Chapter 6 –
চাপ নিয়ন্ত্ৰণৰ বিভিন্ন উপায়
অতি চমু প্রশ্নোত্তৰ:
১। চাপ (Stress) কি?
উত্তৰঃ- চাপ বা পীড়া হৈছে মানুহৰ জীৱনৰ এক স্বাভাৱিক মানসিক আৰু শাৰীৰিক অৱস্থা। দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সমস্যা, পৰিৱৰ্তন, দায়িত্ব বা প্ৰত্যাহ্বানৰ সন্মুখীন হ’লে মানুহে চাপ অনুভৱ কৰে। পৃথিৱীত এনে কোনো মানুহ নাই যি সম্পূৰ্ণৰূপে চাপমুক্ত। হান্স চেলিয়ে (Hans Selye)-ৰ মতে, “পৰিৱৰ্তনৰ যিকোনো দাবীৰ প্ৰতি শৰীৰৰ অ-নিৰ্দিষ্ট সঁহাৰিয়েই হৈছে চাপ।” অৰ্থাৎ, বাহ্যিক বা আভ্যন্তৰীণ পৰিৱৰ্তনৰ প্ৰতি শৰীৰ আৰু মনৰ স্বাভাৱিক প্ৰতিক্ৰিয়াক চাপ বুলি কোৱা হয়।
২। চাপৰ এটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-আকাংক্ষাহৈছে চাপ অনুভৱ কৰাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ। কোনো ব্যক্তিৰ আশা-আকাংক্ষা পূৰণ নোহ’লে বা নিজৰ লক্ষ্য আৰু ইচ্ছা পূৰণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’লে তেওঁৰ মনত চাপ বা পীড়াৰ সৃষ্টি হ’ব পাৰে।
৩। চাপ ব্যৱস্থাপনা (stress management) কি?
উত্তৰঃ- চাপ ব্যৱস্থাপনা বুলিলে জীৱনত সৃষ্টি হোৱা চাপ বা পীড়াৰ নেতিবাচক প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰি তাৰ সৈতে সফলভাৱে মোকাবিলা কৰাৰ কৌশল বা পদ্ধতিসমূহক বুজোৱা হয়। ই এক সুস্থ জীৱনশৈলীৰ অংশ, যাৰ জৰিয়তে ব্যক্তিয়ে বিভিন্ন পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হৈ শান্তভাৱে আৰু দক্ষতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।
৪। চাপ ব্যৱস্থাপনাৰ এটা কৌশল উল্লেখ কৰা।
উত্তৰ:- সফল আৰু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিৰ সান্নিধ্য চাপ ব্যৱস্থাপনাৰ এটা গুৰুত্বপূৰ্ণ কৌশল। এনে ব্যক্তিৰ সংস্পৰ্শই মনত ইতিবাচক চিন্তা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে আৰু চাপপূৰ্ণ পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰাত সহায় কৰে।
৫। কৌশল কি?
উত্তৰঃ- কোনো এটা কাম সফলভাৱে সম্পন্ন কৰিবলৈ যুক্তিসংগতভাৱে চিন্তা-চৰ্চা কৰি যি পৰিকল্পনা আৰু পদ্ধতি গ্ৰহণ কৰা হয়, তাকেই কৌশল বুলি কোৱা হয়। অৰ্থাৎ, কোনো কামৰ লক্ষ্যত উপনীত হ’বলৈ কৰা সুপৰিকল্পিত আৰু বিশ্লেষণাত্মক প্ৰচেষ্টাই হৈছে কৌশল।
৬। প্রাচীন কালত সমাজত এজন যোগীৰ স্থান কি?
উত্তৰ:- প্ৰাচীন কালত সমাজত এজন যোগীৰ স্থান সৰ্বোচ্চ বা সৰ্বপ্ৰথম আছিল। তেওঁ সমাজত জ্ঞান, নৈতিকতা আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শক হিচাপে সন্মান লাভ কৰিছিল।
৭। যোগ শব্দটোৰ সংস্কৃত শব্দ ‘যুজ’ (Yuj) ৰ অৰ্থ কি?
উত্তৰঃ- ‘যোগ’ শব্দটো সংস্কৃত ‘যুজ’ (Yuj) শব্দৰ পৰা উৎপত্তি হৈছে। ‘যুজ’ শব্দৰ অৰ্থ হৈছে মিলন, সংযোগ বা একত্ৰীকৰণ। অৰ্থাৎ, যোগে ব্যক্তি বা আত্মাৰ সৈতে পৰমাত্মাৰ সংযোগক বুজায়।
৮। যোগ শব্দটোৰ সংস্কৃত শব্দ ‘যুজ’ (Yuj) ৰ ইউৰোপীয় ভাষাৰ সমাৰ্থক শব্দৰ কেইটামান লিখা।
‘উত্তৰঃ- সংস্কৃত ‘যুজ’ (Yuj) শব্দৰ সৈতে ইউৰোপীয় বিভিন্ন ভাষাৰ কিছুমান সমাৰ্থক শব্দ হৈছে— ইংৰাজী ‘Yoke’, ফৰাচী ‘Youg’, জাৰ্মান ‘Joch’, গ্ৰীক ‘Zugos’, লেটিন ‘Jugum’ আৰু স্পেনীয় ‘Yugo’।
৯। “যুজ্যতে অনেন ইতি যোগঃ।”- যোগ সম্পর্কে কোৱা এই কথাষাৰ কোনখন বেদৰ অন্তৰ্গত?
উত্তৰঃ- “যুজ্যতে অনেন ইতি যোগঃ।” — যোগ সম্পৰ্কে কোৱা এই কথাষাৰ ঋকবেদৰ অন্তৰ্গত।
১০। মহা নির্বাণ তন্ত্ৰৰ মতে যোগ কি?
উত্তৰ:- মহা নিৰ্বাণ তন্ত্ৰৰ মতে, “যোগ জীৱাত্মা-পৰমাত্মনোৰ ঐক্যম্”। অৰ্থাৎ, জীৱাত্মা আৰু পৰমাত্মাৰ মিলন বা একত্ৰীকৰণেই যোগ।
১১। যোগ দৰ্শনৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ-মহৰ্ষি পতঞ্জলিক যোগ দৰ্শনৰ প্ৰৱৰ্তক বুলি কোৱা হয়। তেওঁ ‘যোগসূত্ৰ’ গ্ৰন্থৰ ৰচয়িতা আৰু যোগ দৰ্শনক সুসংগঠিত ৰূপত উপস্থাপন কৰিছিল।
১২। যোগ দৰ্শনৰ প্ৰৱৰ্তক পতঞ্জলিৰ মতে যোগ কি?
উত্তৰ:- পতঞ্জলিৰ মতে, শৰীৰ, ইন্দ্ৰিয় আৰু মনক সঠিকভাৱে নিয়ন্ত্ৰণ কৰি আত্মিক পূৰ্ণতা লাভৰ বাবে কৰা আধ্যাত্মিক সাধনাই হৈছে যোগ। অৰ্থাৎ, শৰীৰ আৰু মনক নিয়ন্ত্ৰণৰ জৰিয়তে আত্মিক উন্নতি আৰু পূৰ্ণতা লাভ কৰাটোৱেই যোগৰ মূল উদ্দেশ্য।
১৩। যোগৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰঃ- যোগৰ প্ৰধান উদ্দেশ্য হৈছে জীৱাত্মাৰ সৈতে বিশ্বজনীন আত্মাৰ সংযোগ বা একত্ৰীকৰণ ঘটোৱা। অৰ্থাৎ, ব্যক্তিগত আত্মাক পৰম বা বিশ্বজনীন আত্মাৰ সৈতে মিলিত কৰাই যোগৰ মূল লক্ষ্য।
১৪। যোগশাস্ত্রত কিহক ক্ষুদ্র ব্রহ্মাণ্ড বুলি কোৱা হৈছে?
উত্তৰঃ- যোগশাস্ত্ৰত মানৱ শৰীৰক ক্ষুদ্ৰ ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। কাৰণ মানৱ শৰীৰৰ ভিতৰত ব্ৰহ্মাণ্ডৰ বিভিন্ন শক্তি আৰু উপাদানৰ প্ৰতিফলন দেখা যায়।
১৫। আন্তঃৰাষ্ট্ৰীয় যোগ দিবস কেতিয়া পালন কৰা হয়?
উত্তৰঃ- প্ৰতি বছৰে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয়।
১৬। ধ্যান কি?
উত্তৰ:- কোনো এটা বিষয়, চিন্তা বা বস্তুৰ ওপৰত মনক দীৰ্ঘসময় ধৰি একাগ্ৰ আৰু স্থিৰ কৰি ৰখা প্ৰক্ৰিয়াই ধ্যান।
১৭। ধ্যানৰ মূল উদ্দেশ্য কি?
উত্তৰ:- ধ্যানৰ মূল উদ্দেশ্য হৈছে মনক শান্ত আৰু একাগ্ৰ কৰি জীৱনৰ পৱিত্ৰ আৰু গভীৰ শক্তিসমূহৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে আত্মিক উন্নতি আৰু মানসিক শান্তি লাভ কৰাত সহায় হয়।
১৮। প্রাণায়াম কি?
উত্তৰ:- প্ৰাণায়ামৰ অৰ্থ হৈছে প্ৰাণ বা শ্বাস-প্ৰশ্বাসৰ ওপৰত নিয়ন্ত্ৰণ। আসন অভ্যাসৰ পিছত শ্বাস-প্ৰশ্বাসৰ গতি, গভীৰতা আৰু ছন্দক নিয়মিতভাৱে নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াক প্ৰাণায়াম বুলি কোৱা হয়।
চমু প্রশ্নোত্তৰ :
১। মানসিক চাপ (Stress) কি?
উত্তৰঃ- কোনো ব্যক্তিয়ে অত্যধিক আবেগ, মানসিক অশান্তি, বিৰক্তি, অস্থিৰতা, কামত মনোযোগৰ অভাৱ বা সঘনাই মেজাজৰ পৰিৱৰ্তন অনুভৱ কৰা অৱস্থাক মানসিক চাপ বা ষ্ট্ৰেছ বুলি কোৱা হয়। মানসিক চাপ কেতিয়াবা বিভিন্ন মানসিক সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে দেখা দিব পাৰে। সেয়েহে মানসিক চাপৰ লক্ষণসমূহক সময়মতে চিনাক্ত কৰি সচেতনভাৱে নিয়ন্ত্ৰণ কৰা উচিত।
২। মানসিক চাপৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ- মানসিক চাপৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল— ভয়, অত্যধিক খং, সহজে উত্তেজিত হোৱা, দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতা, স্নায়ুবিক দুৰ্বলতা, মনৰ কথা প্ৰকাশ কৰিব নোৱাৰা, লাজ আৰু আত্মবিশ্বাসৰ অভাৱ, দীৰ্ঘদিনীয়া টোপনিৰ অভাৱ, অধিক চিন্তা আৰু জীৱনত আশা কৰা সুখ-শান্তি বা সুবিধা লাভ নকৰা।
ইয়াৰ উপৰি ধঁপাত আৰু মাদক দ্ৰব্যৰ সেৱন, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু টিভি, মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট, ভিডিঅ’ গেম আদিৰ অত্যধিক ব্যৱহাৰেও বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে।
৩। মানসিক চাপ (Stress) ৰ লক্ষণসমূহ কি?
উত্তৰঃ- মানসিক চাপত ভোগা ব্যক্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক আৰু আচৰণগত লক্ষণ দেখা দিব পাৰে। ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল—
(১) মনৰ উৎসাহ আৰু আনন্দ কমি যোৱা, উৎকণ্ঠা আৰু অতিমাত্ৰা চিন্তাই মন আৱৰি ধৰা।
(২) কোনো কামত মনোযোগ দিব নোৱাৰা বা মনোযোগৰ ক্ষমতা হ্ৰাস পোৱা।
(৩) স্মৃতিশক্তি দুৰ্বল হোৱা আৰু সঘনাই নেতিবাচক চিন্তা মনলৈ অহা।
(৪) সৰু কথাতে উত্তেজিত, বিৰক্ত, খিংখিঙীয়া বা অত্যধিক আৱেগিক হৈ পৰা।
(৫) কম সময়ৰ ভিতৰতে মেজাজৰ সঘন পৰিৱৰ্তন হোৱা।
(৬) হজমৰ সমস্যা, খাবলৈ অনীহা, পাতল শৌচ বা কোষ্ঠকাঠিন্য, বুকুৰ বিষ, হৃদস্পন্দন বৃদ্ধি, অত্যধিক ঘাম, উশাহ-নিশাহ খৰ হোৱা আৰু টোপনিৰ সমস্যাৰ সৃষ্টি হোৱা।
(৭) নিজৰ দায়িত্বৰ প্ৰতি অৱহেলা কৰা, হীনমন্যতাত ভোগা, নখ কামুৰি থকা, সামাজিক কাৰ্যকলাপৰ পৰা আঁতৰি থকা আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হোৱা।
৪। সুস্থ শৰীৰ সুস্থ মনৰ ভেটি- কথাষাৰৰ তাৎপর্য বিচাৰ কৰা।
উত্তৰ:- মানুহৰ শৰীৰ আৰু মনৰ মাজত গভীৰ সম্পৰ্ক আছে। সুস্থ শৰীৰে মনকো সুস্থ আৰু সক্ৰিয় কৰি ৰাখে। আনহাতে, শৰীৰ অসুস্থ হ’লে মনো দুৰ্বল আৰু নিষ্ক্ৰিয় হৈ পৰে। সেয়েহে সুস্বাস্থ্য বজাই ৰখাটো মানুহৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হোৱা উচিত।
সুস্থ শৰীৰ আৰু সুস্থ মন নাথাকিলে মানুহে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব নোৱাৰে আৰু জীৱনৰ লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত উৎসাহ, কৰ্মশক্তি আৰু আত্মবিশ্বাস হ্ৰাস পায়। শাৰীৰিকভাৱে সুস্থ ব্যক্তিয়েহে মানসিকভাৱে অধিক সক্ৰিয় আৰু আত্মবিশ্বাসী হৈ জীৱনৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।
আনহাতে, মানসিক চাপ, পাৰিবাৰিক অশান্তি, সামাজিক সমস্যা, আৰ্থিক অসুবিধা আৰু জীৱিকা-সম্পৰ্কীয় সমস্যাই মনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। দীৰ্ঘদিনীয়া মানসিক চাপৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাও সৃষ্টি হ’ব পাৰে। সেইদৰে শাৰীৰিক অসুস্থতাৰ প্ৰভাৱো মানুহৰ মন আৰু আচৰণত পৰে।
প্ৰকৃত সৌন্দৰ্য কেৱল বাহ্যিক ৰূপত নহয়; সুস্থ আৰু শান্ত মনেই মানুহৰ প্ৰকৃত সৌন্দৰ্য বৃদ্ধি কৰে। মন অসুস্থ বা অশান্ত হ’লে ইয়াৰ প্ৰভাৱ মানুহৰ বাহ্যিক আচৰণ আৰু ব্যক্তিত্বতো প্ৰকাশ পায়। সেয়েহে শৰীৰ আৰু মন দুয়োটাকে সুস্থ ৰখাৰ বাবে নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত বিশ্ৰাম, সুষম আহাৰ আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব দিয়া উচিত।
সামৰণিত ক’ব পাৰি যে, সুস্থ শৰীৰে সুস্থ মন গঢ়ি তোলাত সহায় কৰে আৰু সুস্থ মনেও শৰীৰক সুস্থ ৰখাত সহায় কৰে। গতিকে শাৰীৰিক আৰু মানসিক দুয়ো দিশতে সুস্থ হৈ থাকিলেহে মানুহে সুখী, সফল আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে।
৫। মানসিক ভাৰসাম্যতা কিদৰে বৰ্তাই ৰাখিব পাৰি?
উত্তৰঃ- মানৱ জীৱনত সুখ-দুখ, শান্তি-অশান্তি আৰু বিভিন্ন সমস্যা থাকিবই। জীৱনত অহা সমস্যাবোৰক ধৈৰ্য আৰু শান্ত মনেৰে মোকাবিলা কৰিব পাৰিলেহে মানসিক ভাৰসাম্যতা বজাই ৰাখি সুখী আৰু সাৰ্থক জীৱন যাপন কৰিব পাৰি। বৰ্তমানৰ প্ৰতিযোগিতামূলক জীৱনত কাম-কাজ, পৰিয়াল, সন্তান আৰু সামাজিক দায়িত্বৰ বিভিন্ন চিন্তাই মানুহৰ মনত চাপৰ সৃষ্টি কৰে। সেয়েহে মানসিক ভাৰসাম্যতা বজাই ৰাখিবলৈ তলত দিয়া কথাবোৰ মানি চলা উচিত—
(১) অতীতৰ দুখজনক ঘটনা আৰু ভুলবোৰ পাহৰি যাবলৈ চেষ্টা কৰিব লাগে। ভুলৰ পৰা শিক্ষা লৈ ভৱিষ্যতে একে ভুল পুনৰ নকৰাৰ সংকল্প ল’ব লাগে।
(২) অতীতৰ বেয়া অভিজ্ঞতাবোৰক লৈ অতিমাত্ৰা চিন্তা নকৰি বৰ্তমান পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিব লাগে।
(৩) নিজকে আনতকৈ দুৰ্বল বুলি ভাবিব নালাগে। প্ৰতিজন ব্যক্তিৰে কিছুমান নিজস্ব প্ৰতিভা আৰু ভাল গুণ থাকে। সেই গুণবোৰ চিনাক্ত কৰি বিকাশৰ চেষ্টা কৰিব লাগে।
(৪) নিজকে দুৰ্ভগীয়া বা অসফল বুলি গণ্য নকৰি আত্মবিশ্বাসেৰে জীৱনৰ আগুৱাই যাব লাগে।
(৫) সন্তানৰ বিষয়ে অতিৰিক্ত চিন্তা কৰি মানসিক অশান্তিত ভুগিব নালাগে। প্ৰতিটো সন্তানৰ প্ৰতিভা আৰু দক্ষতা একে নহয়। কোনোবাজন পঢ়া-শুনাত ভাল হ’ব পাৰে, আনহাতে কোনোবাজন আন কোনো ক্ষেত্ৰত পাৰদৰ্শী হ’ব পাৰে। সেয়েহে সন্তানৰ প্ৰতিভা চিনাক্ত কৰি সেই দিশত আগবাঢ়িবলৈ উৎসাহ আৰু সহযোগিতা আগবঢ়াব লাগে।
এইদৰে ইতিবাচক চিন্তা, আত্মবিশ্বাস, ধৈৰ্য আৰু বাস্তৱ পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাৰ অভ্যাসে মানসিক ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে।
৬। খঙে মানুহৰ জীৱনী শক্তি কিদৰে হ্রাস কৰে?
