Might Learn Logo Might Learn Shop Might Learn

SCERT Class 2 Assamese Chapter 6 (part 2) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 6 (part 2) Question Answer Solution For Assam |

 Chapter 6(part 2)

পুতলা কিনিবা কোনে

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা:
ক) মিতালী, অনু আৰু অংকুৰ ক’লৈ গৈছিল?
উত্তৰ: বজাৰলৈ (√)

খ) মিতালীৰ কি খাবলৈ মন গৈছিল?
উত্তৰ: জিলাপি (√)

গ) পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল?
উত্তৰ: অংকুৰে (√)

লিখোঁ আহা

ক) তোমালোকে খুচুৰা পইচা ক’ত জমা কৰা?
উত্তৰ: মই খুচুৰা পইচা মাটিৰ পুতলাৰ ভিতৰত জমা কৰোঁ।

খ) জমা কৰা পইচাৰে তুমি কি কি কৰিবা?
উত্তৰ: জমা কৰা পইচাৰে মই সাধুকথাৰ কিতাপ আৰু পুতলা কিনিম।

সঠিক ঠাইত যতি চিহ্ন বহুৱাওঁ আহা:

বাক্য: আজি বজাৰৰ দিন, মিতালী, অনু আৰু অংকুৰ বজাৰলৈ আহিছে। তুমি বজাৰলৈ যাবানে?

লিখা — পাঠ “দেউতাক বজাৰলৈ গৈছিল” অনুসৰি

ক) কাৰ দেউতাক বজাৰলৈ গৈছিল?
উত্তৰ: ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল।

খ) দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল?
উত্তৰ: দেউতাকে ৰুক্মিণীৰ বাবে স্কুলবেগ আনিছিল।

গ) দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল?
উত্তৰ: দেউতাক দুটা মোনা লৈ কেঁকো-ছেঁকোবৈ আহি আছিল।

ঘ) ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাঁচিছিল?
উত্তৰ: ৰুক্মিণীয়ে দেউতাকক চুমা যাঁচিছিল কাৰণ দেউতাকে তাইৰ বাবে স্কুলবেগ আনিছিল আৰু তাই খুব খুশি হৈছিল।

ছবিৰ সৈতে সংগতি থকা বাক্য:
হিয়া মেলা চাবলৈ গ’ল।
প্রথমতে তাই জিলাপি খালে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects