SCERT Class 2 Assamese Chapter 7 Answer 2026 | আমাৰ স্বাস্থ্য | Chapter 7| Class 2 Assamese book Question Answer SCERT | আমাৰ স্বাস্থ্য Chapter 7 Question Answer Solution For Assam |

Chapter 7 – 

আমাৰ স্বাস্থ্য 

বনৌষধি

পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ:

ক) পদ্যটোত কি কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে?

উত্তৰ: পদ্যটোত কৈছে যে তুলসী, মানিমুনি, মহচন্দৰি, নার্জী পাত, থুপুকীলতা, চিৰতা, আৰু নিম পাতে ৰোগ নিৰাময় কৰে।

খ) কাহ হ’লে কি খাব লাগে?

উত্তৰ: কাহ হ’লে তুলসীৰ ৰসত মৌ খালে ভাল হয়।

গ) কি কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে?

উত্তৰ: চিৰতা আৰু নিম পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে।

ঘ) তোমাৰ ঘৰতে ৰোগ নিৰাময়ত সহায় কৰা কি কি গছ আছে?

উত্তৰ (উদাহৰণ স্বৰূপে): আমাৰ ঘৰতে তুলসী, নিম, ইলাচি, আদা আদি বনৌষধি গছ আছে।

ঙ) তোমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ’লে তুমি কি কৰা?

উত্তৰ: আমাৰ ঘৰতে কাৰোবাৰ বেমাৰ হ’লে মই তেখেতক আৰামৰ ব্যৱস্থা কৰো আৰু প্ৰয়োজন হলে চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ।

চ) কেতিয়াবা ক’ৰবাত দুখ পাই তেজ ওলালে কি কৰা?

উত্তৰ: তেজ ওলালে চাফা কাপোৰেৰে চেঁচি ধৰো আৰু লোন-পানীৰে ধুই পাৰিলে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A):

প্ৰশ্ন ছ) তুলসী পাত কিহৰ বাবে উপকাৰী?

উত্তৰ: তুলসী পাত কাহ আৰু ঠাণ্ডা নিৰাময়ত উপকাৰী।

প্ৰশ্ন জ) মানিমুনি আৰু মহুন্দৰি পাতে কি ৰোগ ভাল কৰে?

উত্তৰ: মানিমুনি আৰু মহুন্দৰি পাতে পেটৰ ৰোগ ভাল কৰে।

প্ৰশ্ন ঝ) কটা-ছিঙাত কি প্ৰয়োগ কৰিব পাৰি?

উত্তৰ: কটা-ছিঙাত নার্জী পাত বা থুপুকীলতা লগালে উপশম হয়।

সিংহ আৰু নাপিত

 পাঠৰ পৰা প্ৰশ্ন আৰু উত্তৰ

ক) কাৰ মূৰ খজুৱাইছিল?

উত্তৰ: সিংহটোৰ মূৰ খজুৱাইছিল।

খ) “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।” বুলি কোনে কাক কৈছিল?

উত্তৰ: নাপিতে সিংহক কৈছিল।

গ) সিংহটোৰ কিয় খং উঠিছিল?

উত্তৰ: নাপিতে চুলি বেয়াকৈ কাটিছিল, সেই বাবে সিংহটোৰ খং উঠিছিল।

ঘ) মূৰ খজুৱাই খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল?

উত্তৰ: সিংহ নাপিতৰ ওচৰলৈ গৈছিল।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Q&A)

ঙ) সিংহটোৱে চুলি কাটিবলৈ কোনৰ ওচৰলৈ গ’ল?

উত্তৰ: সিংহটোৱে চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল।

চ) সিংহটোৱে নাপিতক কি কৈছিল?

উত্তৰ: সিংহটোৱে কৈছিল “চুলিবোৰ ভালদৰে কাটিবা।”

ছ) নাপিতে সিংহটোক কি উপদেশ দিছিল?

উত্তৰ: নাপিতে সিংহটোক কৈছিল “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।”

জ) নাপিতে সিংহৰ চুলি কাটি কি কৰি পেলালে?

উত্তৰ: নাপিতে সিংহৰ মূৰ খালি কৰি দিলে।

✍️ লিখোঁ আহা

(ক) সিংহ আৰু নাপিতৰ কাহিনীটো নিজাবীয়াকৈ লিখোঁ আহা।

উত্তৰঃ এদিন সিংহটোৰ মূৰ খজুৱাব ধৰিলে। সিংহটোৱে ভাবিলে যে চুলি বহুত দীঘল হৈ পৰিছে। সেয়েহে সি চুলি কাটিবলৈ নাপিতৰ ওচৰলৈ গ’ল। নাপিতে সিংহক ভালদৰে বহি থাকিবলৈ কৈ চুলি কাটি ধৰিলে। কিন্তু চুলি কাটি সিংহটোক পোনে পোনে টপা কৰি পেলালে। এই দেখি সিংহটোৰ বৰ খং উঠিল।

এই কাহিনীৰ পৰা আমি শিকোঁ যে যি কাম নহয় সেয়া কৰিব নালাগে।

(খ) সংলাপ সম্পূৰ্ণ কৰা:

প্ৰশ্ন: “এয়া তুমি কি কৰিলা? মই চোন ——————-হৈ পৰিলোঁ।”

উত্তৰ: “এয়া তুমি কি কৰিলা? মই চোন টপা হৈ পৰিলোঁ।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top