SVN Class 6 Assamese Chapter 16 Answer ভাগিনী নিৱেদিতা

ভাগিনী নিৱেদিতা

Chapter 16

অনুশীলনীঃ

১। শব্দ-অৰ্থ

গুণমুগ্ধ – কাৰোবাৰ গুণ কথা জানি ভাল যোৱা

মনোকষ্ট – মনত পোৱা কষ্ট

দুৰৱস্থা – বৰ বেয়া অৱস্থা

বুদ্ধিদীপ্ত – জ্ঞানেৰে উজলি থকা

পূৰ্ণ যৌৱনা – গাভৰু

ব্যক্তিত্ব – কোনো লোকৰ চৰিত্ৰ লক্ষণ

দৃষ্টান্ত – উদাহৰণ

গুৰু দক্ষিণা – গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি

২। প্রশ্নবােৰৰ চমু উত্তৰ দিয়াঃ

(ক) ভগিনী নিৱেদিতাৰ প্রকৃত নাম কি আছিল? তেওঁ কোন দেশৰ মহিলা আছিল?

উত্তৰঃ- ভগিনী নিৱেদিতাৰ প্রকৃত নাম মাৰ্গাৰেট এলিজাবেথ নবোল আছিল।

(খ) স্ত্রী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিৱেদিতাক কোনে প্ৰেৰণা দিছিল?

উত্তৰঃ- স্ত্রী শিক্ষাৰ বাবে কাম কৰিবলৈ ভগিনী নিৱেদিতাক স্বামী বিবেকানন্দই প্ৰেৰণা দিছিল।

(গ) সৰুতে ভগিনী নিবেদিতা কেনে স্বভাৱৰ ছােৱালী আছিল?

উত্তৰঃ- সৰুতে ভগিনী নিবেদিতা কোমল মনৰ আদৰুৱা স্বভাৱৰ ছােৱালী আছিল।

(ঘ) ভাৰতত নিৱেদিতা কাৰ আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল?

উত্তৰঃ- ভাৰতত নিৱেদিতা সাৰদাদেৱী আশ্ৰয়ত থাকি সমাজসেৱা কৰিছিল।

(ঙ) প্লেগ মহামাৰীত পীড়িতসকললৈ নিৱেদিতাই কেনেদৰে সেৱা আগবঢ়াইছিল?

উত্তৰঃ- প্লেগ মহামাৰীত পীড়িতসকললৈ নিৱেদিতাই চিকিৎসা সেৱা আগবঢ়াইছিল আৰু প্লেগৰ বাবে যুঁজিবলৈ চাফাই অভিযান চলাইছিল আৰু তেওঁৰ সুমধুৰ ভাষণ আৰু সাধনাবাণীয়ে আক্ৰান্তসকলৰ মনলৈ আত্মবিশ্বাস ঘূৰাই আনিছিল।

(চ) ভাৰতীয় সমাজৰ মর্মবেদনা বুজাত নিবেদিতাক কিহে সহায় কৰিছিল?

উত্তৰঃ- ভাৰতীয় সমাজৰ মর্মবেদনা বুজাত নিবেদিতাক ভাৰত ভ্ৰমণে সহায় কৰিছিল।

(ছ) স্বামী বিবেকানন্দৰ প্রতি নিৱেদিতাৰ গুৰু দক্ষিণা’ কি আছিল?

উত্তৰঃ- ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে ভগিনী নিৱেদিতাই সমাজসেৱাৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাইছিল। সেয়াই আছিল স্বামী বিবেকানন্দৰ প্রতি নিৱেদিতাৰ গুৰু দক্ষিণা’।

(জ) কেতিয়াৰে পৰা স্বামী বিবেকানন্দৰ নাম জগতত ফাটি – ফুটি গৈছিল?

উত্তৰঃ- আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত ধৰ্মসভাত বক্তিতা দিয়াৰ পাছৰে পৰা স্বামী বিবেকানন্দৰ নাম জগতত ফাটি – ফুটি গৈছিল।

(ঝ) ভগিনী নিৱেদিতাই স্বামী বিবেকানন্দ বক্তিতাৰ পৰা কেনেদৰে উপকৃত হৈছিল?

উত্তৰঃ- ভগিনী নিৱেদিতাৰ ইউৰোপ ভ্ৰমণ কালত স্বামী বিবেকানন্দই বিবেকানন্দই বক্তিতা আগঢ়াইছিল। সেই ভাষন বহুতো লোক শুনিবলৈ ধৰ্মসভাত আহিছিল। এনেদৰে তেওঁ স্বামী বিবেকানন্দ বক্তিতাৰ পৰা উপকৃত হৈছিল।

(ঞ) মাতৃ সাৰদা দেৱী কোন আছিল?

উত্তৰঃ- মাতৃ সাৰদা দেৱী শ্ৰীৰামকৃষ্ণ পৰমহংসৰ পত্নী আছিল।

৩। যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয়, তেওঁলােকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয়, সেই দেশৰ বা পৰিয়ালৰ উন্নতিৰ আশা কৰাটো বৃথা। এই কথা কোনে কৈছিল? মহিলাৰ উন্নতিৰ বাবে তেওঁ কি পৰামর্শ দিছিল?

উত্তৰঃ যি দেশত বা পৰিয়ালত নাৰীৰ অৱস্থা ভাল নহয়, তেওঁলােকক সন্মান কৰা নহয় বা উপযুক্ত স্থান দিয়া নহয়, সেই দেশৰ বা পৰিয়ালৰ উন্নতিৰ আশা কৰাটো বৃথা। এই কথা স্বামী বিবেকানন্দই কৈছিল। মহিলাৰ উন্নতিৰ বাবে তেওঁ প্ৰথমে মহিলাৰ অৱস্থাৰ সংস্কাৰ সাধন কৰা, তেওঁলোকক সন্মান দিয়াৰ পৰামর্শ দিছিল।

৪। ভগিনী নিবেদিতাই ভাৰতৰ স্বাধীনতা আন্দোলনত কেনেদৰে ভাগ লৈছিল?

উত্তৰঃ- ভগিনী নিবেদিতাই ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহন কৰিছিল। ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোঁতে তেওঁ সহায় কৰিছিল।

২।বাক্য ৰচনা কৰাঃ

দুখীয়া-নিছলা – ভগিনী নিবেদিতাই দুখীয়া-নিছলা লোকক বহুত সহায় কৰিছিল।

ফাটি-ফুটি – আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত ধৰ্মসভাত বক্তিতা দিয়াৰ পাছৰে পৰা স্বামী বিবেকানন্দৰ নাম জগতত ফাটি-ফুটি গৈছিল।

সহায়-অসহায় – ভগিনী নিবেদিতাই দৰিদ্ৰলোকসকলক সহায়-অসহায়ৰ হাত আগবঢ়াইছিল।

দুখ-কষ্ট – বহিমৰ পৰিয়ালটোৱে দৰিদ্ৰতাৰ কৱলত পৰি দুখে-কষ্টৰে দিনবোৰ পাৰ কৰিছিল।

বৃথা – আগৰ শ্ৰেণীত পঢ়ি অহা পাঠ্যপুথিসমূহ আমি কেতিয়াও বৃথা বুলি গণ্য কৰিব নালাগে।

সমাগম – দূৰ্গা পূজাত বহুতো সোকৰ সমাগম ঘটে।

প্রতিফল – বেয়া কামৰ প্ৰতিফল সদায় বেয়া হয়।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top