SCERT Class 7 Assamese Chapter 12 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 12 “আত্মৰক্ষা” Answer | New Update 2026 | |

আত্মৰক্ষা

পাঠ-১২

পাঠভিত্তিক:

প্রশ্ন ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) সপোন সাকাৰ কৰিবৰ বাবে কি প্রয়োজন বুলি পাঠটোত কোৱা হৈছে?

উত্তৰ: অধ্যৱসায়।

(খ) আত্মৰক্ষা মানে কি?

উত্তৰঃ নিজকে সুৰক্ষা দিয়া কাৰ্য।

(গ) “আমি আমাৰ ল’ৰা-ছোৱালীবোৰক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব বৌ”- এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ ওপৰৰ কথাষাৰ অতনুৰ খুড়াক মনোজে অতনুৰ মাকক কৈছিল।

(ঘ) অতনুৱে কি পঢ়ি ভাল পাইছিল?

উত্তৰঃ অতনুৱে গল্প পঢ়ি ভাল পাইছিল।

(ঙ) গল্পটোত মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ডাঃ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল।

(চ) অতনুৱে ডাঙৰ হৈ কি কি হ’ব বিচাৰিছিল আৰু কিয় বিচাৰিছিল?

উত্তৰঃ অতনুৱে ডাঙৰ হৈ বিভিন্নজনৰ দৰে বিভিন্ন পেছাত যোগ দিবলৈ ইচ্ছা কৰিছিল। তেওঁ দেউতাকৰ দৰে ব্যৱসায়ী, দিব্যেন্দু সৰকাৰ ছাৰৰ দৰে শিক্ষক, মৃণাল দাদাৰ দৰে পাইলট, মনোজ খুৰাৰ দৰে পুলিচ বিষয়া আৰু ৰজত দাদাৰ দৰে সেনা বিষয়া হ’ব বিচাৰিছিল।
তেওঁ শিক্ষক হৈ ছাত্র-ছাত্ৰীক শিক্ষা দিব বিচাৰিছিল। পাইলট হৈ আকাশত উৰাজাহাজ চলোৱাৰ সপোন দেখিছিল। লগতে সৰু সৰু ল’ৰা-ছোৱালীবোৰক সুৰক্ষা দিয়াৰ ইচ্ছা কৰিছিল।

(ছ) মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত কি বিষয়ত আশংকা প্রকাশ কৰিছিল?

উত্তৰ: মনোজৰ খুৰাকে অতনুৰ মাকৰ আগত সৰু সৰু নিষ্পাপ শিশুবোৰৰ নিৰাপত্তা নোহোৱা বিষয়ত আশংকা প্রকাশ কৰিছিল।

(জ) আত্মৰক্ষা শব্দটো প্ৰথম আৰু দ্বিতীয়বাৰ অতনুৱে কাৰ কাৰ মুখত শুনিছিল?

উত্তৰঃ মনালিছা বাইদেউ আৰু মনোজ খুৰাকৰ মুখত।

(ঝ) কাৰোবাৰ স্পৰ্শ বেয়া বুলি কেনেকৈ সহজতে গম পাব পাৰি?

উত্তৰ: কোনোবাই যদি আমাক মৰম কৰোতে কৰা স্পৰ্শত অসহজ অনুভব কৰিছো, তেন্তে আমি মানুহজনৰ স্পৰ্শ বেয়া বুলি জানিম।

(ঞ) ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত কিবা অৰিহণা যোগাইছিলনে? গল্পটিৰ কোনখিনি কথাৰ পৰা ডাক্তৰ কাকতিৰ অৰিহণা স্পষ্ট হৈছে লিখা।

উত্তৰঃ ডাক্তৰ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত অৰিহণা যোগাইছিল। খামি ডাঠ পুলিচ হ’বলৈ আটিল শৰীৰৰ অধিকাৰী হ’ব লাগিব। স্বাস্থ্য ভালে নাথাকিলে কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰিব।

(ট) অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পাৰিলেনে?

উত্তৰ: নাই।

প্রশ্ন ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা।

(ক) মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি কৈছিল?

উত্তৰ: মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কৈছিল-

“লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। আমাক লক্ষ্য লাগিব, লক্ষ্যৰ বাবে সপোন লাগিব আৰু সপোন সফল কৰিবৰ বাবে লাগিব অধ্যবসায়।।

(খ) অতনুৱে আৰক্ষী বিষয়া হ’ম বুলি কিয় ভাবিছিল? এই প্ৰেৰণা তেওঁ কাৰ পৰা পাইছিল?

