Gauhati University BA 5th Sem Education (Major & Minor) Chapter 4 “শিক্ষণ আৰু শিকন কৌশল” Solution | FYUGP 5th Sem Education Paper 9 Chapter 4 Answer | 2025-2026 |

শিক্ষণ আৰু শিকন কৌশল

অতি চমু প্রশ্নোত্তৰ

১। অধিকাৰমূলক শিক্ষাদানৰ আচৰণত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পর্ক কিদৰে হয়?

উত্তৰ: অতি গতানুগতিক আৰু শিক্ষককেন্দ্রিক।

২। অধিকাৰমূলক শিক্ষাদানৰ এটা সুবিধা কি?

উত্তৰঃ ই শিক্ষার্থীসকলক শৃংখলাবদ্ধ কৰি তোলে।

৩। মুক্ত আচৰণত শিক্ষক কিমান সক্রিয় থাকে?

উত্তৰঃ অতি কম, কেৱল পৰিদৰ্শক হিচাপে থাকে।

৪। অধিকাৰমূলক আচৰণৰ এটা অসুবিধা কি?

উত্তৰঃ শিক্ষার্থীৰ স্বাধীনতা খর্ব হয়।

৫। অধিকাৰমূলক আচৰণ কোন স্তৰৰ শিক্ষাৰ বাবে উপযুক্ত?

উত্তৰঃ উচ্চ ডুৰব শিক্ষাৰ বাবে।

৬। শিকন প্রক্রিয়াত আবেগ কিমান গুৰুত্বপূর্ণ?

উত্তৰঃ বিশেষকৈ সমাজ বিজ্ঞান, সাহিত্য, বুৰঞ্জী আদিত আবেগৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

৭। শিকণৰ পূৰ্বকাৰ্যকৰী স্তৰ (Pre-active phase of Teaching) কেতিয়া আৰম্ভ হয়?

উত্তৰ: শ্ৰেণীত প্রবেশ কৰাৰ আগতে।

৮। শিক্ষণ প্রক্রিয়া বিজ্ঞান হোৱাৰ কাৰণ কি?

উত্তৰঃ ই প্ৰণালীবদ্ধ, যুক্তিযুক্ত আৰু বিশ্লেষণমূলক।

৯। শিকণৰ পৰৱৰ্তী ক্রিয়াশীল স্তৰ (Post-active phase of teaching)ত মূল কাম কি?

উত্তৰঃ শিক্ষার্থীৰ জ্ঞান মূল্যায়ন আৰু আচৰণ পর্যবেক্ষণ।

১০। স্মৃতি স্তৰৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ তথ্য সংগ্ৰহ আৰু মুখস্থ কৰা।

১১। বুজাৰ স্তৰ (Understanding Level) কেবল তথ্য সংগ্রহ নহয়, তাৰ লগত আন কি জড়িত?

উত্তৰঃ তথ্য বুজা আৰু ব্যাখ্যা কৰা।

১২। প্রতিফলিত স্তৰ (Reflective Level) শিক্ষাদানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি?

উত্তৰঃ চিন্তন আৰু সমস্যাৰ সমাধানৰ দক্ষতা গঢ়ি তোলা।

১৩। তিনিটা স্তৰৰ ভিতৰত আটাইতকৈ জটিল স্তৰ কোনটো?

উত্তৰঃ প্রতিফলিত স্তৰ (Reflective Level) |

চমু প্রশ্নোত্তৰ

১। শিক্ষাদানৰ আচৰণ বুলিলে কি বুজা যায়?

উত্তৰঃ শিক্ষাদানৰ আচৰণ বুলিলে শিক্ষকক কেন্দ্ৰ কৰি শ্রেণীকোঠাত শিক্ষার্থীৰ সৈতে কৰা আচৰণ, আন্তঃক্ৰিয়া, ব্যৱহৃত পদ্ধতি আৰু শিক্ষণ কৌশলৰ সমষ্টিগত ৰূপকেই বুজায়। ইয়াত শিক্ষকক শিক্ষাৰ প্রেৰক, সহায়ক আৰু নির্দেশক হিচাপে কিদৰে কাৰ্য কৰে, শিক্ষাৰ বিষয়বস্তু কেনেদৰে উপস্থাপন কৰে, শিক্ষার্থীৰ অংশগ্ৰহণৰ ধৰণ আৰু শিক্ষক-শিক্ষাৰ্থীৰ সম্পৰ্কৰ গঠন আদি বিষয়সমূহ অন্তর্ভুক্ত হয়। শিক্ষাদানৰ আচৰণৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি শ্রেণীকোঠাৰ পৰিৱেশ আৰু শিক্ষাৰ ফলাফল ভিন্ন হয়। এই আচৰণক সাধাৰণতে তিনিটা মুখ্য ভাগত ভাগ কৰা হয়— অধিকাৰমূলক, গণতান্ত্রিক আৰু মুক্ত (Laissez-faire) আচৰণ।

২। কিয় বর্তমান যুগত গণতান্ত্রিক শিক্ষাদানৰ আচৰণ অধিক উপযোগী?

উত্তৰঃ আধুনিক যুগৰ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিক্ষার্থীৰ চিন্তাশক্তি, বিশ্লেষণ ক্ষমতা, সামাজিকতা আৰু আত্মবিশ্বাসৰ বিকাশ। গণতান্ত্রিক আচৰণ এই সকলো ক্ষেত্ৰত বিশেষ সহায়ক। এই ধৰণৰ আচৰণত শিক্ষককে কেৱল পাঠদানকাৰী হিচাপে নহয়, বন্ধু আৰু পৰামৰ্শদাতাৰ ভূমিকাতো স্থাপন কৰা হয়। শিক্ষার্থীয়ে মুক্তভাৱে মত প্ৰকাশ, প্ৰশ্ন-উত্তৰ আৰু আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ ফলস্বৰূপ সৃজনশীলতা, সমালোচনামূলক দৃষ্টিভংগী আৰু আত্মনিয়ন্ত্ৰণৰ ক্ষমতা বিকাশ পায়। সেইকাৰণে গণতান্ত্রিক আচৰণ আধুনিক শিক্ষাৰ ক্ষেত্ৰত অধিক প্ৰাসংগিক আৰু ফলপ্ৰসূ হিচাপে বিবেচিত।

৩। শিকণৰ পূৰ্বকাৰ্যকৰী স্তৰ (Pre-active phase of Teaching) কি?

উত্তৰঃ শিক্ষণৰ পূৰ্ণ কার্যকৰী স্তৰক মূলতঃ শিকোৱা প্ৰক্ৰিয়াৰ পৰিকল্পনাৰ স্তৰ বুলি অভিহিত কৰিব পাৰি। শ্রেণী পৰিৱেশত অর্থাৎ, শ্ৰেণীত প্ৰৱেশ কৰাৰ আগতে শিক্ষকে যিবোৰ কার্যপদক্ষেপ হাতত লয় সেই সকলোবোৰকে শিক্ষণৰ পূর্ব কার্যকৰী স্তৰৰ অন্তৰ্ভূক্ত কৰা হয়। সৰল অৰ্থত, কোনো এটা নির্দিষ্ট বিষয়বস্তু শিকোৱাৰ বাবে শ্ৰেণীত প্ৰৱেশ কৰাৰ পূৰ্বৱর্তী মুহূৰ্তত শিক্ষকে যিবোৰ প্ৰস্তুতি চলায় সেই সকলোবোৰকে পূৰ্ব-কাৰ্যকৰী স্তৰৰ কাৰ্য বুলি কোৱা হয়।

৪। শিকণৰ পৰৱৰ্তী ক্রিয়াশীল স্তৰ (Post-active phase of teaching) কি?

উত্তৰ: শিকোৱা প্ৰক্ৰিয়াত শিকণৰ পৰৱৰ্তী ক্রিয়াশীল স্তৰৰ গুৰুত্ব আন দুটা স্তৰতকৈ কেতিয়াও কম নহয়। শিকোৱা প্ৰক্ৰিয়াৰ শেষৰ স্তৰটোকেই শিকণৰ পৰৱৰ্তী ক্রিয়াশীল স্তৰ বুলি অভিহিত কৰা হয়। এই স্তৰটোত ছাত্ৰ-ছাত্ৰীসকলে আহৰণ কৰা জ্ঞানৰ পৰিমাপন কৰা হয়। শিকোৱা প্ৰক্ৰিয়াৰ সমাপ্তিৰ পিছত কিছুসময় ছাত্র-ছাত্রীসকলক প্রশ্ন আদি সোধা হয়। এনে প্রশ্নসমূহ নির্দিষ্ট পাঠটোৰ গুৰুত্বপূৰ্ণ অংশৰ পৰা বাছি লোৱা হয়। শিকোৱা বিষয়বস্তুৰ কিমানখিনি কথা ছাত্র-ছাত্ৰীসকলে আহৰণ কৰিলে অথবা শিক্ষকৰ ব্যৰ্থতাৰ দিশ কোনবোৰ সেই সম্পর্কে প্রণালীবদ্ধ জ্ঞান আহৰণ কৰাটোৱেই এই স্তৰৰ মূল কাৰ্য। অর্থাৎ, শিকোৱা আৰু শিকা প্ৰক্ৰিয়াৰ প্ৰণালীবদ্ধ মূল্যায়ন কৰাৰ বাবে শৃংখলাবদ্ধভাৱে এই স্তৰটোত প্রচেষ্টা চলোৱা হয়। ইয়াৰোপৰি শিকোৱা প্ৰক্ৰিয়াৰ উদ্দেশ্যাবলী কিমান পৰিমাণে বাস্তৱায়িত হ’ল অথবা কোনবোৰ দিশৰ পুনৰাবৃত্তিৰ প্রয়োজন থাকি গ’ল সেই সম্পর্কেও মূল্যাংকন কৰা হয় শিকণৰ পৰৱৰ্তী ক্রিয়াশীল স্তৰৰ সহায়ত।

৫। গণতান্ত্রিক শিক্ষাদানৰ আচৰণৰ সুবিধা আৰু অসুবিধা আলোচনা কৰা।

উত্তৰঃ গণতান্ত্রিক আচৰণৰ শিক্ষাদানত শিক্ষার্থী কেন্দ্ৰবিন্দু হয়। ইয়াত শিকাৰ পদ্ধতি “Learning by Doing” আৰু মুক্ত পৰিৱেশত অনুষ্ঠিত হয়।

সুবিধাবোৰ

(ক) শিক্ষার্থীৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি পায়।

(খ) শৈক্ষিক কৃতিত্ব আৰু শিক্ষাৰ ফলপ্ৰসূতা উন্নত হয়।

(গ) মতামত প্ৰকাশৰ স্বাধীনতা থাকে।

(ঘ) শিক্ষক আৰু শিক্ষার্থীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠে।

অসুবিধাবোৰ

(ক) সিদ্ধান্ত গ্ৰহণত অধিক সময় লাগিব পাৰে।

(খ) অনুশাসনহীনতা বা উশৃংখলতা দেখা দিব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top