আমাৰ ভৌগোলিক পৰিৱেশ
১। নৈ বা নদী কাক বোলে?
উত্তৰঃ কোনো পৰ্বত, হ্ৰদ বা হিমবাহৰ পৰা উৎপত্তি হৈ বহু ঠাইৰ মাজেদি বৈ গৈ সাগৰ, মহাসাগৰ বা বৃহৎ জলাশয়ত মিলি যোৱা পানীৰ ধাৰাক নৈ বা নদী বুলি কোৱা হয়।
২। নদী আৰু উপ-নদীৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ
নদী সাধাৰণতে দীঘল পথ অতিক্ৰম কৰি সাগৰ বা মহাসাগৰত পৰে।
আনহাতে উপ-নদী হৈছে সৰু নদী, যি গৈ মূল নদীত মিলিত হয়।
৩। হ্ৰদ আৰু দ্বীপৰ মাজৰ প্ৰধান পাৰ্থক্যটো কি?
উত্তৰঃ
হ্ৰদ হৈছে চাৰিওফালে মাটিৰে বেৰি থকা পানীৰ বৃহৎ ভাণ্ডাৰ।
আনহাতে দ্বীপ হৈছে চাৰিওফালে পানীৰে বেৰি থকা স্থলভাগ।
৪। মালভূমি আৰু উপত্যকা একেনে? যদি নহয় কিয়?
উত্তৰঃ মালভূমি আৰু উপত্যকা একে নহয়।
মালভূমি হৈছে ওখ ঠাইত অৱস্থিত বহু দূৰ বিয়পি থকা সমান বা অলপ অসমান ভূমিভাগ।
আনহাতে উপত্যকা হৈছে দুটা পৰ্বত বা পাহাৰৰ মাজত অৱস্থিত তুলনামূলকভাৱে সমান আৰু আহল-বহল ঠাই।
৫। সজাই লিখা
(ক) বৃহত্তম মৰুভূমি – চাহাৰা মৰুভূমি
(খ) উচ্চতম পৰ্বত – হিমালয়
(গ) গভীৰতম হ্ৰদ – বৈকাল হ্ৰদ
(ঘ) দীৰ্ঘতম নদী – নীল নদী
(ঙ) বৃহত্তম দ্বীপ – গ্ৰীণলেণ্ড
৬। সূত্ৰ বা সংজ্ঞা লিখি উদাহৰণ দিয়া
পাহাৰঃ পৰ্বততকৈ চাপৰ, শিলাময় আৰু গছ-গছনিৰে আৱৃত অসমান ভূ-খণ্ডক পাহাৰ বোলে।
উদাহৰণ – নীলাচল পাহাৰ, চৰাইদেউ পাহাৰ আদি।
পৰ্বতঃ অতি ওখ, শিলাময় আৰু বহুদূৰ বিয়পি থকা ভূ-খণ্ডক পৰ্বত বোলে।
উদাহৰণ – হিমালয়, বিন্ধ্য, আৰাৱলী আদি।
টিলাঃ পাহাৰতকৈ সৰু আৰু চাপৰ অসমান ভূ-খণ্ডক টিলা বোলে।
উদাহৰণ – টিক্ৰি কিল্লা।
দ্বীপঃ চাৰিওফালে পানীয়ে ঘেৰি থকা স্থলভাগক দ্বীপ বোলে।
উদাহৰণ – গ্ৰীণলেণ্ড।
হ্ৰদঃ স্বাভাৱিকভাৱে গঠন হোৱা আৰু চাৰিওফালে মাটিৰে বেৰি থকা পানীৰ ভাণ্ডাৰক হ্ৰদ বোলে।
উদাহৰণ – বৈকাল হ্ৰদ।
মোহনাঃ নদী গৈ সাগৰ বা মহাসাগৰত যি ঠাইত মিলিত হয় তাক নদীৰ মোহনা বোলে।
উদাহৰণ – গঙ্গা–ব্ৰহ্মপুত্ৰ মোহনা।
আগ্নেয়গিৰিঃ যি পৰ্বতৰ মুখেদি ধোঁৱা, ছাই আৰু উত্তপ্ত লাভা নিৰ্গত হয় তাক আগ্নেয়গিৰি বোলে।
উদাহৰণ – মাউন্ট ভেচুভিয়াছ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post