Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 2 Answer জীৱ আৰু পৰিৱেশ

Chapter 2

জীৱ আৰু পৰিৱেশ

১) পৰিৱেশ বুলিলে কি বুজা যায় লিখা।

উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ-গছনি, ঘৰ-দুৱাৰ, দোকান-বজাৰ, মানুহ-দুনুহ আদি সকলোবোৰকে একেলগে পৰিৱেশ বোলা হয়।

২) পানীত হােৱা উদ্ভিদৰ শিপাবােৰ কেনেকুৱা?

উত্তৰঃ পানীত হোৱা উদ্ভিদৰ শিপাবোৰ থোপা হৈ থাকে।

৩) অভিযােজন বুলিলে কি বুজা লিখা।

উত্তৰঃ জীৱই পৰিৱেশৰ লগত খাপ খাই থাকিবলৈ লোৱা কৌশল বোৰেই হৈছে অভিযোজন।

৪) পানীত হােৱা উদ্ভিদবােৰে ওপঙি থাকিবলৈ কি অভিযােজন কৰে?

উত্তৰঃ পানীত হোৱা উদ্ভিদবোৰ ওপঙি থাকিবলৈ পাতৰ থাৰি কোমল আৰু ওফন্দি উঠা হয়। ইয়াত বায়ু সোমাই থাকে বাবে মেটেকা পানীত সহজে ওপঙি থাকিব পাৰে। এই ধৰণৰ উদ্ভিদৰ শিপাবোৰ থোপ খাই থাকে।

৫) মাছে পানীত চলাচল কৰিবলৈ কিয় সুচল পায়?

উত্তৰঃ মাছৰ গাটো চেপেটা, মাজভাগ বহল। মূৰ আৰু নেজৰ ফালে চিঞা, ঠেক। মাছৰ গাৰ গঠন নাও এখনৰ গঠনৰ লগত মিলে। গোটেই দেহটো বাকলিৰে আবৃত। কিছুমান মাছৰ বাকলি নাথাকে। এনে মাছৰ ছালখন ডাঠ। গাৰ গঠনৰ বাবেই মাছে পানীত চলাচল কৰিবলৈ সহজ পায়।

৬) হাঁহৰ ঠেঙৰ আঙুলিবােৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ’লে কি অসুবিধা হ’লহেঁতেন?

উত্তৰঃ হাঁহৰ ঠেঙৰ আঙুলিবােৰ পাতল ছালেৰে জোৰা লগা। এনেদৰে পতা লাগি নথকা হ’লে হাঁহে পানীৰ ওপৰত সহজে খোজকাঢ়িব নোৱাৰিলেহেতেন।

৭) উটৰ কুঁজটোৰ উপযোগিতা কি?

উত্তৰঃ উট মৰুভূমিত থাকে। মৰুভূমিত খোৱা বস্তু আৰু পানী সহজেনাপায়। উটৰ কুঁজটোত প্ৰচুৰ পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখে। বহুদিন মৰুভূমিত পানী আৰু খাদ্য় নাপালেও কুঁজটোত জমা ৰখা পানী আৰু চৰ্বী ব্য়ৱহাৰ কৰি উটে ঘূৰি ফুৰিবলৈ শক্তি পায়।

৮) পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম কিয় থাকে?

উত্তৰঃ পৰ্বতৰ ওপৰত সৰল গছ হয়। সৰল গছৰ পাতবোৰ বেজাীৰ দৰে দীঘল আৰু জোঙা হয়। এনে গঠনৰ উদ্ভিদৰ মাজত লুকাই থাকি হিংস্ৰ জন্তুৰ পৰা বাচিবৰ বাবে পৰ্বতৰ প্ৰাণীবোৰৰ গাত দীঘল নোম থাকে।

৯) তিনিবিধ বাকলি থকা আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম লিখা।

উত্তৰঃ তিনিবিধ বাকলি থকা মাছৰ নাম হৈছে – ৰৌ, মিৰিকা আৰু পুঠি। আৰু তিনিবিধ বাকলি নথকা মাছৰ নাম হৈছে – বৰালি, মাগুৰ আৰু শিঙৰা।

১০) কিছুমান পোক-পৰুৱাই পানীৰ ওপৰেদি কিয় সহজে অহা-যোৱা কৰিব পাৰে?

উত্তৰঃ কিছুমান পোক-পৰুৱাই পানীত পুখুৰীৰ পানীত ডুব নোযোৱাকৈ সহজে চলা-ফিৰা কৰিব পাৰে। পোকবোৰৰ ঠেংবোৰ বিশেষ ধৰণৰ ঠেংবোৰ দীঘল আৰু সিহঁতে ঠেংকেইখন বঠাৰ দৰে ব্য়ৱহাৰ কৰে।

১১) ভেঁকুৰে কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে?

উত্তৰঃ ভেঁকুৰৰ শৰীৰত হৰিৎকণা নথকাৰ বাবে ভেঁকুৰে খাদ্য় প্ৰস্তুত কৰিব নোৱাৰে।

১২) কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰ হোৱাৰ কৰাণ কি?

উত্তৰঃ মৰুভূমিত পানীৰ অভাৱ হোৱাৰ বাবে কেকটাছে নিজৰ শৰীৰত যথেষ্ট পৰিমাণে পানী জমা কৰি ৰাখে। মৰুভূমিত থকা জন্তুৱে যাতে কেকটাছ গছডাল ভক্ষণ কৰিব নোৱাৰে, সেইবাবে কেকটাছৰ পাতবোৰ কাইটলৈ ৰূপান্তৰ হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects