The Joy of Helping
1. Let’s check how much we have understood. Choose the correct alternative from the following options.
চাওঁ আহা, আমি কিমান বুজি পালোঁ। তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(a) The headmaster was talking about —
প্ৰধান শিক্ষকজনে কিহৰ বিষয়ে কৈ আছিল?
(i) Flood damage. (বানপানীৰ ক্ষয়-ক্ষতি)
(ii) Soil erosion. (ভূমিক্ষয়)
(iii) Earthquake disasters. (ভূমিকম্পৰ দুৰ্যোগ)
(iv) Deforestation. (বনাঞ্চল ধ্বংস)
Ans: (iii) Earthquake disasters.
(iii) ভূমিকম্পৰ দুৰ্যোগ।
(b) The headmaster sought contributions from teachers and students —
প্ৰধান শিক্ষকজনে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পৰা কিয় বৰঙণি বিচাৰিছিল?
(i) To help the flood-affected people. (বানপীড়িত লোকসকলক সহায় কৰিবলৈ)
(ii) To organise a function at school. (বিদ্যালয়ত এটা অনুষ্ঠান আয়োজন কৰিবলৈ)
(iii) To help earthquake-hit people. (ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ)
(iv) To go for a picnic. (বনভোজলৈ যাবলৈ)
Ans: (iii) To help earthquake-hit people.
(iii) ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ।
(c) Raju thought of contributing —
অসমীয়া অৰ্থঃ ৰাজুৱে কি কি সামগ্ৰী বৰঙণি হিচাপে দিয়াৰ কথা ভাবিছিল?
(i) Bread, butter and fruits. (ৰুটী, মাখন আৰু ফলমূল)
(ii) Bread, biscuits and fruits. (ৰুটী, বিস্কুট আৰু ফলমূল)
(iii) Clothes, water and money. (কাপোৰ, পানী আৰু টকা)
(iv) Water, biscuits and bread. (পানী, বিস্কুট আৰু ৰুটী)
Ans: (ii) Bread, biscuits and fruits.
(ii) ৰুটী, বিস্কুট আৰু ফলমূল।
(d) The contributions were carried to the earthquake-affected area in —
ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চললৈ বৰঙণিৰ সামগ্ৰীসমূহ কিহেৰে কঢ়িয়াই নিয়া হৈছিল?
(i) A cart. (এখন ঠেলাগাড়ী)
(ii) A goods van. (এখন মালবাহী ভান)
(iii) A mini truck. (এখন সৰু ট্ৰাক)
(iv) A tractor. (এখন ট্ৰেক্টৰ)
Ans: (ii) A goods van.
(ii) এখন মালবাহী ভান।
(e) The team members of the school felt very —
বিদ্যালয়ৰ দলটোৰ সদস্যসকলে কেনে অনুভৱ কৰিছিল?
(i) Happy to help the people in misery. (দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি সুখী হৈছিল)
(ii) Funny at helping the people in misery. (দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি ধেমেলীয়া অনুভৱ কৰিছিল)
(iii) Sad to help the people in misery. (দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি দুখী হৈছিল)
(iv) Worried about helping the people in misery. (দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰাৰ বিষয়ে চিন্তিত হৈছিল)
Ans: (i) Happy to help the people in misery.
(i) দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি সুখী হৈছিল।
(f) When we help someone, we always feel —
আমি যেতিয়া কাৰোবাক সহায় কৰোঁ, তেতিয়া সদায় কেনে অনুভৱ কৰোঁ?
(i) Miserable. (দুৰ্দশাগ্ৰস্ত)
(ii) Happy. (সুখী)
(iii) Sad. (দুখী)
(iv) Funny. (ধেমেলীয়া)
Ans: (ii) Happy.
(ii) সুখী।
2. Arrange the following sentences as they happened in the lesson.
পাঠটোত ঘটনাসমূহ যি ক্ৰমত ঘটিছিল, সেই ক্ৰমত তলৰ বাক্যসমূহ সজাই লিখা।
Ans:
(i) People have lost their homes and belongings.
মানুহে নিজৰ ঘৰ-বাৰী আৰু সা-সম্পত্তি হেৰুৱাইছে।
(ii) Tomorrow, after morning assembly, we will collect your contributions.
কাইলৈ পুৱাৰ প্ৰাৰ্থনা সভাৰ পাছত আমি তোমালোকৰ বৰঙণিসমূহ সংগ্ৰহ কৰিম।
(iii) During the lunch break, Nita, Gita and Raju were discussing their contributions.
অসমীয়া অৰ্থঃ দুপৰীয়াৰ আহাৰ বিৰতিৰ সময়ত নীতা, গীতা আৰু ৰাজুৱে তেওঁলোকৰ বৰঙণিৰ বিষয়ে আলোচনা কৰি আছিল।
(iv) The goods van and a team of volunteers, including Raju and Rita, then left for their destination.
তাৰ পাছত ৰাজু আৰু ৰীতাকে ধৰি স্বেচ্ছাসেৱকসকলৰ এটা দল মালবাহী ভানখনত নিজৰ গন্তব্যস্থানলৈ ৰাওনা হ’ল।
(v) The team members felt very happy to have helped the people in distress.
দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই দলটোৰ সদস্যসকলে বৰ সুখ অনুভৱ কৰিছিল।
3. Let’s read, think and write.
আহা, পঢ়োঁ, চিন্তা কৰোঁ আৰু লিখোঁ।
(a) While going to school, you find a puppy in a muddy ditch. The puppy has fallen into the ditch and is struggling to come out. What will you do in this situation? Write three sentences on the action you would take.
বিদ্যালয়লৈ গৈ থাকোঁতে তুমি এটা বোকাময় খাৱৈত কুকুৰৰ পোৱালি এটা দেখিলা। পোৱালিটো খাৱৈত পৰি ওলাই আহিবলৈ চেষ্টা কৰি আছে। এনে পৰিস্থিতিত তুমি কি কৰিবা? তুমি ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে তিনিটা বাক্য লিখা।
Ans:
(i) I will carefully take the puppy out of the muddy ditch.
মই সাৱধানে কুকুৰৰ পোৱালিটোক বোকাময় খাৱৈটোৰ পৰা উলিয়াই আনিম।
I will clean the puppy with fresh water and keep it warm.
মই পৰিষ্কাৰ পানীৰে পোৱালিটোক ধুই গৰমকৈ ৰাখিম।
(iii) I will take the puppy to a veterinarian if it is injured.
অসমীয়া অৰ্থঃ পোৱালিটো আঘাতপ্ৰাপ্ত হ’লে মই তাক পশু চিকিৎসকৰ ওচৰলৈ লৈ যাম।
(b) One of your friends gets injured in a friendly football match at your school. Write three sentences on how you will help him.
তোমাৰ বিদ্যালয়ত অনুষ্ঠিত এখন বন্ধুত্বপূৰ্ণ ফুটবল খেলত তোমাৰ এজন বন্ধু আঘাতপ্ৰাপ্ত হ’ল। তুমি তেওঁক কেনেকৈ সহায় কৰিবা, সেই বিষয়ে তিনিটা বাক্য লিখা।
Ans:
(i) I will help my friend sit in a safe place.
মই মোৰ বন্ধুক এখন নিৰাপদ ঠাইত বহিবলৈ সহায় কৰিম।
(ii) I will inform our teacher and get first aid for him.
অসমীয়া অৰ্থঃ মই আমাৰ শিক্ষকক জনাম আৰু বন্ধুৰ বাবে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিম।
(iii) I will take him to a doctor if necessary.
প্ৰয়োজন হ’লে মই তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাম।
4. Choose the appropriate meaning of the underlined words from the given options.
তলত দিয়া বিকল্পসমূহৰ পৰা আঁচটনা শব্দসমূহৰ উপযুক্ত অৰ্থ বাছি উলিওৱা।
(a) “The earthquake destroyed many areas of our neighbouring district.”
ভূমিকম্পটোৱে আমাৰ চুবুৰীয়া জিলাৰ বহু অঞ্চল ধ্বংস কৰিছিল।
(i) Broke. (ভাঙিছিল)
(ii) Moved. (স্থানান্তৰিত কৰিছিল)
(iii) Built. (নিৰ্মাণ কৰিছিল)
(iv) Damaged. (ক্ষতিগ্ৰস্ত কৰিছিল)
Ans: (iv) Damaged.
(iv) ক্ষতিগ্ৰস্ত কৰিছিল।
(b) “The teachers and students then left for their destination.” Destination here refers to —
শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল তাৰ পাছত নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছিল। ইয়াত ‘Destination’ শব্দটোৱে কি বুজাইছে?
(i) The playground. (খেলপথাৰ)
(ii) Their school. (তেওঁলোকৰ বিদ্যালয়)
(iii) Distant village. (দূৰৱৰ্তী গাঁও)
(iv) Earthquake-affected place. (ভূমিকম্পত ক্ষতিগ্ৰস্ত ঠাই)
Ans: (iv) Earthquake-affected place.
(iv) ভূমিকম্পত ক্ষতিগ্ৰস্ত ঠাই।
(c) “They were very sad to see the plight and misery of the people.”
মানুহবোৰৰ দুৰ্দশা আৰু দুখ-কষ্ট দেখি তেওঁলোক বৰ দুখী হৈছিল।
(i) Playful environment. (ধেমেলীয়া পৰিৱেশ)
(ii) Difficult and sad situation. (কঠিন আৰু দুখজনক পৰিস্থিতি)
(iii) Happy situation. (সুখৰ পৰিস্থিতি)
(iv) Faces. (মুখমণ্ডল)
Ans: (ii) Difficult and sad situation.
(ii) কঠিন আৰু দুখজনক পৰিস্থিতি।
(d) “Everyone was very grateful to the volunteers for their help.”
অসমীয়া অৰ্থঃ স্বেচ্ছাসেৱকসকলৰ সহায়ৰ বাবে সকলোৱে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আছিল।
(i) Satisfied. (সন্তুষ্ট)
(ii) Happy. (সুখী)
(iii) Thankful. (কৃতজ্ঞ)
(iv) Joyful. (আনন্দিত)
Ans: (iii) Thankful.
অসমীয়া উত্তৰঃ (iii) কৃতজ্ঞ।
5. Read the following sentences.
তলত দিয়া বাক্যসমূহ পঢ়া।
(a) They were very sad to see the plight and misery of the people there.
তাত থকা মানুহবোৰৰ দুৰ্দশা আৰু দুখ-কষ্ট দেখি তেওঁলোক বৰ দুখী হৈছিল।
(b) The team members felt very happy to have helped the people in distress.
দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি দলটোৰ সদস্যসকলে বৰ সুখ অনুভৱ কৰিছিল।
The first sentence expresses sadness and the second sentence expresses happiness. Now, choose appropriate words from the butterfly and write in the boxes to make meaningful sentences.
প্ৰথম বাক্যটোৱে দুখ প্ৰকাশ কৰিছে আৰু দ্বিতীয় বাক্যটোৱে সুখ প্ৰকাশ কৰিছে। এতিয়া পখিলাটোৰ পৰা উপযুক্ত শব্দ বাছি লৈ বাকচসমূহত লিখি অৰ্থপূৰ্ণ বাক্য গঠন কৰা।
Ans:
(i) A kind man shows kindness.
এজন দয়ালু মানুহে দয়া প্ৰদৰ্শন কৰে।
(ii) A happy man shows happiness.
এজন সুখী মানুহে সুখ প্ৰকাশ কৰে।
(iii) A sincere person shows sincerity.
এজন আন্তৰিক ব্যক্তিয়ে আন্তৰিকতা প্ৰদৰ্শন কৰে।
(iv) A brave soldier shows bravery.
এজন সাহসী সৈনিকে সাহসিকতা প্ৰদৰ্শন কৰে।
(v) An honest man shows honesty.
এজন সৎ মানুহে সততা প্ৰদৰ্শন কৰে।
6. Read the following line.
তলৰ শাৰীটো পঢ়া।
“A team of volunteers …”
“স্বেচ্ছাসেৱকসকলৰ এটা দল …”
The underlined word stands for a collection or a group of people. Now read the following sentences. They all contain words that show a collection.
আঁচটনা শব্দটোৱে মানুহৰ এটা দল বা সমষ্টিক বুজায়। এতিয়া তলৰ বাক্যসমূহ পঢ়া। এই বাক্যসমূহত সমষ্টি বা গোট বুজোৱা শব্দ আছে।
(a) A flock of sheep was grazing in the field.
পথাৰত এজাক ভেড়াই ঘাঁহ খাই আছিল।
(b) I have a bunch of keys.
মোৰ ওচৰত এথোপা চাবি আছে।
(c) Can you see the herd of cattle?
তুমি গৰুৰ জাকটো দেখিছানে?
(d) He gave me a bundle of sticks.
তেওঁ মোক এমুঠা লাঠি দিলে।
(e) A delegation of teachers visited the Chief Minister.
শিক্ষকসকলৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল।
7. Fill in the blanks by choosing the correct word.
শুদ্ধ শব্দ বাছি লৈ খালী ঠাই পূৰ কৰা।
Words: Players, Birds, Books, Elephants, Flowers.
খেলুৱৈ, চৰাই, কিতাপ, হাতী, ফুল।
(a) A team of __________.
Ans: A team of players.
খেলুৱৈৰ এটা দল।
(b) A flock of __________.
Ans: A flock of birds.
চৰাইৰ এটা জাক।
(c) A bunch of __________.
Ans: A bunch of flowers.
অসমীয়া অৰ্থঃ এথোপা ফুল।
(d) A bundle of __________.
Ans: A bundle of books.
এজাপ কিতাপ।
(e) A herd of __________.
Ans: A herd of elephants.
অসমীয়া অৰ্থঃ হাতীৰ এটা জাক।
8. Look up the meanings of these words in a dictionary.
তলৰ শব্দসমূহৰ অৰ্থ অভিধানত বিচাৰি উলিওৱা।
| Word | English Meaning | অসমীয়া অৰ্থ |
|---|---|---|
| Ring | To make a bell-like sound | ঘণ্টা বাজা বা বজোৱা |
| Occur | To happen or take place | ঘটা বা সংঘটিত হোৱা |
| Belongings | Things owned by a person | সা-সম্পত্তি, নিজৰ বস্তু |
| Injure | To hurt or cause physical harm | আঘাত কৰা |
| Victim | A person harmed by an accident or disaster | ক্ষতিগ্ৰস্ত ব্যক্তি, ভুক্তভোগী |
| Contribution | Something given to help others | বৰঙণি, অৱদান |
9. Look at the pictures and read.
ছবিসমূহ চোৱা আৰু পঢ়া।
It was 8:30 in the morning. Rohit, Nikhil and Anjuma were walking to school. Abhi was in his wheelchair. His father was taking him to school.
ৰাতিপুৱা ৮:৩০ বাজিছিল। ৰোহিত, নিখিল আৰু আঞ্জুমাই খোজকাঢ়ি বিদ্যালয়লৈ গৈ আছিল। অভি নিজৰ হুইলচেয়াৰত বহি আছিল। তাৰ দেউতাকে তাক বিদ্যালয়লৈ লৈ গৈ আছিল।
The children noticed Abhi. Rohit came forward and asked Abhi’s father, “Uncle, can we take Abhi to school?” “Oh yes,” said Abhi’s father. “He will enjoy your company.” Rohit, Nikhil and Anjuma took Abhi with them to school.
ল’ৰা-ছোৱালীকেইটাই অভিক দেখা পালে। ৰোহিতে আগবাঢ়ি আহি অভিৰ দেউতাকক সুধিলে, “খুৰা, আমি অভিক বিদ্যালয়লৈ লৈ যাব পাৰোঁনে?” অভিৰ দেউতাকে ক’লে, “অ’, নিশ্চয় পাৰিবা। তোমালোকৰ সংগ পাই সি ভাল পাব।” ৰোহিত, নিখিল আৰু আঞ্জুমাই অভিক তেওঁলোকৰ লগত বিদ্যালয়লৈ লৈ গ’ল।
10. (a) Read what Rohit told his teacher after he reached school.
বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত ৰোহিতে শিক্ষকক কি কৈছিল, পঢ়া।
We were walking to school today at 8:30 in the morning. We met Abhi and his father on the way. Abhi was in his wheelchair. His father was taking him to school. I asked him if Abhi could come with us. He agreed, and Abhi came with us.
আজি ৰাতিপুৱা ৮:৩০ বজাত আমি খোজকাঢ়ি বিদ্যালয়লৈ গৈ আছিলোঁ। বাটত আমি অভি আৰু তাৰ দেউতাকক লগ পালোঁ। অভি নিজৰ হুইলচেয়াৰত বহি আছিল। তাৰ দেউতাকে তাক বিদ্যালয়লৈ লৈ গৈ আছিল। মই তেওঁৰ পৰা অভি আমাৰ লগত আহিব পাৰিবনে বুলি সুধিলোঁ। তেওঁ সন্মতি দিলে আৰু অভি আমাৰ লগত আহিল।
Now, complete the following passage with the words given in the help box.
এতিয়া সহায়ক বাকচত দিয়া শব্দসমূহ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা।
Help Box: Was taking, Was walking, Were walking, Was sitting.
Ans: Rohit, Nikhil and Anjuma were walking to school. Abhi was sitting in his wheelchair. His father was walking behind him. He was taking Abhi to school.
ৰোহিত, নিখিল আৰু আঞ্জুমাই খোজকাঢ়ি বিদ্যালয়লৈ গৈ আছিল। অভি নিজৰ হুইলচেয়াৰত বহি আছিল। তাৰ দেউতাকে তাৰ পিছফালে খোজকাঢ়ি গৈ আছিল। তেওঁ অভিক বিদ্যালয়লৈ লৈ গৈ আছিল।
10. (b) Write what you were doing at the following times yesterday.
যোৱাকালি তলত দিয়া সময়সমূহত তুমি কি কৰি আছিলা, লিখা।
(i) At 8 o’clock in the morning yesterday, __________.
Ans: At 8 o’clock in the morning yesterday, I was eating my breakfast.
যোৱাকালি ৰাতিপুৱা ৮ বজাত মই ৰাতিপুৱাৰ আহাৰ খাই আছিলোঁ।
(ii) At 4 o’clock in the evening yesterday, __________.
Ans: At 4 o’clock in the evening yesterday, I was playing with my friends.
যোৱাকালি বিয়লি ৪ বজাত মই মোৰ বন্ধুসকলৰ লগত খেলি আছিলোঁ।
11. The teacher was very happy with Rohit and his friends. They showed good manners. Read the words in the bubbles and add some more in the empty bubbles.
ৰোহিত আৰু তাৰ বন্ধুসকলৰ আচৰণ দেখি শিক্ষকজন বৰ সুখী হৈছিল। তেওঁলোকে ভাল আচাৰ-ব্যৱহাৰ দেখুৱাইছিল। বুদবুদসমূহত থকা শব্দবোৰ পঢ়া আৰু খালী বুদবুদসমূহত আৰু কিছুমান ভাল আচৰণৰ উদাহৰণ যোগ কৰা।
Ans: Good Manners (ভাল আচাৰ-ব্যৱহাৰ)
(i) Showing respect to teachers.
শিক্ষকসকলক সন্মান কৰা।
(ii) Helping others.
আনক সহায় কৰা।
(iii) Speaking politely.
নম্ৰভাৱে কথা কোৱা।
(iv) Respecting elders.
বয়োজ্যেষ্ঠসকলক সন্মান কৰা।
(v) Sharing things with friends.
বন্ধুসকলৰ লগত বস্তু ভাগ-বতৰা কৰা।
12. Read this passage to know about Abhi’s manners.
অসমীয়া অৰ্থঃ অভিৰ আচাৰ-ব্যৱহাৰৰ বিষয়ে জানিবলৈ তলৰ দফাটো পঢ়া।
Abhi is a loving boy. He speaks politely. He is honest and obedient. He shares his food with his friends. He is neat and tidy. He respects his teachers and elders. He is intelligent too. Everyone loves him.
অভি এজন মৰমিয়াল ল’ৰা। সি নম্ৰভাৱে কথা কয়। সি সৎ আৰু আজ্ঞাকাৰী। সি নিজৰ খাদ্য বন্ধুসকলৰ লগত ভাগ-বতৰা কৰি খায়। সি পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু পৰিপাটি। সি শিক্ষক আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰে। সি বুদ্ধিমানও। সকলোৱে তাক মৰম কৰে।
13. (a) Anjuma speaks very politely. Listen to what Anjuma says.
আঞ্জুমাই অতি নম্ৰভাৱে কথা কয়। আঞ্জুমাই কি কৈছে, মনোযোগেৰে শুনা।
13. (b) Complete these sentences with the polite forms given below.
তলত দিয়া নম্ৰতাসূচক বাক্যাংশসমূহ ব্যৱহাৰ কৰি বাক্যসমূহ সম্পূৰ্ণ কৰা।
Help Box: Would you mind, I’m very sorry, Excuse me, Please.
(i) __________, I broke your pencil.
Ans: I’m very sorry, I broke your pencil.
মই বৰ দুঃখিত, মই তোমাৰ পেঞ্চিলডাল ভাঙিলোঁ।
(ii) __________, can I borrow your pen?
Ans: Excuse me, can I borrow your pen?
অসমীয়া অৰ্থঃ ক্ষমা কৰিবা, মই তোমাৰ কলমটো ধাৰলৈ ল’ব পাৰোঁনে?
(iii) __________, write a letter for me.
Ans: Please, write a letter for me.
অনুগ্ৰহ কৰি মোৰ বাবে এখন চিঠি লিখি দিয়া।
(iv) __________, bringing a glass of water for me?
Ans: Would you mind bringing a glass of water for me?
মোৰ বাবে এগিলাচ পানী আনি দিবলৈ তোমাৰ অসুবিধা হ’ব নেকি?
14. Let us learn to make words by adding ‘ing’.
আহা, শব্দৰ লগত ‘ing’ যোগ কৰি নতুন শব্দ গঠন কৰিবলৈ শিকোঁ।
| Word | Adding ‘ing’ | অসমীয়া অৰ্থ |
|---|---|---|
| Love | Loving | মৰম কৰা |
| Care | Caring | যত্ন লোৱা |
| Share | Sharing | ভাগ-বতৰা কৰা |
| Make | Making | তৈয়াৰ কৰা |
We can also make words by doubling the last letter and adding ‘ing’ to them. Read these words.
কিছুমান শব্দৰ শেষৰ আখৰটো দুবাৰ লিখি তাৰ লগত ‘ing’ যোগ কৰিও নতুন শব্দ গঠন কৰিব পাৰি। তলৰ শব্দবোৰ পঢ়া।
| Word | Adding ‘ing’ | অসমীয়া অৰ্থ |
|---|---|---|
| Run | Running | দৌৰি থকা |
| Swim | Swimming | সাঁতুৰি থকা |
| Clip | Clipping | কাটি থকা |
| Cut | Cutting | কাটি থকা |
Now, make words by doubling the last letter and adding ‘ing’ to them.
এতিয়া শব্দৰ শেষৰ আখৰটো দুবাৰ লিখি ‘ing’ যোগ কৰি নতুন শব্দ গঠন কৰা।
Ans:
(i) Clap – Clapping (হাত চাপৰি বজাই থকা)
(ii) Sit – Sitting (বহি থকা)
(iii) Hop – Hopping (জঁপিয়াই থকা)
(iv) Tap – Tapping (লাহেকৈ টোকৰ মাৰি থকা)
15. Add ‘ly’ to make new words. Write the words. One is done for you.
শব্দৰ লগত ‘ly’ যোগ কৰি নতুন শব্দ গঠন কৰা। এটা উদাহৰণ হিচাপে কৰি দিয়া হৈছে।
Ans:
(i) Obedient – Obediently (আজ্ঞাকাৰীভাৱে)
(ii) Neat – Neatly (পৰিপাটিকৈ)
(iii) Honest – Honestly (সততাৰে)
(iv) Kind – Kindly (দয়ালুভাৱে)
(v) Intelligent – Intelligently (বুদ্ধিমত্তাৰে)
16. Imagine you are in a school summer camp. Write three things you should do and three things you should not do. Use the words given in the box.
কল্পনা কৰা যে তুমি বিদ্যালয়ৰ এখন গ্ৰীষ্মকালীন শিবিৰত আছা। তুমি কৰিবলগীয়া তিনিটা কাম আৰু কৰিব নলগীয়া তিনিটা কাম লিখা। বাকচত দিয়া শব্দসমূহ ব্যৱহাৰ কৰা।
Help Box: Obey my teachers, Tell lies, Quarrel, Share my things, Talk softly, Make a noise.
Ans:
| I should (মই কৰা উচিত) | I should not (মই কৰা উচিত নহয়) |
|---|---|
| (i) Obey my teachers. | (i) Tell lies. |
| (ii) Share my things. | (ii) Quarrel. |
| (iii) Talk softly. | (iii) Make a noise. |
অসমীয়া অৰ্থঃ
I should (মই কৰা উচিত):
(i) মই মোৰ শিক্ষকসকলৰ কথা মানি চলা উচিত।
(ii) মই মোৰ বস্তুবোৰ আনৰ লগত ভাগ-বতৰা কৰা উচিত।
(iii) মই নম্ৰভাৱে কথা কোৱা উচিত।
I should not (মই কৰা উচিত নহয়):
(i) মই মিছা কথা কোৱা উচিত নহয়।
(ii) মই কাজিয়া কৰা উচিত নহয়।
(iii) মই হুলস্থূল কৰা উচিত নহয়।
17. (a) Read the sentences on the chart.
তালিকাখনত দিয়া বাক্যসমূহ পঢ়া।
(i) Work hard.
কঠোৰ পৰিশ্ৰম কৰা।
(ii) Help the poor and the sick.
দুখীয়া আৰু অসুস্থ লোকসকলক সহায় কৰা।
(iii) Respect your elders.
বয়োজ্যেষ্ঠসকলক সন্মান কৰা।
(iv) Use a handkerchief while coughing.
কাহ মাৰোঁতে ৰুমাল ব্যৱহাৰ কৰা।
(v) Use a handkerchief while sneezing.
হাঁচি মাৰোঁতে ৰুমাল ব্যৱহাৰ কৰা।
(vi) Comb your hair neatly.
চুলিবোৰ পৰিপাটিকৈ আঁচুৰা।
Talk to your friends and add three more sentences to the list.
তোমাৰ বন্ধুসকলৰ লগত আলোচনা কৰি তালিকাখনত আৰু তিনিটা বাক্য যোগ কৰা।
Ans:
(i) Always speak the truth.
সদায় সঁচা কথা কোৱা।
(ii) Keep your surroundings clean.
তোমাৰ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখা।
(iii) Be kind and helpful to others.
আনৰ প্ৰতি দয়ালু আৰু সহায়কাৰী হোৱা।
17. (b) Write four sentences in cursive using ‘I must …’.
‘I must …’ ব্যৱহাৰ কৰি চাৰিটা বাক্য পকোৱা হাতৰ আখৰেৰে লিখা।
Ans:
(i) I must respect my teachers and elders.
মই মোৰ শিক্ষক আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগিব।
(ii) I must read every day.
মই প্ৰতিদিনে পঢ়িব লাগিব।
(iii) I must help poor and needy people.
মই দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক সহায় কৰিব লাগিব।
(iv) I must do my homework regularly.
মই নিয়মীয়াকৈ ঘৰুৱা কাম কৰিব লাগিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post