Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Science Chapter 12 Answer আমাৰ শৰীৰ

Chapter 12

আমাৰ শৰীৰ

◻️  প্ৰশ্নাৱালী

(১) আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান অংগৰ নাম  লিখা ।

উত্তৰঃ আমাৰ শৰীৰৰ ভিতৰত থকা কেইটামান প্ৰধান  অংগৰ নাম হ’ল- মগজু বা মস্তিস্ক, হৃদপিণ্ড বা কলিজা, হাঁওফাঁও, যকৃৎ, পাকস্থলী, অন্ত্ৰ ইত্য়াদি।

(২) আমাৰ শৰীৰৰ সকলো অংগকে অক্সিজেন লাগে । শৰীৰৰ বিভিন্ন অংগই অক্সিজেন কেনেকৈ পায় ?

উত্তৰঃ আনি উশাহ লঁওতে অক্সিজেন হাঁওফাঁওত সোমায়। তেজে হাঁওফাঁওৰ পৰা শৰীৰৰ সকলো অংগলৈ অক্সিজেন লৈ যায়। অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে।

(৩) উশাহ বন্ধ হ’লেই মানুহৰ মৃত্যু হয়। কিয় ?

উত্তৰঃ আমি উশাহত অক্সিজেন লওঁ। উশাহত লোৱা অক্সিজেন হাঁওফাঁওত সোমায় আৰু তেজে হাঁওফাঁওৰ পৰা অক্সিজেন শৰীৰৰ সকলো অংগলৈ কঢ়িয়াই লৈ যায়। অক্সিজেন নাপালে শৰীৰৰ কোনো অংগই কাম কৰিব নোৱাৰে। সেয়েহে উশাহ বন্ধ হৈ গ’লেই মানুহৰ মৃত্য়ু হয়।

(৪) নিশাহত আমি এবিধ গেছ এৰি দিওঁ। গেছবিধ কি ?

উত্তৰঃ নিশাহত এৰি দিয়া গেছ বিধ হ’ল- কাৰ্বন-ডাই-অক্সাইড।

(৫) আমাৰ স্থায়ী দাঁত কেইটা ? স্থায়ী দাঁত কেইবিধ ? প্ৰতিবিধে নাম  লিখা ।

উত্তৰঃ আমাৰ স্থায়ী দাঁত ৩২ টা।

                  স্থায়ী দাঁত চাৰিবিধ। সেইকেইবিধ হ’ল-

      ১)আগ দাঁত

     ২) কুকুৰ দাঁত

     ৩) আগজমি দাঁত

    ৪) জমি দাঁত

(৬) আমি কিয় খোৱা আহাৰ ভালদৰে চোবাব লাগে ?

উত্তৰঃ আহাৰ ভালদৰে চোবাই খালেহে হজম হয়। সেয়েহে সদায় আহাৰ খাওঁতে ভালদৰে চোবাই খাব লাগে।

(৭ ) আমাৰ ইন্দ্ৰিয় কেইটা আৰু কি কি ?

উত্তৰঃ আমাৰ ইন্দ্ৰিয় পাঁচ বিধ। সেইকেইবিধ হ’ল- 

 ১) চকু    ২)কাণ   ৩) নাক   ৪) জিভা   ৬) ছাল

(৮) আমি খোৱাবস্তুৰ সোৱাদ কেনেকৈ পাওঁ ?

উত্তৰঃ দাঁতেৰে চোবাই গুৰি কৰি লোৱা খোৱাবস্তুবোৰ লেলাউটিৰ লগত মিহলি হয় তেতিয়া খোৱা বস্তুৰ সোৱাদ পোৱা যায়। জিভাৰ সহায়ত আমি মিঠা নে তিতা, টেঙা নে নিমখীয়া গম পাওঁ।

(৯) মগজুৱে কাৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ  ৰাখে ?

উত্তৰঃ মগজুৱে স্নায়ুতন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো অংগৰ লগত যোগাযোগ ৰাখে।

(১০) তন্ত্ৰ কাক বোলে ? পাচন তন্ত্ৰ আৰু ৰেচন তন্ত্ৰ কাক বোলে ?

উত্তৰঃ মুখ, জিভা, দাঁত, পেট, অন্ত্ৰ, যকৃৎ, ইত্য়াদি কেইবাটাও অংগই আহাৰ হজম হোৱাত সহায় কৰে। তেতিয়াহে আহাৰত থকা শক্তি আৰু পুষ্টি আমি পাঁও। এইদৰে কোনো এটা কাম কৰোঁতে কেইবাটাও অংগই ভাগ লয়। এই অংগবোৰকে একেলগে তন্ত্ৰ বোলে।

         খোৱা খাদ্য় হজম কৰা তন্ত্ৰক পাচন তন্ত্ৰ বোলে।

     যিবোৰ অংগই শৰীৰত উৎপন্ন হোৱা অদৰকাৰী বস্তুবোৰ বাহিৰ হৈ যোৱাত সহায় কৰে, এইবোৰক একেলগে ৰেচন তন্ত্ৰ বোলে।

(১১) আমাৰ শৰীৰৰ সকলো কাম কাম-কাজ কোনটো অংগই                      নিয়ন্ত্ৰণ  কৰে ?

উত্তৰঃ আমাৰ শৰীৰৰ সকলো কাম-কাজ মগজুৱে নিয়ন্ত্ৰণ কৰে।

(১২) স্নায়ু কোনবোৰ ? স্নায়ু কাম কি ? এটা উদাহৰণ দিয়াঁ ।

উত্তৰঃ মস্তিষ্কৰ পৰা কিছুমান অতি পাতল, মিহি সূতাৰ দৰে অংশ ওলায় এইবোৰকে স্নায়ু বোলে। 

 স্নায়ুবোৰৰ কাম হ’ল- শৰীৰত গৰম বা ঠাণ্ডা বস্তু লাগিলে ছালত থকা স্নায়ুবোৰে নিমিষতে মগজুক এই বিষয়ে জনায়। মগজুৱে লগে লগে শৰীৰৰ অংশটো তাৰ পৰা আঁতৰাই আনিবলৈ স্নায়ু মাজেৰেই এই নিৰ্দেশ পঠিয়াই। স্নায়ুবোৰৰ সহায়ত মগজুৱে অনবৰতে শৰীৰৰ সকলো অংগ কি অৱস্থাত আছে গম পায়। শৰীৰৰ প্ৰত্য়েকটো তন্ত্ৰ মগজুৰ নিৰ্দেশতে চলি থাকে। চকুৰে বস্তু এটা চালে চকুত থকা স্নায়ুবোৰে লগে লগে বস্তুটোৰ ছবিখনৰ খবৰ মগজুলৈ পঠিয়াই। তেতিয়াহে আমি বস্তুটো দেখা পাওঁ। 

(১৩) জঁকা কাক বোলে ? ইয়াৰ কাম কি ?

উত্তৰঃ শৰীৰত থকা হাড়ৰ সজ্জাটোকে জকা বোলে।

 ইয়াৰ কাম হ’ল- জঁকাটোৱে শৰীৰৰটোক আটিল হৈ থকাত সহায় কৰে।

(১৪) ৰক্ত সঞ্চালন তন্ত্ৰ কাক বোলে ? ইয়াৰ কাম কি ?

উত্তৰঃ হৃদপিণ্ড আৰু কিছুমান তেজ পৰিবাহী নলী লগলাগি যি তন্ত্ৰ গঠন হৈছে  তাক ৰক্ত সঞ্চালন তন্ত্ৰ বোলে।

 ইয়াৰ কাম হ’ল- ৰক্ত সঞ্চালন তন্ত্ৰই শৰীৰত তেজ চলাচল কৰোৱায়।

(১৫) ডাঙৰ মানুহৰ মগজুটোৰ ওজন কিমান ? 

উত্তৰঃ ডাঙৰ মানুহৰ মগজুৰ ওজন ১ কিল’গ্ৰামতকৈ অলপ বেছি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects