SVN Class 7 Social Science Chapter 2 Answer পৃথিৱীৰ অন্তৰ্ভাগ

পৃথিৱীৰ অন্তৰ্ভাগ

পাঠ ২

১ । ছিয়াল, ছিমা আৰু নিফ মানে কি লিখা?

উত্তৰঃ ছিয়াল, ছিমা আৰু নিফ হৈছে পৃথিৱীৰ উপৰিভাগৰ স্তৰ। ছিয়ালৰ সম্পূৰ্ণ অৰ্থ হৈছে- ছিলিকন (Silicon) + এলুমিনিয়াম (Aluminum)। ছিমাৰ সম্পূৰ্ণ অৰ্থ হৈছে- ছিলিকন (Silicon) + মেগনেছিয়াম (Magnesium) আৰু নিফৰ সম্পূৰ্ণ অৰ্থ হৈছে- নিকেল (Nickel) + লো (Ferrum)।

২। ভূপৃষ্ঠৰপৰা পৃথিৱীৰ কেন্দ্ৰলৈকে থকা স্তৰকেইটাৰ নাম লিখা।

উত্তৰঃ ভূপৃষ্ঠৰপৰা পৃথিৱীৰ কেন্দ্ৰলৈকে থকা স্তৰকেইটাৰ নাম হৈছে- ছিয়াল (SIAL), ছিমা (SIMA) আৰু নিফ (NIFE)।

৩। ভূত্বক মানে কি বুজা?

উত্তৰঃ ভূত্বক মানে হৈছে পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ পৃথিৱীৰ খোলা।

৪। ভূপৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ ঘনত্ব কিমান?

উত্তৰঃ ভূপৃষ্ঠৰ লগতে লাগি থকা স্তৰটোৰ ঘনত্ব হৈছে – ২.৭৫।

৫। আটাইতকৈ গধুৰ পদাৰ্থবোৰ থকা স্তৰটোৰ নাম লিখা।

উত্তৰঃ আটাইতকৈ গধুৰ পদাৰ্থবোৰ থকা স্তৰটোৰ নাম হৈছে – নিফ।

৬। পৃথিৱীৰ ভিতৰভাগৰ উত্তাপৰ পৰিমাণ কিমান?

উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰত উত্তাপ প্ৰায় ৬০০০° চেলছিয়াছ।

৭। মেণ্টেল বা প্ৰাবাৰ কি?

উত্তৰঃ মেণ্টেল বা প্ৰাবাৰ হৈছে পৃথিৱীৰ উপৰিভাগৰ পৰা ভিতৰভাগলৈ এটা ভাগ।

৮। কি কি তথ্যৰ সহায়ত আমি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিব পাৰোঁ?

উত্তৰঃ ভূমিকম্প আৰু জ্বালামুখী উদগিৰণৰদ্বাৰা ভূ-তাত্বিকবিদসকলে পৃথিৱীৰ কেন্দ্ৰৰ অৱস্থাৰ ধাৰণা কৰে।

৯। চিত্ৰৰ সহায়ত পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ এটি বৰ্ণনা দিয়া। 

উত্তৰঃ 

    পৃথিৱীৰ অভ্য়ন্তৰ ভাগত কেইবাটাও তৰপ আছে। পৃথিৱীৰ উপৰিভাগৰ পৰা যিমানে কেন্দ্ৰলৈ যোৱা যায় কেইবাটাও তৰপ পোৱা যায়। ইয়াৰ প্ৰথম তৰপটো হৈছে- ছিয়াল (SIAL), ছিমা (SIMA) আৰু নিফ (NIFE)।

ছিয়ালঃ ছিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা এই স্তৰটো গঠিত। এই স্তৰৰ ঘনত্ব হৈছে – ২.৭৫। ই মূলতঃ গ্ৰেণাইট জাতীয় শিলাৰে গঠিত।

ছিমাঃ ছিলিকন আৰু মেগনেছিয়াম নামৰ গুৰু উপাদানেৰে গঠিত এই তৰপটো প্ৰায় ২৯০০-৩১০০ কিলোমিটাৰ তললৈকে আছে। ইয়াৰ ঘনত্ব প্ৰায় ২.৯ – ৩.১ পৰ্যন্ত।

নিফঃ নিকেল আৰু লো অধিক থকা এই তৰপটোৰ ঘনত্ব ১১.০। ইয়াক কেন্দ্ৰমণ্ডল বোলা হয়। এই তৰপটো পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে ৩৫৪০ কিলোমিটাৰ ব্য়সাৰ্দ্ধৰে বিস্তৃত।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top