HS 1st Year Environment Chapter 1 Assamese Medium Question Answer 2026 | AHSEC Class 11 Environmental Studies Solution 2025 | পৰিৱেশৰ মৌলিক ধাৰণা

পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা

প্ৰশ্নাৱলী আৰু উত্তৰ

১। পৰিৱেশ কি?
উত্তৰঃ পৰিৱেশ মানে আমাৰ চাৰিওফালৰ সকলো অৱস্থা আৰু উপাদানসমূহ। পৃথিৱীত থকা জৈৱ (প্ৰাণী, উদ্ভিদ, মানুহ) আৰু অজৈৱ (বায়ু, পানী, মাটি, তাপ, শক্তি) সকলো মিলি পৰিৱেশ গঠন কৰে। অৰ্থাৎ জীৱ আৰু অজীৱ উপাদানসমূহৰ পাৰস্পৰিক সম্পৰ্কই হ’ল পৰিৱেশ।

২। পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ হৈছে—

১) অজৈৱিক উপাদান
২) জৈৱিক উপাদান
৩) শক্তি উপাদান

অজৈৱিক (ভৌতিক) উপাদান তিনিটা ভাগত বিভক্ত—

ভূমণ্ডল (কঠিন অংশ)

জলমণ্ডল (তৰল অংশ)

বায়ুমণ্ডল (গেছীয় অংশ)

জৈৱিক উপাদানঃ মানুহ, উদ্ভিদ আৰু প্ৰাণীকূল।

শক্তি উপাদানঃ সৌৰশক্তি, ভূতাপ শক্তি, জলবিদ্যুৎ শক্তি, পাৰমাণৱিক শক্তি আদি।

৩। পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ মুখ্য অংশ চাৰিটা হৈছে—
১) বায়ুমণ্ডল (Atmosphere)
২) জলমণ্ডল (Hydrosphere)
৩) ভূমণ্ডল (Lithosphere)
৪) জীৱমণ্ডল (Biosphere)

৪। বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ প্ৰধান উপাদানঃ

নাইট্ৰ’জেন (N₂) – 78.09%

অক্সিজেন (O₂) – 20.94%

লঘু উপাদানঃ

আৰ্গন (Ar)

কাৰ্বন ডাই অক্সাইড (CO₂)

অতি কম পৰিমাণৰ গেছসমূহঃ নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্ৰিপটন, নাইট্ৰাছ অক্সাইড, জেনন, হাইড্ৰ’জেন, ছালফাৰ ডাই অক্সাইড, অজ’ন, এম’নিয়া, কাৰ্বন মন’ক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আদি।

৫। ষ্ট্ৰেট’স্ফিয়াৰত থকা অজ’ন স্তৰৰ ভূমিকা কি?

উত্তৰঃ অজ’ন গেছ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত অৱস্থিত। এই অজ’ন স্তৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ ক্ষতিকাৰক বিকিৰণ শোষণ কৰি পৃথিৱীৰ জীৱজগতক সুৰক্ষা প্ৰদান কৰে। সেয়ে ই জীৱৰ বাবে এক প্ৰাকৃতিক ৰক্ষা কৱচ হিচাপে কাম কৰে।

৬। পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজিছা?

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষা ব্যৱস্থা যাৰ দ্বাৰা মানুহে পৰিৱেশৰ উপাদানসমূহ, সমস্যা আৰু সংৰক্ষণৰ উপায়সমূহৰ বিষয়ে জ্ঞান লাভ কৰে। ইয়াৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশৰ প্ৰতি সচেতন আৰু দায়িত্বশীল কৰি তোলা।

৭। পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ কি কি?

উত্তৰঃ ১) পৰিৱেশ আৰু ইয়াৰ সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি।
২) পৰিৱেশ বিষয়ক জ্ঞান আৰু উপলব্ধি বৃদ্ধি।
৩) পৰিৱেশ সুৰক্ষাৰ প্ৰতি ইতিবাচক মনোভাব গঠন।
৪) সমস্যা চিনাক্ত আৰু সমাধান কৰাৰ দক্ষতা বৃদ্ধি।
৫) পৰিৱেশ সুৰক্ষাৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ।

৮। পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কক গুৰুত্ব দিয়া।

সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা।

প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি নিৰন্তৰ শিক্ষা প্ৰদান।

স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্ৰহণ।

বৰ্তমান আৰু ভৱিষ্যৎ পৰিস্থিতিৰ মূল্যায়ন।

সমস্যা সৃষ্টিৰ কাৰণ চিনাক্ত কৰা।

সমাধানৰ বাবে সহযোগিতা আৰু দায়িত্ববোধ গঢ়ি তোলা।

৯। পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ শিক্ষা এক বহুমুখী বিষয়। ইয়াৰ সৈতে উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, অনুজীৱ তত্ত্ব, জিন তত্ত্ব, জৈৱ ৰসায়ন বিদ্যা, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি বিষয় জড়িত।

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অভিযান্ত্ৰিক বিদ্যা, সেউজ ৰসায়ন, সমাজ তত্ত্ব, অৰ্থনীতি, শিক্ষা, দৰ্শন আৰু আইনো গুৰুত্বপূৰ্ণ। সেয়ে পৰিৱেশ শিক্ষাই বহু বিষয়ৰ সমন্বয় ঘটায়।

১০। আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে?

উত্তৰঃ বৰ্তমান সময়ত পৰিৱেশ অৱক্ষয়, প্ৰদূষণ, বন ধ্বংস, জনসংখ্যা বিস্ফোৰণ, নগৰীকৰণ, ঔদ্যোগীকৰণ আদি সমস্যাই পৰিৱেশত ভাৰসাম্যহীনতা সৃষ্টি কৰিছে।

এই সমস্যাসমূহ সমাধানৰ বাবে জনসাধাৰণৰ সজাগতা অত্যন্ত প্ৰয়োজন। মানুহে যদি পৰিৱেশৰ মূল্য বুজি সংৰক্ষণত অংশ লয়, তেনেহ’লে বহু সমস্যা সমাধান কৰিব পাৰি।

পৰিৱেশ ৰক্ষা কৰাটো আমাৰ নৈতিক দায়িত্ব, কিয়নো আমি নিজেই পৰিৱেশৰ এক অংশ। আজিৰ সঠিক পদক্ষেপেই ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত জীৱন প্ৰদান কৰিব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top