উত্তৰঃ- খং মানুহৰ এক নেতিবাচক আৱেগ, যিয়ে শৰীৰ আৰু মন দুয়োটাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। খং উঠিলে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ উত্তেজিত হৈ পৰে আৰু যথেষ্ট পৰিমাণৰ শাৰীৰিক আৰু মানসিক শক্তি ক্ষয় হয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি, হৃদস্পন্দন বঢ়া, মুখমণ্ডল ৰঙা পৰা আৰু হিতাহিত জ্ঞান হেৰুৱাৰ দৰে অৱস্থা সৃষ্টি হ’ব পাৰে। অত্যধিক খঙে কেতিয়াবা স্বাস্থ্যৰ গুৰুতৰ ক্ষতিও কৰিব পাৰে।
খং উঠাৰ প্ৰধান কাৰণসমূহ হ’ল—(১) মতানৈক্য বা কোনো বিষয়ত অসন্মতি সৃষ্টি হোৱা।(২) আত্মসন্মানত আঘাত লগা।(৩) হতাশা বা আশা পূৰণ নোহোৱা।(৪) অনুচিত বা ভুল কাম কৰা।(৫) নিজৰ স্বাৰ্থত আঘাত লগা।(৬) প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হোৱা।
অত্যধিক খঙে মানুহৰ বিবেক, ধৈৰ্য আৰু মানৱীয় গুণ হ্ৰাস কৰে। খঙাল ব্যক্তিয়ে কোনো কাম শান্তভাৱে আৰু সুস্থিৰভাৱে কৰিব নোৱাৰে। ফলত কামত সফলতা লাভ কৰাত অসুবিধা হয় আৰু তেওঁ আনৰো অপ্ৰিয়ভাজন হৈ পৰিব পাৰে।
খং নিয়ন্ত্ৰণ কৰাৰ কেইটামান উপায় হ’ল—(১) নিয়মিতভাৱে প্ৰাণায়াম আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰা উচিত।(২) কোনো আলোচনাৰ সময়ত খং উঠিলে সেই বিষয়ৰ পৰা কিছু সময়ৰ বাবে আঁতৰি থাকি আন বিষয়ত মনোযোগ দিব লাগে।(৩) খং উঠাৰ সময়ত নিজকে শান্ত কৰি মন আৰু আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।(৪) নিজৰ আচৰণ আৰু মুখমণ্ডল আয়নাত চাই আত্মসচেতন হ’বলৈ চেষ্টা কৰিলেও খং কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।
সেয়েহে খং নিয়ন্ত্ৰণ কৰি শান্ত আৰু সংযতভাৱে জীৱন যাপন কৰাটো সুস্থ শৰীৰ, সুস্থ মন আৰু সফল জীৱনৰ বাবে অতি প্ৰয়োজনীয়।
৭। যোগৰ সংজ্ঞা আগবঢ়োৱা।
উত্তৰ:- শৰীৰ আৰু মনক প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ, মন আৰু আত্মাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰাৰ প্ৰক্ৰিয়াই যোগ। বিভিন্ন গ্ৰন্থত যোগৰ সংজ্ঞা বিভিন্ন ধৰণে দিয়া হৈছে যদিও ইয়াৰ মূল উদ্দেশ্য হৈছে নিজৰ সত্তাক উপলব্ধি কৰা, আত্মজ্ঞান লাভ কৰা, নিজৰ মাজত থকা দৈৱিক গুণৰ বিকাশ সাধন কৰা আৰু ব্যক্তিসত্তাক বিশ্বজনীন সত্তাৰ সৈতে একীভূত কৰা।
যোগৰ কেইটামান উল্লেখযোগ্য সংজ্ঞা হ’ল—(১) যোগবাসিষ্ঠ ৰামায়ণৰ মতে—(ক) “যোগঃ সমত্বম্ জীৱাত্মা পৰমাত্মনোঃ”— যোগ হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ সমতাৰ অৱস্থা।(খ) “মনঃ প্ৰশমনোপায়ঃ যোগ ইত্যভিধীয়তে”— যোগ হৈছে মনক শান্ত আৰু প্ৰশমিত কৰাৰ উপায়।(২) মহা নিৰ্বাণ তন্ত্ৰৰ মতে—“যোগঃ জীৱাত্মা-পৰমাত্মনোৰ ঐক্যম্”— অৰ্থাৎ, জীৱাত্মা আৰু পৰমাত্মাৰ একত্ৰীকৰণ বা মিলনেই যোগ।(৩) শ্ৰীমদ্ভাগৱদ্ গীতাৰ মতে—(ক) “সমত্বম্ যোগ উচ্যতে”— সমতাকেই যোগ বুলি কোৱা হয়।(খ) “যোগঃ কৰ্মসু কৌশলম্”— কৰ্মক নিপুণ আৰু সুনিপুণভাৱে সম্পাদন কৰাৰ কৌশলেই যোগ।(৪) ঋষি পতঞ্জলিৰ মতে—“যোগঃ চিত্তবৃত্তি নিৰোধঃ”— অৰ্থাৎ, চিত্তৰ বিভিন্ন বৃত্তি বা মানসিক পৰিৱৰ্তনক নিয়ন্ত্ৰণ কৰাই যোগ।
সেয়েহে, সামগ্ৰিকভাৱে ক’ব পাৰি যে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰি আত্মিক উন্নতি আৰু পৰম সত্তাৰ সৈতে একাত্মতা লাভ কৰাই যোগৰ মূল উদ্দেশ্য।
৮। যোগ চৰ্চাৰ বিভিন্ন পর্যায়বোৰ কি কি?
উত্তৰঃ- যোগ চৰ্চাই বিভিন্ন ঐতিহাসিক পৰ্যায় অতিক্ৰম কৰি বৰ্তমানৰ ৰূপ লাভ কৰিছে। যোগ চৰ্চাৰ প্ৰধান পৰ্যায়সমূহ হ’ল—
(ক) প্ৰাক্-বৈদিক যুগ বা সিন্ধু উপত্যকা সভ্যতাৰ যুগ।
(খ) বৈদিক যুগ।
(গ) বেদোত্তৰ বা প্ৰাক্-ধ্ৰুপদী যুগ — এই যুগৰ অন্তৰ্গত হৈছে ব্ৰাহ্মণ যুগ, প্ৰাচীন উপনিষদ যুগ, মহাকাব্যৰ যুগ আৰু জৈন-বৌদ্ধ যুগ।
(ঘ) ধ্ৰুপদী যুগ বা পাতঞ্জল যুগ।
(ঙ) ধ্ৰুপদোত্তৰ যুগ বা পতঞ্জলোত্তৰ যুগ।
(চ) হঠযোগৰ যুগ।
(ছ) আধুনিক যুগ।
এইদৰে বিভিন্ন যুগৰ পৰিৱৰ্তনৰ মাজেৰে যোগ চৰ্চাই ক্ৰমে বিকশিত হৈ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ জীৱনশৈলী আৰু সাধনাৰ ৰূপ লাভ কৰিছে।
৯। কর্মযোগৰ মূলনীতিকেইটা কি কি?
উত্তৰঃ- কৰ্মযোগৰ প্ৰধান মূলনীতিসমূহ হ’ল—
(ক) কৰ্ম কৰাৰ সময়ত নিজৰ কৰ্মৰ প্ৰতি শুদ্ধ আৰু ইতিবাচক দৃষ্টিভংগী ৰখা।
(খ) ব্যক্তিগত লাভ, পুৰস্কাৰ, নাম-যশ আদিৰ আশা নকৰি কৰ্মৰ প্ৰতি নিষ্ঠা আৰু প্ৰেমেৰে কাম কৰা।
(গ) সম্পূৰ্ণ মনোযোগ আৰু আন্তৰিকতাৰে কৰ্মত নিজকে নিয়োজিত কৰা।
(ঘ) কৰ্মৰ ফলত সফলতা বা বিফলতাৰ প্ৰতি অতিমাত্ৰা আসক্তি নাৰাখি সফলতা-বিফলতাৰ ভাব ত্যাগ কৰা।
(ঙ) কৰ্ম সম্পাদনৰ সময়ত নীতি-নিয়ম, শৃংখলা আৰু দায়িত্ববোধ মানি চলা।
(চ) নিজৰ প্ৰতিটো কৰ্মক ঈশ্বৰৰ সেৱা হিচাপে গ্ৰহণ কৰা।
সেয়েহে, নিষ্কামভাৱে, নিষ্ঠা আৰু শৃংখলাৰে কৰ্ম কৰি কৰ্মফলৰ প্ৰতি আসক্তি ত্যাগ কৰাই কৰ্মযোগৰ মূল শিক্ষা।
১০। ৰাজযোগ কি?
উত্তৰঃ- ৰাজযোগ হৈছে মন, ইন্দ্ৰিয় আৰু আত্মাৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰি আত্মস্বৰূপ উপলব্ধি আৰু আধ্যাত্মিক পূৰ্ণতা লাভৰ এক পদ্ধতি। ইয়াত ধাৰণা আৰু ধ্যানৰ অভ্যাসৰ জৰিয়তে মনক বাহ্যিক বিষয়ৰ পৰা আঁতৰাই অন্তৰ্মুখী, শান্ত আৰু একাগ্ৰ কৰা হয়। ক্ৰমে সাধকে সমাধি অৱস্থাত আত্মবোধ লাভ কৰিবলৈ সক্ষম হয়।
মহৰ্ষি পতঞ্জলিয়ে মানুহৰ শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক বিকাশৰ বাবে যোগৰ যি আঠটা অংগ বা প্ৰণালী উল্লেখ কৰিছে, সেই আঠটা অংগৰ সমষ্টিকে ৰাজযোগ বুলি কোৱা হয়।
ৰাজযোগৰ আঠটা অংগ হ’ল—(১) যম(২) নিয়ম(৩) আসন(৪) প্ৰাণায়াম(৫) প্ৰত্যাহাৰ(৬) ধাৰণা(৭) ধ্যান(৮) সমাধি
সেয়েহে, পতঞ্জলিৰ অষ্টাংগ যোগৰ জৰিয়তে মন আৰু ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি আত্মিক উপলব্ধি লাভৰ পথেই ৰাজযোগ।
১১। জার্মান যোগ গবেষক জর্জ ফিউয়েৰষ্টাইনৰ যোগ সম্পর্কে দিয়া ধাৰণাটো
উত্তৰঃ- জাৰ্মান যোগ গৱেষক জৰ্জ ফিউয়েৰষ্টাইনৰ মতে, যোগৰ প্ৰধান পদ্ধতি ছয় প্ৰকাৰৰ। সেইবোৰ হ’ল—(১) ৰাজযোগ(২) হঠযোগ(৩) জ্ঞানযোগ(৪) ভক্তিযোগ(৫) কৰ্মযোগ(৬) মন্ত্ৰযোগ।
এই ছয়টা যোগপদ্ধতিৰ জৰিয়তে মানুহে শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধন কৰি আধ্যাত্মিক উন্নতি লাভ কৰিব পাৰে।
১২। ইউৰোপীয় যোগী আর্নেষ্ট উডে যোগ সম্পর্কে দিয়া ধাৰণা আগবঢ়োৱা।
উত্তৰঃ- ইউৰোপীয় যোগী আর্নেষ্ট উডে যোগৰ বিষয়ে সাত প্ৰকাৰৰ ভাৰতীয় আৰু তিনিটা অনা-ভাৰতীয় যোগ পদ্ধতিৰ উল্লেখ কৰিছে।
তেওঁ উল্লেখ কৰা ভাৰতীয় যোগ পদ্ধতিসমূহ হ’ল—(১) পতঞ্জলিৰ ৰাজযোগ(২) শ্ৰীকৃষ্ণৰ বুদ্ধিযোগ আৰু কৰ্মযোগ(৩) শংকৰাচাৰ্যৰ জ্ঞানযোগ(৪) হঠযোগ(৫) লয়যোগ(৬) ভক্তিযোগ(৭) মন্ত্ৰযোগ।
আনহাতে, তেওঁৰ উল্লেখ কৰা অনা-ভাৰতীয় যোগ পদ্ধতিসমূহ হ’ল—(১) পাৰ্থিয়ান চোফীযোগ(২) বুদ্ধৰ মহান অষ্টমাৰ্গ(৩) চীন-জাপানী ঝেন যোগ।
এইদৰে আর্নেষ্ট উডে ভাৰতীয় আৰু অনা-ভাৰতীয় পৰম্পৰাৰ বিভিন্ন যোগপদ্ধতিক শ্ৰেণীবদ্ধ কৰি যোগৰ এক বিস্তৃত ধাৰণা আগবঢ়াইছে।
১৩। ধ্যান কি?
উত্তৰঃ- ধ্যান হৈছে এক সৰল আৰু সহজ মানসিক অনুশীলন, যাৰ বাবে কোনো বিশেষ সঁজুলি বা উপকৰণৰ প্ৰয়োজন নহয়। কিছু সময় ধ্যানত মনোনিৱেশ কৰিলে মানুহে আত্ম-অনুসন্ধানৰ সুযোগ লাভ কৰে আৰু মানসিক শান্তি আৰু স্থিৰতা পুনৰ লাভ কৰিব পাৰে।
ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ ধৰি ধ্যানৰ প্ৰচলন হৈ আহিছে। ধ্যানৰ মূল উদ্দেশ্য হৈছে জীৱনৰ পৱিত্ৰ আৰু গভীৰ শক্তিসমূহৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰা। বৰ্তমান সময়ত ধ্যান বিশেষকৈ মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰা, মন শান্ত কৰা আৰু শিথিলতা লাভ কৰাৰ এক ফলপ্ৰসূ উপায় হিচাপে জনপ্ৰিয় হৈ পৰিছে।
ব্যস্ত জীৱনশৈলী আৰু দৈনন্দিন জীৱনৰ বিভিন্ন দায়িত্বৰ মাজত ধ্যানে মানসিক চাপ কমাই মনক শান্ত, একাগ্ৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে। সেয়েহে ধ্যানৰ উপকাৰিতাসমূহ বিবেচনা কৰি ইয়াক দৈনন্দিন জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰা উচিত। ধ্যান কৰাৰ নিৰ্দিষ্ট একমাত্ৰ পদ্ধতি নাথাকিলেও, নিজৰ প্ৰয়োজন আৰু সুবিধা অনুসৰি উপযুক্ত ধ্যানৰ পদ্ধতি বাছি লোৱাটো গুৰুত্বপূৰ্ণ।
১৪। আসন মানে কি?
উত্তৰ:- আসন হৈছে যোগৰ এক গুৰুত্বপূৰ্ণ অংগ। শৰীৰক নিৰ্দিষ্ট ভংগীত স্থিৰ আৰু আৰামদায়কভাৱে ৰখা প্ৰক্ৰিয়াক আসন বুলি কোৱা হয়। নিয়মিত আসনৰ অভ্যাসে শৰীৰৰ অভ্যন্তৰীণ অংগসমূহ শক্তিশালী আৰু কৰ্মক্ষম কৰি তোলে। ইয়াৰ ফলত শৰীৰৰ জড়তা, দুৰ্বলতা, অস্থিৰতা আৰু এলাহ আদি হ্ৰাস পায়।
লগতে আসনৰ অভ্যাসে শৰীৰ আৰু মনৰ স্থিৰতা, সজীৱতা, সজাগতা, ক্ষিপ্ৰতা আৰু সহনশীলতা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে সুস্থ শৰীৰ আৰু শান্ত মনৰ বাবে নিয়মিত আসন অভ্যাস কৰা উপকাৰী।
১৫। আসনৰ ভাগসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- আসনৰ সংখ্যা অসংখ্য। গোৰক্ষ সংহিতা, ঘেৰেণ্ড সংহিতা আৰু ধ্যান-বিন্দু উপনিষদ আদিৰ মতে, পৃথিৱীত যিমান জীৱ-জন্তু আছে, সিমানেই আসন আছে বুলি কোৱা হয়। তথাপি ইয়াৰ ভিতৰত ৮৪টা আসন বিশেষভাৱে প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
সাধাৰণতে আসনক তিনিটা ভাগত বিভক্ত কৰা হয়। সেইবোৰ হ’ল—(ক) ধ্যানাসন:যিবোৰ আসন ধ্যান আৰু একাগ্ৰতাৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবোৰক ধ্যানাসন বুলি কোৱা হয়। যেনে— পদ্মাসন, সিদ্ধাসন, স্বস্তিকাসন, বজ্ৰাসন আদি।(খ) স্বাস্থ্যাসন:শৰীৰ সুস্থ, সবল আৰু কৰ্মক্ষম কৰি ৰখাৰ বাবে যিবোৰ আসন কৰা হয়, সেইবোৰক স্বাস্থ্যাসন বুলি কোৱা হয়। যেনে— বজ্ৰাসন, সৰ্বাংগাসন, ধনুৰাসন, তাড়াসন, ত্ৰিকোণাসন আদি।(গ) বিশ্ৰাম আসন:শৰীৰ আৰু মনক শিথিল কৰি বিশ্ৰাম প্ৰদান কৰাৰ বাবে যিবোৰ আসন কৰা হয়, সেইবোৰক বিশ্ৰাম আসন বুলি কোৱা হয়। যেনে— শৱাসন, মকৰাসন আদি।
সামৰণিত, ধ্যান, স্বাস্থ্যৰক্ষা আৰু শৰীৰ-মনক বিশ্ৰাম দিয়াৰ উদ্দেশ্যে আসনসমূহক মূলতঃ ধ্যানাসন, স্বাস্থ্যাসন আৰু বিশ্ৰাম আসন—এই তিনিটা ভাগত বিভক্ত কৰা হয়।
১৬। চমুটোকা লিখা:
(ক) পতঞ্জলিঃ
উত্তৰ:- মহৰ্ষি পতঞ্জলি প্ৰাচীন ভাৰতৰ এজন বিশিষ্ট বৈয়াকৰণবিদ আৰু যোগদৰ্শনৰ অন্যতম প্ৰধান প্ৰৱৰ্তক। তেওঁ ‘যোগসূত্ৰ’ নামৰ এখন কালজয়ী যোগশাস্ত্ৰ ৰচনা কৰে। এই গ্ৰন্থত মুঠ ১৯৬টা সূত্ৰ সন্নিৱিষ্ট আছে।
পতঞ্জলিয়ে যোগচৰ্চাক ধৰ্মীয় গণ্ডীৰ পৰা আঁতৰাই নৈতিক, শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলনৰ এক প্ৰণালীবদ্ধ ৰূপ প্ৰদান কৰে। তেওঁ যোগক এক সুকীয়া দৰ্শন, মনোবিজ্ঞান আৰু সাধন-পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
পতঞ্জলিৰ ‘যোগসূত্ৰ’ চাৰিটা পাদত বিভক্ত— সমাধি পাদ, সাধন পাদ, বিভূতি পাদ আৰু কৈৱল্য পাদ। তেওঁৰ যোগপদ্ধতিত যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি—এই আঠটা অংগৰ সমষ্টিক ‘অষ্টাংগ যোগ’ বুলি কোৱা হয়।
সেয়েহে, যোগদৰ্শনক সুসংগঠিত আৰু প্ৰণালীবদ্ধ ৰূপ দিয়াৰ ক্ষেত্ৰত মহৰ্ষি পতঞ্জলিৰ অৱদান অতি গুৰুত্বপূৰ্ণ।
(খ) মনৰ স্থিৰতা ৰক্ষাত ধ্যানৰ গুৰুত্ব।
উত্তৰঃ- বৰ্তমানৰ যান্ত্ৰিক আৰু ব্যস্ত জীৱনশৈলীত বিভিন্ন সমস্যা, উদ্বেগ আৰু মানসিক চাপৰ মাজতো মনৰ স্থিৰতা বজাই ৰাখিবলৈ ধ্যানৰ গুৰুত্ব অতি বেছি। ধ্যানে শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰখাৰ লগতে মগজুত সৃষ্টি হোৱা বিশৃংখল আৰু নেতিবাচক চিন্তাসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত মন শান্ত, স্থিৰ আৰু একাগ্ৰ হয় আৰু মানুহে আনন্দমনে নিজৰ কাম-কাজ সম্পন্ন কৰিব পাৰে। সেয়েহে নেতিবাচক চাপৰ প্ৰভাৱ হ্ৰাস কৰি মনত শান্তি আৰু স্বস্তিৰ অনুভূতি জগাই তোলাৰ বাবে ধ্যান আধুনিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অভ্যাস।
সঠিকভাৱে ধ্যানৰ অভ্যাস গঢ়ি তুলিবলৈ তলত দিয়া তিনিটা দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিয়া উচিত—
(i) ধ্যান কৰাৰ বাবে এক আৰামদায়ক আৰু উপযুক্ত স্থিতি বাছি ল’ব লাগে।
(ii) ধ্যানৰ বাবে এক শান্ত আৰু নিৰিবিলি পৰিৱেশ বাছি ল’ব লাগে।
(iii) কোনো বিৰতি নোহোৱাকৈ ৩০ দিন ধৰি নিয়মীয়াকৈ ধ্যানৰ অভ্যাস কৰিব লাগে।
সামৰণিত ক’ব পাৰি যে, নিয়মিত ধ্যানৰ অভ্যাসে মনৰ অস্থিৰতা আৰু নেতিবাচক চিন্তা হ্ৰাস কৰি মানসিক শান্তি, স্থিৰতা আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে।
(গ) ধ্যানৰ প্ৰকাৰবোৰ।
উত্তৰঃ- সাধাৰণতে ধ্যানৰ ৯টা জনপ্ৰিয় প্ৰকাৰ দেখা যায়। সেইবোৰ হ’ল—
(১) মননশীলতা ধ্যান (Mindfulness Meditation) — বৰ্তমান মুহূৰ্তৰ চিন্তা, অনুভূতি আৰু অভিজ্ঞতাৰ প্ৰতি সচেতন হৈ মনোযোগ দিয়াৰ ধ্যান।
(২) আধ্যাত্মিক ধ্যান (Spiritual Meditation) — আত্মিক শান্তি, আত্ম-অনুসন্ধান আৰু আধ্যাত্মিক উন্নতিৰ বাবে কৰা ধ্যান।
(৩) কেন্দ্ৰীভূত ধ্যান (Focused Meditation) — কোনো এটা নিৰ্দিষ্ট বিষয়, বস্তু, শব্দ বা শ্বাস-প্ৰশ্বাসৰ ওপৰত মনক একাগ্ৰ কৰি কৰা ধ্যান।
(৪) গতিশীল ধ্যান (Movement Meditation) — শৰীৰৰ নিয়ন্ত্ৰিত আৰু সচেতন গতিবিধিৰ জৰিয়তে মনক একাগ্ৰ কৰি কৰা ধ্যান।
(৫) মন্ত্ৰ ধ্যান (Mantra Meditation) — কোনো নিৰ্দিষ্ট মন্ত্ৰ বা শব্দ বাৰে বাৰে উচ্চাৰণ বা মনত স্মৰণ কৰি কৰা ধ্যান।
(৬) অতীন্দ্ৰিয় ধ্যান (Transcendental Meditation) — নিৰ্দিষ্ট মন্ত্ৰৰ সহায়ত মনক গভীৰ শান্ত আৰু স্বাভাৱিক স্থিৰ অৱস্থালৈ লৈ যোৱাৰ এক ধ্যান-পদ্ধতি।
(৭) প্ৰগতিশীল শিথিলতা (Progressive Relaxation) — শৰীৰৰ বিভিন্ন অংগ ক্ৰমে শিথিল কৰি মানসিক আৰু শাৰীৰিক চাপ হ্ৰাস কৰাৰ ধ্যান-পদ্ধতি।
(৮) প্ৰেম-দয়া ধ্যান (Loving-Kindness Meditation) — নিজৰ লগতে আন লোকৰ প্ৰতি প্ৰেম, দয়া, সহানুভূতি আৰু শুভকামনাৰ অনুভূতি বিকশিত কৰাৰ ধ্যান।
(৯) দৃশ্যায়ন ধ্যান (Visualization Meditation) — মনত কোনো নিৰ্দিষ্ট দৃশ্য, ছবি, লক্ষ্য বা ইতিবাচক পৰিস্থিতিৰ কল্পনা কৰি একাগ্ৰতা বৃদ্ধি কৰা ধ্যান।
সামৰণিত, এই বিভিন্ন ধৰণৰ ধ্যানৰ জৰিয়তে মনৰ একাগ্ৰতা, শান্তি আৰু স্থিৰতা বৃদ্ধি কৰাৰ লগতে মানসিক চাপ হ্ৰাস কৰাত সহায় হয়।
(ঘ) আসন অভ্যাসৰ প্রভাব।
উত্তৰঃ- আসন হৈছে কিছুমান নিৰ্দিষ্ট শাৰীৰিক ভংগী, যাৰ নিয়মিত অভ্যাসে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্থিৰতা, সুস্থতা আৰু সুখ বৃদ্ধি কৰে। আসনৰ অভ্যাসৰ ফলত শৰীৰৰ অভ্যন্তৰীণ অংগসমূহ সবল, সতেজ আৰু কৰ্মক্ষম হৈ উঠে। ইয়াৰ লগতে শৰীৰৰ জড়তা, দুৰ্বলতা, অস্থিৰতা, এলাহ আদি হ্ৰাস পায় আৰু শৰীৰ-মন অধিক সজীৱ, সজাগ, ক্ষিপ্ৰ আৰু সহনশীল হৈ পৰে।
আসনৰ অভ্যাসে শৰীৰ আৰু মনত পেলোৱা প্ৰধান প্ৰভাৱসমূহ হ’ল—
(ক) আসনৰ অভ্যাসে শৰীৰ আৰু মনৰ স্থিৰতা বৃদ্ধি কৰে।
(খ) সন্ধিৰ জড়তা দূৰ কৰি শৰীৰত শিথিলতা আৰু নমনীয়তা আনে।
(গ) সন্ধি, হাড় আৰু পেশীৰ মাজত জমা হোৱা অপ্ৰয়োজনীয় পদাৰ্থসমূহ দূৰ কৰাত সহায় কৰে।
(ঘ) আসনৰ অভ্যাসে স্নায়ুতন্ত্ৰক সক্ৰিয় কৰি ৰক্তসঞ্চালন বৃদ্ধি কৰে আৰু স্নায়ুসমূহক সবল আৰু সজাগ কৰি ৰাখে।
(ঙ) অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ কৰ্মক্ষমতা বৃদ্ধি কৰে।
(চ) হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়া উন্নত কৰে।
(ছ) হৃদযন্ত্ৰ, শিৰা-উপশিৰা আৰু ৰক্তসঞ্চালন প্ৰণালীক সবল আৰু কাৰ্যক্ষম কৰি তোলে।
(জ) পৰিপাক প্ৰণালী আৰু নিষ্কাশন প্ৰণালীৰ অংগসমূহক সবল আৰু কাৰ্যক্ষম কৰি তোলে।
(ঝ) মাংসপেশীসমূহ সবল কৰে আৰু শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰাত সহায় কৰে।
(ঞ) শৰীৰ আৰু মনৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰে।
(ট) শৰীৰ আৰু মনৰ সহনশীলতা বৃদ্ধি কৰে।
সামৰণিত, নিয়মিত আৰু সঠিকভাৱে আসন অভ্যাস কৰিলে শৰীৰ সুস্থ, সবল আৰু নমনীয় হোৱাৰ লগতে মন শান্ত, স্থিৰ আৰু সজাগ হৈ থাকে। সেয়েহে সুস্থ আৰু সুন্দৰ জীৱনৰ বাবে আসনৰ অভ্যাস অতি উপকাৰী।
» ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। চাপ কি? চাপৰ কাৰণবোৰ কি কি?
উত্তৰঃ- চাপ বা পীড়া হৈছে জীৱনৰ এক স্বাভাৱিক অংশ। আমাৰ চাৰিওফালে ঘটা বিভিন্ন ঘটনা, পৰিৱেশ, দৈনন্দিন কাম-কাজ আৰু চিন্তা-ভাৱনাই আমাৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে। পৰিৱেশ, শৰীৰ আৰু চিন্তাৰ পৰা আমি ভাল বা বেয়া দুয়ো ধৰণৰ চাপ অনুভৱ কৰিব পাৰোঁ।
চাপ হৈছে জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু পৰিস্থিতিৰ প্ৰতি মানুহৰ এক স্বাভাৱিক শাৰীৰিক আৰু মানসিক প্ৰতিক্ৰিয়া। প্ৰতিজন মানুহেই জীৱনৰ কোনো নহয় কোনো সময়ত চাপ অনুভৱ কৰে। দৈনন্দিন কাম-কাজ আৰু পাৰিবাৰিক দায়িত্বৰ পৰা আৰম্ভ কৰি নতুন ৰোগৰ নিৰ্ণয়, যুদ্ধ, প্ৰিয়জনৰ মৃত্যু আদি গুৰুতৰ ঘটনালৈকে বিভিন্ন কাৰকে চাপ সৃষ্টি কৰিব পাৰে।
সেয়েহে ক’ব পাৰি যে, চাপ দৈনন্দিন জীৱনৰ এক স্বাভাৱিক অৱস্থা আৰু ই মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংশ। অৱশ্যে চাপৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে।
চাপৰ প্ৰধান কাৰণসমূহ
(১) মনোভাৱ আৰু ধাৰণা:চাপ সৃষ্টি হোৱাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে কোনো পৰিস্থিতিৰ প্ৰতি মানুহে গ্ৰহণ কৰা মনোভাৱ আৰু ধাৰণা। একে ঘটনা ঘটিলেও বিভিন্ন ব্যক্তিয়ে সেই ঘটনাক বিভিন্ন ধৰণে গ্ৰহণ কৰে। সেয়েহে একে পৰিস্থিতিত কোনোবাই চাপ অনুভৱ কৰিব পাৰে, আনহাতে আন কোনোবাই চাপ অনুভৱ নকৰিবও পাৰে।
(২) আঘাতজনক ঘটনা:আপোনজনৰ মৃত্যু, বিবাহ-বিচ্ছেদ, শাৰীৰিক অসুস্থতা, ব্যৱসায়ত বৃহৎ ক্ষতি, শৈক্ষিক বিফলতা আদি অপ্রত্যাশিত আৰু আঘাতজনক ঘটনাই মানুহৰ শাৰীৰিক আৰু আৱেগিক অৱস্থাত গভীৰ প্ৰভাৱ পেলায়। এনে ঘটনাই মানুহক অস্থিৰতা আৰু মানসিক চাপৰ দিশে ঠেলি নিয়ে।
(৩) শাৰীৰিক ব্যায়ামৰ অভাৱ:নিয়মীয়া শাৰীৰিক ব্যায়ামৰ অভাৱত শৰীৰৰ স্বাস্থ্য দুৰ্বল আৰু ৰুগ্ন হৈ পৰিব পাৰে। শাৰীৰিক অসুস্থতা আৰু নিষ্ক্ৰিয়তাই মানসিক চাপ বৃদ্ধি কৰাতো অৰিহণা যোগায়। সেয়েহে নিয়মীয়া ব্যায়ামৰ অভাৱ মানসিক চাপৰ এক গুৰুত্বপূৰ্ণ কাৰণ।
(৪) ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা:ভৱিষ্যতৰ বিষয়ে চিন্তা কৰাটো মানুহৰ স্বাভাৱিক প্ৰৱণতা। কিন্তু ভৱিষ্যতৰ প্ৰতি অত্যধিক উদ্বিগ্নতাই বৰ্তমানৰ সুখ আৰু প্ৰাপ্তিৰ আনন্দ নষ্ট কৰি অপ্রাপ্তি আৰু অনিশ্চয়তাৰ বিষয়ে অধিক চিন্তিত কৰি তোলে। ফলত মনত চাপ বা পীড়া বৃদ্ধি পায়।
(৫) সময় পৰিচালনাৰ অভাৱ:সময় মানুহৰ জীৱনৰ এক অতি মূল্যৱান সম্পদ। সময়ৰ সঠিক পৰিকল্পনা আৰু সদ্ব্যৱহাৰে জীৱনক উন্নতিৰ দিশে আগবঢ়ায়। কিন্তু সময়ৰ সঠিক পৰিচালনা কৰিব নোৱাৰিলে কামৰ বোজা বৃদ্ধি পায় আৰু ফলত মানসিক চাপৰ সৃষ্টি হয়।
(৬) নেতিবাচক ব্যক্তিৰ সান্নিধ্য:নেতিবাচক চিন্তাধাৰাৰ ব্যক্তিৰ সান্নিধ্যই মানুহৰ মনত নিৰাশা আৰু নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব পাৰে। এনে ব্যক্তিৰ সংস্পৰ্শত থাকিলে অজ্ঞাতে আমাৰ চিন্তা আৰু আচৰণতো নেতিবাচক প্ৰভাৱ পৰে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে।
(৭) ভয় আৰু অনিশ্চয়তা:সন্ত্ৰাসবাদী আক্ৰমণ, গোলকীয় উষ্ণতা বৃদ্ধি, বিষাক্ত ৰাসায়নিক পদাৰ্থৰ ভাবুকি, হত্যা, ধৰ্ষণ আদি বিভিন্ন বিপদজনক পৰিস্থিতিয়ে মানুহৰ মনত ভয় আৰু অনিশ্চয়তাৰ সৃষ্টি কৰে। জীৱনৰ প্ৰতি এনে ভয় আৰু নিৰাপত্তাহীনতাই মানসিক চাপ বৃদ্ধি কৰে।
(৮) অত্যধিক আকাংক্ষা:আশা আৰু আকাংক্ষাই মানুহৰ জীৱনক আগুৱাই নিয়াত সহায় কৰে। কিন্তু আকাংক্ষা যেতিয়া অত্যধিক হৈ পৰে আৰু সেইবোৰ পূৰণ নহয়, তেতিয়া মানুহৰ মনত হতাশা, অশান্তি আৰু চাপৰ সৃষ্টি হয়। সেয়েহে অত্যধিক আকাংক্ষাও মানসিক চাপৰ এক গুৰুত্বপূৰ্ণ কাৰণ।
সামৰণিত, চাপ মানৱ জীৱনৰ এক স্বাভাৱিক অংশ যদিও অত্যধিক আৰু দীৰ্ঘস্থায়ী চাপ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে ইতিবাচক মনোভাৱ, নিয়মীয়া ব্যায়াম, সঠিক সময় পৰিচালনা আৰু বাস্তৱসন্মত আকাংক্ষাৰ জৰিয়তে চাপ নিয়ন্ত্ৰণ কৰি সুস্থ আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰা উচিত।
২। চাপ মানে কি? চাপ ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ- চাপ বা পীড়া হৈছে মানুহৰ জীৱনৰ এক স্বাভাৱিক অৱস্থা। পৃথিৱীত এনে কোনো মানুহ নাই যি সম্পূৰ্ণৰূপে চাপমুক্ত। অৱশ্যে ব্যক্তিভেদে চাপৰ প্ৰকৃতি আৰু মাত্ৰা বেলেগ বেলেগ হ’ব পাৰে। বৰ্তমানৰ যান্ত্ৰিক আৰু সদা-পৰিৱৰ্তনশীল জীৱনত বিভিন্ন কাৰণত চাপ বিভিন্ন ৰূপত প্ৰকাশ পায়। যেনে— শাৰীৰিক অসুস্থতা, পাৰিবাৰিক সমস্যা, আৰ্থিক দুৰাৱস্থা, শৈক্ষিক বিফলতা আদি।
চাপ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক আৰু সামাজিক জীৱনলৈকে বিস্তৃত। অৱশ্যে এক নিৰ্দিষ্ট মাত্ৰাৰ চাপ কেতিয়াবা ইতিবাচকভাৱে কাম কৰি মানুহক লক্ষ্যত উপনীত হ’বলৈ উৎসাহিত কৰে। কিন্তু চাপ অত্যধিক হৈ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে ইয়াৰ নেতিবাচক প্ৰভাৱে শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে চাপ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা অতি প্ৰয়োজনীয়।
চাপ ব্যৱস্থাপনা বুলিলে বিভিন্ন কাৰণত সৃষ্টি হোৱা চাপ আৰু ইয়াৰ নেতিবাচক প্ৰভাৱসমূহৰ সৈতে দক্ষতাৰে মোকাবিলা কৰাৰ কৌশল বা পদ্ধতিসমূহক বুজোৱা হয়। মানুহৰ জীৱন সম্পূৰ্ণৰূপে চাপমুক্ত কৰা সম্ভৱ নহয়। কিন্তু উপযুক্ত চাপ ব্যৱস্থাপনাৰ জৰিয়তে চাপৰ সৈতে সফলভাৱে মোকাবিলা কৰি সুস্থ আৰু সুসংগঠিত জীৱন যাপন কৰিব পাৰি।
চাপ ব্যৱস্থাপনাৰ প্ৰধান কৌশলসমূহ তলত আলোচনা কৰা হ’ল—
(ক) অভ্যাস পৰিৱৰ্তনঃচাপ সৃষ্টি কৰা নেতিবাচক অভ্যাসসমূহ চিনাক্ত কৰি সেইবোৰ প্ৰয়োজন অনুসৰি পৰিৱৰ্তন কৰিব লাগে। যেনে— ৰাতিপুৱা পলমকৈ শুই উঠা, বিদ্যালয় বা কৰ্মস্থলীত পলমকৈ উপস্থিত হোৱা, ৰাগিয়াল বা নিচাজাতীয় সামগ্ৰী সেৱন কৰা আদি অভ্যাস পৰিত্যাগ কৰি সুস্থ আৰু নিয়মীয়া অভ্যাস গঢ়ি তুলিব লাগে।
(খ) ধৈৰ্যঃচাপ ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ কৌশল হৈছে ধৈৰ্যৰ অনুশীলন। ধৈৰ্যই মানুহক কঠিন আৰু চাপপূৰ্ণ পৰিস্থিতি শান্তভাৱে মোকাবিলা কৰাত সহায় কৰে। লগতে সংঘাত আৰু সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰি জীৱনৰ কঠিন পৰিস্থিতি অতিক্ৰম কৰাত সহায় কৰে।
(গ) ধ্যানঃযান্ত্ৰিক আৰু ব্যস্ত জীৱনত মনৰ স্থিৰতা বজাই ৰখাত ধ্যানৰ গুৰুত্ব অতি বেছি। ধ্যানে মগজুৰ বিশৃংখল আৰু নেতিবাচক চিন্তা নিয়ন্ত্ৰণ কৰি মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰাত সহায় কৰে। ইয়াৰ ফলত মানসিক চাপ হ্ৰাস পায় আৰু মানুহে অধিক আনন্দ আৰু একাগ্ৰতাৰে কাম কৰিব পাৰে।
(ঘ) পৰিকল্পনাঃদৈনন্দিন কাম-কাজৰ চাপ কমোৱাৰ এক সহজ উপায় হৈছে পৰিকল্পনা। পৰিকল্পনাৰ জৰিয়তে কৰিবলগীয়া কামসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সজাই সময়মতে সম্পূৰ্ণ কৰিব পাৰি। সকলো কাম একে সময়তে কৰিবলৈ চেষ্টা কৰিলে কাম আধৰুৱা হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত চাপ বৃদ্ধি পায়। সেয়েহে সুপৰিকল্পিতভাৱে কাম সম্পাদন কৰিলে কামৰ বোজা আৰু মানসিক চাপ দুয়োটাই হ্ৰাস পায়।
(ঙ) স্বাস্থ্যকৰ আহাৰঃস্বাস্থ্যকৰ আৰু সুষম আহাৰে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও সুস্থ ৰখাত সহায় কৰে। পুষ্টিকৰ আহাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে চাপৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে। আনহাতে, অত্যধিক চেনি আৰু চৰ্বিযুক্ত খাদ্যই শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে চাপ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা উচিত।
(চ) সময় পৰিচালনাঃচাপ ব্যৱস্থাপনাৰ বাবে সময় পৰিচালনা এক অতি গুৰুত্বপূৰ্ণ কৌশল। সময়ৰ গুৰুত্ব আৰু সীমাবদ্ধতা বুজি ইয়াৰ সঠিক পৰিকল্পনা আৰু সদ্ব্যৱহাৰ কৰিব লাগে। সময়মতে কাম সম্পূৰ্ণ কৰিব পাৰিলে কামৰ বোজা, ব্যস্ততা আৰু মানসিক চাপ বহু পৰিমাণে হ্ৰাস পায়।
(ছ) সফল আৰু প্ৰেৰণাদায়ক ব্যক্তিৰ সান্নিধ্যঃসফল আৰু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিৰ সান্নিধ্যই আমাৰ মনত আত্মবিশ্বাস আৰু ইতিবাচক চেতনা বৃদ্ধি কৰে। এনে ব্যক্তিৰ সৈতে হোৱা আলোচনা আৰু কথোপকথনে চাপপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সাহস আৰু প্ৰেৰণা যোগায়।
ইয়াৰ উৎকৃষ্ট উদাহৰণ হিচাপে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুনৰ মনত সৃষ্টি হোৱা সংশয় আৰু মানসিক চাপ দূৰ কৰিবলৈ শ্ৰীকৃষ্ণই দিয়া উপদেশৰ কথা উল্লেখ কৰিব পাৰি। শ্ৰীকৃষ্ণৰ উপদেশে অৰ্জুনক মানসিকভাৱে দৃঢ় কৰি নিজৰ কৰ্তব্য পালনৰ বাবে প্ৰস্তুত কৰি তুলিছিল।
(জ) ব্যায়ামঃব্যায়াম হৈছে শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰখাৰ এক গুৰুত্বপূৰ্ণ উপায়। নিয়মীয়া ব্যায়ামে শাৰীৰিক কৰ্মক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক স্থিৰতা বজাই ৰখাত সহায় কৰে। ই টোপনিৰ মান উন্নত কৰে আৰু দুশ্চিন্তা হ্ৰাস কৰাত সহায় কৰে। ব্যায়াম কৰা ব্যক্তিয়ে সাধাৰণতে নিজৰ বিষয়ে অধিক ইতিবাচক অনুভৱ কৰে। সেয়েহে ব্যায়ামৰ সৈতে চাপ নিয়ন্ত্ৰণৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে।
সামৰণিত, চাপ মানৱ জীৱনৰ এক স্বাভাৱিক অংশ। ইয়াক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা সম্ভৱ নহ’লেও উপযুক্ত অভ্যাস, ধৈৰ্য, ধ্যান, পৰিকল্পনা, স্বাস্থ্যকৰ আহাৰ, সময় পৰিচালনা, ইতিবাচক ব্যক্তিৰ সান্নিধ্য আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে চাপ নিয়ন্ত্ৰণ কৰিব পাৰি। এইদৰে চাপ ব্যৱস্থাপনাই মানুহক সুস্থ, শান্তিপূৰ্ণ আৰু সফল জীৱন যাপন কৰাত সহায় কৰে।
৩। চাপ ব্যৱস্থাপনাত (Stress Management) যোগৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ- বৰ্তমান সময়ত মানৱ জীৱনৰ মানসিক চাপ বিশ্বজুৰি এক গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে। যোগ আৰু ধ্যান হৈছে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ভাৰসাম্য বজাই ৰখাৰ এক প্ৰাচীন আৰু ফলপ্ৰসূ অনুশীলন। মানুহৰ ব্যক্তিত্বৰ বিভিন্ন দিশৰ মাজত সমন্বয় স্থাপন কৰি সুস্থ, সুন্দৰ আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ মানসিক চাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোগৰ ভূমিকা অতি উল্লেখযোগ্য।
ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু দৈনন্দিন কাম-কাজৰ ফলত মানুহে উদ্বেগ, উত্তেজনা আৰু মানসিক অশান্তিৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যোগৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে ধ্যানৰ অভ্যাসে মনক শান্ত আৰু স্থিৰ কৰি তুলিব পাৰে। ধ্যান এক সৰল আৰু সহজ অনুশীলন, যাৰ বাবে কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নহয়। কিছু সময় ধ্যান কৰিলে আত্ম-অনুসন্ধানৰ সুযোগ লাভ কৰাৰ লগতে মানসিক শান্তি আৰু আভ্যন্তৰীণ স্থিৰতা লাভ কৰিব পাৰি।
ভাৰতবৰ্ষত হাজাৰ হাজাৰ বছৰ ধৰি ধ্যানৰ প্ৰচলন হৈ আহিছে। ইয়াৰ মূল উদ্দেশ্য আছিল জীৱনৰ গভীৰ আৰু পৱিত্ৰ শক্তিসমূহৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰা। বৰ্তমান সময়ত ধ্যান বিশেষকৈ মানসিক চাপ, উদ্বেগ আৰু অশান্তি হ্ৰাস কৰি শিথিলতা লাভৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপে জনপ্ৰিয় হৈ পৰিছে। সেয়েহে ধ্যানক দৈনন্দিন জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰা উচিত।
চাপ নিয়ন্ত্ৰণত যোগৰ ভূমিকা
(১) শান্তি আৰু মানসিক ভাৰসাম্য প্ৰদানঃযোগৰ নিয়মীয়া অভ্যাসে মানুহৰ মনত শান্তি আৰু ভাৰসাম্যৰ অনুভূতি সৃষ্টি কৰে। ইয়াৰ ফলত আৱেগিক সুস্থতা আৰু সামগ্ৰিক স্বাস্থ্য উন্নত হয়।
(২) মানসিক চাপ হ্ৰাস কৰাঃযোগৰ এক গুৰুত্বপূৰ্ণ কৌশল হিচাপে ধ্যানে মগজুৰ নেতিবাচক আৰু চাপ সৃষ্টিকাৰী চিন্তা হ্ৰাস কৰাত সহায় কৰে। নিয়মীয়া ধ্যানৰ অভ্যাসে দীৰ্ঘদিনীয়া চাপৰ প্ৰভাৱো কমাব পাৰে।
(৩) আত্ম-অনুসন্ধানত সহায় কৰাঃযোগ আৰু আত্ম-অনুসন্ধানৰ অনুশীলনে ব্যক্তিক নিজকে বুজিবলৈ আৰু নিজৰ শক্তি-দুৰ্বলতা চিনাক্ত কৰিবলৈ সহায় কৰে। ইয়াৰ ফলত ব্যক্তিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনাৰ পথ মুকলি হয়।
(৪) উদ্বেগ হ্ৰাস কৰাঃযোগৰ দৈনন্দিন অনুশীলনে উদ্বেগ আৰু মানসিক অস্থিৰতা হ্ৰাস কৰাত সহায় কৰে। লগতে চাপপূৰ্ণ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দক্ষতা বৃদ্ধি কৰে।
(৫) আত্ম-নিয়ন্ত্ৰণ আৰু আত্ম-বিকাশঃযোগে আত্মা আৰু পৰমাত্মাৰ মাজৰ সম্পৰ্কৰ বিষয়ে মননশীল হ’বলৈ সহায় কৰে। আত্ম-নিয়ন্ত্ৰণৰ জৰিয়তে ব্যক্তিৰ আত্ম-বিকাশ আৰু আধ্যাত্মিক উন্নতিৰ পথ প্ৰশস্ত হয়।
(৬) ইতিবাচক চিন্তাৰ বিকাশঃযোগে মনৰ চিন্তাসমূহক নিয়ন্ত্ৰণ, মনোযোগ আৰু সঠিক দিশলৈ পুনৰনিৰ্দেশিত কৰাৰ অভ্যাস গঢ়ি তোলে। ইয়াৰ ফলত নেতিবাচক চিন্তা হ্ৰাস পাই ইতিবাচক চিন্তাধাৰাৰ বিকাশ ঘটে।
(৭) একাগ্ৰতা আৰু মানসিক সুস্থতা বৃদ্ধি কৰাঃযোগ আৰু ধ্যানৰ সময়ত মনক কোনো নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰীভূত কৰা হয়। ইয়াৰ ফলত মনত সৃষ্টি হোৱা বিশৃংখল আৰু চাপ সৃষ্টিকাৰী চিন্তাৰ সোঁত হ্ৰাস পায় আৰু শাৰীৰিক তথা আৱেগিক সুস্থতা বৃদ্ধি হয়।
(৮) ধৈৰ্য আৰু সহনশীলতা বৃদ্ধিঃনিয়মীয়া যোগাভ্যাসে ব্যক্তিৰ ধৈৰ্য আৰু সহনশীলতা বৃদ্ধি কৰে। ফলত কঠিন আৰু চাপপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ’লেও শান্তভাৱে পৰিস্থিতি মোকাবিলা কৰিব পৰা যায়।
(৯) চিন্তাশক্তি আৰু কৰ্মোদ্যম বৃদ্ধিঃযোগে মনৰ চিন্তাশক্তি, সৃষ্টিশীলতা আৰু একাগ্ৰতা বৃদ্ধি কৰে। ইয়াৰ ফলত কৰ্মোদ্যম বৃদ্ধি পায় আৰু মানুহে নিজৰ কাম অধিক উৎসাহেৰে সম্পাদন কৰিব পাৰে।
সামৰণিত, যোগ হৈছে শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ এক সামগ্ৰিক আৰু প্ৰণালীবদ্ধ অনুশীলন। নিয়মীয়া যোগ আৰু ধ্যানৰ অভ্যাসে মানসিক চাপ, উদ্বেগ আৰু অস্থিৰতা হ্ৰাস কৰি মনৰ শান্তি, আত্ম-নিয়ন্ত্ৰণ, ধৈৰ্য আৰু একাগ্ৰতা বৃদ্ধি কৰে। সেয়েহে চাপ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যোগক এক গুৰুত্বপূৰ্ণ আৰু উপযোগী জীৱন-পদ্ধতি হিচাপে গ্ৰহণ কৰিব পাৰি।
৪। যোগ মানে কি? যোগৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ- ‘যোগ’ আৰু ‘যোগী’ শব্দ দুটা আমাৰ বাবে পৰিচিত। যদিও এই শব্দ দুটাৰ প্ৰকৃত অৰ্থ বহুতে গভীৰভাৱে উপলব্ধি নকৰে। যোগ হৈছে এনে এক সামগ্ৰিক বিজ্ঞান আৰু জীৱন-পদ্ধতি, যিয়ে মানুহৰ শৰীৰ, মন আৰু আত্মা—এই তিনিওটা দিশৰ সৰ্বাংগীণ বিকাশত সহায় কৰে। যোগৰ জৰিয়তে মানুহৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ সাধন হয়।
যোগৰ নিয়ম-নীতি পালন কৰাৰ ফলত ব্যক্তিৰ আচৰণ আৰু চৰিত্ৰৰ সংশোধন ঘটে আৰু নিজৰ ভিতৰত থকা নেতিবাচক প্ৰৱণতাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত ব্যক্তিগত জীৱন সুস্থ আৰু সুসংগঠিত হোৱাৰ লগতে এখন সুস্থ আৰু সুন্দৰ সমাজ গঠনত সহায় কৰে। যোগে মানুহৰ শৰীৰ, মন, আবেগ, বুদ্ধিমত্তা আৰু আধ্যাত্মিক চেতনাৰ মাজত সমন্বয় স্থাপন কৰি ব্যক্তিক সুস্থ আৰু পূৰ্ণাংগ জীৱন যাপন কৰাত সহায় কৰে।
যোগৰ অৰ্থ
ইংৰাজী ‘Yoga’ শব্দটো সংস্কৃত ‘যুজ’ (Yuj) শব্দৰ পৰা উৎপত্তি হৈছে। ‘যুজ’ শব্দৰ অৰ্থ হৈছে মিলন, সংযোগ, একত্ৰীকৰণ বা ঐক্য স্থাপন। ইউৰোপীয় বিভিন্ন ভাষাতো ‘যুজ’ শব্দৰ সৈতে অৰ্থগতভাৱে সম্পৰ্কিত শব্দ পোৱা যায়। যেনে—ইংৰাজী Yoke, ফৰাচী Youg, জাৰ্মান Joch, গ্ৰীক Zugos, লেটিন Jugum আৰু স্পেনীয় Yugo।
যোগৰ মূল অৰ্থ হৈছে মিলন বা একত্ৰীকৰণ। ব্যক্তিৰ শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপনৰ পৰা আৰম্ভ কৰি আত্মা আৰু পৰমাত্মাৰ মাজত একাত্মতা উপলব্ধি কৰালৈকে যোগৰ পৰিসৰ বিস্তৃত।
প্ৰাথমিক পৰ্যায়ত যোগে শৰীৰৰ বিভিন্ন অংগ আৰু প্ৰণালীৰ মাজত সমতা আৰু সমন্বয় স্থাপন কৰে। ইয়াৰ পিছত শৰীৰ আৰু মনৰ মাজত সমন্বয় সাধন কৰে। ক্ৰমে ব্যক্তি, পৰিয়াল, ওচৰ-চুবুৰীয়া, সমাজ আৰু প্ৰকৃতিৰ মাজত সহযোগিতা, বুজাপৰা, প্ৰেম আৰু ঐক্যৰ ভাব গঢ়ি তোলে। শেষত সকলো জীৱ আৰু সত্তাৰ মাজত একত্ব উপলব্ধি কৰি আত্মা আৰু পৰমাত্মাৰ একাত্মতা অনুভৱ কৰাটোৱেই যোগৰ চূড়ান্ত লক্ষ্য।
এই অৱস্থা লাভ কৰিবলৈ মানুহে যি শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক পদ্ধতি আৰু নিয়ম-নীতি অনুসৰণ কৰে, সেই সমগ্ৰ প্ৰক্ৰিয়াক যোগপদ্ধতি বুলি কোৱা হয়।
প্ৰতিজন ব্যক্তিৰ মাজতে কিছুমান নিজস্ব গুণ, প্ৰতিভা আৰু সৃজনশীল শক্তি নিহিত থাকে। জীৱনৰ উদ্দেশ্যও ব্যক্তিৰ ভিতৰতে নিহিত থাকে। নিজৰ এই অন্তৰ্নিহিত শক্তি আৰু স্বৰূপ উপলব্ধি কৰিবলৈ আত্মবোধৰ প্ৰয়োজন। বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশে মানুহৰ জীৱনক প্ৰভাৱিত কৰে যদিও যোগৰ অনুশীলনে ব্যক্তিক আত্ম-অনুসন্ধান আৰু আত্ম-উন্নতিৰ পথত আগুৱাই নিয়ে।
সামৰণিত, ক’ব পাৰি যে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰি ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সাধন কৰা আৰু ক্ৰমে আত্মা আৰু পৰমাত্মাৰ মাজত একাত্মতা উপলব্ধি কৰাই যোগৰ মূল উদ্দেশ্য। সেয়েহে যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়; ই এক সামগ্ৰিক জীৱন-পদ্ধতি আৰু আত্ম-উন্নতিৰ সাধনা।
৫। যোগৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা।
উত্তৰ:- ব্যক্তিভেদে মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ভিন্ন হয়। একে কাম সকলো মানুহে কৰিলেও সেই কাম কৰাৰ উদ্দেশ্য সকলোৰে একে নহ’ব পাৰে। ঠিক সেইদৰে, ব্যক্তিৰ প্ৰয়োজন, সমস্যা, মানসিক অৱস্থা আৰু জীৱনৰ লক্ষ্য অনুসৰি যোগৰ লক্ষ্য আৰু উদ্দেশ্যও ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে। যোগে ব্যক্তিক নিজৰ জীৱনৰ প্ৰয়োজনীয়তা আৰু লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে।
যোগৰ সাধাৰণ লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—
(ক) বিভিন্ন চিন্তা-ভাৱনাৰ পৰা মুক্ত কৰি মনৰ শান্তি আৰু সমতা বজাই ৰখা।
(খ) শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় আৰু ভাৰসাম্য স্থাপন কৰা।
(গ) নিজৰ সুপ্ত গুণ আৰু প্ৰতিভাসমূহ চিনাক্ত কৰি সেইবোৰৰ বিকাশ সাধন কৰা আৰু নেতিবাচক গুণসমূহক ইতিবাচক গুণলৈ ৰূপান্তৰ কৰা।
(ঘ) সুস্থ আৰু সবল স্বাস্থ্যৰ অধিকাৰী হোৱা।
(ঙ) শৰীৰ আৰু মনৰ সংকুচিত ভাব তথা মানসিক অস্থিৰতা আঁতৰাই শিথিলতা আৰু স্বস্তি লাভ কৰা।
(চ) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।
(ছ) কৰ্মদক্ষতা, একাগ্ৰতা আৰু কৰ্মত নিপুণতা বৃদ্ধি কৰা।
(জ) সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সমতা, সহযোগিতা আৰু ভাতৃত্ববোধ স্থাপন কৰা।
(ঝ) শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ সুস্থ আৰু পৰিষ্কাৰ কৰি শৰীৰক ৰোগমুক্ত আৰু স্বাস্থ্যৱান কৰি ৰখা।
(ঞ) বস্তুবাদী জীৱনধাৰাৰ পৰা সংস্কৃতিমূলক, শান্তিপূৰ্ণ আৰু আনন্দময় জীৱনলৈ ৰূপান্তৰিত হোৱা।
ওপৰত উল্লেখ কৰা সাধাৰণ উদ্দেশ্যসমূহৰ উপৰি যোগৰ মুখ্য আৰু চূড়ান্ত উদ্দেশ্য হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন বা একাত্মতা লাভ কৰা। এই অৱস্থা লাভ কৰিবলৈ মনৰ শান্তি আৰু স্থিৰতা অতি প্ৰয়োজনীয়। শাৰীৰিক সুস্থতা আৰু প্ৰশান্তিয়ে মনৰ শান্তি লাভ কৰাত সহায় কৰে যদিও যোগ সাধনাৰ উচ্চস্তৰৰ আধ্যাত্মিক অনুভূতি লাভৰ বাবে কেৱল শাৰীৰিক সুস্থতাই যথেষ্ট নহয়।
সেয়েহে, মানুহে যেতিয়া সকলো দুখ, চিন্তা আৰু মানসিক অশান্তিৰ পৰা মুক্ত হৈ প্ৰকৃত সত্য আৰু জ্ঞানৰ উপলব্ধি লাভ কৰে আৰু আনন্দময় অৱস্থাত উপনীত হয়, তেতিয়াহে কৈৱল্যৰ আনন্দ অনুভৱ কৰিব পাৰে।
সামৰণিত ক’ব পাৰি যে, যোগৰ প্ৰধান উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰি ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সাধন কৰা আৰু শেষত জীৱাত্মা আৰু পৰমাত্মাৰ একাত্মতা উপলব্ধি কৰা।
৬। যোগৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ- যোগৰ পৰিসৰ কেৱল আসন, প্ৰাণায়াম, ধাৰণা আৰু ধ্যানৰ মাজতে সীমাবদ্ধ নহয়। যোগ হৈছে এক সামগ্ৰিক জীৱনধাৰণৰ প্ৰণালী। যোগৰ অনুশীলনে মানুহক কৰ্মদক্ষ হ’বলৈ শিকায় আৰু ত্যাগ, বুজাপৰা, সহযোগিতা আৰু সহনশীলতাৰ জৰিয়তে সকলোকে সমান দৃষ্টিৰে চাবলৈ সহায় কৰে। জীৱনৰ সুখ-দুখ, জয়-পৰাজয় আদি বিভিন্ন পৰিস্থিতিত মানসিক ভাৰসাম্য বজাই ৰাখি নিজৰ কৰ্তব্য পালন কৰিবলৈ যোগে মানুহক মানসিকভাৱে প্ৰস্তুত কৰে।
যোগ হৈছে এক সামগ্ৰিক শিক্ষা। ইয়াৰ পৰিসৰ কেৱল শাৰীৰিক স্বাস্থ্যৰক্ষাৰ বাবে শাৰীৰিক শিক্ষাতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিসৰ শিক্ষাৰ বিভিন্ন দিশলৈ বিস্তৃত। যেনে—
(ক) শাৰীৰিক শিক্ষা: যোগে শৰীৰক সুস্থ, সবল আৰু কৰ্মক্ষম কৰি ৰাখিবলৈ সহায় কৰে।
(খ) মানসিক শিক্ষা: যোগে মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি ব্যক্তিক মানসিকভাৱে সুস্থ কৰি ৰাখে।
(গ) নৈতিক শিক্ষা: যোগে নৈতিক মূল্যবোধৰ বিকাশ ঘটাই সমাজত বিৰাজ কৰা অনৈতিকতা আৰু অসৎ প্ৰৱণতা দূৰ কৰাত সহায় কৰে।
(ঘ) আধ্যাত্মিক শিক্ষা: যোগে ব্যক্তিৰ অন্তৰ্নিহিত তথা সুপ্ত দৈৱিক শক্তিৰ বিকাশ সাধন কৰি আত্ম-উপলব্ধিৰ পথ প্ৰশস্ত কৰে।
(ঙ) সামাজিক শিক্ষা: যোগে ব্যক্তিক সমাজৰ এজন সু-নাগৰিক হিচাপে গঢ়ি তুলি পাৰস্পৰিক বুজাপৰা, সহযোগিতা, সহানুভূতি আৰু ভাতৃত্ববোধৰ ভাব জগাই তোলে।
(চ) পৰিৱেশিক শিক্ষা: যোগে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীলতা বৃদ্ধি কৰি পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ ৰোধৰ প্ৰতি সচেতনতা সৃষ্টি কৰে।
সেয়েহে, যোগৰ পৰিসৰ প্ৰকৃতাৰ্থত অতি ব্যাপক। বৰ্তমান সময়ত যোগৰ পৰিসৰ চিকিৎসা ক্ষেত্ৰতো বিস্তৃত হৈছে। বিভিন্ন ৰোগ আৰু স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত সহায়ক পদ্ধতি হিচাপে যোগচৰ্চাই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে। ইয়াৰ উপৰি বৰ্তমান যোগচৰ্চাই খেলজগত, সংগীত জগত, চিনেমা জগত, ব্যৱসায়িক ক্ষেত্ৰ আৰু বিভিন্ন সংগঠন আদিতো প্ৰভাৱ বিস্তাৰ কৰিছে।
যোগ শিক্ষাই এটি শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক, নৈতিক, আধ্যাত্মিক আৰু পৰিৱেশিক বিকাশ সাধন কৰি এজন সুস্থ, সবল আৰু পূৰ্ণাংগ মানৱ হিচাপে গঢ়ি উঠাত সহায় কৰে। সেইবাবে বৰ্তমান সময়ত যোগ শিক্ষাক শিক্ষাৰ পাঠ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
সামৰণিত ক’ব পাৰি যে, যোগ কেৱল শাৰীৰিক ব্যায়াম বা আসন-প্ৰাণায়ামৰ অনুশীলন নহয়; ই মানুহৰ জীৱনৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আধ্যাত্মিক আৰু পৰিৱেশিক সকলো দিশ সামৰি লোৱা এক সামগ্ৰিক জীৱন-পদ্ধতি।
৭। বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰ:- প্ৰাচীন কালৰেপৰা ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত যোগে এক অনবদ্য স্থান দখল কৰি আহিছে। বৰ্তমান আধুনিক যুগতো যোগৰ প্ৰচাৰ আৰু প্ৰসাৰে ইয়াক সমগ্ৰ বিশ্বৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতিৰ লগে লগে মানুহৰ জীৱন-ধাৰণৰ প্ৰণালী আৰু চিন্তাধাৰাতো যথেষ্ট পৰিৱৰ্তন আহিছে। আধুনিক জীৱন অধিক ব্যস্ত, যান্ত্ৰিক আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে। ফলত মানুহে শাৰীৰিক আৰু মানসিকভাৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ।
বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তাসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—
(১) মানসিক চাপ আৰু উদ্বেগ হ্ৰাস:আধুনিক জীৱনৰ ব্যস্ততা, প্ৰতিযোগিতা, পাৰিবাৰিক সমস্যা আৰু কৰ্মক্ষেত্ৰৰ হেঁচাৰ ফলত মানুহে মানসিক চাপ আৰু উদ্বেগত ভুগিবলগীয়া হয়। নিয়মীয়া যোগাভ্যাস আৰু ধ্যানে মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।
(২) শাৰীৰিক সুস্থতা বজাই ৰখা:যোগৰ বিভিন্ন আসন আৰু প্ৰাণায়ামে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ সক্ৰিয় আৰু সবল কৰি তোলে। ই শৰীৰৰ নমনীয়তা, শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু সুস্থ জীৱন-যাপনৰ বাবে উপযোগী।
(৩) মনো-শাৰীৰিক ৰোগ নিয়ন্ত্ৰণত সহায়:বৰ্তমান উচ্চ ৰক্তচাপ, মধুমেহ, হাঁপানী, উদ্বেগ আদি বহুতো স্বাস্থ্যজনিত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। নিয়মীয়া যোগাভ্যাসে মানসিক চাপ হ্ৰাস কৰি সামগ্ৰিক স্বাস্থ্যৰ উন্নতিত সহায় কৰিব পাৰে।
(৪) একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি:যোগ আৰু ধ্যানৰ অভ্যাসে মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰে। ইয়াৰ ফলত স্মৃতিশক্তি আৰু চিন্তাশক্তিৰ উন্নতি ঘটে আৰু অধ্যয়ন তথা দৈনন্দিন কাম-কাজ অধিক দক্ষতাৰে সম্পাদন কৰিব পৰা যায়।
(৫) আৱেগ নিয়ন্ত্ৰণ:আধুনিক জীৱনত খং, ঈৰ্ষা, দ্বেষ, হিংসা আৰু অসহিষ্ণুতাৰ দৰে নেতিবাচক প্ৰৱণতা বৃদ্ধি পাইছে। যোগে মন আৰু আৱেগক নিয়ন্ত্ৰণ কৰাত সহায় কৰি শান্তি, সহনশীলতা আৰু আত্মসংযমৰ গুণ বিকশিত কৰে।
(৬) শিশুৰ সৰ্বাংগীণ বিকাশ:বৰ্তমান সময়ত শিশুসকলেও শৈক্ষিক আৰু সামাজিক প্ৰতিযোগিতাৰ যথেষ্ট হেঁচা অনুভৱ কৰে। যোগ শিক্ষাই শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশ সাধন কৰি আত্মবিশ্বাস আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে।
(৭) কৰ্মদক্ষতা আৰু নিপুণতা বৃদ্ধি:যোগাভ্যাসে মনৰ অস্থিৰতা আৰু মানসিক চাপ হ্ৰাস কৰি একাগ্ৰতা বৃদ্ধি কৰে। ফলত ব্যক্তিৰ কৰ্মদক্ষতা, সৃষ্টিশীলতা আৰু কৰ্মত নিপুণতা বৃদ্ধি পায়।
(৮) নৈতিক আৰু সামাজিক মূল্যবোধৰ বিকাশ:যোগে সত্য, অহিংসা, সহানুভূতি, বন্ধুত্ব, সহযোগিতা, সহনশীলতা আৰু আত্মসংযম আদি গুণৰ বিকাশ ঘটায়। এই গুণসমূহে ব্যক্তিক এজন দায়িত্বশীল আৰু সু-নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে।
(৯) সুস্থ সমাজ গঠনত সহায়:বৰ্তমান সমাজত হিংসা, দ্বেষ, দুৰ্নীতি, অপৰাধ আৰু বিভিন্ন ধৰণৰ সামাজিক অশান্তি বৃদ্ধি পাইছে। যোগ শিক্ষাই মানুহৰ মাজত অহিংসা, সত্যতা, সহমৰ্মিতা, বন্ধুত্ব আৰু পাৰস্পৰিক বুজাপৰাৰ ভাব বৃদ্ধি কৰি সুস্থ আৰু শান্তিপূৰ্ণ সমাজ গঠনত সহায় কৰিব পাৰে।
(১০) আধ্যাত্মিক বিকাশ:যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়; ই আত্ম-অনুসন্ধান আৰু আত্ম-উপলব্ধিৰো এক পদ্ধতি। যোগৰ জৰিয়তে ব্যক্তিয়ে নিজৰ অন্তৰ্নিহিত শক্তি আৰু স্বৰূপ উপলব্ধি কৰি আধ্যাত্মিক বিকাশ সাধন কৰিব পাৰে।
(১১) পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি সচেতনতা:যোগে মানুহৰ ভিতৰত প্ৰকৃতিৰ সৈতে সমন্বয় আৰু সহাৱস্থানৰ মনোভাৱ গঢ়ি তোলে। ফলত পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি দায়িত্ববোধ বৃদ্ধি পায়।
(১২) সামগ্ৰিক ব্যক্তিত্ব বিকাশ:যৌগিক শিক্ষাক সামগ্ৰিক শিক্ষা বুলিও কোৱা হয়। ই ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক, নৈতিক, সামাজিক, আধ্যাত্মিক আৰু পৰিৱেশিক বিকাশত সহায় কৰে। সেয়েহে এজন সুস্থ, সবল, দায়িত্বশীল আৰু পূৰ্ণাংগ মানৱ গঢ়ি তোলাত যোগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
সামৰণিত ক’ব পাৰি যে, বৰ্তমানৰ যান্ত্ৰিক, ব্যস্ত আৰু প্ৰতিযোগিতামূলক জীৱনত মানুহ শাৰীৰিক আৰু মানসিকভাৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত যোগে শৰীৰ আৰু মনৰ মাজত সমন্বয় স্থাপন কৰি স্বাস্থ্য, মানসিক শান্তি, একাগ্ৰতা, আত্মসংযম, কৰ্মদক্ষতা আৰু আধ্যাত্মিক বিকাশ সাধন কৰাত সহায় কৰে। সেয়েহে সুস্থ ব্যক্তি, সুস্থ সমাজ আৰু সুস্থ জীৱন গঢ়ি তোলাৰ বাবে বৰ্তমান সময়ত যোগৰ প্ৰয়োজনীয়তা অপৰিসীম।
৮। শৰীৰ আৰু মনৰ ওপৰত যোগাভ্যাসৰ প্ৰভাৱ তথা উদ্বেগ আৰু হতাশা নির্মূলকৰণ আৰু মানসিক সুস্থতা প্রদানত যোগৰ ভূমিকা সম্বন্ধে বহলাই আলোচনা কৰা।
উত্তৰঃ- বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতিৰ ফলত মানুহৰ জীৱন বহুতো সুবিধাৰে সমৃদ্ধ হৈছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে মানুহৰ জীৱন অধিক ব্যস্ত, যান্ত্ৰিক আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে। পাৰ্থিৱ সুখ-সুবিধাৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে আৰু সেইবোৰ লাভ কৰাৰ প্ৰতিযোগিতাত মানুহে অহৰহ দৌৰি আছে। পিতৃ-মাতৃ, শিক্ষক আৰু অভিভাৱকৰ হেঁচা, ইণ্টাৰনেট আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰভাৱ, তীব্ৰ প্ৰতিযোগিতা আদি কাৰকে বিশেষকৈ শিশু আৰু যুৱসমাজৰ কোমল বয়সতে উদ্বেগ, উত্তেজনা, হতাশা আৰু নিৰাশাৰ সৃষ্টি কৰিছে।
ইয়াৰ ফলত বহুতো শিশু আৰু যুৱক-যুৱতী শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছে আৰু বিভিন্ন শাৰীৰিক, মানসিক তথা মনো-শাৰীৰিক সমস্যাত আক্ৰান্ত হৈছে। মানসিক ভাৰসাম্যতা নথকাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত মনোবল বৃদ্ধি কৰি জীৱনৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ যোগাভ্যাসে বিশেষ সহায় কৰিব পাৰে।
যোগৰ বিভিন্ন অংগৰ নিয়মীয়া চৰ্চাই মানুহক বাহ্যিক জগতৰ অতিৰিক্ত প্ৰলোভন আৰু চিন্তাৰ পৰা মন আঁতৰাই অন্তৰ্জগতৰ প্ৰতি মনোনিৱেশ কৰিবলৈ সহায় কৰে। ইয়াৰ ফলত ব্যক্তি নিজৰ মন, চিন্তা আৰু আৱেগক বুজিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। উদ্বেগ, হতাশা আৰু মানসিক অশান্তি হ্ৰাস কৰি মানসিক সুস্থতা লাভ কৰাত যোগৰ ভূমিকা তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—
(ক) যম আৰু নিয়মৰ ভূমিকা:অষ্টাংগ যোগৰ প্ৰথম দুটা অংগ হৈছে যম আৰু নিয়ম। যমৰ পাঁচটা আৰু নিয়মৰ পাঁচটা নীতিৰ অনুশীলনে ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠন কৰে, মনৰ অস্থিৰতা আৰু উত্তেজনা হ্ৰাস কৰে আৰু আত্মসংযম বৃদ্ধি কৰে। ইয়াৰ ফলত ব্যক্তি মানসিকভাৱে অধিক শক্তিশালী আৰু স্থিৰ হৈ উঠে।
(খ) আসনৰ ভূমিকা:আসনে শৰীৰৰ স্বাস্থ্য আৰু শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰ আৰু মনৰ স্থিৰতা তথা স্বস্তি লাভ কৰাত সহায় কৰে। নিয়মীয়া আসন অভ্যাসে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ সক্ৰিয় কৰি ৰাখে আৰু অন্তঃস্ৰাৱী গ্ৰন্থিৰ হৰম’নৰ নিঃসৰণ স্বাভাৱিক ৰখাত সহায় কৰে। ফলত শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধি পায়।
(গ) প্ৰাণায়ামৰ ভূমিকা:প্ৰাণায়াম হৈছে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ এক প্ৰণালীবদ্ধ পদ্ধতি। ই শ্বাস-প্ৰশ্বাসৰ গতি আৰু ছন্দ নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাণশক্তি বৃদ্ধি কৰে আৰু মনক সংযত তথা শান্ত কৰাত সহায় কৰে। প্ৰাণ আৰু মনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে নিয়মীয়া প্ৰাণায়ামে উদ্বেগ আৰু মানসিক উত্তেজনা হ্ৰাস কৰাত সহায় কৰে।
(ঘ) প্ৰত্যাহাৰৰ ভূমিকা:প্ৰত্যাহাৰ হৈছে ইন্দ্ৰিয়সমূহক বাহ্যিক বিষয়-বস্তুৰ পৰা আঁতৰাই মনক অন্তৰ্মুখী কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ অনুশীলনৰ ফলত বাহ্যিক জগতৰ বিভিন্ন প্ৰলোভন আৰু উদ্দীপনাই সহজে মনক বিচলিত কৰিব নোৱাৰে। ফলত ব্যক্তি নিজৰ অন্তৰ্জগতৰ প্ৰতি মনোনিৱেশ কৰি মানসিক শান্তি লাভ কৰিব পাৰে।
(ঙ) ধাৰণাৰ ভূমিকা:ধাৰণাৰ অনুশীলনে মনক কোনো এটা নিৰ্দিষ্ট বিষয় বা বস্তুৰ ওপৰত একাগ্ৰ কৰি ৰাখিবলৈ সহায় কৰে। ইয়াৰ ফলত মনৰ অস্থিৰতা আৰু বিশৃংখল চিন্তা হ্ৰাস পায় আৰু একাগ্ৰতা বৃদ্ধি হয়। সেয়েহে উদ্বেগ আৰু মানসিক অশান্তি নিয়ন্ত্ৰণত ধাৰণাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(চ) ধ্যানৰ ভূমিকা:ধ্যান হৈছে মনক একাগ্ৰ, শান্ত আৰু স্থিৰ কৰাৰ এক গুৰুত্বপূৰ্ণ যোগিক পদ্ধতি। নিয়মীয়া ধ্যানৰ অভ্যাসে দুশ্চিন্তা, উদ্বেগ, অশান্তি আৰু নেতিবাচক চিন্তা হ্ৰাস কৰি মানসিক শান্তি আৰু স্বস্তি প্ৰদান কৰে। ধ্যানে ব্যক্তিক আত্ম-অনুসন্ধান আৰু নিজৰ চিন্তা-ভাৱনাক গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত মানসিক ভাৰসাম্যতা বৃদ্ধি পায় আৰু হতাশাৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় হয়।
(ছ) সমাধিৰ ভূমিকা:অষ্টাংগ যোগৰ অন্তিম অংগ হৈছে সমাধি। ধাৰণা আৰু ধ্যানৰ গভীৰ অনুশীলনৰ জৰিয়তে সাধকে সমাধি অৱস্থাত উপনীত হয়। এই অৱস্থাত মন অধিক গভীৰ শান্তি আৰু স্থিৰতা লাভ কৰে আৰু আত্ম-উপলব্ধিৰ পথ প্ৰশস্ত হয়।
সামৰণিত ক’ব পাৰি যে, যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়; ই শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰা এক সামগ্ৰিক পদ্ধতি। নিয়মীয়া আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা আৰু ধ্যানৰ অনুশীলনে শৰীৰক সুস্থ আৰু মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি তোলে। উদ্বেগ, হতাশা, দুশ্চিন্তা আৰু মানসিক অশান্তিৰ প্ৰভাৱ হ্ৰাস কৰি আত্মবিশ্বাস, মনোবল আৰু মানসিক সুস্থতা বৃদ্ধি কৰাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে বৰ্তমানৰ ব্যস্ত আৰু প্ৰতিযোগিতামূলক জীৱনত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ নিয়মীয়া যোগাভ্যাস অতি উপযোগী।
৯। মানসিক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
উত্তৰ:- মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ সামগ্ৰিক সুস্থতাৰ এক গুৰুত্বপূৰ্ণ অংশ। বৰ্তমানৰ ব্যস্ত আৰু প্ৰতিযোগিতামূলক জীৱনত উদ্বেগ, উৎকণ্ঠা, মানসিক চাপ, অস্থিৰতা, হতাশা আদি বিভিন্ন সমস্যাই মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত যোগে মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি মানসিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মানসিক স্বাস্থ্যৰ বাবে যোগৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ’ল—
(১) মানসিক ভাৰসাম্য স্থাপন:যোগে মনৰ বিভিন্ন শক্তি আৰু চিন্তা-ভাৱনাৰ মাজত ভাৰসাম্য স্থাপন কৰি মানসিক স্থিৰতা বজাই ৰখাত সহায় কৰে।
(২) উদ্বেগ আৰু মানসিক চাপ হ্ৰাস:যোগে মানসিক উদ্বেগ, উৎকণ্ঠা, অস্থিৰতা আৰু পীড়ন হ্ৰাস কৰি মনক শান্ত আৰু পৰিষ্কাৰ কৰি তোলে। ইয়াৰ ফলত আনন্দ, স্বস্তি আৰু ইতিবাচক প্ৰেৰণাৰ সৃষ্টি হয়।
(৩) চিন্তন আৰু স্মৃতিশক্তিৰ বিকাশ:নিয়মীয়া যোগাভ্যাসে চিন্তন ক্ষমতা, স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। ফলত অধ্যয়ন আৰু দৈনন্দিন কাম-কাজ অধিক দক্ষতাৰে সম্পন্ন কৰিব পাৰি।
(৪) ইন্দ্ৰিয়সমূহৰ কাৰ্যক্ষমতা বৃদ্ধি:যোগে দৃষ্টিশক্তি আৰু কণ্ঠস্বৰ শক্তিশালী কৰাত সহায় কৰাৰ লগতে শ্ৰৱণ প্ৰক্ৰিয়াক সক্ৰিয় আৰু অধিক সংবেদনশীল কৰি তুলিব পাৰে।
(৫) বৌদ্ধিক আৰু প্ৰজ্ঞাত্মক বিকাশ:যোগে ব্যক্তিৰ প্ৰজ্ঞাত্মক, আৱেগিক আৰু বৌদ্ধিক দিশৰ বিকাশ সাধন কৰে। ইয়াৰ ফলত বুদ্ধি, বিচাৰ-বিবেচনা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হয়।
(৬) কল্পনা আৰু সৃজনশীলতাৰ বিকাশ:যোগে কল্পনাশক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰে। ফলত ব্যক্তি নতুন চিন্তা, নতুনত্ব আৰু সৃষ্টিশীল কামৰ প্ৰতি অধিক মনোযোগী হয়।
(৭) কৰ্মস্পৃহা আৰু মনোযোগ বৃদ্ধি:যোগে কৰ্মস্পৃহা বৃদ্ধি কৰাৰ লগতে অধ্যয়ন আৰু কৰ্মৰ ক্ষেত্ৰত ধাৰণা, ধ্যান আৰু মনোযোগৰ গভীৰতা বৃদ্ধি কৰে। ইয়াৰ ফলত সুস্থ আৰু সক্ৰিয় মানসিকতা গঢ়ি উঠে।
(৮) খং, ৰাগ আৰু হতাশা নিয়ন্ত্ৰণ:যোগে উদ্বিগ্নতা হ্ৰাস, অৱসাদৰ প্ৰভাৱ কমোৱা, খং-ৰাগ নিয়ন্ত্ৰণ আৰু আৱেগক সংযত কৰাত সহায় কৰে। ইয়াৰ ফলত আত্ম-প্ৰশান্তি আৰু মানসিক স্বস্তি লাভ কৰা যায়।
(৯) অন্তৰ্নিহিত গুণৰ বিকাশ:যোগে ব্যক্তিৰ অন্তৰ্নিহিত গুণ আৰু সম্ভাৱনাসমূহ চিনাক্ত কৰি সেইবোৰৰ বিকাশ সাধনত সহায় কৰে। লগতে নেতিবাচক চিন্তা আৰু মানসিক অশান্তি হ্ৰাস কৰে।
(১০) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস বৃদ্ধি:যোগৰ নিয়মীয়া অনুশীলনে ইচ্ছাশক্তি দৃঢ় কৰাৰ লগতে আত্মবিশ্বাস আৰু আত্ম-মৰ্যাদাবোধ বৃদ্ধি কৰে। ইয়াৰ ফলত ব্যক্তি জীৱনৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ অধিক সক্ষম হয়।
(১১) ইতিবাচক গুণৰ বিকাশ:যোগে শৰীৰ আৰু মনৰ নেতিবাচক মনোভাৱ হ্ৰাস কৰি মৰম, ভালপোৱা, দয়া, সহানুভূতি, সহনশীলতা আৰু ধৈৰ্যশীলতাৰ দৰে ইতিবাচক গুণৰ বিকাশ ঘটায়।
(১২) সুস্থ জীৱনধাৰা গঢ়ি তোলা:যোগে সুস্থ মনোভাৱ, সজ অভ্যাস আৰু সৎ জীৱনধাৰাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰে। ইয়াৰ ফলত ব্যক্তিৰ মানসিক স্বাস্থ্যৰ গুণগত উন্নতি ঘটে।
(১৩) শৈক্ষিক চাপ নিয়ন্ত্ৰণ:শিক্ষা আহৰণ, পৰীক্ষা আৰু ফলাফলক লৈ সৃষ্টি হোৱা মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰাত যোগে সহায় কৰে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা, আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা বৃদ্ধি পায়।
(১৪) অধ্যয়ন আৰু কৰ্মত মনোযোগ বৃদ্ধি:যোগে মনক স্থিৰ আৰু একাগ্ৰ কৰি অধ্যয়ন আৰু কৰ্মৰ প্ৰতি গভীৰ মনোযোগ দিবলৈ সহায় কৰে। ফলত কৰ্মদক্ষতা আৰু সফলতা বৃদ্ধি পাব পাৰে।
(১৫) ধৈৰ্য আৰু সহনশীলতা বৃদ্ধি:যোগে মানসিক স্থিৰতা, ধৈৰ্য, সহনশীলতা আৰু সহিষ্ণুতাৰ গুণ বিকশিত কৰে। ইয়াৰ ফলত ব্যক্তি কঠিন পৰিস্থিতিতো শান্ত আৰু সংযতভাৱে মোকাবিলা কৰিবলৈ সক্ষম হয়।
সামৰণিত ক’ব পাৰি যে, যোগে মানুহৰ মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি মানসিক চাপ, উদ্বেগ, অস্থিৰতা আৰু হতাশাৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে। লগতে স্মৃতিশক্তি, চিন্তন ক্ষমতা, আত্মবিশ্বাস, ধৈৰ্য, সহনশীলতা আৰু ইতিবাচক মনোভাৱৰ বিকাশ ঘটায়। সেয়েহে সুস্থ আৰু ভাৰসাম্যপূৰ্ণ মানসিক জীৱনৰ বাবে নিয়মীয়া যোগাভ্যাস অতি গুৰুত্বপূৰ্ণ।
১০। স্বাস্থ্যকৰ জীৱন-যাপনৰ যৌগিক নীতিসমূহ আলোচনা কৰা।
উত্তৰঃ- “স্বাস্থ্যই সম্পদ।” সেয়েহে সুস্থ আৰু সুখী জীৱন যাপনৰ বাবে স্বাস্থ্যৰ যত্ন লোৱা অতি প্ৰয়োজনীয়। স্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে স্বাস্থ্যসন্মত কাম-কাজ কৰাৰ লগতে স্বাস্থ্যসম্মত জীৱনধাৰণৰ নীতি-নিয়মসমূহো অনুসৰণ কৰিব লাগে।
আধুনিক জীৱনশৈলীত মানুহে গ্ৰহণ কৰা বহুতো অস্বাস্থ্যকৰ অভ্যাসে বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সুস্থ-সবল জীৱন যাপন কৰিবলৈ কিছুমান অভ্যাসৰ পৰিৱৰ্তন কৰি যৌগিক নীতি-নিয়মসমূহ মানি চলা অতি প্ৰয়োজনীয়। স্বাস্থ্যকৰ জীৱন-যাপনৰ প্ৰধান যৌগিক নীতিসমূহ তলত আলোচনা কৰা হ’ল—
(১) নিয়মীয়া উপকাৰী ব্যায়াম:প্ৰত্যেক ব্যক্তিয়ে নিয়মীয়াকৈ উপকাৰী ব্যায়াম আৰু যোগচৰ্চাৰ অভ্যাস গঢ়ি তোলা উচিত। নিয়মীয়া যোগাভ্যাস আৰু ব্যায়ামে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ সুস্থ আৰু সবল কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰাখি স্বাস্থ্যকৰ জীৱন-যাপন কৰাত সহায় হয়।
(২) সঠিক শ্বাস-প্ৰশ্বাস প্ৰণালী বা প্ৰাণায়াম:সঠিক শ্বাস-প্ৰশ্বাস প্ৰণালী বা প্ৰাণায়ামে শৰীৰ আৰু মনৰ মাজত এক সেতুৰ দৰে কাম কৰে। ই প্ৰাণশক্তি নিয়ন্ত্ৰণ আৰু মনক সংযত কৰাত সহায় কৰে। প্ৰাণায়ামৰ প্ৰধান অংগসমূহ হৈছে— পূৰক, কুম্ভক আৰু ৰেচক। এইবোৰৰ নিয়মীয়া আৰু সঠিক অনুশীলনে শৰীৰলৈ পৰ্যাপ্ত অক্সিজেনৰ যোগান ধৰাত সহায় কৰে আৰু শাৰীৰিক-মানসিক স্বাস্থ্য উন্নত কৰে।
(৩) সঠিক আচাৰ বা দৈনন্দিন নিয়ম:যোগত দৈনন্দিন জীৱনত পালন কৰিবলগীয়া নিয়ম-শৃংখলাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। নিয়মীয়াকৈ ব্যায়াম, আসন, প্ৰাণায়াম আৰু দৈনন্দিন কাম-কাজ সম্পন্ন কৰাৰ লগতে সংযম আৰু শৃংখলা মানি চলিব লাগে। সময়মতে শোৱা, উঠা, খোৱা-বোৱা, ব্যায়াম কৰা আৰু অন্যান্য দৈনন্দিন কাম সম্পাদন কৰাৰ অভ্যাসে সুস্থ দেহ-মন বজাই ৰখাত সহায় কৰে। সেয়েহে স্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে নিয়মীয়া যৌগিক আচাৰ আৰু নীতি-নিয়ম পালন কৰাটো অতি জৰুৰী।
(৪) শুদ্ধ বিচাৰ বা চিন্তা:সুস্থ জীৱন-যাপনৰ বাবে শুদ্ধ চিন্তা, শুদ্ধ বিচাৰ আৰু ইতিবাচক মনোভাব অতি প্ৰয়োজনীয়। সংযম, নৈতিকতা আৰু শুদ্ধ চিন্তাই মানসিক আৰু বৌদ্ধিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে। নৈতিক নীতি-নিয়ম অনুসৰণ কৰিলেহে মানসিক স্থিৰতা আৰু শান্তি লাভ কৰিব পাৰি।এই সন্দৰ্ভত মহাত্মা গান্ধীয়ে কৈছিল—
“There is enough in this world for everyone’s need but not enough for anyone’s greed.”অৰ্থাৎ, পৃথিৱীত সকলোৰে প্ৰয়োজন পূৰণ কৰিব পৰাকৈ যথেষ্ট সম্পদ আছে, কিন্তু সকলোৰে লোভ পূৰণ কৰিব পৰাকৈ যথেষ্ট সম্পদ নাই।
সেয়েহে শুদ্ধ বিচাৰ, সংযম আৰু সন্তুষ্টিৰ মনোভাব গঢ়ি তুলি সুস্থ জীৱন-যাপন কৰা উচিত।
(৫) সুষম আৰু সাত্বিক আহাৰ:আমাৰ শৰীৰে শক্তি লাভ আৰু স্বাস্থ্য বজাই ৰাখিবলৈ যিবোৰ বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে, সেইবোৰেই আহাৰ। সুস্থ জীৱন-যাপনৰ বাবে সুষম, পৰিমিত, সতেজ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো অতি জৰুৰী।
যোগে স্বাস্থ্যসন্মত আৰু সাত্বিক আহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। “অন্নম্ ব্ৰহ্ম” অৰ্থাৎ “খাদ্যই ব্ৰহ্ম” বুলি কোৱা হয়। সতেজ ফল-মূল, সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ খাদ্য উপযুক্ত পৰিমাণত আৰু নিৰ্দিষ্ট সময়ত গ্ৰহণ কৰিব লাগে। সাত্বিক আহাৰ প্ৰস্তুত কৰা, পৰিৱেশন কৰা আৰু গ্ৰহণ কৰাৰ সময়ত মন শান্ত, প্ৰফুল্ল আৰু পৱিত্ৰ ৰখা উচিত।
আমি যি আহাৰ গ্ৰহণ কৰোঁ, তাৰ প্ৰভাৱ আমাৰ শৰীৰ, মন, ব্যক্তিত্ব আৰু চেতনাৰ ওপৰতো পৰে। সেয়েহে কেতিয়া, কেনেধৰণৰ আৰু কেনেদৰে আহাৰ প্ৰস্তুত আৰু গ্ৰহণ কৰিব লাগে, সেই বিষয়ে সজাগ আৰু সচেতন হোৱা অতি প্ৰয়োজনীয়।
সামৰণিত ক’ব পাৰি যে, স্বাস্থ্যকৰ জীৱন-যাপনৰ বাবে নিয়মীয়া যোগাভ্যাস আৰু ব্যায়াম, সঠিক প্ৰাণায়াম, শৃংখলাবদ্ধ দৈনন্দিন জীৱন, শুদ্ধ চিন্তা আৰু সুষম-সাত্বিক আহাৰ গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। এই যৌগিক নীতিসমূহ মানি চলিলে শৰীৰ আৰু মন দুয়োটাকে সুস্থ, সবল আৰু ভাৰসাম্যপূৰ্ণ কৰি এক সুখী আৰু স্বাস্থ্যকৰ জীৱন যাপন কৰিব পাৰি।
১১। যোগ আৰু মানসিক স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
উত্তৰ:- মানসিক স্বাস্থ্য হৈছে ব্যক্তিৰ সামগ্ৰিক সুস্থতাৰ এক গুৰুত্বপূৰ্ণ অংশ। বৰ্তমান আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ এক যান্ত্ৰিক আৰু প্ৰতিযোগিতামূলক পৃথিৱীত বাস কৰিছোঁ। দৈনন্দিন জীৱনৰ ব্যস্ততা, তীব্ৰ প্ৰতিযোগিতা, পাৰিবাৰিক আৰু সামাজিক সমস্যা, ভৱিষ্যতৰ চিন্তা আদি বিভিন্ন কাৰণত মানুহে মানসিক চাপ, উদ্বেগ, ভয়, হতাশা আৰু অস্থিৰতাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত মানসিক স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মহৰ্ষি পতঞ্জলিৰ মতে, “যোগঃ চিত্তবৃত্তি নিৰোধঃ” অৰ্থাৎ চিত্তৰ বিভিন্ন বৃত্তি বা মানসিক পৰিৱৰ্তনক নিয়ন্ত্ৰণ কৰাই যোগ। যোগে মানুহৰ মানসিক জটিলতা আৰু অস্থিৰতা হ্ৰাস কৰি ব্যক্তিত্বত ভাৰসাম্য স্থাপন কৰে। ই শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰি ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সাধন কৰে।
বিশেষকৈ বাল্যকাল আৰু কৈশোৰকালত শিশুসকলে বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হয়। বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক পৰিৱেশৰ প্ৰভাৱত তেওঁলোকৰ আশা-আকাংক্ষা বৃদ্ধি পায়। তাৰ উপৰি পিতৃ-মাতৃ, শিক্ষক আৰু অভিভাৱকৰ অত্যধিক প্ৰত্যাশা আৰু প্ৰতিযোগিতাৰ হেঁচাই শিশুসকলৰ মানসিক ভাৰসাম্যতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত যোগে তেওঁলোকক আত্ম-অনুসন্ধান, আত্ম-নিয়ন্ত্ৰণ আৰু মনৰ শান্তি লাভৰ সুযোগ প্ৰদান কৰে।
যোগ আৰু মানসিক স্বাস্থ্যৰ মাজৰ সম্পৰ্ক তথা মানসিক সুস্থতাৰ ক্ষেত্ৰত যোগৰ ভূমিকা তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—
(i) অধিবৃক্ক গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণত সহায়:যোগাভ্যাসে শৰীৰৰ চাপ-প্ৰতিক্ৰিয়াৰ সৈতে জড়িত অধিবৃক্ক গ্ৰন্থিৰ কাৰ্য নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ ফলত মানসিক চাপ আৰু উত্তেজনা হ্ৰাস কৰি শৰীৰ-মনক অধিক ভাৰসাম্যপূৰ্ণ কৰি ৰাখিব পাৰি।
(ii) আত্ম-মৰ্যাদা বৃদ্ধি কৰে:কিছুমান ব্যক্তিৰ আত্ম-মৰ্যাদা আৰু আত্মবিশ্বাস কম থাকে। ইয়াৰ ফলত নেতিবাচক চিন্তা, অনিয়মীয়া জীৱনশৈলী আৰু বিভিন্ন ক্ষতিকাৰক অভ্যাসৰ সৃষ্টি হ’ব পাৰে। নিয়মীয়াকৈ যোগাভ্যাস কৰিলে আত্মবিশ্বাস আৰু আত্ম-মৰ্যাদাবোধ বৃদ্ধি পায়। লগতে দয়া, সাধুতা, সহানুভূতি আৰু পৰোপকাৰৰ দৰে ইতিবাচক গুণৰ বিকাশ ঘটে।
(iii) মানসিক শান্তি প্ৰদান কৰে:পতঞ্জলিৰ যোগসূত্ৰ অনুসৰি যোগে চিত্তৰ অস্থিৰতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মীয়া যোগ আৰু ধ্যানৰ অভ্যাসে হতাশা, খং, ভয়, উদ্বেগ আৰু অস্থিৰতাৰ দৰে নেতিবাচক মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰি মনত শান্তি আৰু স্বস্তি প্ৰদান কৰে।
(iv) বৌদ্ধিক আৰু মানসিক কাৰ্যদক্ষতা বৃদ্ধি কৰে:আসন আৰু প্ৰাণায়ামে শৰীৰ আৰু মনক সুস্থ কৰি ৰখাত সহায় কৰে। বিশেষকৈ ধ্যানৰ অভ্যাসে একাগ্ৰতা, স্মৃতিশক্তি, চিন্তন ক্ষমতা আৰু মনোযোগ বৃদ্ধি কৰে। ফলত ব্যক্তিৰ বৌদ্ধিক আৰু মানসিক কাৰ্যদক্ষতা উন্নত হয়।
(v) শৰীৰৰ জড়তা আৰু বিষ-বেদনা হ্ৰাস কৰে:দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজৰ ফলত পেশী, হাত-ভৰিৰ গাঁঠি, কান্ধ, ডিঙি আদি অংশত বিষ, জড়তা আৰু অস্বস্তি অনুভৱ হ’ব পাৰে। নিয়মীয়া আসন আৰু যোগাভ্যাসে শৰীৰৰ নমনীয়তা বৃদ্ধি কৰি এনে জড়তা আৰু অস্বস্তি হ্ৰাস কৰাত সহায় কৰে।
(vi) স্নায়ুতন্ত্ৰৰ সুস্থতা বজাই ৰাখে:স্নায়ুতন্ত্ৰ হৈছে মগজু আৰু স্নায়ুৰ দ্বাৰা গঠিত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা, যিয়ে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। নিয়মীয়া যোগচৰ্চাই স্নায়ুতন্ত্ৰক শান্ত আৰু সক্ৰিয় কৰি ইয়াৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মাজত ভাৰসাম্য বজাই থাকে।
(vii) আৱেগিক ভাৰসাম্য স্থাপন কৰে:যোগে মানুহৰ আৱেগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খং, ভয়, উদ্বেগ, হতাশা আদি নেতিবাচক আৱেগ হ্ৰাস কৰি ধৈৰ্য, সহনশীলতা আৰু আত্মসংযমৰ দৰে গুণ বৃদ্ধি কৰে। ফলত ব্যক্তিৰ আৱেগিক স্বাস্থ্য উন্নত হয়।
(viii) আত্ম-অনুসন্ধানৰ সুযোগ দিয়ে:যোগ আৰু ধ্যানৰ জৰিয়তে ব্যক্তি নিজৰ চিন্তা, অনুভূতি আৰু আচৰণক গভীৰভাৱে পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত নিজৰ দুৰ্বলতা আৰু শক্তিসমূহ চিনাক্ত কৰি আত্ম-উন্নতিৰ পথত আগবাঢ়িব পাৰে।
সামৰণিত ক’ব পাৰি যে, যোগ আৰু মানসিক স্বাস্থ্যৰ মাজত গভীৰ সম্পৰ্ক আছে। নিয়মীয়া আসন, প্ৰাণায়াম, ধাৰণা আৰু ধ্যানৰ অভ্যাসে মানসিক চাপ, উদ্বেগ, ভয়, হতাশা আৰু অস্থিৰতা হ্ৰাস কৰি মনক শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি তোলে। লগতে আত্মবিশ্বাস, আত্ম-মৰ্যাদা, ধৈৰ্য, সহনশীলতা আৰু আৱেগিক ভাৰসাম্য বৃদ্ধি কৰে। সেয়েহে সুস্থ আৰু সুখী জীৱনৰ বাবে যোগক এক গুৰুত্বপূৰ্ণ জীৱন-পদ্ধতি হিচাপে গ্ৰহণ কৰিব পাৰি।
১২। মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে প্রাণায়ম আৰু ধ্যানৰ ভূমিকা আলোচনা কৰা।
উত্তৰ:- প্ৰাণায়াম আৰু ধ্যানে সুস্থ মানসিক স্বাস্থ্য বজাই ৰখা আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাণায়ামে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ জৰিয়তে শৰীৰ আৰু মনক সুস্থ আৰু শান্ত কৰি তোলে। আনহাতে, ধ্যানে মনক একাগ্ৰ, স্থিৰ আৰু শান্ত কৰি মানসিক চাপ, উদ্বেগ আৰু নেতিবাচক চিন্তা হ্ৰাস কৰাত সহায় কৰে। এই সম্পৰ্কে তলত আলোচনা কৰা হ’ল।
মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰাণায়াম
প্ৰাণায়াম হৈছে পতঞ্জলিৰ অষ্টাংগ যোগৰ চতুৰ্থ অংগ। ই হৈছে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ এক প্ৰণালীবদ্ধ পদ্ধতি। ‘প্ৰাণ’ আৰু ‘আয়াম’—এই দুটা শব্দৰ সমন্বয়ত ‘প্ৰাণায়াম’ শব্দটো গঠিত হৈছে। ‘প্ৰাণ’ৰ অৰ্থ জীৱনী শক্তি আৰু ‘আয়াম’ৰ অৰ্থ নিয়ন্ত্ৰণ বা বিস্তাৰ। অৰ্থাৎ, শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণৰ জৰিয়তে জীৱনী শক্তিক নিয়ন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়াই প্ৰাণায়াম।
প্ৰাণায়ামৰ প্ৰধান তিনিটা অংগ হ’ল—
(১) পূৰকঃ বাহিৰৰ পৰা নাকেৰে বায়ু বা উশাহ হাওঁফাওঁলৈ টানি লোৱা প্ৰক্ৰিয়াক পূৰক বুলি কোৱা হয়। ইয়াৰ ফলত হাওঁফাওঁত বায়ুৰ প্ৰৱেশ বৃদ্ধি পায় আৰু শৰীৰে অধিক অক্সিজেন লাভ কৰে।
(২) কুম্ভকঃ উশাহ লোৱাৰ পিছত বায়ু কিছু সময়ৰ বাবে হাওঁফাওঁত ৰুদ্ধ কৰি ৰখা অৱস্থাক কুম্ভক বুলি কোৱা হয়। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি পায় আৰু মন অধিক স্থিৰ কৰাত সহায় হয়।
(৩) ৰেচকঃ হাওঁফাওঁত থকা বায়ু নিয়ম অনুসৰি নাকেৰে বাহিৰলৈ উলিয়াই দিয়াক ৰেচক বুলি কোৱা হয়। ইয়াৰ জৰিয়তে শৰীৰৰ কাৰ্বন-ডাই-অক্সাইড আদি বর্জ্য গেছ বাহিৰলৈ ওলাই যায়।
প্ৰাণায়ামৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ভস্ত্ৰিকা, কপালভাতি, বাহ্য, উজ্জায়ী, অনুলোম-বিলোম, ভ্ৰামৰী, ওমকাৰ আৰু প্ৰণৱ প্ৰাণায়াম আদি উল্লেখযোগ্য। এইবোৰৰ নিয়মীয়া অভ্যাসে শৰীৰ আৰু মনক সুস্থ-সবল কৰি ৰখাত সহায় কৰে।
(ক) প্ৰাণায়ামে হাওঁফাওঁ আৰু হৃদযন্ত্ৰক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি তোলে। ই শ্বাস-প্ৰশ্বাসৰ সমস্যা, মানসিক অৱসাদ আৰু অস্থিৰতা হ্ৰাস কৰি সুস্থ মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
(খ) বাহ্য প্ৰাণায়ামে পাকস্থলী, বৃক্ক আৰু অগ্নাশয়ৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। লগতে হজম শক্তি উন্নত কৰা আৰু শৰীৰৰ সামগ্ৰিক সুস্থতা বজাই ৰখাত সহায়ক হয়। ফলত মানসিক স্বাস্থ্যতো ইতিবাচক প্ৰভাৱ পৰে।
(গ) উজ্জায়ী প্ৰাণায়ামে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ, শ্বাস-প্ৰশ্বাসৰ উন্নতি আৰু ডিঙি তথা কণ্ঠনলীৰ সুস্থতা বজাই ৰখাত সহায় কৰে। শৰীৰ সুস্থ থাকিলে মনো সুস্থ আৰু স্থিৰ হৈ থাকে।
(ঘ) অনুলোম-বিলোম প্ৰাণায়ামে শ্বাস-প্ৰশ্বাসৰ সমস্যা, উচ্চ ৰক্তচাপ, উদ্বেগ, মানসিক অশান্তি আৰু হতাশা আদি হ্ৰাস কৰাত সহায় কৰে। ই মগজুৰ কাৰ্যক্ষমতা, একাগ্ৰতা, স্মৃতিশক্তি আৰু বুদ্ধিমত্তা বৃদ্ধিতো সহায় কৰে। ফলত শিক্ষাৰ্থীসকলে অধ্যয়ন আৰু দৈনন্দিন কাম-কাজত অধিক মনোযোগ দিব পাৰে।
মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ধ্যান
ধ্যান হৈছে মনক কোনো নিৰ্দিষ্ট বিষয়, চিন্তা বা বস্তুৰ ওপৰত একাগ্ৰ আৰু স্থিৰ কৰি ৰখাৰ এক মানসিক অনুশীলন। নিয়মীয়া ধ্যানৰ অভ্যাসে মনৰ অস্থিৰতা হ্ৰাস কৰি মানসিক শান্তি, স্থিৰতা আৰু একাগ্ৰতা বৃদ্ধি কৰে। মানসিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত ধ্যানৰ গুৰুত্বসমূহ হ’ল—
(১) ধ্যানে ব্যক্তি তথা শিক্ষাৰ্থীৰ একাগ্ৰতা আৰু মনোযোগ বৃদ্ধিত বিশেষভাৱে সহায় কৰে।
(২) ধ্যানে মানসিক স্থিৰতা বজাই ৰখাৰ লগতে মানসিক উত্তেজনা আৰু অশান্তি হ্ৰাস কৰে।
(৩) ধ্যানে অনৰ্থক ভয়, শংকা, খং-ৰাগ, এলাহ আৰু ভাগৰ আদি হ্ৰাস কৰি ব্যক্তিক অধিক কৰ্মক্ষম কৰি তোলে।
(৪) ধ্যানে শিক্ষাৰ্থীৰ মনৰ স্থিৰতা বৃদ্ধি কৰাৰ লগতে বুদ্ধিমত্তা, স্মৃতিশক্তি আৰু চিন্তাশক্তিৰ উন্নতিত সহায় কৰে।
(৫) ধ্যানে মানসিক অস্থিৰতা আৰু বিভিন্ন মানসিক সমস্যাৰ প্ৰভাৱ হ্ৰাস কৰি ব্যক্তিক মানসিকভাৱে সুস্থ আৰু স্থিৰ হৈ থাকিবলৈ সহায় কৰে।
(৬) ধ্যানে মনৰ পৰা নেতিবাচক বা ঋণাত্মক চিন্তা-ভাৱনা হ্ৰাস কৰি ইতিবাচক চিন্তাধাৰাৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায়।
(৭) ধ্যানে আত্মবিশ্বাস, মনোবল আৰু একাগ্ৰতা বৃদ্ধি কৰি জীৱনত সফলতা লাভৰ দিশত আগবাঢ়িবলৈ সহায় কৰে।
(৮) ধ্যানে মগজুৰ কাৰ্যক্ষমতা আৰু চিন্তা-প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰি মগজুক অধিক সক্ৰিয় আৰু সুসংগঠিতভাৱে কাম কৰাত সহায় কৰে।
(৯) ধ্যানে ব্যক্তিৰ দৈহিক আৰু মানসিক ক্ষেত্ৰত গভীৰ ইতিবাচক প্ৰভাৱ পেলায়। ই জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তুলি মানসিক শান্তি, আত্মবিশ্বাস আৰু সুস্থ জীৱন-যাপনৰ পথ প্ৰশস্ত কৰে।
সামৰণি
