SCERT Class 7 English Chapter 1 Solution Assamese Medium | Assam Borad Class VII English Lesson 1 “Nature Around Us” Answer | New Update 2026 | |

NATURE AROUND US 

Chapter-1

Close your eyes for a moment and visualise a gentle breeze blowing away the leaves of a tree into the air.

Now, answer the following questions:

(এক মুহূৰ্তৰ বাবে তোমাৰ চকু দুটা মুদা আৰু কল্পনা কৰা যে এজাক মৃদু বতাহে এজোপা গছৰ পাতবিলাক বায়ুলৈ উৰুৱাই নিছে।

(এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাঃ)

1.(a) How do you feel? (তুমি কেনেকুৱা অনুভৱ কৰিছা?)
Ans. I feel very happy and relaxed. (মই বহুত সুখী আৰু শান্ত অনুভৱ কৰিছোঁ।)

(b) Where do you think the leaves go? (পাতবোৰ ক’লৈ যায় বুলি তুমি ভাবা?)
Ans. I think the leaves fly in the air and then fall on the ground. (মই ভাবো পাতবোৰ বতাহত উৰি পিছত মাটিত পৰে।)

(c) Do you hear any sound? (তুমি কোনো শব্দ শুনিছানে?)
Ans. Yes, I hear the soft sound of the wind. (হয়, মই বতাহৰ কোমল শব্দ শুনিছোঁ।)

(d) Do you think the wind and the leaves are whispering to each other? What might they have been whispering about? (তুমি ভাবানে বতাহজাক আৰু পাতবোৰে পৰস্পৰৰ লগত ফুচফুচাই কথা পাতিছে? সিহঁতে কিহৰ বিষয়ে ফুচফুচাই কথা পাতিব পাৰে?)
Ans. Yes, I think so. Perhaps the wind and the leaves were softly whispering to each other about going on a beautiful journey together.
(হয়, মই তেনেকুৱাই ভাবো। হয়তো বতাহজাক আৰু পাতবোৰে একেলগে এখন সুন্দৰ ভ্ৰমণলৈ যোৱাৰ বিষয়ে মৃদুভাৱে ফুচফুচাই কথা পাতিছিল।)

Q.2.(a) Choose the correct answer: (শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ)

(i) Which one of the following means ‘moving lightly and quickly”

(তলৰ কোনটোৱে ‘কোমলকৈ আৰু খৰকৈ গতি কৰা’ বুজায়?)

(a) dancing

(b) playing

(c) fluttering

(d) singing

Ans. (c)

(ii) What dress does the wind ask the leaves to put on? (বতাহজাকে পাতবোৰক কি পোছাক পিন্ধিবলৈ কৈছে?)

(a) dress of brown

(b) dress of red and gold

(c) dress of brown and red

(d) dress of green

Ans. (b)

(iii) How did the leaves respond to the loud call of the wind? (বতাহজাকৰ উচ্চ স্বৰত কৰা আহ্বানক পাতবোৰে কেনেদৰে সঁহাৰি জনাইছিল?)

(a) by fluttering down one by one

(b) by wearing a dress of red and gold

(c) by singing a farewell song

(d) by bidding goodbye to all

Ans. (a) 

(iv) Who heard the wind’s loud call? (বতাহৰ উচ্চ স্বৰৰ আহ্বান কোনে শুনিছিল?)

(a) the meadows

(b) the brook

(c) the leaves

(d) the cricket

Ans. (c)

Q.3.(b) Answer the following questions: (তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ)

(i) What does the wind ask the leaves to do?
(বতাহজাকে পাতবোৰক কি কৰিবলৈ কৈছে?)
Ans. 
The wind asks the leaves to come along with it over the meadows and enjoy playing together. It also tells them to put on their beautiful dresses of red and gold. (বতাহজাকে পাতবোৰক তাৰ সৈতে ঘাঁহনিৰ ওপৰেৰে আহি খেলিবলৈ কৈছে। লগতে সিহঁতক ৰঙা আৰু সোণোৱালী সুন্দৰ পোছাক পিন্ধিবলৈও কৈছে।)

