SEBA Class 10 Science Chapter 10 Answer 2026 | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ । Chapter 10 | Class 10 General Science Question and Answer | Class 10 General Science Suggestion and Notes Assam | Class 10 General Science SEBA Question and Answer Assam | দ্বাদশ শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ

  1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
    উত্তৰঃ- অৱতল দাপোণৰ প্ৰধান অক্ষৰ সমান্তৰালকৈ আপাতিত পোহৰ ৰশ্মি দাপোনখনৰ পৰা প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত অভিসাৰী হয়, সেই বিন্দুকে অৱতল দাপোনৰ মুখ্য ফ’কাছ বোলে।

চিত্ৰঃ অৱতল দাপোণৰ মুখ্য ফ’কাছ

  1. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান?
  2. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।
    উত্তৰঃ- অৱতল দাপোন।
  3. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?
    উত্তৰঃ- উত্তল দাপোণে লক্ষ্যবস্তুৰ যিকোনো অৱস্থানৰ বাবে সদায় অসৎ, সৰু আৰু যথাযথ প্ৰতিবিম্ব গঠন কৰে। গতিকে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয়।

প্ৰশ্নাৱলীঃ

  1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।
  2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি? প্ৰতিবিম্বৰ দূৰত্ব হ’ব দাপোণৰ পৰা সন্মুখত 30 cm আঁতৰত।

প্ৰশ্নাৱলীঃ

  1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয়?
    উত্তৰঃ- পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ আহিব। কাৰণ পানী হ’ল ঘন মাধ্যম আৰু বায়ু লঘু মাধ্যম। গতিকে পোহৰৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰিলে ই উলম্বৰ ফালে আহিব।
  2. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।
    উত্তৰঃ- সৰ্বোচ্চ আলোকী ঘনত্বঃ বায়ু – > প্ৰতিসৰণাংক মাধ্যম, 2.42 ।
    কম আলোকী ঘনত্বঃ বায়ু – > প্ৰতিসৰণাংক মাধ্যম, 1.0003 ।
  3. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।
    উত্তৰঃ- কেৰাচিনৰ প্ৰতিসৰণাংক = 1.44
    টাৰপেনটাইনৰ প্ৰতিসৰণাংক = 1.47
    পানীৰ প্ৰতিসৰণাংক = 1.33
    আমি জানো যে, কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ বেগ বেছি হয়। গতিকে, পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ।
  4. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি?
    উত্তৰঃ- আমি জানো যে,

অৰ্থাৎ, এই উক্তিৰ অৰ্থ হ’ল যে বায়ুত হীৰাৰ পোহৰৰ দ্ৰুতি কম হ’ব।

প্ৰশ্নাৱলীঃ

  1. লেন্ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
    উত্তৰঃ- 1m ফ’কাছ (f) দৈৰ্ঘ্যবিশিষ্ট লেন্ছৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলে।
  2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা। আমি জানো যে,
  3. 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।
    উত্তৰঃ- দিয়া আছে,

অনুশীলনীঃ

  1. তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
    (a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)
    উত্তৰঃ- (d) মৃত্তিকা (clay)।
  2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
    (a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
    (b) ভাঁজ কেন্দ্ৰত
    (c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
    (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
    উত্তৰঃ- (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
  3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?
    (a) লেন্ছৰ মুখ্য ফ’কাছত
    (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
    (c) অসীমত
    (d) লেন্ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
    উত্তৰঃ- (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।
  4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্ছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে?
    (a) দুয়োখন অবতল
    (b) দুয়োখন উত্তল
    (c) দাপোণখন অৱতল লেন্ছখন উত্তল
    (d) দাপোণখন উত্তল লেন্ছখন অৱতল।
    উত্তৰঃ- (d) দাপোণখন উত্তল লেন্ছখন অৱতল।
  5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
    (a) সমতল (b) অৱতল (c) উত্তল (d) হয় সমতল নতুবা উত্তল।
    উত্তৰঃ- (c) উত্তল।
  6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
    (a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
    (b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
    (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
    (d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
    উত্তৰঃ- (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ।
  7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা।
    উত্তৰঃ- ফ’কাছ দৈৰ্ঘ্য = 50 cm
    ∴ 50 cm তকৈ কম দূৰত্বত বস্তুটো দাপোনৰ পৰা অৱস্থিত। লক্ষ্যবস্তুটো দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু মেৰুৰ মাজত অৱস্থিত।
    প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ বিৱৰ্ধিত হ’ব।
    ৰশ্মিচিত্ৰঃ
  8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা 一
    (a) গাড়ীৰ হেডলাইট
    উত্তৰঃ- অৱতল দাপোণ ব্যৱহাৰ কৰা হয়।
    (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
    উত্তৰঃ- উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।
    (c) সৌৰ ভাঁতী।
    উত্তৰঃ- সৌৰ ভাঁতীত প্ৰতিফলক হিচাপে অৱতল দাপোণ ব্যৱহৃত হয়।
  9. উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে?
    উত্তৰঃ- এখন উত্তল লেন্ছৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। তেতিয়া এই লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন নকৰে। বাকী অংশ এটাইহে বস্তুৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে।
    কলা কাগজেৰে ঢাকি দিলে, প্ৰতিবিম্বৰ উজ্জ্বলতা হ্ৰাস পাই আহে।
  10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
    উত্তৰঃ- ৰশ্মিচিত্ৰঃ ৰশ্মিচিত্ৰই আমাক লেন্ছে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰাত সহায় কৰে।
  11. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লে্নছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা। ৰশ্মিচিত্ৰঃ
  12. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
    উত্তৰঃ-

∴ প্ৰতিবিম্ব সৎ আৰু দাপোণৰ পিছফালে 6 cm দূৰত্বত অৱস্থিত।

  1. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?
    উত্তৰঃ- m = +1
    বিৱৰ্ধনৰ ‘+’ চিনে অসৎ প্ৰতিবিম্ব সূচিত কৰে।
  2. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

∴ প্ৰতিবিম্ব অসৎ, থিয় আৰু দাপোণৰ পিছফালে অৱস্থিত।

  1. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
    উত্তৰঃ- ইয়াত, u = – 27cm , f = -18 cm

∴ প্ৰতিবিম্ব সৎ, ওলোটা আৰু পৰিৱৰ্ধিত হ’ব।

  1. -2.0 D ক্ষমতাৰ লেন্ছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেন্ছখনৰ প্ৰকৃতি কেনেকুৱা?
  2. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5D। লেন্ছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এই লেন্ছখন অভিসাৰী নে অপসাৰী?
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top