অধ্য়ায়-১২
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
অনুশীলনী ঃ
১। উত্তৰ দিয়া ঃ
(ক) থানেশ্বৰ ৰাজ্য়খন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?
উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।
(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি ?
উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট।
(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ?
উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজাৰ প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল।
(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰঃ চোল বংশৰ শ্ৰেষ্ট ৰজাজনৰ নাম আছিল ৰাজাৰাজ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল ?
উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দই নিৰ্মাণ কৰাইছিল।
২। খালী ঠাই পূৰোৱা–
(ক) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল __ ।
উত্তৰঃ পুষ্য় বৰ্মণ।
(খ) __ ৰ আন এটি নাম আছিল শিলাদিত্য়।
উত্তৰঃ হৰ্ষবৰ্ধন।
(গ) পল্লৱসকলে _ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
উত্তৰঃ দ্ৰাবিড়।
(ঘ) এলিফেণ্টা আৰু _ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।
উত্তৰঃ মালখেদৰ।
(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক __ বোলা হৈছিল।
উত্তৰঃ ব্ৰাহ্মদেয়।
৩। শুদ্ধ উত্তৰ বাচি উলিওৱা—–
(ক) গুপ্তসকলে ভাৰতত দুশ/ তিনিশ/ চাৰিশ বছৰ ৰাজত্ব কৰিছিল ।
উত্তৰঃ দুশ বছৰ ৰাজত্ব কৰিছিল।
(খ) হৰ্ষবৰ্ধনৰ ৰাজ্য়ৰ ৰাজধানী আছিল তাঞ্জোৰ/ তক্ষশীলা/ কনৌজ।
উত্তৰঃ তাঞ্জোৰ।
(গ) বৰ্ষবৰ্ধনে খেতিৰপৰা উৎপাদিত শস্য়ৰ ১/৬/ ১/৫/ ১//৪ অংশ কৰ হিচাপে আদায় কৰিছিল।
উত্তৰঃ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল।
(ঘ) কাঞ্চী/ কাঞ্চীপুৰম/ মহাৱলীপূৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল।
উত্তৰঃ কাঞ্চীপুৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল।
(ঙ) ৰাজাৰাজ/ প্ৰথম কৃষ্ণ/ দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ দান্তিদূৰ্গ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক।
৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) বিন্ধ্য় পৰ্বতে ভাৰতবৰ্ষৰ কি কি ভাগত ভাগ কৰিছে ?
উত্তৰঃ দুটা ভাগত ভাগ কৰিছে।
(১) উত্তৰ ভাৰত।
(২)দক্ষিণ ভাৰত বা দাক্ষিণাত্য়।
(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱা ৰাজ্য়খনৰ নাম কি ?
উত্তৰঃ কনৌজৰ লগত একত্ৰিত হৈছিল।
(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি ?
উত্তৰঃ শিল্পকলা আৰু সাহিত্য়-সংস্কৃতি।
(ঘ) ৰাষ্ট্ৰকূটসকলৰ শালন কালত কি কি ভাষাৰ বিকাশ হৈছিল ?
উত্তৰঃ সংস্কৃত আৰু প্ৰাকৃত ভাষা।
(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ?
উত্তৰঃ প্ৰথম পৰান্তকই প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল।
৫। ৫০ টা মান শব্দৰ ভিতৰৰ লিখা—
(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি।
উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধন আছিল এক ধৰ্ম নিপেক্ষ ৰজা, যি শৈৱপন্থী হিচাপে পৰিচিত। তথাপিও, তেওঁ বৌদ্ধ ধৰ্মৰ দৃষ্টিত আগ্ৰহী আছিল আৰু বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল। হিন্দু ধৰ্মৰ বাবে মঠ-মন্দিৰো নিৰ্মাণ কৰি তেওঁ ধৰ্মীয় ঐক্যৰ প্ৰতি মনোযোগ দিছিল।
সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত হৰ্ষবৰ্ধন উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ নালন্দা বিশ্ববিদ্যালয়লৈ ৰাজপৃষ্ঠপোষকতা কৰিছিল, যি সেসময়ৰ অন্যতম গুৰুত্বপূর্ণ শিক্ষা কেন্দ্ৰ আছিল। বাণভট্ট, যিজন হৰ্ষবৰ্ধনৰ ৰাজকবি আছিল, তেওঁ কৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুইখন খ্যাতনামা পুথি ৰচনা কৰিছিল।
হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমালা নামৰ গ্ৰন্থো ৰচিত হৈছিল। লগতে, হৰ্ষবৰ্ধনে নিজেও সাহিত্য ৰচনা কৰিছিল, য’ত নাগানন্ত, ৰন্তাৱলি আৰু প্ৰিয়দৰ্শিকা নামৰ তিনিখন পুথি অন্তর্ভুক্ত।
(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্য়ৱস্থা।
উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবলৈ কেইবাটাও বিভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, আৰু গাঁও আদি বিভাগত সাজি ৰাখিছিল। আজিকালিৰ দৰে এই বিভাগবোৰৰ শাসন চলাবলৈ তেওঁ মন্ত্ৰী, বিষয়া আদিকে নিয়োগ কৰিছিল।
হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলক উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা কেছ ধনৰ বাবেও এনে কৰ শোধন কৰিব লাগিছিল। এনেদৰে সংগৃহীত কৰ প্ৰজাৰ সাৰথিত খৰচ কৰা হৈছিল।
(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি।
উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ ৰথৰ দৰে সজ্জিত। এই মন্দিৰবোৰক “ৰথ” বুলি জনা যায়। এক পাহাৰ কাটি নিৰ্মাণ কৰা এই ৰথসমূহৰ ভিতৰত ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, আৰু দ্ৰৌপদী ৰথ অন্তর্ভুক্ত।
পল্লৱসকলে শিল্প আৰু ভাস্কৰ্যৰ বিকাশৰ ক্ষেত্ৰত “দ্ৰাবিড় শিল্পকলা” নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰিছিল। পল্লৱসকল অতি ধাৰ্মিক আছিল আৰু বহুতো হিন্দু মন্দিৰ আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল।
(ঘ) ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিতি।
উত্তৰঃ দান্তিদূৰ্গা নামৰ এজন সামন্ত প্ৰভূৱে আনুমানিক ৭৫৩ খ্ৰীঃত ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত উপকূলীয় অঞ্চলবোৰত ইসলাম ধৰ্মী লোকসকলে বহুতো মছজিদ নিৰ্মাণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা হৈছে যে ৰাষ্ট্ৰকূট শাসকসকলে এই কৰ্মত কোনো হস্তক্ষেপ কৰা নাছিল, যাৰ ফলত তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন প্ৰতিফলিত হয়। ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় ১২০ বছৰকাল শাসন কৰিছিল। তবে, ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া আন্তঃকলহৰ ফলত তেওঁলোকৰ পতন ঘটিছিল।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য়।
উত্তৰঃ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰসমূহৰ কিছুমান বৈশিষ্ট্য আছিল। এই মন্দিৰসমূহ মাত্ৰ উপাসনা স্থল নহয়, বৰং ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ এক কেন্দ্ৰ হিচাপে কাৰ্য্য কৰিছিল। মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ কৰা হৈছিল।
এইদৰেই, মন্দিৰবোৰে আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনক চাৰা কৰিছিল।