Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 7 Answer ঈশ্বৰ

ঈশ্বৰ

Chapter 7

১। ঈশ্বৰ কবিতাটিৰ মূল কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ ঈশ্বৰ অনাদি , অনন্ত । জড় – জীৱ সকলােতে তেওঁ বিৰাজমান । এই বিনন্দীয়া ধৰাখন তেওঁৰেই সৃষ্টি । গছ – লতা , জোন – বেলি , তৰা, গ্রহ – নক্ষত্র তেঁৱেই যেন গঢ়িছে । আনকি চৰাই – চিৰিকটি , আমাৰ পিতা – মাতা , ভাই ভনী সকলােকে তেৱেঁই প্ৰব্ৰজন কৰিছে । সেই হেতুকে সকলাে প্রাণীয়ে ভগৱানৰ গুণ – গান গায় । ঈশ্বৰ সকলােতে আছে । কেৱল আমি তেওঁক নেদেখো । শেষত কবিয়ে কৈছে যে য’তেই তেওঁ আছে তাৰে পৰাই যেন আমাক দয়া কৰে।

২। তলত দিয়া শব্দবােৰ যথাস্থানত বহুৱাই কবিতাফাঁকিৰ খালী ঠাই পূৰ কৰা—

( ক ) ভাই – ভনী , পিতা _তুমিয়েই হেনাে

সকলােকে কৰিছা __

তােমাৰ __ পক্ষী গছৰ ডালত

গান গাই হইছে __

( স্ৰজন , মগন , মাতা , আদেশে )

উত্তৰঃ ভাই , ভনী , পিতা – মাতা তুমিয়েই হেননা

                       সকলােকে কৰিছা স্ৰজন , 



      তােমাৰ আদেশে পক্ষী।           গছৰ ডালত 



                       গান গাই হইছে মগন । 

৩। তলৰ কথাফাঁকি নিজৰ ভাষাত বহলাই লিখা—

( ক ) “ সকলােতে থাকা তুমি সকলােকে শুনা

                          দেখিছা চকুৰে সকলােটি , 

            য’তে থাকা প্রভু মােক         দয়া যেন কৰা 

                         এয়ে মােৰ সৰল মিনতি । ” 

উত্তৰঃ হে ঈশ্বৰ , তুমি সকলােতে আছা , সকলাে কথাই তুমি শুনি আছা, চকুৰে সকলাে দেখি আছা । তুমি য’তেই নাথাকা কিয় প্রভু , তুমি যেন মােক দয়া কৰা ; – এয়ে তােমাৰ ওচৰত মােৰ সৰল মিনতি ।

৪। অতি চমু উত্তৰ দিয়া –

( ক ) ঈশ্বৰ ক’ত থাকে ?

উত্তৰঃ ঈশ্বৰ সকলােতে আছে ।

( খ ) কবিয়ে ঈশ্বৰক দেখা পাইছেনে ?

উত্তৰঃ কবিয়ে ঈশ্বৰক দেখা পােৱা নাই ।

( গ ) ঈশ্বৰ থকা কথাটি কবিয়ে কেতিয়া জানে বুলি কৈছে ?

উত্তৰঃ বেয়া এটি কৰিব খােজা সময়ত ।

( ঘ ) কবিয়ে শেষত ভগৱানৰ পৰা কি বিচাৰিছে ?

উত্তৰঃ কবিয়ে শেষত ভগৱানৰ পৰা দয়া বিচাৰিছে ।

৫। চমুকৈ লিখা –

( ক ) ভগৱান ক’ত ক’ত আছে বুলি কবিয়ে কৈছে ?

উত্তৰঃ কবিৰ মতে ভগৱান সকলােতে আছে । গছ – লতা , জোন – বেলি , তৰা , গ্রহ – নক্ষত্র , নৈ – নিজৰা , পাহাৰ পর্বত , চৰাই – চিৰিকটি , মানুহকে ধৰি জীৱ – জড় সকলাে ভগৱানেই সৃষ্টি কৰিছে আৰু এই সকলােতে তেওঁ আছে ।

( খ ) কবিয়ে পােৱা সুখবােৰ কাৰ দান বুলি ভাবিছে ?

উত্তৰঃ কবিয়ে যিবােৰ সুখৰ বস্তু পাইছে , সেই সকলােবােৰ ঈশ্বৰৰ দান বুলি ভাবিছে ।

( গ ) সকলাে প্রাণীকে কাৰ গুণগান গাবলৈ কৈছে আৰু কিয় কৈছে ?

উত্তৰঃ কবিয়ে সকলাে প্রাণীকে ঈশ্বৰৰ গুণ – গান গাবলৈ কৈছে । সকলাে প্রাণীকে ঈশ্বৰে সৃষ্টি কৰিছে , সেইবােৰক খাদ্য দিছে , থকা ঠাই দিছে , মনত সুখ আনন্দ দিছে । গতিকে , তেনেকুৱা কৰুণাময় ঈশ্বৰৰ গুণ – গান গাবলৈ কবিয়ে সকলাে প্রাণীকে কৈছে ।

( ঘ ) তুমি ঈশ্বৰক দেখিছানে ? নাই দেখা যদি ঈশ্বৰ আছে বুলি কেনেদৰে ভাবিব পাৰা ?