(ii) Why did the wind ask the leaves to wear dress of red and gold?
(বতাহজাকে পাতবোৰক ৰঙা আৰু সোণোৱালী পোছাক কিয় পিন্ধিবলৈ কৈছিল?)
Ans. 
The wind asked the leaves to wear dresses of red and gold because summer had ended and the autumn season had arrived. (বতাহজাকে পাতবোৰক ৰঙা আৰু সোণোৱালী পোছাক পিন্ধিবলৈ কৈছিল, কাৰণ গ্রীষ্মকাল শেষ হৈ শৰৎ ঋতুৰ আগমন ঘটিছিল।)

(iii) Give the ‘movement words’ used for the leaves in the poem.
(কবিতাটোত পাতবোৰৰ বাবে ব্যৱহাৰ হোৱা ‘চলন’ শব্দবোৰ লিখা।)
Ans.
 The movement words used for the leaves in the poem are “fluttering” and “flew”. (কবিতাটোত পাতবোৰৰ বাবে ব্যৱহাৰ হোৱা চলন শব্দ দুটা হ’ল “fluttering” আৰু “flew”।)

(iv) What did the leaves do after hearing the ‘wind’s loud call’?
(বতাহৰ উচ্চ স্বৰত কৰা আহ্বান শুনি পাতবোৰে কি কৰিছিল?)
Ans. 
After hearing the loud call of the wind, the leaves came down fluttering. They flew and danced over the brown fields while singing their soft little songs. (বতাহৰ জোৰেৰে কৰা আহ্বান শুনি পাতবোৰ ফুৰফুৰাই তললৈ নামি আহিছিল। সিহঁতে বাদামী পথাৰবোৰৰ ওপৰেৰে উৰি উৰি নাচিছিল আৰু কোমল সৰু সৰু গীত গাইছিল।)

(v) What season is mentioned in the poem?
(কবিতাটোত কোনটো ঋতুৰ কথা উল্লেখ কৰা হৈছে?)
Ans. 
The season mentioned in the poem is the autumn season. (কবিতাটোত উল্লেখ কৰা ঋতুটো হৈছে শৰৎ ঋতু।)

(vi) Which line in the poem indicates the passing of summer?
(কবিতাটোৰ কোনটো শাৰীয়ে গ্রীষ্ম পাৰ হৈ যোৱাটো সূচাইছে?)
Ans. 
The line that shows the passing of summer is — “Summer is gone, and the days grow old.” (গ্রীষ্ম পাৰ হৈ যোৱাটো সূচোৱা শাৰীটো হ’ল — “Summer is gone, and the days grow old.”)

Q.4. (a) Read the following line from the poem: (কবিতাটোৰ পৰা তলৰ শাৰীটো পঢ়াঃ)

“Come, little leaves,” said the wind one day.

Here, the poet has given human qualities to the wind and the leaves and has made them human like. This is known as personification. (ইয়াত কবিয়ে বতাহ আৰু পাতবোৰক মানৱীয় গুণ দিছে আৰু সিহঁতক মানুহৰ দৰে দেখাইছে। ইয়াক পাৰচ ‘নিফিকেশন বোলা হয়।)

Now, read the poem again and write down the lines where the activities of the wind and the leaves resemble human actions:

(এতিয়া, কবিতাটো পুনৰ পঢ়া আৰু সেই শাৰীবোৰ লিখা য’ত বতাহ আৰু পাতবোৰৰ ক্রিয়াকলাপবোৰ মানুহৰ ক্ৰিয়াৰ লগত মিলে।)

Ans. Come o’er the meadows with me, and play.

Put on your dress of red and gold.

Over the brown fields they danced and flew.

Singing the soft little songs they knew. 

Q.4.(b) You have already learnt about alliteration in your previous class. There are some alliterations in the poem ‘The Wind and the Leaves’. Find them and write below: (তোমালোকে তোমালোকৰ আগৰ শ্ৰেণীত অনুপ্রাস (এলিটাৰেশ্বন)-ৰ বিষয়ে শিকিছা। ‘বতাহ আৰু পাতবোৰ’ কবিতাটোত কিছুমান অনুপ্রাস (এলিটাৰেশ্বন) আছে। সিহঁতক বিচাৰি উলিয়াই তলত লিখাঃ)(i) ________.

(ii) ________.

Ans
. (i) Singing the soft little songs.

(ii) Say you are sorry to see.

Q.6. Read the poem and write down the explanation of each stanza. The first stanza is done for you : (কবিতাটো পঢ়া আৰু প্ৰতিটো স্তৱকৰ ব্যাখ্যা লিখা। প্রথম স্তৱকটো তোমালোকৰ বাবে কৰি দিয়া হৈছে।)
Ans: 2. In the second stanza of the poem, all the leaves come down fluttering after hearing the loud call from the wind. They flow and dance over the brown fields, singing their soft little songs.

3. In the third stanza of the poem, the leaves bid farewell to their longtime friend cricket. They also ask the brook to sing its farewell song. They know that the brook is sad to part with them and it will miss them badly.

Q.7.The student visited the library and found an interesting book on the Greater Adjutant Stork.

(ছাত্ৰগৰাকীয়ে পুথিভঁৰাললৈ গ’ল আৰু গ্ৰেটাৰ এডজুটেন্ট ষ্ট’ৰ্কৰ বিষয়ে এখন মনোগ্রাহী কিতাপ পালে।) 

Here is a page from the book that the student read. Read it aloud and share what you have learnt: (ছাত্ৰগৰাকীয়ে পঢ়া কিতাপখনৰ পৃষ্ঠা এটা ইয়াত দিয়া হৈছে। ইয়াক ডাঙৰকৈ পঢ়া আৰু তুমি কি শিকিলা তাৰ ভাগ-বাটোৱাৰা কৰা।)Ans. I have learnt that the Greater Adjutant Stork is a rare and endangered bird because its number is decreasing rapidly due to many reasons. It is a large bird that is now mainly found only in Cambodia and Assam. This bird lives in wetland areas and feeds on fish, frogs, snakes and other small creatures. (মই শিকিলোঁ যে গ্রেটাৰ এডজুটেন্ট ষ্ট’ৰ্ক এবিধ দুৰ্লভ আৰু বিপদাপন্ন চৰাই, কাৰণ বিভিন্ন কাৰণত ইয়াৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। বর্তমানে এই ডাঙৰ চৰাইবিধ মূলতঃ কেৱল কম্বোডিয়া আৰু অসমত পোৱা যায়। ই আর্দ্ৰভূমি অঞ্চলত বাস কৰে আৰু মাছ, ভেকুলী, সাপ আদি খাই জীৱনধাৰণ কৰে।)

Q.8. Sit in pairs. Choose any one of the following topics and discuss with your partner. Share your opinions with others. (তোমালোক যোৰ হৈ বহা। তলৰ যিকোনো এটা বিষয় বাছি লৈ তোমাৰ সংগীৰ সৈতে আলোচনা কৰা। তোমালোকৰ মন্তব্য আনৰ সৈতে ভাগ-বাটোৱাৰা কৰা।)

Topic 1: Ways to protect the Greater Adjutant Stork from extinction. (বিষয় 1: বিলুপ্তিৰ পৰা গ্ৰেটাৰ এডজুটেন্ট ষ্ট’ৰ্কক ৰক্ষা কৰাৰ উপায়।)

Topic 2: Ways to preserve nature (বিষয় 2: প্রকৃতিক সংৰক্ষণ কৰাৰ উপায়।)

Here are some cues to present your opinions: (তোমাৰ মন্তব্য আগবঢ়োৱাৰ বাবে ইয়াত কেইটামান ইংগিত দিয়া হৈছে।)

  • I think we should save the Greater Adjutant Stork because..
  • If the Greater Adjutant Stork becomes extinct then..
  • We must spread awareness on the preservation of nature as.

