জীৱৰ শ্বাস-বিশ্বাস
নৱম অধ্য়ায়
অনুশীলনী
১। উদ্ভিদে উশাহত কি গেছ ব্যৱহাৰ কৰে?
উত্তৰঃ উদ্ভিদে উশাহত অক্সিজেন গেছ ব্যৱহাৰ কৰে।
২। উদ্ভিদকো শক্তিৰ প্ৰয়োজন হয়নে? যদি হয় এই শক্তি ক’ৰ পৰা পায়?
উত্তৰঃ উদ্ভিদকো শক্তিৰ প্ৰয়োজন হয়। উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰ নামৰ সৰু সৰু বিন্ধাকেঊশাহত বায়ু ভিতৰলৈ সোমায়। এই বায়ুত থকা অম্লজান অংশ পানীত মিহলি হৈ জীববীজত থকা খাদ্য জাৰিত হয়। ইয়াৰ ফলত এঙাৰ গেছ (CO₂) আৰু পানী মুকলি হোৱাৰ লগতে খাদ্যত থকা ৰাসায়নিক স্থিতিশক্তি গতিক্তিলৈ ৰূপান্তৰ হয়।
গ্লু’কজ + অম্লজান → এঙাৰ গেছ + পানী + শক্তি।
৩। গছৰ পুলিৰ চাৰিও ফালৰ মাটিবোৰৰ মাজে মাজে কিয় খুঁচৰি দিব লাগে?
উত্তৰঃগছৰ পুলিৰ চাৰিওফালৰ মাটিবোৰ খুচৰি দিলে মাটিৰ গাঁথনি ঢিলা হয় আৰু মাটিৰ কণিকাবোৰৰ মাজৰ মধ্যবর্তী স্থানবোৰ মুকলি হৈ তাত যথেষ্ট পৰিমাণে বায়ু সোমাই থাকিবলৈ ঠাই পায়। ইয়াৰ ফলত উদ্ভিদৰ মাটিৰ তলৰ অংশই যথেষ্ট পৰিমাণে অম্লজান পোৱাৰ ফলত শ্বাস-প্রশ্বাস কার্য সুকলমে সমাপন কৰি উদ্ভিদজোপাক শক্তি যোগান ধৰে।
৪। পত্ৰৰন্ধ কি? ইয়াৰ কাম বৰ্ণনা কৰা?
উত্তৰঃপত্ৰবন্ধ হ’ল পাতত থকা কিছুমান সৰু সৰু বিদ্ধা। পাতত থকা এই পত্ৰৰন্ধৰ সহায়ত উদ্ভিদৰ উশাহত বায়ু ভিতৰলৈ সোমায়। তদুপৰি এই পত্ৰবন্ধৰ সহায়ত উদ্ভিদত থকা অতিৰিক্ত পানীভাগ বাষ্প আকাৰে ওলাই যায়।
৫। সঠিক উত্তৰ বাছি উলিওৱাঃ
(ক) কোষৰ ভিতৰত খাদ্যবস্তুৰ জাৰণ ঘটি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক ________ বোলে।
(I) শ্বাস (II) প্ৰশ্বাস (III) পাচন (iv) শ্বসন বোলে।
উত্তৰঃ (iv) শ্বসন
(খ) পঁইতাচোৰাৰ শৰীৰলৈ_______ৰ যোগেদি বায়ু সোমাই আহে।
(I) বায়ুছিদ্ৰ (II) বায়ুনলিকা (III) ছাল (iv) হাঁওফাঁও।
উত্তৰঃ (ⅰ) বায়ুছিদ্র
(গ) এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতিমিনিটত স্বাভাৱিক শ্বাস-প্ৰশ্বাসৰ হাৰ________।
(I) ৯-১২ (II) ১৫-১৭ (III) ২১-২৪ (iv) ৬০-৭২
উত্তৰঃ (ii) ১৫-১৭
(ঘ) নিশাহৰ সময়ত মধ্যচ্ছদাখন________ গতি কৰে।
(I) ওপৰলৈ (II) তললৈ (III) বাহিৰলৈ (iv) সন্মুখলৈ।
উত্তৰঃ(i) ওপৰলৈ
(ঙ) এজন প্ৰাপ্তবয়স্ক সুস্থ মানুহে প্ৰতিবাৰ উশাহত________মিলিলিটাৰ বায়ু গ্ৰহণ কৰে।
