Might Learn Logo Might Learn Might Learn Shop

SVN Class 6 Assamese Chapter 3 Answer তৰা

তৰা

Chapter 3

১। শব্দ-অৰ্থঃ

নিবিষ্ট – নিমগ্ন, ডুবিথকা, বিভোৰ

ভোৰ – আপোন পাহৰা, মগ্ন

ওৰ – অন্ত, শেষ

ক্লেশ – কষ্ট, অশান্তি

আখি – চকু

নীৰ – পানী

আখিনীৰ – চকুলো, লোতক, চকুপানী

শঠতা – প্ৰবঞ্চনা, প্ৰতাৰণা, ঠগোৱা কাৰ্য

বিদ্বেষ – হিংসা ভাব, শত্ৰুতা

বিদৰ – বিদীৰ্ণ কৰ, ভাঙি গুড়ি কৰ, চুৰ্ণ কৰ

চিত – মন, হিয়া, অন্তৰ

কণা – কণিকা, ক্ষুদ্ৰ অংশ, নিচেই অকণ

সুবিমল – পৱিত্ৰ, নিকা, নিৰ্মল

সৌৰভ – সুগন্ধ, সুবাস

বিধাতা – ভগৱান, সৃষ্টিকৰ্তা

নিৰন্তৰ – চলি থকা, বাধাহীনভাৱে হৈ থকা, ঘটি থকা, আবিৰাম

চৰাচৰ – সচল আৰু অচল, গতিশীল আৰু স্থিৰ

বিধানিছে – বিহিছে, দিছে, নিয়ম কৰিছে

নিঃকিন দৰিদ্ৰ , গৰীব , যাৰ একো নাই , অতি দুখীয়া, দাল – দৰিদ্ৰ

২। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ

(ক) আকাশৰ তৰাবােৰ দেখি কবিৰ মনত কি কি ভাবৰ উদয় হৈছে?

উত্তৰঃ- আকাশৰ তৰাবােৰ দেখি কবিৰ মনত তেওঁলোক কোন, কিবা দুখ বা চিন্তাত তেনেকৈ স্তদ্ধ হৈ ৰৈ আছে নেকি-নে কিবা কামত একান্ত মনে লাগি আছে এনে ভাবৰ উদয় হৈছে।

(খ) আকাশীফুল ক’ত থাকে ; সেই ফুলৰ গুণ কি কি?

উত্তৰঃ- আকাশীফুল স্বৰ্গৰ উপবনত থাকে। সেই ফুলৰ গুণ হ’ল এই ফুল চিৰসুন্দৰ স্বৰ্গীয় ফুল, এই ফুল কেতিয়াও নুশুকায়।

(গ) অযুত কোটি বিধাতাৰ চকুৱে কি কৰে?

উত্তৰঃ- অযুত কোটি বিধাতাৰ চকুৱে পৃথিৱীৰ চাৰিওফালে ঘটি থকা পাপ-পুণ্য, ভাল-বেয়া দূৰৰ পৰা নিৰীক্ষণ কৰি থাকি যথাবিধি বঁটা বা দণ্ড দিয়ে।

(ঘ) তৰাবােৰ দেখিলে তােমাৰ কেনে লাগে?

উত্তৰঃ- তৰাবােৰ দেখিলে মোৰ বহুত ভাল লাগে।

(ঙ) কি কাৰণে তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে?

উত্তৰঃ- পৃথিৱীৰ পাপ, তাপ, দুষ, ক্লেশ দেখি তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে।

৩৷ তলত দিয়া শব্দবােৰলৈ মন কৰা আৰু সেই একে অর্থত সেইবােৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা।

আকাশে – আকাশে-বতাহে।

কামে – কামে-কাজে।

স্বর্গ-উপবনে –

বিশ্ব-গৃহে –

৪। একে অর্থবােধক শব্দ লিখা?

বঁটা – পুৰস্কাৰ

দণ্ড – শাস্তি

নিঃকিন – ধনবান

সৌৰভ – সুবাস

আখিনীৰ – চকুলো

৫। বাক্য ৰচনা কৰাঃ

ওৰ – ঈশ্বৰৰ মায়াৰ ওৰ নাই।

হিংসা – আমি কাওকো হিংসা কৰিব নালাগে।

বিদ্বেষ – পাকিস্তান আৰু ভাৰতৰ মাজত বিদ্বেষ আছে।

চকুলাে – নিহাক মাকে গালি দিয়াৰ বাবে তাই চকুৰ পৰা চকুলো নিগৰিছে।

জলমল –

৬। বিপৰীত অর্থযুক্ত শব্দ লিখা?

দুখ – সুখ

অধঃ – সম্পূৰ্ণ

বঁটা – দণ্ড

মুকুতি – বন্দী

অধম – উত্তম

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects