AJB Class 4 Burha Burhi Aru Siyala Chapter 3 Answer হাতী আৰু সাপ

Chapter 3

হাতী আৰু সাপ

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ

ক) দঁতাল হাতীটো কিয় গপাল হৈ পৰিছিল ?

উত্তৰঃ দঁতাল হাতীটো ৰজাৰ মৰম পাই গপাল হৈ পৰিছিল।

খ) হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে কি কৰিলে ?

উত্তৰঃ হাতীটোৱে সাপক গচক মাৰি দিয়াত সাপে তিনি-চাৰি খোঁট মাৰিলে।

গ) সেই বাটেদি চিকাৰলৈ যোৱা ব্য়াধটোৰ নাম কি আছিল ?

উত্তৰঃ সেই বাটেদি চিকাৰলৈ যোৱা ব্যাধটোৰ নাম ঘোং আছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) হাতী আৰু সাপ দুয়োটাই কিয় মৰিব লগীয়া হৈছিল ?

উত্তৰঃ হাতী আৰু সাপ দুয়োটাই মৰিব লগা কাৰণ দুয়োটাই গৰ্ব কৰিছিল বাবে মৰিব লগীয়া হৈছিল।

খ) ঘোং নামৰ ব্য়াধটোৰ হাতীৰ দাঁতযোৰ কিয় নিব খুজিছিল ?

উত্তৰঃ হাতীৰ দাঁতযোৰ বেছি ভালেমান টকা পাব বুলি ভাবি হাতীৰ দাঁতযোৰ নিব খুজিছিল।

[৩] সচাঁ নে মিছা লিখাঁঃ

ক) হাতীটোৱে নিজকে ৰজাৰ মৰমৰ জলহস্তী বুলি ভাবিছিল ।

উত্তৰঃ সত্য।

খ) হাতীৰ গচকত সাপটো মৰিছিল ।

উত্তৰঃ সত্য।

গ) শগুনে হাতী দাঁতযোৰ উঘালি নি বিক্ৰী কৰাৰ কথা ভাবিছিল।

উত্তৰঃ অসত্য।

ঘ) গৰ্ব কৰিলে মানুহে বিপদত নপৰে ।

উত্তৰঃ অসত্য।