(I) ২০০ (II) ৫০০ (III) ১৫০০ (iv) ১০০০
উত্তৰঃ (ii) ৫০০
(চ) ________এবিধ অতিৰিক্ত শ্বাস অংগৰ উদাহৰণ।
(I) হাঁওফাঁও, (II) ব্ৰংকাচ (III) গ্লটিছ (iv) বায়ুমোনা।
উত্তৰঃ (ii) ব্রংকাচ
(ছ) মানুহৰ দেহত হাঁওফাঁওৰ পৰা অক্সিজেন কঢ়িয়াই নি কোষসমূহলৈ লৈ যোৱা যৌগবিধৰ নাম________
(I) তেজ (II) শ্বাসনলী (III) গ্লুক’জ (iv) হিম’গ্ল’বিন।
উত্তৰঃ (iv)হিম’গ্লবিন
৬। স্তম্ভ ১ ৰ লগত স্তম্ভ ২ ৰ বিষয়সমূহ মিলাই লিখা।
| স্তম্ভ-১ | স্তম্ভ-২ |
| (ক) ইষ্ট(খ) মধ্যচ্ছদা(গ) গ্লটিছ(ঘ) লেৰিংচ(ঙ) মাছ(চ) ভেকুলী(ছ) বেক্টেৰিয়া(জ) পঁইতাচোৰা(ঝ) বায়ুথলী(ঞ) ছাল | (I) ফুল (Gill)(II) কেঁচু(III) বক্ষগহবৰ(iv) শ্বাসনলী(v) হাঁওফাঁও আৰু ছাল(vi) এলকহল কিণ্বন(vii) লেকটিক এচিড কিণ্বন(viii) বায়ুনলী(ix) শব্দ বা কথা কোৱা(x) অতিৰিক্ত শ্বাস অংগ |
উত্তৰঃ
স্তম্ভ ১——————-স্তম্ভ 2
ক) ইষ্ট—————–(vi) এলক’হল কিম্বন।
(খ) মধ্যচ্ছদা———-(iii) বক্ষগহ্বৰ
(গ) প্লটিচ—————(x) অতিৰিক্ত শ্বাস অংগ
(ঘ) লেৰিংচ————-(ix) শব্দ বা কথা কোৱা।
(ঙ) মাছ—————–(i) ফুল (Gill)
(চ) ভেকুলী————-(v) হাওঁফাওঁ আৰু ছাল
(ছ) বেক্টেৰিয়া———-(vii) লেকটিক্ এচিড কিম্বন
(জ) পইতাঁচোৰা——-(viii) বায়ুনলী
(ঝ) বায়ুথলী————(iv) শ্বাসনলী
(ঞ) ছাল—————–(v)কেঁচু
৭। বায়ৱীয় বা সবাত শ্বসন আৰু অবায়ৱীয় বা অবাত শ্বসনৰ পাৰ্থক্য লিখা।
উত্তৰঃ বায়বীয় বা সবাত শ্বসনত অক্সিজেন ব্যৱহাৰ হৈ খাদ্যবস্তু (গ্লুক’জ) জাৰিত হয় আৰু কার্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়।
অক্সিজেন
গ্লুক’জ ব্যৱহাৰ কৰি → কার্বন-ডাই-অক্সাইড + পানী + শক্তি।
অবায়বীয় শ্বসনত বা অবাত শ্বসনত অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ গ্লুক’জ জাড়িত হয় আৰু এলক ‘হল বা নেকটিক এছিড আৰু শক্তি উৎপন্ন হয়।
১। গ্লুক’জ অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ → এলক’হল + কার্বন-ডাই- অক্সাইড + শক্তি।
২। গ্লুক’জ অক্সিজেনৰ অনুপস্থিতি → লেক্ট্রিক এছিড + শক্তি।
৮। মানুহৰ শ্বাস অংবোৰৰ নাইবা শ্বাসতন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা।
উত্তৰঃ

৯। মানুহৰ উশাহ-নিশাহ কাৰ্যৰ চমু বৰ্ণনা দিয়া।.
উত্তৰঃমানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়াত শ্বাসতন্ত্ৰৰ উপৰিও মানুহৰ দেহৰ কামিহাড়, কামিহাড়ৰ সৈতে জড়িত হৈ থকা মাংসপেশী আৰু মধ্যচ্ছদাখন ওতঃপ্রোতভাবে জড়িত হৈ থাকে। উশাহৰ সময়ত কামিহাড়বোৰৰ বুকুৰ ফালে থকা মূৰবোৰ একেলগে কিছু পৰিমাণে ওপৰলৈ উঠি আহে। ঠিক এনে সময়তে মধ্যচ্ছদাখন কিছু পৰিমাণে তললৈ নামি যায়। ইয়াৰ ফলত বক্ষগহ্বৰটো সমুখৰ ফালে কিছু ওফন্দি উঠে। বক্ষগহ্বৰ ওফন্দি উঠাৰ ফলত ইয়াৰ আয়তন বাঢ়ে, অর্থাৎ বক্ষগহ্বৰত খালী ঠাইৰ সৃষ্টি হয়। সেই খালী ঠাই পূৰাবলৈ নাসাৰন্ধুৱে বায়ু সোমাই আহি হাঁওফাঁওত সোমায়। ইয়াকে আমি শ্বাস বা উশাহ বুলি কওঁ।
উশাহৰ ঠিক পিছমুহূৰ্ততে মধ্যচ্ছদাখন পুনৰ আগৰ ঠাইলৈ উঠি আহে আৰু একে সময়তে কামিহাড়বোৰো আগৰ ঠাইলৈ নামি আহে। ইয়াৰ ফলত (বুকুখন) বক্ষগহ্বৰৰ কিছু পৰিমাণে দোঁ খাই যায় আৰু আয়তন কমে। তেতিয়া বক্ষগহ্বৰৰ ভিতৰত বায়ুৰচাপ বৃদ্ধি পায় আৰু হাওঁফাওঁৰ পৰা হেঁচা দিয়ে ফলত বায়ু হাওঁফাওঁৰ পৰা নাসাৰন্ধেৰে বাহিৰলৈ ওলায় যায়। ইয়াকে আমি প্রশ্বাস বা নিশাহ বুলি কওঁ।
১০। নিশাহত যে কাৰ্বন-ডাই-অক্সাইড গেছ ওলায় যায় তাক এটা পৰিক্ষাৰ সহায়ত বৰ্ণনা কৰা।
উত্তৰঃনিশাহত যে কার্বন-ডাই-অক্সাইড গেছ নির্গত হয় তাক প্রমাণ কৰিবলৈ এটা সাধাৰণ পৰীক্ষা কৰি চোৱা হ’ল। এটা কাঁচৰ গিলাচত কিছু পৰিমাণে ফটফটীয়া চূণ পানী লোৱা হ’ল। তাৰ পিছত এডাল সৰু পাইপ বা নলী লৈ এটা মুৰ চুণ পানীত ডুবাই দিয়া হ’ল আৰু আনটো মূৰ মুখত লৈ ফুৱাই দিয়া হ’ল। তেনে কৰাত দেখা গ’ল যে ফটফটীয়া চূণ পানীখিনি ঘোলা হৈ উঠিল। ইয়াৰ কাৰণ হ’ল-
চূণপানীত সাধাৰণতে কেলছিয়াম হাইড্রক্সাইড থাকে আৰু ই বর্ণহীন। যেতিয়া নিশাহৰ বায়ু ইয়াৰ মাজেৰে যাবলৈ দিয়া হয় তেতিয়া ইয়াৰ বৰণ ঘোলা হয়। কাৰণ নিশাহৰ বায়ুত থকা কার্বন-ডাই-অক্সাইড গেছে কেলছিয়াম হাইড্রক্সাইডৰ সৈতে বিক্রিয়া কৰি কেলছিয়াম কার্বনেট উৎপন্ন কৰে। ইয়াৰ বৰণ গাখীৰৰ দৰে ঘোলা হয়। ইয়েই প্ৰমাণ কৰে যে নিশাহত কার্বন-ডাই-অক্সাইড গেছ থাকে।

১১। পতংগৰ শ্বাসতন্ত্ৰ সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ সকলো পতংগবে শৰীৰটোৰ দুয়ো কাষে কিছুমান সৰু সৰু ছিদ্র থাকে। এই ছিদ্রবোৰক বায়ুছিদ্র বা স্পিৰাক’ল বোলে। বায়ু ছিদ্রবোৰৰ পৰা একোডাল সৰু সৰু নলীকা ওলাই দেহৰ ভিতৰত প্ৰত্যেক নলীকাৰে সৈতে চিত্ৰত দেখুওৱাৰ দৰে এখন জালিকাৰ সৃষ্টি কৰে। এনে নলীকাবোৰক শ্বাস-নলীকা বোলে। বায়ুমণ্ডলৰ পৰা অক্সিজেনযুক্ত বায়ু শ্বাস-নলীকাৰে শৰীৰৰ ভিতৰত বিভিন্ন কলা তথা কোষবোৰত বিয়পি পৰে। ইয়াৰ পৰাই কোষবোৰে অক্সিজেন ভাগ গ্রহণ কৰি কাৰ্বন-ডাই-অক্সাইড ভাগ এৰি দিয়ে আৰু বায়ুছিদ্রৰ দ্বাৰা বাহিৰলৈ ওলায় যায়। মন কৰিবলগীয়া যে এনে ধৰণৰ শ্বাস-তন্ত্র কেৱল পতংগ জাতীয় প্রাণীতহে পোৱা যায়। পঁইতাচোৰা এবিধ পতংগ। তলৰ চিত্ৰত পঁইতাচোৰাৰ শ্বাস-তন্ত্ৰৰ চিত্ৰ দিয়া হ’ল।
১২। চমুটোকা লিখা।
(ক) শ্বসন নলিকা।
উত্তৰঃশ্বসন শৰীৰটোৰ দুয়োকাষে কিছুমান সৰু সৰু ছিদ্র থাকে এই ছিদ্ৰবোৰক বায়ুছিদ্র বুলি কোৱা হয়। বায়ুছিদ্রবোৰৰ পৰা একোডাল সৰু সৰু নলীকা ওলাই দেহৰ ভিতৰত প্ৰত্যেক নলীকাৰে সৈতে এখন জালিকাৰ সৃষ্টি কৰে। এনে নলীকাবোৰক শ্বাস-নলীকা বা শ্বসন নলীকা বোলে। বায়ুমণ্ডলৰ পৰা অক্সিজেনযুক্ত বায়ু শ্বসন-নলীকাৰে শৰীৰৰ ভিতৰত বিভিন্ন কলা তথা কোষবোৰত বিয়পি পৰে।
(খ) লেৰিংচ
উত্তৰঃলেৰিংচ-মানুহৰ নাসা গহ্বৰৰ ঠিক পিছৰ অংশৰ তলৰ ফালে গ্লটিছ নামৰ এটা বন্ধ থাকে। ইয়াৰ পিছতেই এডাল দীঘলীয়া শ্বাসনলী অবস্থিত। শ্বাস- নলীৰ সমুখৰ অংশটো কিছু ডাঙৰ আৰু প্ৰায় ত্রিভুজ আকৃতিৰ, ইয়াক লেৰিংছ বোলে। লেৰিংছৰ আন এটা নাম হ’ল স্বৰযন্ত্ৰ। ইয়াৰ সহায়ত আমি কথা ক’ব পাবো নাইবা বিভিন্ন মাত, সুৰ আদি উলিয়াব পাৰো উশাহৰ সময়ত বায়ু ফেৰিংচৰ পৰা গ্লটিচৰ মাজেৰে লেৰিংচত প্ৰৱেশ কৰে।
(গ) নাসাগহবৰ
উত্তৰঃনাসাগহ্বৰ-নাসাগহ্বৰ হ’ল মানুহৰ শ্বাসতন্ত্ৰৰ এটা অংশ। আমাৰ শ্বাসতন্ত্রটো নাসাৰন্ধ্ৰত আৰম্ভ হয়। নাসাৰন্ধ্ৰ দুটা কিছুদূৰ গৈ ঠিক তালুৰ ওপৰত মিলিত হয় আৰু এটা গাঁতৰ সৃষ্টি কৰে। ইয়াকে নাসাগহ্বৰ বোলে।
(ঘ) ব্ৰংকাছ
উত্তৰঃ ব্রংকাছ-মানুহৰ শ্বাসনলীৰ লেৰিংছৰ পিছৰ অংশটো এডাল নলীসদৃশ আৰু ই বক্ষ গহ্বৰলৈ বিস্তৃত হৈ থাকে। বক্ষ গহ্বৰত শ্বাসনলীডাল সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত হয়। প্রত্যেক ভাগকে ব্রংকাছ বোলে।
(ঙ) প্লিউৰা
উত্তৰঃ প্লিউৰা- মানুহৰ বক্ষগহ্বৰত হাঁওফাঁও থাকে। হাঁওফাঁও দুটা দুখন পাতল কিন্তু টান আৱৰণীৰে আবৃত হৈ থাকে। এই আৱৰণীখনক প্লিউৰা বোলা হয়। এই আৱৰণীখনে হাঁওফাঁওক বাহিৰৰ পৰা সুৰক্ষা দিয়ে।
(চ) এলভিঅ’লাছ
উত্তৰঃএলভিঅ’লাচ-বক্ষগহ্বৰত শ্বাসনলীডাল সোঁ আৰু বাওঁ ভাগত বিভক্ত হয় আৰু ইয়াক ব্রংকাছ বোলা হয়। এই সোঁ আৰু বাওঁ ব্রংকাছ পুনৰ ভাগ হৈ সৰু সৰু মোনা সদৃশ অংগত শেষ হয়। এই মোনা সদৃশ অংগবোৰক বায়ুমোনা বা এলভিঅ’লাছ বোলে। এলভিঅ’লাছবোৰ এনেদৰে সজোৱা থাকে যে ইহঁত বক্ষগহ্বৰত সোঁফালে আৰু বাওঁফালে এটাকৈ হাওঁফাও নামৰ অংগ গঠন কৰে। অর্থাৎ এলভিঅ’লাছবোৰৰ বহিঃ আৱৰণীখন হাঁওফাঁওৰ আৱৰণী হিচাপে থাকে। এই আৱৰণীখনত যথেষ্ট সংখ্যক বক্তনলীকাৰে তেজ প্রবাহিত হৈ থাকে।
(ছ) মধ্যচ্ছদা
উত্তৰঃ মধ্যচ্ছদা – বক্ষ গহ্বৰৰ অংকীয়ফালে অৰ্থাৎ সন্মুখৰফালে কামিহাড়বোৰ এনেদৰে সজ্জিত হৈ থাকে যে বক্ষগহ্বৰটো এটা চুঙা গহ্বৰত ৰূপ দিয়ে। বক্ষগহ্বৰৰ তলৰ ফালে এখন ডাঙৰ পেক্ষীযুক্ত পর্দা থাকে। এই পর্দাখনক মধ্যচ্ছদা বোলে। মধ্যচ্ছদাখনে বক্ষগহ্বৰটোক তলৰ উদৰ গহ্বৰৰ পৰা পৃথক কৰি ৰাখে।
(ঝ) জলক্লোম বাফুল (Gill)
