Gauhati University BA 5th Sem History (Major course) Chapter 5 “সমস্যা আৰু বিতর্ক” Solution | FYUGP 5th Sem History Paper 11 Chapter 5 Answer | সমস্যা আৰু বিতর্ক

সমস্যা আৰু বিতর্ক

অতি চমু প্ৰশ্ন উত্তৰঃ

১। মধ্যযুগত ভাৰতলৈ কোন নতুন ধর্ম আগমন কৰিছিল?

উত্তৰঃ ইছলাম ধৰ্ম।

২। মধ্যযুগত জাতি প্ৰসাৰণৰ এটা মুখ্য কাৰণ কি আছিল?

উত্তৰ: নতুন অঞ্চলত বসতি স্থাপন আৰু বাণিজ্যৰ প্ৰসাৰ।

৩। ‘নুৰজাহান’ শব্দৰ অৰ্থ কি?

উত্তৰঃ বিশ্বৰ পোহৰ।

৪। দুর্গাবতী কোন আছিল?

উত্তৰঃ গণ্ডৱানাৰ ৰাণী যি মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

৫। মোগল ৰাজদৰবাৰত যোধাবাঈক কি উপাধি দিয়া হৈছিল?

উত্তৰ: মৰিয়ম-উজ-জামানী।

৬। যদুনাথ চৰকাৰে অষ্টাদশ শতিকাক কি বুলি মন্তব্য কৰিছিল?

উত্তৰঃ কলা যুগ।

৭। নুৰজাহান কোনজন সম্ৰাটৰ পত্নী আছিল?

উত্তৰঃ মোগল সম্রাট জাহাঙ্গীৰ।

৮। মধ্যযুগীয় হিন্দু সমাজত মহিলাসকলৰ ওপৰত কিহৰ প্ৰচলন আছিল?

উত্তৰঃ সতীদাহ আৰু বাল্যবিবাহ।

৯। কোন সাম্ৰাজ্যৰ পতনৰ সুযোগত আঞ্চলিক শক্তিসমূহৰ উত্থান হৈছিল?

উত্তৰঃ মোগল সাম্রাজ্য।

১০। অষ্টাদশ শতিকাত কোনবোৰ আঞ্চলিক শক্তি বিশেষকৈ শক্তিশালী হৈছিল?

উত্তৰ: মাৰাঠা, শিখ, মহীশূৰ, হায়দৰাবাদ।

১১। ইংৰাজ শাসনৰ নতুন ভূমি ব্যৱস্থাৰ ফলত কৃষকৰ অৱস্থা কেনেকুৱা হৈছিল?

উত্তৰঃ ভূমিহীন হৈ পৰিছিল আৰু অধিক কৰৰ বোজা বহিবলৈ লাগিছিল।

১২। কোন সাম্ৰাজ্যৰ পতনৰ সুযোগত আঞ্চলিক শক্তিসমূহৰ উত্থান হৈছিল?

উত্তৰঃ মোগল সাম্রাজ্য।

১২। অষ্টাদশ শতিকা ভাৰতীয় ইতিহাসত কেনেকুৱা সময় হিচাপে পৰিগণিত হয়?

উত্তৰ: মধ্যযুগ আৰু আধুনিক যুগৰ পৰিৱৰ্তনৰ সময়।.

চমু প্ৰশ্ন উত্তৰঃ 

১। ইছলাম ধৰ্মৰ আগমনে মধ্যযুগীয় সমাজত কি প্রভাৱ পেলাইছিল?

উত্তৰঃ ইছলাম ধৰ্মৰ আগমন মধ্যযুগীয় ভাৰতীয় সমাজত বহুমুখী প্রভাৱ পেলাইছিল।। একেদৰে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ দুয়োটাই আছিল। নেতিবাচক দিশত, হিন্দু আৰু মুছলমানৰ মাজত ধর্মীয় সংঘাত বৃদ্ধি পাইছিল। সহনশীলতাৰ অভাৱত কেতিয়াবা সংঘাট, যুদ্ধ আৰু সামাজিক বিভাজন হৈছিল। ৰাজনৈতিকভাবে কিছু সংঘাত আৰু ক্ষমতা দখলৰ সংঘর্ষও হৈছিল।

২। মধ্যযুগৰ গ্ৰাম্য সমাজৰ মূল বৈশিষ্ট্য কি আছিল?

উত্তৰঃ মধ্যযুগৰ ভাৰতীয় গ্রাম্য সমাজ কৃষিকেন্দ্রিক আৰু আত্মনির্ভৰশীল আছিল। গাঁওবাসীয়ে নিজৰ মৌলিক প্রয়োজন অধিকাংশ গাঁওতেই পূৰণ কৰিছিল। সামাজিকভাবে গাঁও বিভিন্ন জাতি আৰু বৃত্তিত বিভক্ত আছিল। প্রতিজাতিৰ নির্দিষ্ট পেশা আছিল উদাহৰণস্বৰূপে কৃষকে শস্য উৎপাদন, কমাৰে লোহাৰ কাম, মৃৎশিল্পী মাটিৰ সামগ্রী নির্মাণ আদি। এই সমাজত পাৰস্পৰিক সহযোগিতা আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতাৰ সংস্কৃতি বর্তি আছিল। গাঁওসমূহত স্থানীয় ৰাজস্ব আৰু ন্যায়ব্যৱস্থা আছিল। শিক্ষাৰ সুযোগ সীমিত আছিল আৰু সাধাৰণতে উচ্চ জাতিৰ লোকসকলেহে ইয়াৰ সুবিধা পাইছিল।

৩। মধ্যযুগৰ ভাৰতৰ সমস্যাসমূহ কি কি আছিল?

উত্তৰঃ মধ্যযুগৰ ভাৰতত বহু গুৰুত্বপূৰ্ণ সমস্যা দেখা গৈছিল। ৰাজনৈতিক ক্ষেত্ৰত স্থিৰতাৰ অভাৱ আছিল; সাম্ৰাজ্যৰ উত্থান-পতন, অঞ্চল বিভাজন আৰু যুদ্ধ-সংঘাত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিছিল। গুপ্ত, পাল, চোল, দিল্লীৰ চুলতানী আৰু মোগল সাম্ৰাজ্যৰ সময়ত এই সমস্যাসমূহ বিশেষ প্ৰভাৱিত হৈছিল। ধর্মীয় দিশৰ পৰা ইছলাম ধৰ্মৰ আগমনে হিন্দু-মুছলমানৰ মাজত সংঘাত আৰু অশান্তি বৃদ্ধি কৰিছিল। সামাজিক ক্ষেত্ৰতো বৈষম্য, জাতিভেদ প্ৰথা আৰু অস্পৃশ্যতা সমাজত গভীৰ বিভাজন জন্মাইছিল।

৪। ‘গীল্ড’ বুলি কি বুজা যায়?

উত্তৰঃ ‘গীল্ড’ হৈছে মধ্যযুগত ব্যৱসায়ী বা শিল্পীসকলৰ দ্বাৰা গঠন কৰা এক সংগঠন, যাৰ মুখ্য উদ্দেশ্য আছিল সদস্যসকলৰ স্বাৰ্থ সুৰক্ষা আৰু পণ্যৰ গুণগত মান নিৰীক্ষণ। গীল্ডসকল পণ্য উৎপাদন, মূল্য নির্ধাৰণ আৰু গুণমানৰ মানদণ্ড ঠিক কৰি দিছিল। তদুপৰি, গীল্ডে নতুন সদস্যৰ প্ৰশিক্ষণ আৰু কৌশল বিকাশৰ ব্যৱস্থাও কৰিছিল। স্থানীয় আৰু বৈদেশিক বাণিজ্যত গীল্ডৰ উল্লেখযোগ্য ভূমিকা আছিল। কেতিয়াবা গীল্ডে ৰাজনৈতিকভাবে স্থানীয় শাসকৰ সৈতে বুজাবুজি কৰিছিল আৰু তেওঁলোকৰ পৰা বিশেষ সুবিধা লাভ কৰিছিল। গীল্ডে সদস্যসকলৰ মাজত ঐক্য বজাই ৰাখি বহিঃশত্রুক্ৰৰ পৰা সুৰক্ষাও দিছিল। বস্ত্রশিল্প, ধাতুশিল্প, মৃৎশিল্প আদি বিভিন্ন বৃত্তিত গীল্ডৰ উপস্থিতি আছিল। এই গঠন মধ্যযুগীয় অর্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল আৰু বৃত্তিগত সমৃদ্ধিৰ বাবে এক ঐক্যবদ্ধ প্রচেষ্টা প্রতিনিধিত্ব কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top