Ans. I think we should protect the Greater Adjutant Stork because its population is decreasing rapidly due to many reasons. We can save this endangered bird by protecting its natural habitat, avoiding the destruction of nature, creating safe places for breeding, taking care of fallen chicks and spreading awareness about the importance of maintaining ecological balance. (মই ভাবোঁ যে আমি গ্ৰেটাৰ এডজুটেন্ট ষ্ট’ৰ্কক সুৰক্ষা দিয়া উচিত, কাৰণ বিভিন্ন কাৰণত ইয়াৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। আমি এই বিপদাপন্ন চৰাইবিধক বচাব পাৰোঁ সিহঁতৰ প্ৰাকৃতিক আৱাসস্থল সংৰক্ষণ কৰি, প্ৰকৃতি ধ্বংস নকৰি, নিৰাপদ প্ৰজননস্থল সৃষ্টি কৰি, তললৈ সৰি পৰা পোৱালিবোৰৰ যত্ন লৈ আৰু পৰিৱেশগত সত্তলন বজাই ৰখাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰি।)

Q.12. Read these words aloud : (শব্দবোৰ ডাঙৰকৈ পঢ়া)

Cinema                 clever              city                    cat
Came                    coat                 ice                     pace
Face                      care                 experience       clay

Now, in Box ‘A’, write down the words in which the letter ‘c’ is pronounced as in ‘cat’. In Box ‘B’, write down the words in which the letter ‘c’ is pronounced as in ‘Ice’, One is done for you:

(এতিয়া, বাকচ Aত সেইবোৰ শব্দ লিখা, য’ত বর্ণ c, ‘cat’, শব্দটোত হোৱাৰ দৰে উচ্চাৰিত হয়। বাকচ Bত সেইবোৰ শব্দ লিখা, য’ত বর্ণ c, ‘ice’ শব্দটোত হোৱাৰ দৰে উচ্চাৰিত হৈছে। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে।)

BoxABoxB
Care,—experience,—

Ans: 

BoxABoxB
Care,clever,cat came,coat,clayExperience,cinema,city,icepace,face

Q.14. There are some alliterations in the poem ‘A Clever Cat in the City’. Find them out and write in your notebook. (‘চহৰ এখনত এটা বুধিয়ক মেকুৰী’ নামৰ কবিতাটোত কেইটামান অনুপ্রাস (এলিটাৰেশ্বন) আছে। সিহঁতক বিচাৰি উলিয়াই তোমাৰ বহীত লিখা।)

Ans. A clever cat came, she sniffed, she stirred, delish-cious delight, the city cheered.

Q.17.(c) Read the sentences given below. Identify and write the type of adverb used in each sentence:

(তলত দিয়া বাক্যবোৰ পঢ়া। প্রত্যেক বাক্যতে ব্যৱহাৰ হোৱা ক্ৰিয়া বিশেষণৰ প্ৰকাৰবোৰ চিনাক্ত কৰি লিখাঃ)

(i) The boy practised his speech regularly.

(ii) The phone kept ringing constantly.

(iii) I have heard this story before.

(iv) I was quite sure.

(v) The people have gone out.

(vi) He responded quickly.

Ans. (i) Adverb of frequency, (ii) Adverb of frequency, (iii) Adverb of time, (iv) Adverb of degree, (v) Adverb of place, (vi) Adverb of manner 

Q.18.(b) Read the following sentences and underline the adverbial phrases: (তলৰ বাক্যবোৰ পঢ়া আৰু ক্রিয়া বিশেষণীয় বাক্যাংশবোৰৰ তলত আঁচ টানা:)

(i) The flowers bloomed at the break of dawn.

(ii) The cat sat under the old wooden table.

(iii) She crossed the road in a very careful manner.

(iv) We ran down the hill as fast as we could.

(v) The children are playing in the park.

(vi) I will see you in the morning.

Ans. (i) The flowers bloomed at the break of dawn.

(ii) The cat sat under the old wooden table.

(iii) She crossed the road in a very careful manner.

(iv) We ran down the hill as fast as we could.

(v) The children are playing in the park.

(vi) I will see you in the morning. 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top