SCERT Class 7 English Chapter 2 Solution Assamese Medium | Assam Borad Class VII English Lesson 2 “A Memorable Semester Break” Answer | New Update 2026 | |

A MEMORABLE SEMESTER BREAK

Chapter-2

1.(i) Name the state these pictures are from. (এই ছবিবোৰ যিখন ৰাজ্যৰ, সেই ৰাজ্যৰ নাম লিখা।)

Ans. Assam. (অসম)

(ii) Are you familiar with any of the places shown in the picture? Name them. (ছবিত দেখুওৱা কোনো ঠাইৰ লগত তুমি পৰিচিতনে? সেইবোৰৰ নাম লিখা।) Ans. I am familiar with the Rong Ghar and the Kamakhya Temple that are shown in the picture. These are two well-known places of Assam. (ছবিখনত দেখুওৱা ৰংঘৰ আৰু কামাখ্যা মন্দিৰৰ সৈতে মই পৰিচিত। এই দুয়োটা অসমৰ সুপৰিচিত ঠাই।)

(iii) Name a few dances of the state. (ৰাজ্যখনৰ কেইটামান নৃত্যৰ নাম লিখা।)Ans. A few famous dances of the state are Sattriya dance and Bihu dance. (ৰাজ্যখনৰ কেইটামান জনপ্ৰিয় নৃত্য হ’ল সত্রীয়া নৃত্য আৰু বিহুনাচ।)

ACTIVITIES

Q.1. Read the following words. The letters ‘t’, ‘l’, and ‘s’ in the words are silent. (তলৰ শব্দবোৰ পঢ়া। শব্দবোৰত বৰ্ণ ‘t’, ‘I’ আৰু ‘s’ উহ্য হৈ আছে।)

bouquet                          folk                                          Island

Now, find more silent letter words in the lesson and write them down in your notebook. (এতিয়া, পাঠটোৰ পৰা আৰু অধিক উহ্য আখৰযুক্ত শব্দ বিচাৰি উলিয়াই তোমাৰ বহীত লিখা।)

Ans. calmness, cruise, lodge, walked

Q.2 (a). Let’s check how much we have understood: (আমি কিমান বুজিলো চাওঁ আহা)

Choose the correct option: (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

(i) Where are Diya and Shruti studying? (দিয়া আৰু শ্রুতিয়ে ক’ত অধ্যয়ন কৰি আছে?)

(a) Indian Institute of Technology (IIT), Kerala

(b) Indian Institute of Technology (IIT), Kharagpur 

(c) Indian Institute of Technology(IIT), Guwahati

(d) Indian Institute of Technology (IIT), Delhi

Ans. (d)

(ii) What attracted Diya the most when she visited the famous Kamakhya Temple? (বিখ্যাত কামাখ্যা মন্দিৰ দৰ্শন কৰোঁতে দিয়াক কিহে আটাইতকৈ বেছি আকৰ্ষিত কৰিছিল?)

(a) the soft breeze in the hilltop

(b) the sunset view from the hilltop

(c) the calmness of the sacred hilltop

(d) the live folk dance in the hilltop

Ans. (c)

(iii) What did they learn in Jorhat? (যোৰহাটত তেওঁলোকে কি শিকিছিল?)

(a) cooking

(b) tea cultivation

(c) driving

(d) singing folk music

Ans. (b)

(iv) Who said “This land has so much memory,” and what does ‘this land’ refer to? (“এই ঠাই টুকুৰাৰ লগত ইমান বেছি স্মৃতি জড়িত হৈ আছে।” এই কথাষাৰ কোনে কৈছিল আৰু “এই ঠাই টুকুৰা”ই কাক সূচাইছে?)

(a) Shruti’s father said so, and the term refers to Jorhat.

(b) Shruti said so, and the term refers to Charaideo.

(c) Diya said so, and the term refers to the Charaideo Maidams.

(d) Shruti said so, and the term refers to Kaziranga.