উত্তৰঃ জলক্ৰোম বা ফুল-আমি আটায়ে জানো যে মাছ সদায় পানীত বাস কৰে। আনহাতে ইহঁতৰ শ্বাস-প্রশ্বাসৰ বাবে হাঁওফাঁও নাথাকে। কিন্তু শ্বাস-প্রশ্বাসৰ বাবে মাছৰ এক বিশেষ শ্বাস-অংগ থাকে। ইয়াক জলক্লোম নাইবা ফুল আৰু ইংৰাজীত ইয়াক গিল (Gill) বোলা হয়। মাছৰ মূৰটোৰ শেষৰ ফালে দুখন কাণ বা অপাৰ কুলাম থাকে। ইয়াৰ ঠিক তলতে শাৰী শাৰীকৈ দুয়োফালে দুযোৰ ফুল বা জলক্লোম থাকে। এই ফুলবোৰত যথেষ্ট পৰিমাণে তেজ চলাচল কৰি থাকে। ইয়াৰ সহায়ত মাছে পানীত দ্রবীভূত হৈ থকা অক্সিজেন গ্রহণ কৰে আৰু তেজৰ পৰা কাৰ্বন-ডাই- অক্সাইড গেছ পানীত এৰি দিয়ে।
(ঞ) কোষীয় শ্বসন
উত্তৰঃকোষীয় শ্বসন-কোষৰ ভিতৰত অক্সিজেন খাদ্য অর্থাৎ গ্লুক’জ (এক শৰ্কৰা)ৰ জাৰণ ঘটাই শক্তি, কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰে, এই প্রক্রিয়াক কোষীয় শ্বসন বোলে। সকলো জীৱৰ কোষীয় শ্বসন সম্পন্ন হয়।
(চ) সবাত শ্বসন বা বায়ৱীয় শ্বসন
উত্তৰঃসবাত শ্বসন বা বায়বীয় শ্বসন-অক্সিজেন ব্যৱহাৰ হৈ খাদ্যবস্তু (গ্লুক’জ) আদি জাৰিত হ’লে তাক বায়বীয় শ্বসন বা সবাত শ্বসন বোলে। জীৱকোষৰ বিশেষকৈ উন্নত প্রাণীকোষত এই প্ৰকাৰৰ শ্বসন কাৰ্য সম্পাদিত হয়।
(ছ)অবাত শ্বসন বা অবায়ৱীয় শ্বসন।
উত্তৰঃঅবাত শ্বসন বা অবায়বীয় শ্বসন-অক্সিজেনৰ অনুপস্থিতিত নাইবা অক্সিজেন ব্যৱহাৰ নোহোৱাকৈ গ্লুক’জ জাৰিত হ’লে তাক অৱায়বীয় শ্বসন বা অবাত শ্বসন বোলে। কিছুমান অণুজীৱৰ লগতে বিশেষ পৰিস্থিতিত অন্যান্য জীৱৰো এই প্ৰকাৰৰ শ্বসন সংঘটিত হয়। কিছুমান পৰজীবী যেনে যকৃত কৃমি আদিৰ দেহতো অবাত শ্বসন
হয়। সাধাৰণতে অবাত শ্বসন দুই প্ৰকাৰৰ পোৱা যায়- ইষ্ট নামৰ ভেঁকুৰ বিধৰ দেহত (কোষৰ) অক্সিজেন নোহোৱাকৈ গ্লুক’জ ভাঙি এলকহ’ল, কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এনেদৰে হোৱা শ্বসনক এলকহলীয় কিন্তুন বুলি কোৱা হয়। আনহাতে কিছুমান অণুজীৱৰ লগতে উন্নত প্রাণী আনকি মানুহৰ দেহতো অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জ অনু জাৰিত হৈ শক্তি, লেক্ট্রিক এছিড, কার্বন- ডাই-অক্সাইড উৎপন্ন হয়। এনেদৰে হোৱা জাৰণ বা শ্বসন প্রক্রিয়াক লেক্টিক এছিড কিম্বন বোলা হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post