Chapter 5
পৃথিৱীৰ পানীভাগ ক’ত থাকে?
১। পানী পৃথিৱীত কিমান সংখ্যক থাকে?
উত্তৰঃ পানী পৃথিৱীত চাৰিভাগৰ তিনিভাগ থাকে।
২। পৃথিৱীৰ চাৰিভাগৰ এভাগ কি?
উত্তৰঃ পৃথিৱীৰ চাৰিভাগৰ এভাগ মাটি।
৩। পানী ক্ৰমে ক’ত ক’ত থাকে।
উত্তৰঃ পানী ক্ৰমে- সাগৰ-মহাসাগৰ, নদ-নদী, সৰোবৰ আদিত থাকে।
৪। পৃথিৱীৰ ক’ত ক’ত বৰফ হিচাপে পানী গোটমাৰি থাকে।
উত্তৰঃ পৃথিৱীৰ মেৰু অঞ্চলত আৰু পৰ্বতৰ শিখৰত বৰফ হিচাপে পানী গোট মাৰে।
৫। সাগৰ আৰু মহাসাগৰৰ পানী কেনেকুৱা?
উত্তৰঃ সাগৰ আৰু মহাসাগৰৰ পানী লুণীয়া।
৬। ভাৰতৰ বিখ্যাত নদী দুখনৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ বিখ্যাত নদী দুখনৰ নাম হ’ল- ব্ৰহ্মপুত্ৰ আৰু গংগা।
৭। পানীয়ে জীৱৰ কি?
উত্তৰঃ পানীয়ে জীৱৰ প্ৰাণ।
৮। নদী-নিজৰা, বিল, সৰোবৰ আদিৰ পানী কি কি কৰিব পাৰি।
উত্তৰঃ নদী-নিজৰা, বিল, সৰোবৰ আদিৰ পানী খেতিপথাৰত দিব পাৰি আৰু পৰিশোধন কৰি খাবও পাৰি।ৈ
৯। সাগৰ-মহাসাগৰৰ পানী খাব পাৰেনে?
উত্তৰঃ সাগৰ মহাসাগৰৰ পানী খাব নোৱাৰে কাৰণ সাগৰ মহাসাগৰৰ পানী লুণীয়া।
১০। পৰ্বতৰ বৰফ গলি পানী তৈয়াৰ হৈ ক’লৈ যায়?
উত্তৰঃ পৰ্বতৰ বৰফ গলি পানী তৈয়াৰ হৈ নদীলৈ বৈ যায়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post