উত্তৰ: অতনুৱে আৰক্ষী বিষয়া হৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা নিশ্চিত কৰিব।

এই প্ৰেৰণা তেওঁ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু মনোজ খুৰাকৰ পৰা পাইছিল।

(গ) দেশৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কিহৰ বাবে কৃতজ্ঞতাৰ ভাব জাগিছিল?

উত্তৰ: অতনুৰ চুবুৰিৰে ৰজত দাদাই নতুনকৈ সেনা বাহিনীত যোগদান কৰিছে। দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ তেওঁ কাশ্মীৰ সীমান্তত আছেগৈ। দেশৰ সীমান্তৰ দুৰ্গম

ঠাইবোৰতো দিনে-ৰাতিয়ে সুৰক্ষা বাহিনীৰ দল থাকে। তেওঁলোক আছে বাবেই আমি সুৰক্ষিত অনুভৱ কৰো। এই কথা ভাবি সীমান্তৰ সৈনিকসকলৰ প্ৰতি অতনুৰ কৃতজ্ঞতাৰ ভাব জাগিছিল।

(ঘ) সু-স্বাস্থ্যৰ বাবে আমি কি কি উপায় অৱলম্বন কৰিব লাগে?
উত্তৰঃ সু-স্বাস্থ্য বজাই ৰাখিবলৈ আমি কিছুমান ভাল অভ্যাস গঢ়ি তুলিব লাগে। তলত উল্লেখ কৰা উপায়সমূহ মানি চলিলে স্বাস্থ্য ভাল থাকে—

● পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে, যেনে— শাক-পাচলি, ফল-মূল, দাইল, গাখীৰ আদি।

● নিয়মীয়াকৈ ব্যায়াম, খেলা-ধূলা, খোজকঢ়া বা দৌৰ কৰা উচিত।

● প্ৰতিদিনে পর্যাপ্ত সময় টোপনি যোৱা প্রয়োজন।

● দৈনিক গা ধোৱা, হাত-দাঁত পৰিষ্কাৰ কৰা আৰু চাফা কাপোৰ পিন্ধি পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।

● যথেষ্ট পৰিমাণে বিশুদ্ধ পানী পান কৰা উচিত।

● মন সদায় আনন্দত ৰাখি মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।

● ধূমপান, মদ বা অন্য নেশাজাতীয় বস্তুৰ পৰা দূৰত থাকিব লাগে।

(ঙ) “স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা”— ইয়াৰ সাপেক্ষে তিনিটা যুক্তি দিয়া।
উত্তৰঃ “স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা” — এই কথাষাৰ অতি সত্য। ইয়াৰ সপক্ষে তলত তিনিটা যুক্তি দিয়া হ’ল—

● সু-স্বাস্থ্য থাকিলেহে মানুহে নিজৰ কাম সঠিকভাৱে সম্পন্ন কৰিব পাৰে আৰু জীৱনত সফলতা লাভ কৰে।

● স্বাস্থ্য ভাল থাকিলে ছাত্র-ছাত্ৰীয়ে মনোযোগেৰে পঢ়াশুনা কৰিব পাৰে আৰু ভাল ফলাফল লাভ কৰে।

● শাৰীৰিক আৰু মানসিকভাৱে সুস্থ মানুহে সুখী আৰু দীর্ঘ জীৱন অতিবাহিত কৰিব পাৰে।

প্রশ্ন ৩। তলত দিয়া প্রশ্নকেইটাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

● ডাক্তৰ কাকতিয়ে অতনুক কোৱা কথাখিনিৰ মূল উদ্দেশ্য তলৰ কোনটো নহয়?

(ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।

(খ) অতনুক সতেজ খাদ্য খাবলৈ উদগনি জনোৱা

(গ) অতনুক এজন ভাল আৰক্ষী বিষয়া হ’বলৈ উদগনি জনোৱা

(ঘ) অতনুক স্বাস্থ্য ৰক্ষাৰ ৰীতি শিকোৱা।

উত্তৰঃ (ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।

● গল্পটোৰ মূল বিষয়বস্তু কি?

(ক) স্বাস্থ্য সচেতনতা

(খ) আত্মৰক্ষা

(গ) শৰীৰ চৰ্চা-

(ঘ) প্ৰতিৰক্ষা

উত্তৰঃ (খ) আত্মৰক্ষা

প্রশ্ন ৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা-

ক) “লক্ষ্যহীন জীবন ব’ঠাহীন নাৱৰ দৰে।”
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ পাঠৰ পৰা লোৱা হৈছে।

এই বাক্যটোৰ মাধ্যমে মানুহৰ জীৱনত লক্ষ্যৰ প্রয়োজনীয়তাৰ কথা বুজোৱা হৈছে।

এখন নাৱে গন্তব্য স্থানত পৌঁছাবলৈ যেনেকৈ ব’ঠা আৰু সঠিক দিশৰ প্রয়োজন হয়, ঠিক তেনেদৰে মানুহৰ জীৱনতো এটা নির্দিষ্ট লক্ষ্য থকাটো অতি জৰুৰি। ব’ঠাহীন নাৱে দিশহীনভাৱে পানীত ভাঁহি ফুৰে আৰু সহজে গন্তব্যস্থানত পৌঁছাব নোৱাৰে। সেইদৰে লক্ষ্য নথকা মানুহেও জীৱনত সঠিক পথ বিচাৰি নাপায় আৰু সফলতা অর্জন কৰাত অসুবিধা পায়। সেয়ে জীৱন সফল আৰু অর্থপূর্ণ কৰিবলৈ প্রত্যেক মানুহৰ এটা সুস্পষ্ট লক্ষ্য থকাটো প্রয়োজন।

(খ) “দেহা থাকিলেহে বেহা।”
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ পাঠৰ পৰা লোৱা হৈছে।

এই কথাষাৰৰ দ্বাৰা সু-স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে বুজোৱা হৈছে। 

ইয়াত ‘দেহা’ মানে সুস্থ শৰীৰ আৰু ‘বেহা’ মানে কাম-কাজ বা জীৱিকা। অর্থাৎ, মানুহৰ শৰীৰ সুস্থ থাকিলেহে তেওঁ ভালদৰে কাম কৰিব পাৰে আৰু জীৱনত উন্নতি সাধন কৰিব পাৰে। অসুস্থ শৰীৰে মানুহক দুর্বল কৰি তোলে। তেতিয়া পঢ়াশুনা, কাম-কাজ বা বেপাৰ-বাণিজ্য একোৱেই ভালদৰে কৰিব নোৱাৰি। আনহাতে, সুস্থ শৰীৰ থাকিলে মানুহে উৎসাহেৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে আৰু সুখে-শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে। সেয়ে সকলো মানুহে স্বাস্থ্যৰ যত্ন লোৱা আৰু সুস্থ জীৱনযাপন কৰাটো অত্যন্ত প্রয়োজনীয়।

প্রশ্ন ৫। “আজি-কালিৰ ল’ৰা-ছোৱালীয়ে বতৰৰ ফল-মূল নাখায়, পাচলি নাখায়। বজাৰৰ জুতি লগা প্রস্তুত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰিছে।”-এই কথাষাৰ কোনে কাক কিয় কৈছিল? বুজাই লিখা।

উত্তৰঃ ওপৰৰ কথাষাৰ ডাঃ কাকতিয়ে অতনুক উদ্দেশ্য কৰি মাকক কৈছিল।

এদিন হঠাৎ অহা বৰষুণজাকত তিতি-বুৰি অতনু স্কুলৰ পৰা ঘৰলৈ অহাৰ পাছত ৰাতিৰ পৰা তাৰ তীৰকঁপে জ্বৰ উঠিল। মাকে কপালত জলপটী দি গোটেই ৰাতি শিতানত বহি থাকিল যদিও পুৱাৰ পৰা অতনুৰ পেটৰ বিষো আৰম্ভ হ'ল। উপায়হীন হৈ দেউতাকে পাছদিনা পুৱাই স্থানীয় চিকিৎসক ডাঃ কাকতিক মাতি আনিলে। ডাক্তৰ কাকতিয়ে ৰোগীৰ গাত হাত দিলেই আধা বেমাৰ ভাল হৈ যোৱাৰ দৰে হয়। দৰৱৰ নামবোৰ খচ্ খচ্‌কৈ লিখি থাকোঁতে তেওঁ ওপৰৰ কথাষাৰ কৈছিল।

প্রশ্ন ৬। (ক) তলত দিয়া ‘অতনু’ চৰিত্ৰটোৰ বিষয়ে পঢ়া-

অতনু: অতনু গল্পটোৰ মুখ্য চৰিত্ৰ। চৰিত্ৰটোৰ মাজেৰে এজন সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মনৰ ভাব প্রকাশ পাইছে। তাৰ খেলা-ধূলাৰ প্ৰতি বৰ ৰাপ। অতনুৱে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিব পৰা নাছিল। কাৰণ তাৰ পাইলট, আৰক্ষী বিষয়া, শিক্ষক, ডাক্তৰ আদি বহু কিবা কিবি হ’ব মন যায়। সি গল্পৰ কিতাপ পঢ়ি ভাল পায়। দুঃসাহসিক অভিযানৰ কিতাপো তাৰ প্ৰিয়।

(খ) এতিয়া, গল্পটোত থকা আন আন চৰিত্ৰসমূহৰ বিষয়ে একোটাকৈ দফা লিখা।

উত্তৰঃ গল্পটোত থকা কেইটামান প্রধান চৰিত্ৰ হ’ল-

● মনালিছা বৰুৱা বাইদেউ

● মনোজ খুৰা

● ৰজত দাদা

● ডাক্তৰ কাকতি

মনালিছা বৰুৱা বাইদেউঃ অতনুহঁতৰ বিদ্যালয়লৈ অহা নতুন শিক্ষয়িত্ৰীগৰাকী হ’ল মনালিছা বৰুৱা বাইদেউ। বাইদেউগৰাকীয়ে অতনুহঁতক কচৰৎ শিকাইছিল। বাইদেউবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ লক্ষ্যৰ ওপৰত কিছু কথা কৈছিল। বাইদেউৱে কৈছিল- ‘লক্ষ্যহীন জীবন ব’ঠাহীন নাৱৰ দৰে।’ আমাক লক্ষ্য লাগিবই, লক্ষ্যৰ বাবে সপোন লাগিব আৰু সপোন সাকাৰ কৰিবৰ বাবে লাগিব অধ্যৱসায়। তেওঁ সদায় ল’ৰা-ছোৱালীক একেলগে সমানে আগবঢ়াৰ কথা কৈছিল।

মনোজ খুৰাঃ মনোজ খুৰা অতনুৰ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু। তেওঁ অতনুহঁতৰ স্থানীয় থানাখনৰ বিষয়া হৈ মফচলীয়া চহৰখনলৈ আহিছিল। অতনুৱে মনোজ খুৰাৰ দৰে এজন ভাল পুলিচ বিষয়া হ’ব বিচাৰিছিল।

ডাক্তৰ কাকতি : ডাক্তৰ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল। তেওঁ অতনুহঁতৰ গাঁৱৰ স্থানীয় চিকিৎসক আছিল। তেওঁ ৰোগীৰ গাত হাত দিলেই আধা বেমাৰ ভাল হৈ যায়।

ৰজত দাদা: ৰজত অতনুহঁতৰ চুবুৰিৰে এজন দাদা। তেওঁ নতুনকৈ সেনা বাহিনীত যোগদান কৰিছে। দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ কাশ্মীৰ সীমান্তত আছেগৈ।

প্রশ্ন ৭। তলত দিয়া ‘ক’ অংশৰ লগত ‘খ’ অংশৰ অৰ্থ মিলোৱা-

‘ক’ অংশ

‘খ’ অংশ

সপোন সাকাৰ কৰা

অতর্কিত আক্রমণ

মফচলীয় চহৰ

অনাকাংক্ষিত ঘটনা

অনাহুত বিপদ

ৰোমাঞ্চিত কৰা

কৃতজ্ঞতাত গদ গদ হোৱা

কথা পাগুলিয়াই থকা

তীৰকঁপা জ্বৰ

একেটা কথাকে মনত ভাবি থকা

প্রধান নগৰ বা ৰাজধানীৰ বাহিৰৰ ঠাই

সপোন বাস্তৱায়িত কৰা

ভাবাবেগত আকুল হোৱা

মন পুলকিত কৰা

তীব্র জ্বৰ

আশা নকৰা ঘটনা

নভবা নিচিন্তাকৈ হোৱা বিপদ

অকস্মাতে কৰা আক্ৰমণ

উত্তৰঃ

‘ক’ অংশ

‘খ’ অংশ

সপোন সাকাৰ কৰা

অতর্কিত আক্রমণ

মফচলীয় চহৰ

অনাকাংক্ষিত ঘটনা

অনাহুত বিপদ

ৰোমাঞ্চিত কৰা

কৃতজ্ঞতাত গদ গদ হোৱা

কথা পাগুলিয়াই থকা

তীৰকঁপা জ্বৰ

সপোন বাস্তৱায়িত কৰা

অকস্মাতে কৰা আক্ৰমণ

প্রধান নগৰ বা ৰাজধানীৰ বাহিৰৰ ঠাই

আশা নকৰা ঘটনা

নভবা নিচিন্তাকৈ হোৱা বিপদ

মন পুলকিত কৰা

ভাবাবেগত আকুল হোৱা

একেটা কথাকে মনত ভাবি থকা

তীব্র জ্বৰ

প্রশ্ন ১৫। তলত দিয়া দিশসমূহ সামৰি ‘তোমাৰ জীৱনৰ লক্ষ্য’ শীর্ষক বিষয়ৰ এখন ৰচনা লিখা-

(ক) তোমাৰ জীৱনৰ লক্ষ্য

(খ) তুমি সেই লক্ষ্য স্থিৰ কৰাৰ পটভূমি

(গ) সেই লক্ষ্যত উপনীত কৰা পৰিকল্পনা আৰু প্ৰস্তুতি

উত্তৰঃ

(ক) তোমাৰ জীৱনৰ লক্ষ্য

আৰম্ভণিঃ লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। ব’ঠাহীন নাও যেনেকৈ বতাহৰ কোবত বা সোঁতৰ গতি আৰু ঢৌৰ খুন্দাত যেনি-তেনি ভাহি ফুৰে। ঠিক তেনেদৰে লক্ষ্যহীন জীৱনো ব’ঠাহীন নাৱৰ দৰে। জীৱনৰ লক্ষ্য স্থিৰ কৰিব নোৱাৰিলে জীৱনতো কৃতকার্যতা লাভ কৰিব নোৱাৰে।

গতিকে ছাত্ৰাৱস্থাৰ পৰাই জীৱনৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ’বৰ বাবে প্রস্তুতি চলাব লাগে। কিন্তু লক্ষ্য স্থিৰ কৰাতো সকলোৰে বাবে সহজ কথা নহয়। লক্ষ্য ভালদৰে স্থিৰ কৰিব পাৰিলেহে জীৱনত আগুৱাই যাব পাৰে।

জীৱনৰ লক্ষ্য: মোৰ দেউতা এজন প্রাথমিক বিদ্যালয়ৰ শিক্ষক। মই সদায় দেউতাৰ মুখৰ পৰা এজন আদর্শবান শিক্ষকৰ গুণ-গৰিমাৰ কথা শুনি আহিছো। লগতে শিক্ষক হ’লে কিমান যে ত্যাগ কৰিব লাগে সেই কথাও গম পাইছো। সেইবাবে মই মোৰ জীৱনৰ লক্ষ্য হিচাপে এজন আদর্শবান শিক্ষককে বাছিল’লো। শিক্ষক হ’ল জাতিৰ মেৰুদণ্ড। আমাৰ সমাজত এতিয়াও বহু শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। মই সদায় শিশুসকলক মৰম কৰো আৰু সিহঁতক শিক্ষা দি ভাল পাওঁ। এখন উন্নত আৰু শিক্ষিত সমাজ গঢ়াত এজন শিক্ষকৰ যথেষ্ট ভূমিকা আছে। গাঁৱৰ অনাথ আৰু দুখীয়া শিশুসকলক বিনামূলীয়াকৈ শিক্ষা দি তেওঁলোকক শিক্ষিত কৰি তুলিবলৈ মোৰ বহুতো আগ্রহ আছে।।

এই লক্ষ্য স্থিৰ কৰাৰ পটভূমিঃ

মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ পটভূমিত মোৰ শিক্ষকসকলৰ ভূমিকা আছে। তেওঁলোকে সদায় আমাক ভাল পথ দেখুৱায় আৰু জ্ঞান প্রদান কৰে। বিদ্যালয়ত তেওঁলোকৰ শিক্ষা আৰু আচৰণ দেখি মই বৰ অনুপ্রাণিত হৈছো। মোৰ মা-দেউতায়ে মোক এই লক্ষ্যত উপনীত হ’বলৈ যথেষ্ট উৎসাহ দিছে।

প্রস্তুতি: এই লক্ষ্যত উপনীত হ’বলৈ মই এতিয়াৰ পৰা নিয়মিত অধ্যয়ন কৰি আছো। মই সদায় প্রতিদিনে বিদ্যালয়ৰ গৃহকর্ম সম্পূর্ণ কৰো। লগতে মই দৈনিক বিদ্যালয়ত উপস্থিত থাকো। মা-দেউতা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপেদশ মানি চলো, নিয়মীয়াকৈ পঢ়া-শুনা কৰো। ইয়াৰ উপৰিও মই সময়ৰ সঠিক ব্যৱহাৰ আৰু নীতি-নিয়মৰ মাজেৰে জীৱন-যাপন কৰো।

সামৰণিঃ মই মোৰ লক্ষ্য পূৰণ কৰিবলৈ সদায় অশেষ চেষ্টা কৰিম। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে এদিন মই নিশ্চয় এজন আদর্শ শিক্ষক হ’ম।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top