সামৰণিত ক’ব পাৰি যে, প্ৰাণায়াম আৰু ধ্যান মানসিক স্বাস্থ্যৰ উন্নতি সাধনৰ বাবে অতি গুৰুত্বপূৰ্ণ যোগিক অনুশীলন। প্ৰাণায়ামে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ জৰিয়তে শৰীৰ আৰু মনক সুস্থ আৰু শান্ত কৰি তোলে। আনহাতে, ধ্যানে মনক একাগ্ৰ, স্থিৰ আৰু ইতিবাচক কৰি মানসিক চাপ, উদ্বেগ, ভয়, হতাশা আৰু নেতিবাচক চিন্তা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে সুস্থ শৰীৰ, সুস্থ মন আৰু সুস্থ জীৱনৰ বাবে নিয়মীয়াকৈ প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰা উচিত।
১৩। ভাৰতবৰ্ষত যোগক স্কুলীয়া পাঠ্যক্রমত অন্তর্ভুক্তিৰ চৰকাৰী ব্যবস্থাসমূহ ব্যাখ্যা ।
উত্তৰঃ- ভাৰতবৰ্ষত যোগৰ গুৰুত্ব উপলব্ধি কৰি চৰকাৰে ইয়াক স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ বাবে বিভিন্ন সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। যোগৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰিব পাৰি। ভাৰতত যোগক স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ চৰকাৰী ব্যৱস্থাসমূহ তলত আলোচনা কৰা হ’ল।
(১) ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬
ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬-এ ল’ৰা-ছোৱালীৰ শৰীৰ আৰু মনৰ সংহত বিকাশৰ ক্ষেত্ৰত যোগচৰ্চাৰ গুৰুত্ব উপলব্ধি কৰিছিল। সেয়েহে শিক্ষানুষ্ঠানসমূহত যোগ শিক্ষা প্ৰৱৰ্তনৰ বাবে বিশেষভাৱে প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছিল। ১৯৮৮ চনৰ পৰা মাধ্যমিক বিদ্যালয়ত যোগশিক্ষাক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ৰ অংশ হিচাপে বাধ্যতামূলক কৰা হয়।
(২) যোগৰ জৰিয়তে সৰ্বাংগীণ বিকাশ
যোগাভ্যাসে কেৱল ল’ৰা-ছোৱালীৰ শাৰীৰিক বিকাশতেই সহায় নকৰে; ই তেওঁলোকৰ মানসিক, বৌদ্ধিক, সামাজিক আৰু আধ্যাত্মিক বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগাভ্যাসে মনোযোগ, একাগ্ৰতা আৰু আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ লগতে শিশুৰ সুস্থ আৰু পূৰ্ণাংগ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে।
(৩) যোগ শিক্ষাক অধিক গুৰুত্ব প্ৰদান
যদিও ল’ৰা-ছোৱালীৰ সৰ্বাংগীণ বিকাশৰ বাবে যোগ শিক্ষা অতি প্ৰয়োজনীয়, তথাপি আৰম্ভণিতে ইয়াক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ৰ এটা অংশ হিচাপেহে ৰখা হৈছিল। ফলত ইয়াক যথোচিত গুৰুত্ব দিয়া হোৱা নাছিল।
শাৰীৰিক শিক্ষা আৰু যোগ শিক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। শাৰীৰিক শিক্ষাই মূলতঃ শৰীৰৰ বিকাশ আৰু শাৰীৰিক সক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে, যোগ শিক্ষাই শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক শিক্ষাৰ সমন্বয় সাধন কৰে। এই সকলো দিশৰ বিকাশে এজন ব্যক্তিক দেশৰ এজন সুস্থ, দায়িত্বশীল আৰু পূৰ্ণাংগ নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰে।
(৪) ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি, ২০০৫
ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি (National Curriculum Framework), ২০০৫ হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) স্কুলীয়া শিক্ষাৰ বাবে প্ৰস্তুত কৰা এক গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম গাঁথনি। ইয়াত ‘স্বাস্থ্য আৰু শৰীৰ শিক্ষা’ বিষয়টোৰ পঢ়ন-পঢ়োৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
এই পাঠ্যক্ৰম গাঁথনিত যোগচৰ্চাক স্বাস্থ্য শিক্ষা আৰু শৰীৰ শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে গুৰুত্ব দিয়া হয়। আগৰ দৰে যোগ শিক্ষাৰ ক্ষেত্ৰত এৰা-ধৰা নীতি গ্ৰহণ নকৰি ইয়াক অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ ব্যৱস্থা কৰা হয়।
(৫) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ ব্যৱস্থা
ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি, ২০০৫-ৰ আৰ্হি অনুসৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)-এ যোগ শিক্ষাক ‘স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা’ বিষয়ৰ অবিচ্ছেদ্য অংগ হিচাপে অন্তৰ্ভুক্ত কৰে।
- ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যোগ শিক্ষাক বাধ্যতামূলকভাৱে পঢ়োৱাৰ ব্যৱস্থা কৰা হয়।
- একাদশ আৰু দ্বাদশ শ্ৰেণীত যোগক ঐচ্ছিক বিষয় হিচাপে পঢ়োৱাৰ ব্যৱস্থা কৰা হয়।
(৬) যোগৰ পাঠ্যক্ৰম প্ৰস্তুত
যোগ শিক্ষাৰ সঠিক আৰু প্ৰণালীবদ্ধ শিক্ষাদানৰ বাবে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) যোগৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে। এই পাঠ্যক্ৰম ২০১৫ চনৰ ২২ জুন তাৰিখে ভাৰত চৰকাৰৰ তদানীন্তন মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে উদ্বোধন কৰে।
এই পাঠ্যক্ৰমত যোগ শিক্ষাৰ ৮০ শতাংশ ব্যৱহাৰিক আৰু ২০ শতাংশ তাত্ত্বিক অংশ ৰখা হয়।
(৭) চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত যোগ শিক্ষা
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে চৰকাৰী বিদ্যালয়সমূহত যোগ শিক্ষাৰ প্ৰৱৰ্তনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে ব’ৰ্ডৰ অধীনস্থ বেচৰকাৰী শিক্ষানুষ্ঠানসমূহতো যোগ শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়াস কৰা হৈছে।
(৮) শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা
যোগ শিক্ষা সফলভাৱে প্ৰদান কৰাৰ বাবে কেৱল পাঠ্যক্ৰম প্ৰস্তুত কৰাই যথেষ্ট নহয়; প্ৰশিক্ষিত আৰু দক্ষ শিক্ষকৰো প্ৰয়োজন। সেই উদ্দেশ্যে শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে (NCTE) শিক্ষক-প্ৰশিক্ষণ কাৰ্যসূচীত যোগ শিক্ষাক গুৰুত্বপূৰ্ণভাৱে অন্তৰ্ভুক্ত কৰিছে। লগতে শিক্ষকৰ বাবে যোগৰ ডিপ্ল’মা, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হৈছে।
সামৰণি
সামৰণিত ক’ব পাৰি যে, ভাৰত চৰকাৰে যোগৰ গুৰুত্ব উপলব্ধি কৰি বিভিন্ন সময়ত ইয়াক স্কুলীয়া শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি, ২০০৫, CBSE-ৰ পাঠ্যক্ৰম আৰু শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থালৈকে যোগ শিক্ষাক ক্ৰমে অধিক সুসংগঠিত ৰূপ দিয়া হৈছে। যোগ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক সৰ্বাংগীণ বিকাশ সাধন কৰি এজন সুস্থ আৰু পূৰ্ণাংগ নাগৰিক হিচাপে গঢ়ি তোলাই এই ব্যৱস্থাসমূহৰ মূল উদ্দেশ্য।
১৪। যোগাভ্যাসে শিশুৰ উদ্বেগ আৰু হতাশা নির্মূৰ্লকৰণ আৰু মানসিক সুস্থতা প্রদানত কিদৰে সহায় কৰে ব্যাখ্যা কৰা।
উত্তৰ:- বাল্যকাল হৈছে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়। দেশৰ ভৱিষ্যৎ মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ এই বয়সতে শিশুসকলক উপযুক্ত শিক্ষা, পৰিৱেশ আৰু প্ৰশিক্ষণ প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ ফলত মানুহৰ জীৱন অধিক বস্তুবাদী আৰু প্ৰতিযোগিতামূলক হৈ পৰিছে। পিতৃ-মাতৃ, শিক্ষক আৰু অভিভাৱকৰ অত্যধিক প্ৰত্যাশা, ইণ্টাৰনেট আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰভাৱ, লগতে তীব্ৰ প্ৰতিযোগিতাই কোমল বয়সতে বহু শিশুৰ মনত উদ্বেগ, উত্তেজনা, হতাশা আৰু নিৰাশাৰ সৃষ্টি কৰিছে।
ইয়াৰ ফলত শিশুসকল শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ বিভিন্ন শাৰীৰিক, মানসিক আৰু মনো-শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। মানসিক ভাৰসাম্যতা নষ্ট হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পাব পাৰে। সেয়েহে শিশুসকলক এনে প্ৰশিক্ষণ দিয়া প্ৰয়োজন, যাৰ জৰিয়তে তেওঁলোকে মনক বাহ্যিক জগতৰ অতিৰিক্ত প্ৰভাৱৰ পৰা আঁতৰাই অন্তৰ্জগতৰ প্ৰতি মনোনিৱেশ কৰিব পাৰে, মনোবল বৃদ্ধি কৰিব পাৰে আৰু জীৱনৰ বিভিন্ন সমস্যা শান্তভাৱে মোকাবিলা কৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত যোগৰ বিভিন্ন অংগৰ নিয়মীয়া চৰ্চাই বিশেষভাৱে সহায় কৰিব পাৰে।
শিশুৰ উদ্বেগ আৰু হতাশা হ্ৰাস কৰাত যোগৰ ভূমিকা
(ক) যম আৰু নিয়মৰ ভূমিকা:অষ্টাংগ যোগৰ প্ৰথম দুটা অংগ হৈছে যম আৰু নিয়ম। যম আৰু নিয়মৰ নীতিসমূহ নিয়মীয়াকৈ অনুশীলন কৰিলে শিশুৰ মনৰ অস্থিৰতা আৰু উত্তেজনা হ্ৰাস পায়। ইয়াৰ ফলত আত্মসংযম, ধৈৰ্য, নৈতিকতা আৰু মানসিক শক্তি বৃদ্ধি পায়।
(খ) আসনৰ ভূমিকা:আসনে শিশুৰ শাৰীৰিক স্বাস্থ্য উন্নত কৰাৰ লগতে শৰীৰ আৰু মনৰ স্থিৰতা আৰু স্বস্তি বৃদ্ধি কৰে। নিয়মীয়া আসন অভ্যাসে শৰীৰক সক্ৰিয় আৰু সুস্থ কৰি ৰখাৰ লগতে অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা হৰম’নৰ নিঃসৰণ স্বাভাৱিক ৰখাত সহায় কৰে। ফলত শিশুৰ শাৰীৰিক আৰু মানসিক সুস্থতা বৃদ্ধি পায়।
(গ) প্ৰাণায়ামৰ ভূমিকা:প্ৰাণায়াম হৈছে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ এক প্ৰণালীবদ্ধ পদ্ধতি। ইয়াৰ নিয়মীয়া অভ্যাসে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাণশক্তি বৃদ্ধি কৰে আৰু মনক সংযত তথা শান্ত কৰি তোলে। প্ৰাণ আৰু মনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে প্ৰাণায়ামে উদ্বেগ, উত্তেজনা আৰু মানসিক অশান্তি হ্ৰাস কৰাত সহায় কৰে।
(ঘ) প্ৰত্যাহাৰৰ ভূমিকা:প্ৰত্যাহাৰৰ অভ্যাসে মনক বাহ্যিক বিষয়-বস্তু আৰু বিভিন্ন প্ৰলোভনৰ পৰা আঁতৰাই অন্তৰ্জগতৰ প্ৰতি মনোনিৱেশ কৰাত সহায় কৰে। ইয়াৰ ফলত বাহ্যিক পৰিৱেশৰ নেতিবাচক প্ৰভাৱ আৰু অতিৰিক্ত উদ্দীপনাই শিশুৰ মনক সহজে বিচলিত কৰিব নোৱাৰে। ফলত শিশুৱে মানসিক শান্তি আৰু স্থিৰতা লাভ কৰে।
(ঙ) ধাৰণা আৰু ধ্যানৰ ভূমিকা:ধাৰণা আৰু ধ্যানে মনক নিয়ন্ত্ৰণ কৰি শান্ত, স্থিৰ আৰু একাগ্ৰ কৰি তোলে। ধ্যানৰ জৰিয়তে শিশুৱে নিজৰ চিন্তা-ভাৱনা আৰু অনুভূতিসমূহ বুজিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত দুশ্চিন্তা, দুৰাকাংক্ষা, উদ্বেগ, অশান্তি আৰু নেতিবাচক চিন্তা হ্ৰাস পায়। ধ্যানে শিশুক আত্ম-অনুসন্ধান আৰু সত্য উপলব্ধিৰ পথতো আগুৱাই নিয়ে।
(চ) সমাধিৰ ভূমিকা:অষ্টাংগ যোগৰ অন্তিম অংগ হৈছে সমাধি। ধাৰণা আৰু ধ্যানৰ গভীৰ অনুশীলনৰ জৰিয়তে মন অধিক শান্ত আৰু স্থিৰ অৱস্থাত উপনীত হয়। এই অৱস্থাই মানসিক অশান্তি আৰু দুশ্চিন্তা হ্ৰাস কৰি গভীৰ আভ্যন্তৰীণ শান্তি লাভৰ পথ প্ৰশস্ত কৰে।
শিশুৰ ব্যক্তিত্ব বিকাশত যোগৰ উপকাৰিতা
৩ৰ পৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত যোগে বিশেষ ভূমিকা পালন কৰে। যোগৰ নিয়মীয়া চৰ্চাই শিশুক উদ্বেগ, অশান্তি, হতাশা আৰু নেতিবাচক চিন্তাৰ পৰা মুক্ত কৰি সুস্থ আৰু আত্মবিশ্বাসী জীৱনৰ দিশে আগবাঢ়িবলৈ সহায় কৰে। লগতে জীৱনৰ বিভিন্ন বাধা আৰু সমস্যাৰ সন্মুখীন হ’বলৈ মনোবল বৃদ্ধি কৰে।
যোগৰ, বিশেষকৈ অষ্টাংগ যোগৰ প্ৰধান সুফলসমূহ হ’ল—
(ক) অধ্যৱসায়, স্মৃতিশক্তি, মনোযোগ আৰু বিশ্লেষণ ক্ষমতা বৃদ্ধি কৰে।
(খ) মানসিক শক্তি, আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণ ক্ষমতা বৃদ্ধি কৰে।
(গ) উদ্বেগ, হতাশা, ভয় আৰু মানসিক অশান্তি হ্ৰাস কৰাত সহায় কৰে।
(ঘ) মানসিক স্থিৰতা, শান্তি আৰু সুস্থতা বৃদ্ধি কৰে।
(ঙ) শিশুৰ আৱেগিক ভাৰসাম্য আৰু ধৈৰ্য বৃদ্ধি কৰে।
(চ) শিশুৰ ইতিবাচক চিন্তাধাৰা আৰু আত্ম-সচেতনতা বিকাশ কৰে।
(ছ) জীৱনৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ সৈতে শান্তভাৱে মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি কৰে।
সামৰণি
সামৰণিত ক’ব পাৰি যে, যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়; ই শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু নৈতিক বিকাশৰ এক সামগ্ৰিক পদ্ধতি। যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা আৰু ধ্যানৰ নিয়মীয়া অভ্যাসে শিশুৰ উদ্বেগ, হতাশা, ভয়, অশান্তি আৰু নেতিবাচক চিন্তা হ্ৰাস কৰি মানসিক শান্তি, স্থিৰতা, আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰে। সেয়েহে শিশুৰ সুস্থ ব্যক্তিত্ব গঠন আৰু মানসিক সুস্থতা বজাই ৰখাৰ বাবে যোগাভ্যাসৰ বিশেষ গুৰুত্ব আছে।
*****
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post