উত্তৰঃ নাই দেখা । চকুৰে নেদেখিলেও এই বিশ্বজগত খনলৈ চকু দিলেই ঈশ্বৰ আছে বুলি ভাবিব পাৰি । এই বিনন্দীয়া ধৰাখন , জোন – বেলি , তৰা , গ্রহ নক্ষত্র , গছ – লতা , নৈ – নিজৰা , পাহাৰ – পর্বতকে ধৰি য’ত মানে আছে , এইবােৰ নিজে নিজে সৃষ্টি হােৱা নাই , মানুহেও সৃষ্টি কৰা নাই । কোনােবা অদৃশ্য শক্তিয়ে এইবােৰ সৃষ্টি কৰাৰ লগতে নিয়ন্ত্রণ কৰি আছে আৰু সেই অদৃশ্য শক্তিকে ঈশ্বৰ বুলি ভাবাে ৷

৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা –

( ক ) বিনন্দীয়া ধৰাখনি তােমাৰ ইচ্ছাতে

                    আৰু বিনন্দীয়া হক , 



     তুমি আছা বুলি যেন          সকলাে প্রাণীয়ে 



                    তােমাৰেই গুণ-গান গ’ক । 

উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

কবিতাফাঁকিত ঈশ্বৰৰ মহিমাৰ কথাৰ লগতে কবিৰ ঈশ্বৰৰ প্ৰতি থকা শ্রদ্ধাভক্তি প্রকাশ পাইছে।

এই বিনন্দীয়া ধৰাখনি ঈশ্বৰেই সৃষ্টি কৰিছে । গছ – লতা , ফল – ফুল , নৈ – নিজৰা , চৰাই – চিৰিকটি আদিৰে ভৰপুৰ বিনন্দীয়া এই ধৰাখনিৰ মনােমােহা সৌন্দর্যই আমাক সকলােকে আপ্লুত কৰে । সৌন্দর্য – পিয়াসী কবিয়ে সৃষ্টিকর্তা ঈশ্বৰৰ ইচ্ছাতে ধৰাখনি আৰু অধিক বিনন্দীয়া আৰু সৌন্দর্যময় হােৱাটো কামনা কৰিছে । লগতে কবিয়ে সকল প্রাণীয়ে ঈশ্বৰৰ গুণ – গান গােৱাটোও একান্তমনে বিচাৰিছে ৷ সকলাে প্ৰাণীৰ সৃষ্টিকর্তা যিহেতু ঈশ্বৰেই , সেয়েহে সকলাে প্রাণীয়ে সেই সৃষ্টিকর্তাৰ গুণ – গান গাব লাগে ।

( খ ) বেয়া এটি কেতিয়াবা কৰিব খুজিলে

                   তুমি থকা কথা যেন জানাে , 



    কৰিলেই কিবা এটি               তুমি দিয়া বাধা 



                   আমি যেন সকলােৱে শুনাে । 

উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

মংগলময় ঈশ্বৰে মানুহে সদায় যে ভাল কাম কৰাটোকে বিচাৰে , তাকেই কবিতাফাঁকিত প্রকাশ পাইছে ।

আমি ভাল কাম যিদৰে কৰোঁ , সেইদৰে বেয়া কামাে কৰিব পাৰাে । কিন্তু ঈশ্বৰে আমি সদায় ভাল কাম কৰাটোহে বিচাৰে । ভাল কাম কৰা মানুহৰ লগত ঈশ্বৰ সদায় থাকে । কিন্তু বেয়া কাম কৰিব খােজা বা বেয়া কাম কৰা মানুহক ঈশ্বৰে বাধা প্রদান কৰে । পৰম ঈশ্বৰ বিশ্বাসী কবিৰ কিবা এটি বেয়া কৰিব খুজিলেই ঈশ্বৰৰ কথা মনলৈ আহে । তেওঁৰ ধাৰণা , বেয়া কাম কৰিলে ঈশ্বৰে বাধা প্রদান কৰে আৰু সেইটো আমি সকলােৱে যেন শুনিবলৈ পাওঁ । সকলাে মানুহে ঈশ্বৰত বিশ্বাস ৰাখি ভাল কাম কৰাটোকে কবিয়ে বিচাৰিছে ।

৭। ঈশ্বৰে সৃষ্টি কৰা এই বিনন্দীয়া ধৰাৰ সৌন্দর্য কবিতাটিত কিদৰে বর্ণনা কৰা হৈছে ?

