পুখুৰীৰ কথা
পাঠঃচৈধ্য
ক্ৰিয়া-কলাপ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
বাৰান্দা = ঘৰৰ সমুখত বা দাঁতিত আগবঢ়াই সজা মুকলি ঘৰ বা চালি
আমন-জিমকৈ = মন মাৰি; বিমৰ্ষ হৈ
নিজান = নিৰ্জন; কোনো ধৰণৰ হাই-উৰুমি নথকা
অমূল্য = অতি মূল্যবান; যাক কোনো মূল্যৰ কিনিব নোৱাৰে
দক্ষ = পাৰ্গত
উঁহ = উৎস
সৌন্দৰ্যপিপাসু = সৌন্দৰ্য বিচাৰি ফুৰা লোক; সুন্দৰ সাধক
সযতনে = অতি যত্নৰে
[ ১] প্ৰথমে কোঁৱা, তাৰ পাছত লিখাঁঃ
ক) অনন্য়ই পঢ়া কিতাপখনৰ নাম কি আছিল?
উত্তৰঃ অনন্যাই পঢ়া কিতাপখনৰ নাম ”কমলা কুৱৰী সাধু”
খ) শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ পুখুৰীক কিয় সাগৰ বুলি কোৱা হয়?
উত্তৰঃ সাধাৰণ পুখুৰী তুলনাত শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ আদি পুখুৰী কেইটা বহুত ডাঙৰ। সেই কাৰণে এই পুখুৰী কেইটাক সাগৰ বুলি কোৱা হয়।
গ) শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰঃ শিৱসাগৰ পুখুৰী অম্বিকা দেৱীয়ে খন্দাইছিল।
ঘ) জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰঃ জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিল।
ঙ) শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰীৰ নাম লিখাঁ।
উত্তৰঃ শিৱসাগৰ আৰু জয়সাগৰ পুখুৰী দৰে শিৱসাগৰত থকা আনকেইটানাম পুখুৰী নাম হল- গৌৰীসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, ন-পুখুৰী, পুৰণি পুখুৰী, ৰাজমাও পুখুৰী, লিগিৰী পুখুৰী আদি।
চ) শিৱসাগৰ, জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখাঁ।
উত্তৰঃ এই পুখুৰী কেইটা সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ উঁহ ফুটুৱাই খন্দা হৈছিল।
ছ) পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ কি আছিল?
উত্তৰঃ পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱা কাৰণ হৈছে- জনসাধাৰণৰ যাতে পানীৰ অভাৱ নহয়, খেতি পথাৰত দিবলৈ খান্দিছিল।
জ) অতীতৰ বিশাল পুখুৰীবোৰত মাছ-কাছ জিওৱা, লগতে ভেঁট, পদুম ৰোওৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ সেইবোৰ দেখি তেওলোকে মনত আনন্দ পাইছিল। সেই কাৰণে অতীতৰ বিশাল পুখুৰীবোৰত মাছ-কাছ জিওৱা লগতে ভেঁট-পদুম ৰোওৱাৰ হৈছিল।
ঝ) অসমৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখাঁ।
উত্তৰঃঅসমৰ গাঁৱলীয়া সমাজত পুখুৰী নহলে নচলে। খোৱা পানী টুপিৰ বাবে, মাছ-পুঠি এটি জীয়াবৰ বাবে, পাৰতে কাপোৰকেইটা থুকুছা মাৰি দিবৰ বাবে, গাটো তিয়াবৰ বাবে পানীটুপী ঘৰৰ পুখুৰী পৰাই পোৱা যায়।
ঞ) ‘কমলা’ কুঁৱৰীৰ সাধু’টো শিক্ষকক সুধি জানি লৈ নিজৰ ভাষাৰে লিখাঁ।
[২] বাক্য সাজাঁঃ
আমন-জিমন- সৌ লৰাটো আমন-জিমনকৈ বহি আছে।
উপৰিপুৰুষ- সমাজত প্ৰচলিত ৰীতি-লীতি সমূহ উপৰিপুৰুষৰ দিনৰ পৰাই চলি আহিছে।
যুগমীয়া-
সম্পদ-পুৰণি কীৰ্তি চিহ্ন সমূহ আমাৰ কাৰণে আপুৰুগীয়া সম্পদ।
জলসিঞ্চন- পুৰণি দিনত আজিৰ দৰে জলসিঞ্চন ব্যৱস্থা নাছিল।
[ ৩] পাঠটোৰপৰা যুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখাঁ।
Type: Nayan Moni Deka
Post ID : DABP005942
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post