Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Assamese Chapter 12 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 12 “আত্মৰক্ষা” Answer | New Update 2026 | |

আত্মৰক্ষা

প্ৰশ্ন ১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।


(ক) সপোন সাকাৰ কৰিবৰ বাবে কি প্ৰয়োজন বুলি পাঠটোত কোৱা হৈছে?

উত্তৰঃ সপোন সাকাৰ কৰিবৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন।


(খ) আত্মৰক্ষা মানে কি?

উত্তৰঃ আত্মৰক্ষা মানে নিজকে সুৰক্ষা দিয়া কাৰ্য।


(গ) “আমি আমাৰ ল’ৰা-ছোৱালীবোৰক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব বৌ” — এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰঃ এই কথাষাৰ অতনুৰ দেউতাকৰ কলেজীয়া বন্ধু মনোজ খুৰাকে অতনুৰ মাকক কৈছিল।


(ঘ) অতনুৱে কি পঢ়ি ভাল পাইছিল?

উত্তৰঃ অতনুৱে গল্প-পুথি আৰু দুঃসাহসিক অভিযানৰ কিতাপ পঢ়ি ভাল পাইছিল।


(ঙ) গল্পটোত মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ গল্পটোত ডাঃ কাকতিক বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি বুলি কোৱা হৈছে।


(চ) অতনুৱে ডাঙৰ হৈ কি কি হ’ব বিচাৰিছিল আৰু কিয় বিচাৰিছিল?

উত্তৰঃ অতনুৱে ডাঙৰ হৈ দেউতাকৰ দৰে ব্যৱসায়ী, দিব্যেন্দু সৰকাৰ ছাৰৰ দৰে শিক্ষক, মৃণাল দাদাৰ দৰে পাইলট, মনোজ খুৰাৰ দৰে আৰক্ষী বিষয়া আৰু ৰজত দাদাৰ দৰে সেনা বিষয়া হ’ব বিচাৰিছিল। শিক্ষক হৈ ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া, পাইলট হৈ আকাশত উৰাজাহাজ চলোৱা আৰু আৰক্ষী বিষয়া হৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা নিশ্চিত কৰাৰ ইচ্ছা তাৰ মনত আছিল।


(ছ) মনোজ খুৰাকে অতনুৰ মাকৰ আগত কি বিষয়ত আশংকা প্ৰকাশ কৰিছিল?

উত্তৰঃ মনোজ খুৰাকে সৰু সৰু নিষ্পাপ ল’ৰা-ছোৱালীবোৰৰ নিৰাপত্তা নোহোৱা বিষয়ত আশংকা প্ৰকাশ কৰিছিল।


(জ) আত্মৰক্ষা শব্দটো প্ৰথম আৰু দ্বিতীয়বাৰ অতনুৱে কাৰ কাৰ মুখত শুনিছিল?

উত্তৰঃ অতনুৱে আত্মৰক্ষা শব্দটো প্ৰথমবাৰ মনালিছা বৰুৱা বাইদেউৰ আৰু দ্বিতীয়বাৰ মনোজ খুৰাৰ মুখত শুনিছিল।


(ঝ) কাৰোবাৰ স্পৰ্শ বেয়া বুলি কেনেকৈ সহজতে গম পাব পাৰি
?

উত্তৰঃ কোনোবাই স্পৰ্শ কৰোঁতে যদি আমাৰ অসহজ অনুভৱ হয়, তেন্তে সেই স্পৰ্শ বেয়া বুলি গম পাব পাৰি।


(ঞ) ডাঃ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত কিবা অৰিহণা যোগাইছিলনে? গল্পটোৰ কোনখিনি কথাৰ পৰা ডাঃ কাকতিৰ অৰিহণা স্পষ্ট হৈছে লিখা।

উত্তৰঃ ডাঃ কাকতিয়ে অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাত অৰিহণা যোগাইছিল। তেওঁ অতনুক বুজাইছিল যে এজন সুদক্ষ আৰক্ষী বিষয়া হ’বলৈ হ’লে শৰীৰ আটিল আৰু স্বাস্থ্য ভালে ৰাখিব লাগিব। স্বাস্থ্য ভালে নাথাকিলে নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰি।


(ট) অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পাৰিলেনে?

উত্তৰঃ নাই, অতনুৱে অৱশেষত নিজৰ জীৱনৰ লক্ষ্য ঠিৰাং কৰিব পৰা নাছিল।


প্ৰশ্ন ২। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি লিখা।


(ক) মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি কৈছিল?

উত্তৰঃ মনালিছা বৰুৱা বাইদেৱে অতনুহঁতৰ শ্ৰেণীত কৈছিল, “লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। আমাক লক্ষ্য লাগিব, লক্ষ্যৰ বাবে সপোন লাগিব আৰু সপোন সফল কৰিবৰ বাবে লাগিব অধ্যৱসায়।”


(খ) অতনুৱে আৰক্ষী বিষয়া হ’ম বুলি কিয় ভাবিছিল? এই প্ৰেৰণা তেওঁ কাৰ পৰা পাইছিল?

উত্তৰঃ অতনুৱে আৰক্ষী বিষয়া হৈ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছিল। এই প্ৰেৰণা তেওঁ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু মনোজ খুৰাৰ পৰা পাইছিল।


(গ) দেশৰ সৈনিকসকলৰ প্ৰতি অতনুৰ মনত কিহৰ বাবে কৃতজ্ঞতাৰ ভাব জাগিছিল?

উত্তৰঃ অতনুৰ চুবুৰিৰ ৰজত দাদাই নতুনকৈ সেনা বাহিনীত যোগদান কৰি দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ কাশ্মীৰ সীমান্তলৈ গৈছিল। দেশৰ সীমান্তৰ দুৰ্গম ঠাইবোৰতো দিনে-ৰাতিয়ে সুৰক্ষা বাহিনীৰ দল নিয়োজিত হৈ থাকে। তেওঁলোকৰ বাবেই আমি সুৰক্ষিত অনুভৱ কৰোঁ। এই কথা ভাবি অতনুৰ মনত সীমান্তৰ সৈনিকসকলৰ প্ৰতি কৃতজ্ঞতাৰ ভাব জাগিছিল।


(ঘ) সু-স্বাস্থ্যৰ বাবে আমি কি কি উপায় অৱলম্বন কৰিব লাগে?

উত্তৰঃ সু-স্বাস্থ্য বজাই ৰাখিবলৈ আমি তলত দিয়া উপায়সমূহ অৱলম্বন কৰিব লাগে—

  • পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে।
  • নিয়মীয়াকৈ ব্যায়াম, খেলা-ধূলা, খোজকঢ়া বা দৌৰ কৰা উচিত।
  • প্ৰতিদিনে পৰ্যাপ্ত সময় টোপনি যাব লাগে।
  • দৈনিক গা ধোৱা, হাত-দাঁত পৰিষ্কাৰ কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।
  • যথেষ্ট পৰিমাণে বিশুদ্ধ পানী পান কৰিব লাগে।
  • মন আনন্দত ৰাখি মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে।
  • ধূমপান, মদ আৰু আন নিচাজাতীয় বস্তুৰ পৰা আঁতৰি থাকিব লাগে।


(ঙ) “স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা”— ইয়াৰ সাপেক্ষে তিনিটা যুক্তি দিয়া।

উত্তৰঃ “স্বাস্থ্য সুৰক্ষাহে জীৱনৰ মূল কথা”— এই কথাষাৰৰ সপক্ষে তিনিটা যুক্তি হ’ল—

১। সু-স্বাস্থ্য থাকিলেহে মানুহে নিজৰ কাম সঠিকভাৱে সম্পন্ন কৰি জীৱনত সফলতা লাভ কৰিব পাৰে।

২। স্বাস্থ্য ভালে থাকিলে ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে পঢ়া-শুনা কৰি ভাল ফলাফল লাভ কৰিব পাৰে।

৩। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ মানুহে সুখী আৰু দীৰ্ঘ জীৱন অতিবাহিত কৰিব পাৰে।


প্ৰশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা।


(ক) ডাঃ কাকতিয়ে অতনুক কোৱা কথাখিনিৰ মূল উদ্দেশ্য তলৰ কোনটো নহয়?

(ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।

(খ) অতনুক সতেজ খাদ্য খাবলৈ উদগনি জনোৱা।

(গ) অতনুক এজন ভাল আৰক্ষী বিষয়া হ’বলৈ উদগনি জনোৱা।

(ঘ) অতনুক স্বাস্থ্য ৰক্ষাৰ ৰীতি শিকোৱা।

উত্তৰঃ (ক) অতনুৰ জীৱনৰ লক্ষ্য স্থিৰ কৰা।


(খ) গল্পটোৰ মূল বিষয়বস্তু কি?

(ক) স্বাস্থ্য সচেতনতা

(খ) আত্মৰক্ষা

(গ) শৰীৰ চৰ্চা

(ঘ) প্ৰতিৰক্ষা

উত্তৰঃ (খ) আত্মৰক্ষা।


প্ৰশ্ন ৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।


(ক) “লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে
।”

উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ পাঠৰ পৰা লোৱা হৈছে।

এই বাক্যটোৰ জৰিয়তে মানুহৰ জীৱনত লক্ষ্যৰ প্ৰয়োজনীয়তাৰ কথা বুজোৱা হৈছে। এখন নাৱে গন্তব্যস্থানত উপনীত হ’বলৈ যেনেকৈ ব’ঠা আৰু সঠিক দিশৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে মানুহৰ জীৱনতো এটা নিৰ্দিষ্ট লক্ষ্য থকাটো অতি জৰুৰী। ব’ঠাহীন নাৱে দিশহীনভাৱে পানীত ভাঁহি ফুৰে আৰু সহজে গন্তব্যস্থানত উপনীত হ’ব নোৱাৰে। সেইদৰে লক্ষ্য নথকা মানুহেও জীৱনত সঠিক পথ বিচাৰি নাপায় আৰু সফলতা অৰ্জন কৰাত অসুবিধাৰ সন্মুখীন হয়। সেয়েহে জীৱন সফল আৰু অৰ্থপূৰ্ণ কৰিবলৈ প্ৰতিজন মানুহৰে এটা সুস্পষ্ট লক্ষ্য থকা প্ৰয়োজন।


(খ) “দেহা থাকিলেহে বেহা।”

উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘আত্মৰক্ষা’ পাঠৰ পৰা লোৱা হৈছে।

এই কথাষাৰৰ দ্বাৰা সু-স্বাস্থ্যৰ গুৰুত্বৰ বিষয়ে বুজোৱা হৈছে। ইয়াত ‘দেহা’ মানে শৰীৰ আৰু ‘বেহা’ মানে কাম-কাজ বা জীৱিকা। অৰ্থাৎ, মানুহৰ শৰীৰ সুস্থ থাকিলেহে তেওঁ ভালদৰে কাম কৰিব পাৰে আৰু জীৱনত উন্নতি সাধন কৰিব পাৰে। অসুস্থ শৰীৰে মানুহক দুৰ্বল কৰি তোলে। তেতিয়া পঢ়া-শুনা, কাম-কাজ বা বেপাৰ-বাণিজ্য একোৱেই ভালদৰে কৰিব নোৱাৰি। আনহাতে, সুস্থ শৰীৰ থাকিলে মানুহে উৎসাহেৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে। সেয়েহে সকলোৱে স্বাস্থ্যৰ যত্ন লোৱা আৰু সুস্থ জীৱন-যাপন কৰাটো অতি প্ৰয়োজনীয়।


প্ৰশ্ন ৫। “আজি-কালিৰ ল’ৰা-ছোৱালীয়ে বতৰৰ ফল-মূল নাখায়, পাচলি নাখায়। বজাৰৰ জুতি লগা প্ৰস্তুত খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা কৰিছে।” — এই কথাষাৰ কোনে কাক কিয় কৈছিল? বুজাই লিখা।

উত্তৰঃ ওপৰৰ কথাষাৰ ডাঃ কাকতিয়ে অতনুৰ মাকক কৈছিল। এদিন হঠাৎ অহা বৰষুণজাকত তিতি-বুৰি অতনু স্কুলৰ পৰা ঘৰলৈ অহাৰ পাছত ৰাতিৰ পৰা তাৰ তীৰকঁপে জ্বৰ উঠিল। মাকে কপালত জলপটী দি গোটেই ৰাতি তাৰ শিতানত বহি থাকিল যদিও পিছদিনা পুৱাৰ পৰা অতনুৰ পেটৰ বিষো আৰম্ভ হ’ল। উপায়হীন হৈ দেউতাকে পিছদিনা পুৱাই স্থানীয় চিকিৎসক ডাঃ কাকতিক মাতি আনিলে। ডাঃ কাকতিয়ে দৰৱৰ নামবোৰ লিখি থাকোঁতে ওপৰৰ কথাষাৰ কৈছিল।


প্ৰশ্ন ৬


(ক) ‘অতনু’ চৰিত্ৰটোৰ বিষয়ে লিখা।

উত্তৰঃ অতনু গল্পটোৰ মুখ্য চৰিত্ৰ। চৰিত্ৰটোৰ মাজেৰে সপ্তম শ্ৰেণীৰ এজন ছাত্ৰৰ মনৰ ভাব প্ৰকাশ পাইছে। তাৰ খেলা-ধূলাৰ প্ৰতি বৰ ৰাপ আছিল। অতনুৱে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিব পৰা নাছিল, কাৰণ তাৰ পাইলট, আৰক্ষী বিষয়া, শিক্ষক, ডাক্তৰ আদি বিভিন্ন পেছাত যোগ দিয়াৰ ইচ্ছা আছিল। সি গল্পৰ কিতাপ আৰু দুঃসাহসিক অভিযানৰ কিতাপ পঢ়ি ভাল পাইছিল।


(খ) গল্পটোত থকা আন আন চৰিত্ৰসমূহৰ বিষয়ে একোটাকৈ দফা লিখা।

১। মনালিছা বৰুৱা বাইদেউঃ মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ নতুনকৈ অহা এগৰাকী শিক্ষয়িত্ৰী আছিল। তেওঁ অতনুহঁতক কচৰৎ শিকাইছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ লক্ষ্যৰ বিষয়ে বুজাইছিল। তেওঁ কৈছিল, “লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে।” তেওঁ ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য স্থিৰ কৰি সপোন সাকাৰ কৰিবলৈ অধ্যৱসায় কৰাৰ কথা কৈছিল।

২। মনোজ খুৰাঃ মনোজ খুৰা অতনুৰ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু আছিল। তেওঁ অতনুহঁতৰ স্থানীয় থানাখনৰ আৰক্ষী বিষয়া হিচাপে মফস্বলীয়া চহৰখনলৈ আহিছিল। অতনুৱে মনোজ খুৰাৰ দৰে এজন ভাল আৰক্ষী বিষয়া হ’ব বিচাৰিছিল।

৩। ডাঃ কাকতিঃ ডাঃ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল। তেওঁ অতনুহঁতৰ গাঁৱৰ স্থানীয় চিকিৎসক আছিল। তেওঁ ৰোগীৰ গাত হাত দিলেই আধা বেমাৰ ভাল হৈ যোৱাৰ দৰে অনুভৱ হৈছিল।

৪। ৰজত দাদাঃ ৰজত অতনুহঁতৰ চুবুৰিৰ এজন দাদা। তেওঁ নতুনকৈ সেনা বাহিনীত যোগদান কৰি দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব লৈ কাশ্মীৰ সীমান্তলৈ গৈছিল।


প্ৰশ্ন ৭। ‘ক’ অংশৰ লগত ‘খ’ অংশৰ অৰ্থ মিলোৱা।

‘ক’ অংশ ‘খ’ অংশ
সপোন সাকাৰ কৰা সপোন বাস্তৱায়িত কৰা
অতৰ্কিত আক্ৰমণ অকস্মাতে কৰা আক্ৰমণ
মফস্বলীয় চহৰ প্ৰধান নগৰ বা ৰাজধানীৰ বাহিৰৰ ঠাই
অনাকাংক্ষিত ঘটনা আশা নকৰা ঘটনা
অনাহুত বিপদ নভবা-নিচিন্তাকৈ হোৱা বিপদ
ৰোমাঞ্চিত কৰা মন পুলকিত কৰা
কৃতজ্ঞতাত গদগদ হোৱা ভাবাবেগত আকুল হোৱা
কথা পাগুলিয়াই থকা একেটা কথাকে মনত ভাবি থকা
তীৰকঁপে জ্বৰ তীব্ৰ জ্বৰ


চমু প্ৰশ্ন আৰু উত্তৰ


১। অতনুৱে কাৰ দৰে ব্যৱসায়ী হোৱাৰ কথা ভাবিছিল?

উত্তৰঃ অতনুৱে দেউতাকৰ দৰে ব্যৱসায়ী হোৱাৰ কথা ভাবিছিল।


২। মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ কি হিচাপে আহিছিল
?

উত্তৰঃ মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ নতুনকৈ শিক্ষয়িত্ৰী হিচাপে আহিছিল।


৩। অতনুৰ ক্ৰীড়া আৰু যোগৰ শ্ৰেণী কোনে লৈছিল?

উত্তৰঃ অতনুৰ ক্ৰীড়া আৰু যোগৰ শ্ৰেণী দিব্যেন্দু ছাৰে লৈছিল।


৪। লক্ষ্যহীন জীৱনক বাইদেৱে কিহৰ সৈতে তুলনা কৰিছিল?

উত্তৰঃ লক্ষ্যহীন জীৱনক বাইদেৱে ব’ঠাহীন নাৱৰ সৈতে তুলনা কৰিছিল।


৫। মনোজ খুৰা পেছাত কি আছিল?

উত্তৰঃ মনোজ খুৰা পেছাত এজন আৰক্ষী বিষয়া আছিল।


৬। মনোজ খুৰা অতনুৰ দেউতাকৰ কেনেকুৱা বন্ধু আছিল
?

উত্তৰঃ মনোজ খুৰা অতনুৰ দেউতাকৰ কলেজীয়া দিনৰ বন্ধু আছিল।


৭। অতনুহঁতৰ চহৰখনত দুষ্ট মানুহে কাক অপহৰণ কৰিছিল?

উত্তৰঃ অতনুহঁতৰ চহৰখনত দুষ্ট মানুহে দুজনী সৰু ছোৱালীক অপহৰণ কৰিছিল।


৮। অতনুৱে কি কৰি আটাইতকৈ বেছি ভাল পাইছিল?

উত্তৰঃ অতনুৱে খেলা-ধূলা কৰি আটাইতকৈ বেছি ভাল পাইছিল।


৯। ডাঃ কাকতি কেনেকুৱা ব্যক্তি আছিল?

উত্তৰঃ ডাঃ কাকতি বৰ মৰমিয়াল আৰু ৰসিক ব্যক্তি আছিল।


১০। অতনুৱে কাৰ দৰে আৰক্ষী বিষয়া হ’ব বিচাৰিছিল?

উত্তৰঃ অতনুৱে মনোজ খুৰাৰ দৰে এজন সুনিপুণ আৰক্ষী বিষয়া হ’ব বিচাৰিছিল।


১১। ডাঃ কাকতিৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ কি খোৱা প্ৰয়োজন?

উত্তৰঃ ডাঃ কাকতিৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ বতৰৰ সতেজ ফল-মূল আৰু শাক-পাচলি খোৱা প্ৰয়োজন।


১২। ‘দেহা থাকিলেহে বেহা’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ‘দেহা থাকিলেহে বেহা’ কথাষাৰ ডাঃ কাকতিয়ে কৈছিল।


১৩। অতনুৱে আজৰি সময়ত কি পঢ়ি ভাল পাইছিল?

উত্তৰঃ অতনুৱে আজৰি সময়ত গল্প-পুথি আৰু দুঃসাহসিক অভিযানৰ কিতাপ পঢ়ি ভাল পাইছিল।


১৪। প্ৰতিৰক্ষা কাক বোলে?

উত্তৰঃ প্ৰতিৰক্ষা হ’ল দেশৰ সুৰক্ষা।


দীঘল প্ৰশ্ন আৰু উত্তৰ


১। মনালিছা বৰুৱা বাইদেৱে জীৱনৰ লক্ষ্যৰ বিষয়ে অতনুহঁতৰ শ্ৰেণীত কি বুজাইছি
ল?

উত্তৰঃ মনালিছা বৰুৱা বাইদেউ অতনুহঁতৰ বিদ্যালয়লৈ নতুনকৈ অহা এগৰাকী শিক্ষয়িত্ৰী আছিল। প্ৰথম দিনাখনেই তেওঁ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ হৈ কি হ’ব বিচাৰে বুলি সুধিছিল। জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ গুৰুত্ব বুজাবলৈ গৈ বাইদেৱে কৈছিল যে লক্ষ্যহীন জীৱন ব’ঠাহীন নাৱৰ দৰে। এখন ব’ঠাহীন নাৱে যেনেকৈ নিজৰ গন্তব্যস্থান বিচাৰি নাপায়, ঠিক তেনেকৈ লক্ষ্যহীন মানুহেও জীৱনত নিৰ্দিষ্ট দিশত আগবাঢ়িব নোৱাৰে। সেয়েহে প্ৰতিগৰাকী মানুহৰে জীৱনত এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে। সেই লক্ষ্যত উপনীত হ’বলৈ সপোন থাকিব লাগিব আৰু সপোন সাকাৰ কৰিবৰ বাবে অধ্যৱসায় কৰিব লাগিব।


২। অতনুৱে আৰক্ষী বা পুলিচ বিষয়া হ’ম বুলি কিয় ভাবিছিল আৰু ইয়াৰ পৰা তাৰ মনত কি ভাব জাগিছিল?

উত্তৰঃ অতনুৱে আজৰি সময়ত গল্প-পুথি আৰু দুঃসাহসিক অভিযানৰ কাহিনী পঢ়ি ভাল পাইছিল। ইয়াৰ উপৰি সি দেউতাকৰ বন্ধু তথা আৰক্ষী বিষয়া মনোজ খুৰাৰ ব্যক্তিত্ব আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দুষ্ট মানুহে সৰু ল’ৰা-ছোৱালীক অপহৰণ কৰা ঘটনাবোৰ শুনি সি ভাবিছিল যে ডাঙৰ হ’লে মনোজ খুৰাৰ দৰে এজন সুনিপুণ আৰু সাহসী আৰক্ষী বিষয়া হ’ব, যাতে সৰু ল’ৰা-ছোৱালীবোৰৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু সীমান্তত পহৰা দি থকা সৈনিকসকলৰ কথা ভাবি তাৰ মনত দেশপ্ৰেম আৰু কৃতজ্ঞতাৰ ভাব জাগিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects