SCERT Class 7 Assamese Chapter 11 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 11 “ছাতৰৰ কৰ্তব্য়” Answer | New Update 2026 | |

ছাতৰৰ কৰ্তব্য়

পাঠ-১১

পাঠভিত্তিক:

প্রশ্ন ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দিয়া।

(ক) শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ কি কি গুণ থাকিব লাগে?

উত্তৰঃ শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ অধ্যৱসায়, নিয়মীয়া পাঠদান কৰাৰ অভ্যাস, সময়ৰ সদ্ব্যৱহাৰ কৰা, শৃংখলা বজাই ৰখা, ধৈৰ্য্য আৰু আগ্রহ থকা এইবোৰ গুণ থাকিব লাগিব।

(খ) ছাত্র-ছাত্রীয়ে মনে মনে কি হ’ম বুলি প্রতিজ্ঞা কৰিব লাগে?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে মনে মনে ভবিষ্যতে এজন ভাল মানুহ হ’ম বুলি প্রতিজ্ঞা কৰিব লাগে।

(গ) প্রকৃত জ্ঞানী লোকক লেখকে কাৰ লগত তুলনা কৰিছে?

উত্তৰ: প্রকৃত জ্ঞানী লোকক লেখকে দেৱতাৰ লগত তুলনা কৰিছে।

(ঘ) বিদ্যা আয়ত্ত কৰিবলৈ কিদৰে পৰিশ্ৰম কৰিব লাগে?

উত্তৰঃ বিদ্যা অর্জন কৰিবলৈ ছাত্র-ছাত্রীসকলে নিয়মিত পৰিশ্ৰম আৰু অধ্যৱসায় কৰিব লাগে। তলত উল্লেখ কৰা দিশসমূহ মানি চলিলে বিদ্যা সহজে আয়ত্ত কৰিব পাৰি—
● প্ৰতিদিনে নিয়মমাফিক পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।
● পাঠবোৰ মনোযোগ সহকাৰে বুজি পঢ়া উচিত।
● নজনা বিষয় শিক্ষক বা আনৰ পৰা সুধি ভালদৰে বুজি ল’ব লাগে।
● অধ্যয়নৰ সময়ত মন অন্য দিশলৈ নিব নালাগে।
● পঢ়াৰ লগতে লিখাৰ অভ্যাস কৰিলেও বিদ্যা অধিক স্থায়ী হয়।

(ঙ) লেখকে বেছি লাজৰ কথা কি বুলি কৈছে?
উত্তৰঃ লেখকে কৈছে যে মানুহে চেষ্টা আৰু পৰিশ্ৰম কৰিলে বহু কঠিন কামো সফলতাৰে সম্পন্ন কৰিব পাৰে। বিদ্যা অর্জন কৰাৰ শক্তি আৰু সুযোগ থাকিও যদি কোনোবাই অলসতা আৰু হেলাৰ বাবে অশিক্ষিত হৈ থাকে, তেন্তে সেয়াই আটাইতকৈ লাজৰ বিষয়। অর্থাৎ, বিদ্যা লাভৰ সুযোগ পাইও মূর্খ হৈ থকাটো লেখকৰ মতে বেছি লাজৰ কথা।
প্রশ্ন ২। ভাবি উত্তৰ দিয়া।

(ক) দেশৰ উন্নতি কেনেকৈ হ’ব পাৰে?
উত্তৰঃ দেশৰ উন্নতি শিক্ষিত আৰু সচেতন নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলে মন দি পঢ়াশুনা কৰি জ্ঞান আৰু দক্ষতা অর্জন কৰিব লাগিব। সকলোৱে সততা, পৰিশ্ৰম আৰু দায়িত্ববোধেৰে কাম কৰিলে দেশ উন্নতিৰ পথত আগবাঢ়িব পাৰে।
(খ) কিতাপ পঢ়াৰ উপৰি আৰু কি কি ধৰণে নানা বিদ্যা, কাৰ্য আৰু শক্তি বঢ়াব পাৰি?
উত্তৰঃ কিতাপ পঢ়াৰ উপৰিও বিভিন্ন কাম-কাজ আৰু অভ্যাসৰ জৰিয়তে জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পাৰি। যেনে— গান গোৱা, ছবি আঁকা, খেল-ধেমালি কৰা, বক্তৃতা দিয়া, খেতি-বাতি কৰা, বেপাৰ-বাণিজ্য শিকা, কাঠ-বাঁহৰ কাম কৰা, কম্পিউটাৰ শিক্ষা লোৱা আদি। এইবোৰৰ জৰিয়তে মানুহে নিজৰ প্রতিভা, কাৰ্যক্ষমতা আৰু অভিজ্ঞতা বৃদ্ধি কৰিব পাৰে।
(গ) স্কুললৈ যোৱাৰ উদ্দেশ্য কি কি?
উত্তৰঃ স্কুললৈ যোৱাৰ প্রধান উদ্দেশ্যসমূহ হ’ল—
● শিক্ষা আৰু জ্ঞান লাভ কৰা।
● ভাল আচাৰ-ব্যৱহাৰ শিকা।
● নিজৰ চৰিত্ৰ গঠন কৰা।
● শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সাধন কৰা।
● ভৱিষ্যতে এজন সৎ আৰু দায়িত্বশীল নাগৰিক হোৱা।

প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা-

(ক) “এখন এখন কিতাপ এজন এজন লগৰীয়া।”
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ পাঠৰ পৰা লোৱা হৈছে।

লেখকে এই কথাৰ জৰিয়তে কিতাপৰ গুৰুত্ব বুজাব বিচাৰিছে। 

মানুহে যিমান অধিক কিতাপ পঢ়ে, সিমানেই নতুন নতুন জ্ঞান লাভ কৰে আৰু বহু মহান ব্যক্তিৰ চিন্তা-ভাবনাৰ লগত পৰিচিত হয়। কিতাপে মানুহৰ মন আনন্দেৰে ভৰাই তোলে আৰু জীৱনৰ সঠিক পথ দেখুৱায়। এজন প্ৰকৃত বন্ধুৰ দৰে কিতাপে আমাক জ্ঞান দিয়ে, উপদেশ দিয়ে আৰু সকলো সময়তে সহায় কৰে। সেইবাবে লেখকে কৈছে যে এখন এখন কিতাপ যেন এজন এজন ভাল লগৰীয়াৰ দৰে।

(খ) “কিতাপৰ পোক এই সংসাৰত মহাসুখী।”
উত্তৰঃ উক্ত কথাষাৰ লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ পাঠৰ পৰা লোৱা হৈছে।

এই বাক্যটোৰ দ্বাৰা লেখকে কিতাপ পঢ়াৰ আনন্দ আৰু উপকাৰিতাৰ কথা প্ৰকাশ কৰিছে। 

যিসকলে সদায় কিতাপ পঢ়ে আৰু জ্ঞান আহৰণ কৰে, তেওঁলোকক সাধাৰণতে ‘কিতাপৰ পোক’ বুলি কোৱা হয়। কিতাপ পঢ়া মানুহে বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰে আৰু মনৰ আনন্দ অনুভৱ কৰে। জ্ঞানেই মানুহৰ জীৱন অধিক সমৃদ্ধ আৰু সুখময় কৰি তোলে। সেইবাবে লেখকে কৈছে যে কিতাপ ভালপোৱা মানুহ এই পৃথিৱীত সত্যিকাৰ অৰ্থত সুখী।

(গ) “কিতাপ আমাৰ দিব্যচকু।”
উত্তৰঃ উক্ত কথাষাৰ লম্বোদৰ বৰা ৰচিত ‘ছাত্ৰৰ কৰ্তব্য’ পাঠৰ পৰা লোৱা হৈছে।
লেখকে এই কথাৰ মাধ্যমে কিতাপৰ জ্ঞানদায়ী শক্তিৰ বিষয়ে বুজাইছে।

মানুহে সাধাৰণ চকুৰে সকলো কথা দেখা বা জনা নাপায়। কিন্তু কিতাপ পঢ়াৰ জৰিয়তে দূৰ-দূৰণিৰ দেশ, ইতিহাস, বিজ্ঞান, সমাজ আৰু বহু নজনা বিষয়ৰ বিষয়ে জানিব পাৰে। অর্থাৎ, কিতাপে আমাৰ জ্ঞানৰ দৃষ্টি বৃদ্ধি কৰে আৰু নতুন জগতৰ লগত চিনাকি কৰায়। সেইবাবে কিতাপক ‘দিব্যচকু’ বুলি কোৱা হৈছে।

প্রশ্ন ৪। তলত দিয়া বাক্যকেইটা মনোযোগেৰে পঢ়া, ভাবা আৰু বহলাই লিখা।

(ক) সময় বৰ ডাঙৰ বস্তু।
উত্তৰঃ সময় মানুহৰ জীৱনৰ অতি মূল্যবান সম্পদ। এবাৰ সময় পাৰ হৈ গ’লে তাক পুনৰ ঘূৰাই অনা সম্ভৱ নহয়। সেইবাবে সময়ৰ সঠিক মূল্য বুজি কাম কৰা উচিত। যিসকলে সময়ৰ সদ্ব্যৱহাৰ কৰে, তেওঁলোকে জীৱনত সফলতা লাভ কৰে।
সময় সদায় আগলৈ গতি কৰে। নদীৰ সোঁতৰ দৰে সময়ো কেতিয়াও থমকি নাথাকে। অলসতা, হেলা বা অনৰ্থক কামত সময় নষ্ট কৰিলে পিছত অনুতাপ কৰিবলগীয়া হয়। আনহাতে, নিয়ম মাফিক পঢ়াশুনা, পৰিশ্ৰম আৰু ভাল কামত সময় ব্যয় কৰিলে জীৱন উন্নত হয়।

সেয়ে সকলো মানুহে সময়ৰ মূল্য বুজি প্ৰতিটো মুহূর্ত সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।

(খ) মানুহৰ অসাধ্য একো নাই।

উত্তৰঃ এই কথাষাৰৰ অৰ্থ হ’ল— মানুহে দৃঢ় ইচ্ছাশক্তি, সাহস আৰু পৰিশ্ৰম থাকিলে যিকোনো কঠিন কামো সম্পন্ন কৰিব পাৰে। পৃথিৱীত বহু মহান কাম মানুহেই নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ জৰিয়তে সাধন কৰিছে।

জীৱনত বাধা-বিঘিনি অহাটো স্বাভাৱিক। কিন্তু ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে সেইবোৰ অতিক্ৰম কৰিব পাৰি। বিজ্ঞান, শিক্ষা, খেল-ধেমালি বা সমাজসেৱা— সকলো ক্ষেত্ৰতেই মানুহে কঠোৰ পৰিশ্ৰমৰ বলত সফলতা অর্জন কৰিছে।

সেয়ে কেতিয়াও হতাশ নহৈ চেষ্টা অব্যাহত ৰাখিব লাগে। নিয়মিত পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে মানুহৰ বাবে অসাধ্য বুলি একো নাথাকে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top