Ans. (c) 

Q.2 (b). Write down the answers to the following questions: (তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা)

(i) When and why did Diya plan to visit Assam?
(কেতিয়া আৰু কিয় দিয়াই অসম ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল?)
Ans. 
Diya planned to visit Assam during her semester break because she had never visited the Northeast before and wanted to explore the beauty and culture of Assam. (দিয়াই ষাণ্মাসিক বিৰতিৰ সময়ত অসম ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল, কাৰণ তেওঁ আগতে কেতিয়াও উত্তৰ-পূব ভাৰতলৈ অহা নাছিল আৰু অসমৰ সৌন্দৰ্য আৰু সংস্কৃতি অন্বেষণ কৰিব বিচাৰিছিল।)

(ii) How did Shruti’s family make Diya feel at home? (শ্রুতিৰ পৰিয়ালে দিয়াক কেনেদৰে নিজৰ ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল?)
Ans.
 Shruti’s parents made Diya feel at home by warmly welcoming her with hugs and a bouquet of flowers. They took great care of her and also showed her many beautiful places of Assam. (শ্রুতিৰ মাক-দেউতাকে দিয়াক আঁকোৱালি ধৰি আৰু ফুলৰ থোপাৰে আন্তৰিক আদৰণি জনাই নিজৰ ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। তেওঁলোকে দিয়াৰ বহুত যত্ন লৈছিল আৰু অসমৰ বহু ধুনীয়া ঠাইও দেখুৱাইছিল।)

(iii) What made Diya say, “This doesn’t feel like a real city”? (কিহে দিয়াক এনেদৰে কোৱাইছিল, “এইখন এখন সঁচা চহৰৰ দৰে অনুভৱ নহয়”?)
Ans.
 The breathtaking beauty and peaceful environment of Guwahati made Diya say that it did not feel like a real city. (গুৱাহাটীৰ মনোমোহা সৌন্দৰ্য আৰু শান্ত পৰিৱেশে দিয়াক এনেদৰে ক’বলৈ বাধ্য কৰিছিল যে এইখন এখন সঁচা চহৰৰ দৰে অনুভৱ নহয়।)

(iv) What animals did they see during the jeep safari? (জীপ চাফাৰিৰ সময়ত তেওঁলোকে কি কি প্রাণী দেখিছিল?)
Ans
. During the jeep safari, they saw animals like rhinos, wild boars, swamp deer and elephants. (জীপ চাফাৰিৰ সময়ত তেওঁলোকে গড়, বনৰীয়া গাহৰি, দল হৰিণা আৰু হাতী আদি প্রাণী দেখিছিল।)

(v) What does the sentence “Assam had shifted from a place on a map to a place in her heart” mean?
(“অসমে মানচিত্ৰৰ এঠাইৰ পৰা তেওঁৰ হৃদয়ৰ এঠাইলৈ স্থানান্তৰিত হৈছিল” বাক্যষাৰিয়ে কি বুজায়?)
Ans. 
This sentence means that at first Assam was just a place on the map for Diya. But after visiting and exploring the beautiful places of Assam, she developed a deep love for the state and Assam became very special to her. (এই বাক্যষাৰিয়ে বুজাইছে যে আৰম্ভণিতে অসম দিয়াৰ বাবে কেৱল মানচিত্ৰৰ এখন ঠাইহে আছিল। কিন্তু অসমৰ সুন্দৰ ঠাইসমূহ ভ্ৰমণ আৰু অন্বেষণ কৰাৰ পিছত, তেওঁৰ মনত ৰাজ্যখনৰ প্ৰতি গভীৰ ভালপোৱা জন্মিছিল আৰু অসম তেওঁৰ বাবে অতি বিশেষ হৈ পৰিছিল।)

Q.2 (c) . Discuss and write: (আলোচনা কৰা আৰু লিখা)