উত্তৰঃ বিনন্দীয়া এই ধৰাখনি সৌন্দর্যৰে ভৰি আছে ৷ জোন – বেলি তৰাবােৰে এই ধৰাৰ বুকুত পােহৰ বিলায় । হাবি-বননি , গছ – লতিকাৰে পূৰ্ণ চিৰ সেউজ , ধৰাখনি সদায় ফুল – ফলেৰে জাতিষ্কাৰ হৈ থাকে । ৰং মনেৰে গছৰ ডালে পাতে জঁপিয়াই ফুৰে নানা জাতৰ নানা বনৰীয়া চৰাই । চৰাইবােৰে ফুললিত সুৰত গােৱা গীতে আমাৰ হিয়া জুৰ পেলায় । কবিতাটিত বিনন্দীয়া ধৰাৰ সৌন্দর্য এনেদৰে বৰ্ণনা কৰা হৈছে ।

৮। শব্দার্থ লিখা –

      কৰম , মগন , বিনন্দীয়া , সুজন , ধৰা , গ’ক , হ’ক , সুমংগলময় । 

উত্তৰঃ

কৰম – কর্ম ।

মগন – মগ্ন ।

বিনন্দীয়া – আনন্দময় ।

স্ৰজন – সৃষ্টি ।

ধৰা – পৃথিবী , জগত ।

গ’ক – গাওক ।

হ’ক – হওঁক ।

সুমংগলময় – কল্যাণময় ।

৯। তৎসম , অর্ধতৎসম , আৰু তদ্ভৱ শব্দ কাক বােলে ? একোটি উদাহৰণ সহ লিখা ।

উত্তৰঃ তৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃতৰ পৰা পােনে পােনে আহি অসমীয়া ভাষাত ব্যৱহৃত হৈছে , তেনেবােৰ শব্দক তৎসম শব্দ বুলি কোৱা হয় । যেনে কর্ম ।

অর্ধতৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃত মূলৰ পৰা আহােতে কিছু সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনে শব্দবােৰক অর্ধতৎসম শব্দ বুলি কোৱা হয় । যেনে – ধৰম ।

তদ্ভৱ শব্দ :- যিবােৰ শব্দ মূলৰ পৰা আহােতে সম্পূর্ণ ৰূপ সলনি হৈ বা অপভ্রংশ হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনেবােৰ শব্দক তদ্ভৱ শব্দ বুলি কোৱা হয় । যেনে – ধৰ্ম ।

১০। ‘ সুমংগলময় ’ আৰু ‘ বিনন্দীয়া ’ শব্দ দুটিৰ এটাকৈ সমার্থক শব্দ লিখা ।

উত্তৰঃ

সুমংগলময় – কল্যাণময় ।

বিনন্দীয়া – আনন্দময় ।

১১। বিপৰীত শব্দ লিখা –

শেষ , স্ৰজন , সুখ , দয়া , দিন ।

উত্তৰঃ

শেষ – আদি , প্রথম ।

স্ৰজন – ধ্বংস , বিনাশ ।

সুখ – দুখ ।

দয়া – ঘৃণা ।

দিন – ৰাতি ।

১২। বাক্য ৰচনা কৰা –

        দিন-ৰাতি , ভাই-ভনী , বিনন্দীয়া , গুণ – গান , মিনতি । 

উত্তৰঃ দিন-ৰাতি :- সভা খন নামত দিন – ৰাতি একাকাৰ কৰি ঘূৰি ফুৰিছে ।

ভাই – ভনী :- সিহঁতৰ চাৰি গৰাকী ভাই – ভনীৰ ভিতৰত অকল অকণহে পঢ়া শুনাত ভাল ।

বিনন্দীয়া :- আমাৰ এই বিনন্দীয়া ধৰাখন ঈশ্বৰে স্ৰজন কৰিছে ।

গুণ – গান :- ধার্মিক মানুহে সদায় ভগৱানৰ গুণ – গান কৰে ৷

মিনতি :- বিষয়াজনৰ ওচৰত ইমান মিনতি জনােৱাৰ পিছতাে তেওঁ মােৰ কামটো নকৰিলে ।

১৩। তৎসম শব্দ লিখা –

         ধৰম , কৰম , মগন , চেনেহ , মৰত , জনম 

উত্তৰঃ

ধৰম – ধর্ম ।

কৰম – কর্ম ।

মগন – মুগ্ন ।

চেনেহ – স্নেহ ।

মৰত – মর্ত ।

জনম – জন্ম ।

১৪। তলৰ শব্দবােৰৰ পৰা তৎসম , অর্ধতৎসম , তদ্ভব শব্দবােৰ বাছি উলিওৱা –

    সূৰ্য্য , পৰাণ , হস্ত , পদ্ম , প্রাণ , বেলি , সূৰুয , হাত 

উত্তৰঃ তৎসম শব্দ – সূর্য , হস্ত , পদ্ম , প্রাণ ।

     অর্ধত্যৎসম শব্দ – পৰাণ , সূৰুয ।



     তদ্ভৱ শব্দ — বেলি , হাত । 

১৫। শব্দার্থ লিখা-

         কৰম মগন , বিনন্দীয়া , স্ৰজন , ধৰা । 

উত্তৰঃ

কৰম – কর্ম ।

মগন – মগ্ন ।

বিনন্দীয়া – আনন্দময় ।

স্ৰজন – সৃষ্টি ।

ধৰা – জগত , পৃথিৱী ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects