰ কম দামত কিনিব পাৰে। এি হাট-বজাৰবোৰৰ দ্বাৰা খেতিয়কসকলে নিজৰ ৰাহি হোৱা বস্ত্তবোৰ সহজতে বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰে।হাট-বজাৰে আমাক এনেদৰে উপকৃত কৰে।
(চ) হাট-বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক কেনেদৰে জীৱিকা অৰ্জনত সহায় কৰে লিখাঁ।(৫০-৬৫ টা শব্দৰ ভিতৰত)উত্তৰঃ হাট-বজাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক উপকৃত কৰে। হাট-বজাৰৰ ওপৰত নিৰ্ভৰ কৰি সমাজৰ এক শ্ৰেণীৰ মানুহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে বেপাৰী শ্ৰেণীটোৱে যে বজাৰৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা অৰ্জন কৰে সেই কথাটো আমি জানিলো। ইয়াৰ উপৰি আন কিছুমান লোকেও বজাৰৰপৰা জীৱিকা আৰ্জিব পাৰে। বহু সংখ্যক লোক বজাৰত বস্তু অনা-নিয়া, বস্তু জোখা-মেলা আদি কাৰ্যৰ লগত জড়িত হৈ থাকে। গতিকে হাট-বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক এনেদৰে সহায় কৰে। ৬। পাৰ্থক্য লিখাঁ।(ক) স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।উত্তৰঃ
| স্থায়ী বজাৰ | অস্থায়ী বজাৰ |
| সকলো সময়তে চলি থকা বজাৰক স্থায়ী বজাৰ বোলে। | যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নথকা বজাৰক অস্থায়ী বজাৰ বোলে। |
| স্থায়ী বজাৰত দোকান-পোহাৰবোৰ স্থায়ীভাৱে থাকে। | অস্থায়ী বজাৰত দোকান-পোহাৰবোৰ স্থায়ীভাৱে নাথাকে। |
| স্থায়ী বজাৰ দুই ধৰণৰ। | অস্থায়ী বজাৰবোৰ বহু ধৰণৰ হ’ব পাৰে। |
(খ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ।উত্তৰঃ
| পাইকাৰী বজাৰ | খুচুৰা বজাৰ |
| যি বজাৰত একেলগে অধিক পৰিমাণৰ বস্তু কিনা-বেচা কৰা হয় তাকে পাইকাৰী বজাৰ বোলে। | যি বজাৰত কম পৰিমাণৰ বস্তু কিনা-বেচা কৰা হয় তাকে খুচুৰা বজাৰ বোলে। |
| পাইকাৰী বজাৰত বস্তুবোৰ একেলগে অধিক পৰিমাণত কিনা-বেচা কৰা হয়। | খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ পাইকাৰী বজাৰৰপৰা কিনি অনা হয়। |
(গ) ক্ৰেতা আৰু বিক্ৰেতা।উত্তৰঃ
| ক্ৰেতা | বিক্ৰেতা |
| যি বজাৰৰ পৰা বা কোনো দোকানৰ পৰা বস্তুবোৰ ক্ৰয় কৰে তাক ক্ৰেতা বোলে। | কিছুমান লোকে এখন বজাৰত অধিক দামত বস্তুবোৰ বিক্ৰী কৰে। এনেদৰে জীৱন নিৰ্বাহ কৰা লোকসকলক বিক্ৰেতা বোলে। |
| ক্ৰেতাৰ দুটা ভাগ হৈছে- পাইকাৰী ক্ৰেতা আৰু খুচুৰা ক্ৰেতা। | বিক্ৰেতাৰ দুটা ভাগ হৈছে- উৎপাদনকাৰী আৰু বেপাৰী। |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post