(i) What does the lesson tell us about the cultural heritage of Assam? (অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে পাঠটোৱে আমাক কি কয়?)
Ans.
 The lesson tells us about the rich and colourful cultural heritage of Assam. It highlights different aspects of Assamese culture such as folk music, the Jhumur dance of the tea tribes, traditional ethnic foods and the famous maidams of Charaideo. (পাঠটোৱে অসমৰ সমৃদ্ধিশালী আৰু বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে আমাক জনায়। ইয়াত অসমৰ লোক সংগীত, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰ আৰু চৰাইদেউৰ বিখ্যাত মৈদামসমূহৰ দৰে অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰা হৈছে।)

(ii) Diya had experienced the tea gardens, the river Brahmaputra, the Kamakhya temple, the Kaziranga, Jhumur dance, and Charaideo. If Diya were to visit Assam again, what new experience or place would you suggest her to explore? (দিয়াই চাহ বাগিচা, ব্রহ্মপুত্র নদী, কামাখ্যা মন্দিৰ, কাজিৰঙা, ঝুমুৰ নৃত্য আৰু চৰাইদেউৰ অভিজ্ঞতা লৈছিল। যদি দিয়াই পুনৰ অসম ভ্ৰমণ কৰে, তেন্তে আৰু কি নতুন অভিজ্ঞতা বা ঠাই অন্বেষণ কৰিবলৈ তুমি তেওঁক পৰামৰ্শ আগবঢ়াবা?)
Ans. 
I would suggest Diya to visit places like Rong Ghar, Talatal Ghar and Shiva Dol in Sivasagar, as well as Kareng Ghar in Garhgaon. I would also advise her to explore Majuli, the famous river island, so that she can experience the unique Vaishnavite culture of Assam. (মই দিয়াক শিৱসাগৰত থকা ৰংঘৰ, তলাতল ঘৰ আৰু শিৱ দ’লৰ লগতে গড়গাঁৱৰ কাৰেং ঘৰ ভ্ৰমণ কৰাৰ পৰামৰ্শ দিম। লগতে অসমৰ বিখ্যাত নদীদ্বীপ মাজুলী ভ্ৰমণ কৰিবলৈও ক’ম, যাতে তেওঁ তাত প্ৰচলিত বৈষ্ণৱ সংস্কৃতিৰ বিশেষ অভিজ্ঞতা লাভ কৰিব পাৰে।)

(iii) Which part of the trip did you find most exciting? Why? (ভ্ৰমণৰ কোনটো অংশ তুমি আটাইতকৈ ৰোমাঞ্চকৰ পাইছা? কিয়?)
Ans.
 I found the journey to Kaziranga National Park the most exciting because the scenery gradually changed from the busy city to peaceful countryside and finally to the dense green forest. This beautiful change in the landscape made the trip very enjoyable and thrilling. (মোৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা যাত্ৰাখিনি আটাইতকৈ বেছি ৰোমাঞ্চকৰ আছিল, কাৰণ নৈসর্গিক দৃশ্যবোৰ ধীৰে ধীৰে ব্যস্ত চহৰৰ পৰা শান্ত গ্ৰামাঞ্চললৈ আৰু শেষত ঘন সেউজীয়া অৰণ্যলৈ পৰিৱৰ্তিত হৈছিল। এই সুন্দৰ দৃশ্যপটৰ পৰিৱৰ্তনে ভ্ৰমণটোক অধিক আনন্দদায়ক আৰু ৰোমাঞ্চকৰ কৰি তুলিছিল।)

(iv) After listening to the stories of Siu-ka-pha at Charaideo, what might Diya be interested to know more about? (চৰাইদেউত চ্যুকাফাৰ কাহিনী শুনাৰ পাছত, দিয়াই কিহৰ বিষয়ে আৰু অধিক জানিবলৈ আগ্রহী হ’ব পাৰে?)
Ans.
 After listening to the stories of Siu-ka-pha at Charaideo, Diya might become interested in learning more about the history and achievements of the other Ahom kings who ruled Assam after him.
(চৰাইদেউত চ্যুকাফাৰ কাহিনী শুনাৰ পাছত, তেওঁৰ পিছত অসম শাসন কৰা আন আন আহোম ৰজাসকলৰ ইতিহাস আৰু কৃতিত্বৰ বিষয়ে আৰু অধিক জানিবলৈ দিয়া আগ্রহী হ’ব পাৰে।)

Q.4. Read the following extracts from the lesson and answer the questions: (পাঠটোৰ পৰা উদ্ধৃত কৰা তলৰ অংশবোৰ পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ কৰাঃ)

(a) “Leaving behind the Brahmaputra glittering in the distance, their flight landed in Guwahati.” (“দূৰত জিলিকি থকা ব্রহ্মপুত্রখন পিছফালে এৰি তেওঁলোকৰ বিমানখনে গুৱাহাটীত অৱতৰণ কৰিছিল”।)

(i) After her flight landed in Guwahati, what did Diya expect? (তেওঁৰ বিমানখনে গুৱাহাটীত অৱতৰণ কৰাৰ পাছত, দিয়াই কি আশা কৰিছিল?)Ans. After landing in Guwahati, Diya expected to experience warm and humid weather along with greenery all around her. (গুৱাহাটীত অৱতৰণ কৰাৰ পাছত, দিয়াই চাৰিওফালে সেউজীয়াৰে ভৰা এক উষ্ণ আৰু আৰ্দ্ৰ বতৰ অনুভৱ কৰাৰ আশা কৰিছিল।)

(ii) What was Diya’s first impression after meeting Shruti’s parents at the airport? (বিমানবন্দৰত শ্রুতিৰ মাক-দেউতাকক লগ পোৱাৰ পাছত দিয়াৰ প্রথম ধাৰণা কেনেকুৱা আছিল?)
Ans. 
After meeting Shruti’s parents at the airport, Diya felt that they were very kind, humble and caring people. (বিমানবন্দৰত শ্রুতিৰ মাক-দেউতাকক লগ পোৱাৰ পাছত, দিয়াৰ এনে অনুভৱ হৈছিল যে তেওঁলোক দুয়োগৰাকী অতি নম্ৰ, মৰমিয়াল আৰু যত্নশীল ব্যক্তি আছিল।)

(b) “Next day, at dawn, they set off on an elephant safari. The forest was quiet and covered with mist. The silence of the forest was magical.” (“পিছদিনা নিচেই পুৱাতে, তেওঁলোকে হাতী চাফাৰি আৰম্ভ কৰিছিল। অৰণ্যখন নির্জন আছিল আৰু পাতল কুঁৱলীৰে আৱৰা আছিল। অৰণ্যখনৰ নিৰ্জনতা যাদুকৰী আছিল।”)

(i) What did they expect during the elephant safari? (হাতী চাফাৰিৰ সময়ত তেওঁলোকে কি আশা কৰিছিল?)
Ans. 
During the elephant safari, they expected to spot and observe different kinds of wild animals in the forest. (হাতী চাফাৰিৰ সময়ত তেওঁলোকে অৰণ্যত বিভিন্ন ধৰণৰ বন্যপ্রাণী দেখা আৰু পৰ্যবেক্ষণ কৰাৰ আশা কৰিছিল।)

(ii) In what way do you think the elephant safari differs from the jeep safari? (জীপ চাফাৰিৰ তুলনাত হাতী চাফাৰি কি ক্ষেত্ৰত পৃথক বুলি তুমি ভাবা?)
Ans.
 Elephant safari gives visitors a chance to see wild animals from a closer distance because animals usually do not attack elephants. Moreover, elephants can move easily through dense grasslands and marshy areas where jeeps cannot go. (হাতী চাফাৰিয়ে বন্যপ্রাণীসমূহক অধিক ওচৰৰ পৰা চাবলৈ সুবিধা দিয়ে, কাৰণ অধিকাংশ প্রাণীয়ে হাতীক আক্ৰমণ নকৰে। তদুপৰি, হাতীয়ে ডাঠ ঘাঁহনি আৰু আৰ্দ্ৰভূমিৰ মাজেৰেও সহজে চলাচল কৰিব পাৰে, য’ত জীপ যাব নোৱাৰে।)

Q.5. Read each pair of statements given below. The first is an Assertion(A) and the second is a Reason(R). Decide if they are true or false. If the reason explains the assertionm correctly, then choose the correct option from the choices given below: (তলত দিয়া প্রতিটো উক্তিৰ যোৰ পঢ়া। প্ৰথমটো হ’ল এক নিশ্চয়োক্তি (A) আৰু দ্বিতীয়টো হ’ল কাৰণ (R)। সিহঁত সত্য নে অসত্য নিৰ্ণয় কৰা। কাৰণটোৱে যদি নিশ্চয়োক্তিক শুদ্ধভাৱে ব্যাখ্যা কৰে, তেন্তে তলত দিয়া পছন্দবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা)

(a) Assertion (A): The travelogue mentions local food items of the region. নিশ্চয়োক্তি (A): ভ্রমণ বৃত্তান্তত এখন ঠাইৰ থলুৱা খাদ্য সামগ্ৰীৰ কথা উল্লেখ থাকে। 

Reason (R): Knowing about local food is important for understanding

the culture of a place. 

কাৰণ (R): এখন ঠাইৰ সংস্কৃতিক বুজিবলৈ থলুৱা খাদ্যৰ বিষয়ে জনাটো প্রয়োজনীয়।

  • A and R are both true, R is the correct explanation of A (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা)
  • A and R are both true, R is not the correct explanation of A (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা নহয়)
  • A is true, R is false (A সত্য, R অসত্য)
  • A is false, R is true (A অসত্য, R সত্য)

Ans. A and R are both true, R is the correct explanation of A (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা) 

(b) Assertion (A): They heartily relished a lunch with masor tenga, aloo pitika and sticky black rice pudding.

নিশ্চয়োক্তি (A): তেওঁলোকে মাছৰ টেঙা, আলু পিটিকা আৰু আঠালতীয়া ক’লা চাউলৰ পায়সেৰে দিনৰ আহাৰসাঁজ অন্তৰেৰে উপভোগ কৰিছিল।

Reason (R): They didn’t find the food items very tasty.

কাৰণ (R): তেওঁলোকে খাদ্য সামগ্ৰীবোৰ অতিকৈ সুস্বাদু পোৱা নাছিল।

  • A and R are both true, R is the correct explanation of A (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা)
  • A is true and R is false, R is not the correct explanation of A (A সত্য আৰু R অসত্য, R, Aৰ শুদ্ধ ব্যাখ্যা নহয়)
  • A is true, R is false (A সত্য, R অসত্য)
  • A is false, R is true (A অসত্য, R সত্য)

Ans. A is true, R is false (A সত্য, R অসত্য) 

(c) Assertion (A): They drove to Jorhat through roads surrounded by endless tea gardens.

নিশ্চয়োক্তি (A): সীমাহীন চাহ বাগিচাৰে আৱৰা পথেৰে তেওঁলোকে গাড়ীৰে যোৰহাটলৈ গৈছিল।

Reason (R): Jorhat is famous for tea cultivation.

কাৰণ (R): যোৰহাট চাহ খেতিৰ বাবে বিখ্যাত 

  • A and R are both true, R is the correct explanation of A

        (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা)

  • A is true and R is false, R is not the correct explanation of A

        (A সত্য আৰু R অসত্য, R, Aৰ শুদ্ধ ব্যাখ্যা নহয়)

  • A is true, R is false (A সত্য, R অসত্য)
  • A is false, R is true (A অসত্য, R সত্য)

Ans. A and R are both true, R is the correct explanation of A (A আৰু R দুয়োটাই সত্য, R, Aৰ শুদ্ধ ব্যাখ্যা) 

Q.8(b). Read the sentences given below. Match them and write meaningful sentences using ‘although’. Don’t forget to make the necessary changes. (তলত দিয়া বাক্যবোেৰ পঢ়া। সিহঁতক মিলোৱা আৰু ‘although’ ব্যৱহাৰ কৰি অৰ্থপূর্ণ বাক্য লিখা। প্রয়োজনীয় সলনি কৰিবলৈ নাপাহৰিবা।) 

I don’t like himShe finished her work on time
AlthoughIt was rainingI went to play outside
She was tiredHe is honest

Ans. (i) Although I don’t like him, he is honest.

(ii) Although it was raining, I went to play outside.

(iii) Although she was tired, she finished her work on time.

Now, read the sentences given below. Match them and write three meaningf sentences using ‘however’. Don’t forget to make the necessary changes. (এতিয়া, তলত দিয়া বাক্যবোৰ পঢ়া। সিহঁতক মিলোৱা আৰু ‘however’ ব্যৱহাৰ কৰি অৰ্থপূৰ্ণ বাক্য লিখা। প্রয়োজনীয় সলনি কৰিবলৈ নাপাহৰিবা।) 

The movie was niceI made some mistakes
The question paper was easyHoweverI didn’t like it.
She wasn’t feeling wellShe performed well in the dance competition

Ans. (i) The movie was nice, however, I didn’t like it.

(ii) The question paper was easy, however, I made some mistakes.

(iii) She wasn’t feeling well, however, she performed well in the dance competition. 

Q.9.(a).Choose the correct prepositions of place given in the box to complete each sentence (প্রতিটো বাক্য সম্পূর্ণ কৰিবলৈ বাকচত দিয়া শুদ্ধ স্থান সম্বন্ধীয় অব্যয়বোৰ বাছি উলিওৱা)

Under       in          above           on

(i) The keys are ____ the drawer.

(ii) The fan is ____ our heads.

(iii) The pencil is ____ the table.

(iv) The ball is ____ the sofa.

Ans. (i) in, (ii) above, (iii) on, (iv) under 

Q.9.(b).Choose the correct preposition of time given in the box to complete each sentence: (প্রতিটো বাক্য সম্পূৰ্ণ কৰিবলৈ বাকচত দিয়া শুদ্ধ সময়সম্বন্ধীয় অব্যয়বোৰ বাছি উলিওৱা). 

On     at     before     during

(i) I will meet you ______ 6 o’clock.

(ii) I read books ______ the holidays.

(iii) The movie was released ______ Friday.

(iv) She always prays _____ going to school.

Ans. (i) at, (ii) during, (iii) on, (iv) before

Q.9.(c) Now, fill in the blanks with appropriate prepositions. (এতিয়া, উপযুক্ত সম্বন্ধবাচক অব্যয়ৰে খালী ঠাই পূৰোৱা।)।

(i) The elephant safari started ______ dawn. (at/on/in)

(ii) We visited Charaideo _______ the afternoon. (at/on/in)

(iii) The flight landed ________ Monday morning (at/on/in)

(iv) The rhino was hiding ______ the tall grass. (in/behind/over)

(v) The guide stood ______ the Maidams while telling stories. (beside/over/at)

(vi) The hotel is situated ____ the airport. (on/in/near)

(vii) The storks were nesting _____ the trees. (at/on/by)

Ans. (i) at, (ii) in, (iii) on, (iv) behind, (v) beside, (vi) near, (vii) on 

Q.10.(b) Now, use the words given in the box to complete each of the hyperbolic statements: (এতিয়া, প্রতিটো অতিশয়োক্তি সম্পূর্ণ কৰিবলৈ বাকচত দিয়া শব্দবোৰ ব্যৱহাৰ কৰা)

  Fly      world          wind             million            blink

(i) I’m so happy, I may___.

(ii) Chinmoy is the nicest person in the____.

(iii) He’ll be back, before you_____.

(iv) My horse runs faster than the____.

(v) I have a question to ask you_____.

Ans. (i) fly, (ii) world, (iii) blink, (iv) wind, (v) million 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top