Might Learn Logo Might Learn Might Learn Shop

SVN Class 7 Assamese Chapter 20 Answer পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ

পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ

Chapter 20

১। চমু উত্তৰ দিয়া –

( ক ) পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম কত হৈছিল ?

উত্তৰঃপণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম যােৰহাটত হৈছিল ।

( খ ) কৃষ্ণকান্তৰ দেউতাকৰ নাম কি ?

উত্তৰঃ কৃষ্ণকান্তৰ দেউতাকৰ নাম ৰাধাকান্ত সন্দিকৈ ।

( গ ) মাক নাৰায়ণী সন্দিকৈ কাৰ ভনীয়েক আছিল ?

উত্তৰঃ মাক নাৰায়ণী সন্দিকৈ কাৰ ভনীয়েকপদ্মনাথ গােহাঞি বৰুৱা ।

( ঘ ) জগন্নাথ বৰুৱা কোন ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈৰ ককাদেউতাক ।

( ঙ ) কৃষ্ণকান্ত সন্দিকৈয়ে কিমানটা ভাষা জানিছিল ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈয়ে প্রায় ১৩-১৪ টা ভাষা জানিছিল ।

( চ ) কোনখন মহাবিদ্যালয়ত কৃষ্ণকান্তই অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল ?

উত্তৰঃ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৃষ্ণকান্তই অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল ।

( ছ ) কৃষ্ণকান্ত সন্দিকৈ অধ্যক্ষ থাকোতে আল – পৈচান ধৰা ব্যক্তিগৰাকীৰ নাম কি ?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ অধ্যক্ষ থাকোতে আল – পৈচান ধৰা ব্যক্তিগৰাকীৰ নামদেৱেন চেতীয়া ।

( জ ) কৃষ্ণকান্ত সন্দিকৈৰ একমাত্র পুত্রগৰাকীৰ নাম কি ?

উত্তৰঃ ষ্ণকান্ত সন্দিকৈৰ একমাত্র পুত্রগৰাকীৰ নাম বিজয়কৃষ্ণ সন্দিকৈ ।

( ঝ ) ৰাধাকান্ত সন্দিকৈৰ পুত্ৰ কেইগৰাকী আছিল ?

উত্তৰঃৰাধাকান্ত সন্দিকৈৰ পুত্ৰ চাৰিগৰাকী আছিল ।

( ঞ ) চন্দ্রকান্ত আৰু ইন্দ্রকান্তৰ অকাল বিয়ােগ কিমান দিনৰ ব্যৱধানত হৈছিল ?

উত্তৰঃ চন্দ্রকান্ত আৰু ইন্দ্রকান্তৰ অকাল বিয়ােগ ২২ দিনৰ ব্যৱধানত ব্যৱধানত হৈছিল ।

( ট ) দানবীৰ বুলি কাক জনা যায় ?

উত্তৰঃ দানবীৰ বুলি ৰাধাকান্ত সন্দিকৈকজনা যায় ।

( ঠ ) চন্দ্রকান্ত অভিধান কিমান চনত প্ৰকাশ হৈ ওলাইছিল ?

উত্তৰঃ ১৯৩৩ চনত ।

( ড ) কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু কিমান চনত হৈছিল ?

উত্তৰঃ ১৯৮২ চনত ।

২। ৰাধাকান্ত সন্দিকৈৰ কেইগৰাকী সন্তান আছিল ? তেওঁলােকৰ নামবােৰ লিখা ।

উত্তৰঃ ৰাধাকান্ত সন্দিকৈৰ পাঁচগৰাকী সন্তান আছিল । ইয়াৰে চাৰিগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা । পুত্ৰ চাৰিগৰাকীৰ নাম যথাক্রমে— কৃষ্ণকান্ত , চন্দ্রকান্ত , লক্ষ্মীকান্ত আৰু ইন্দ্রকান্ত । কন্যাগৰাকীৰ নাম অন্নদা ।

৩। ৰাধাকান্ত কাৰ অধীনত নিযুক্তি পােৱা কৰ্মচাৰী আছিল ?

উত্তৰঃ ব্রিটিছ চৰকাৰৰ অধীনত নিযুক্তি পােৱা কৰ্মচাৰী আছিল ।

৪। কৃষ্ণকান্ত সন্দিকৈক কোনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আনিছিল আৰু তেখেত অসমৰ কি হিচাপে পৰিচিত ?

উত্তৰঃ লােকপ্রিয় গােপীনাথ বৰদলৈয়ে আনিছিল। গােপীনাথ বৰদলৈ অসমৰ প্রথম মুখ্যমন্ত্রী হিচাপে পৰিচিত ।

৫। লক্ষ্মী আৰু সৰস্বতীৰ বৰপুত্র কোন ?

উত্তৰঃ আনন্দৰাম বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ।

৬। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল আৰু প্রথম উপাচার্যগৰাকী কোন আছিল ?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনত স্থাপন হৈছিল । প্রথমগৰাকী উপাচার্য আছিল পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ।

৭। কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্রন্থৰ নাম লিখা ।

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈদেৱৰ তিনিখন বিখ্যাত গ্রন্থ হৈছে ―

( ক ) শ্রীহর্ষৰ নৈষধ চৰিতৰ ইংৰাজী অনুবাদ ,নৈষধ চৰিত ’ (Naishadh Charita , ১৯৩৪ )

( খ ) যশস্তিলক । আৰু

( গ ) সেতুবন্ধ ।

৮। কৃষ্ণকান্তই কি বঁটা মৰণােত্তৰ ভাৱে লাভ কৰিছিল ।

উত্তৰঃ সাহিত্য অকাডেমী বঁটা ।

৯। কৃষ্ণকান্ত সন্দিকৈয়ে কিমান চনত আৰু কৰপৰা ‘ ডি লিট ‘ উপাধি লাভ কৰিছিল ?

উত্তৰঃ ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্দিকৈদেৱে ‘ ডি লট ’ উপাধি লাভ কৰিছিল ।

১০। কৃষ্ণকান্তই কিমান চনত কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ?

উত্তৰঃ ১৯২৮ চনত হেমলতা সন্দিকৈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ।

১১। তাৎপর্য লিখা –

( ক ) “ নিয়মানুবর্তিতাই হে মানুহক শৃংখলাবদ্ধ আৰু পৰিপাটী জীৱন দান কৰে । ”

উত্তৰঃ FOR STUDENTS

১২। চমুটোকা লিখা –

( ক ) কৃষ্ণকান্ত সন্দিকৈ , ৰাধাকান্ত সন্দিকৈ , গুৱাহাটী বিশ্ববিদ্যালয় ।

উত্তৰঃ

কৃষ্ণকান্ত সন্দিকৈ :- জ্ঞানযােগী কৃষ্ণকান্ত সন্দিকৈৰ ১৮৯৮ চনৰ ২০ জুলাই তাৰিখে যােৰহাটত জন্ম হয় । দানবীৰ ৰাধাকান্ত সন্দিকৈ আছিল তেওঁৰ পিতৃ আৰু মাতৃ আছিল নাৰায়ণী সন্দিকৈ । সন্দিকৈ হেমলতা সন্দিকৈৰ স’তে বিবাহ পাশত আবদ্ধ হৈছিল আৰু এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাৰ পিতৃ আছিল । প্রখৰ মেধাসম্পন্ন সন্দিকৈদেৱে ক্রমে যােৰহাটৰ বালক বিদ্যালয় ( প্ৰৱেশিকা , ১৯১৩ ) , কটন কলেজ ( আই এ ১৯১৫ ) আৰু কলিকতাত ( স্নাতক , ১৯১৭ ; স্নাতকোত্তৰ , ১৯১৯ ) শিক্ষা সমাপ্ত কৰি ১৯২০ চনত উচ্চ শিক্ষা আৰু বিদেশী ভাষা অধ্যয়নৰ বাবে ইউৰােপলৈ যায় । তাত ৭ বছৰ কাল কেবাটাও ভাষা শিকি তেওঁ দেশলৈ ওভতে ।১৯৩০ চনত সন্দিকৈদেৱে নিজে আগভাগ লৈ যােৰহাটত ‘ জগন্নাথ বৰুৱা কলেজ ‘ প্রতিষ্ঠা কৰি তাত সােতৰ বছৰ কাল অবৈতনিক অধ্যক্ষৰূপে কার্যনির্বাহ কৰে । ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হােৱাত সন্দিকৈদেৱে প্রথম উপাচার্য হিচাপে মনােনীত হৈ ৯ বছৰ সেৱা আগবঢ়ায় । জ্ঞানযােগী , কর্মযােগী , প্রাচ্যতত্ত্ববিদ , ভাষাবিদ , দার্শনিক পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে আলােচনী , গৱেষণা পত্ৰত লিখা বিভিন্ন মূল্যৱান ৰচনাৰ লগতে বিশ্ববাসীক ‘ নৈষধ চৰিত ইংৰাজী অনুবাদ ) , যশস্তিলক ’ আৰু সেতুবন্ধ নামৰ তিনিখন মহৎ গ্রন্থ উপহাৰ দি যায় । তেখেতৰ পাণ্ডিত্যত মুগ্ধ হৈ আৰু কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন মহলে তেখেতক বিভিন্ন ধৰণে অলংকৃত কৰিছিল । গোটেই জীৱন নিয়মানুৱৰ্বিতৰ মাজেদি পৰিচালনা কৰি এক আদর্শ জীৱনৰ চানেকি হৈ পৰা এই গৰাকী চিৰনমস্য অসম সন্তানে ১৯৮২ চনৰ ৭ জুন তাৰিখে ইহলীলা সম্বৰণ কৰে ।

ৰাধাকান্ত সন্দিকৈ :- অসমৰ যিসকল মহান ব্যক্তিয়ে বিভিন্ন কর্মৰ জৰিয়তে অসমবাসীলৈ অতুলনীয় অৱদান দি থৈ গৈছে , সেইসকলৰ ভিতৰত অন্যতম হৈছে ৰাধাকান্ত সন্দিকৈ । তেখেত আন্তর্জাতিক খ্যাতিসম্পন্ন বিশ্ববৰেণ্য পণ্ডিত , ভাষাবিদ , প্রাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ ৰাধাকান্ত সন্দিকৈ নিজৰ প্রচেষ্টা , পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে সাধাৰণ অৱস্থাৰ পৰা উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল । তেওঁ বৃটিছ চৰকাৰৰ অধীনত নিযুক্তি পােৱা এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল। কিন্তু সেইটোৱেই তেওঁৰ আচল পৰিচয় নাছিল । অসমৰ জনসাধাৰণৰ মাজত তেওঁ ‘ দানবীৰ হিচাপেহে অধিক জনাজাত আছিল । পাঁচগৰাকী সন্তানৰ পিতৃ ৰাধাকান্ত সন্দিকৈ স্বভাৱতেই উদাৰ আৰু আশাশুধীয়া মনৰ লােক আছিল । যােৰহাট নগৰৰ মাজ – মজিয়াত থকা অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় ‘ চন্দ্রকান্ত সন্দিকৈ ভৱন ‘ টো ৰাধাকান্ত সন্দিকৈয়েই নির্মাণ কৰি দিয়ে । ১৯৩৩ চনত পকাশ হৈ ওলােৱা ‘ চন্দ্রকান্ত অভিধান ’ তেওঁৰেই অৱদান । গুৱাহাটীত প্রতিষ্ঠিত বুৰঞ্জী আৰু পুৰাতত্ত্ব ভৱন আৰু সন্দিকৈ ছােৱালী কলেজৰু লগতে জৰিত হৈ আছে ৰাধাকান্ত সন্দিকৈৰ নাম । এইবােৰৰ উপৰিও আৰু বৃহু অনুষ্ঠান – প্রতিষ্ঠানলৈ তেখেতে অৱদান দি থৈ গৈছে । অসমৰ মানুহে ৰাধাকান্ত সন্দিকৈক যথার্থতে ‘ দানবীৰ ‘ আখ্যা দিছিল ।

গুৱাহাটী বিশ্ববিদ্যালয় :- উত্তৰ – পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্রথম বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্বব্যিালয় । ১৯৪৮ চনত ইয়াক স্থাপন কৰা হয় । আৰম্ভণিতে কটন কলেজত বিশ্ববিদ্যালয়খন আৰম্ভ কৰা হৈছিল । ১৯৫৫-৬৬ চনত ইয়াক জালুকবাৰীলৈ স্থানান্তৰ কৰা হয় । আন্তজার্তিক খ্যাতিসম্পন্ন পণ্ডিত , প্রাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈ আছিল ইয়াৰ প্রথম উপাচার্য । অসমৰ ৰাজ্যপাল গৰাকী বিশ্ববিদ্যালয়খনৰ পদেন আচার্য হয় । বৰ্তমানৰ উপাচার্য ড০ মৃদুল হাজৰিকা ।জালুকবাৰীত অৱস্থিত বিশ্ববিদ্যালয়খনৰ চৌহদটোৰ নাম ‘ গােপীনাথ বৰদলৈ নগৰ ‘। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব ২২ কিলােমিটাৰ , লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা দূৰত্ব ১০ কিলােমিটাৰ । চৌহদটোৰ দক্ষিণফালে এখন সৰু পাহাৰ থকাৰ লগতে উত্তৰ ফালেদি মহাবাহু ব্রহ্মপুত্র বৈ গৈছে । চৌহদটোত ছাত্রাবাস – ছাত্রীনিবাসৰ আবাসীক ধৰি প্রায় পাঁচ হেজাৰ জনসংখ্যা আছে । বর্তমান ইয়াত ১১ টা ছাত্রাবাস আৰু ৯ টা ছাত্রীনিবাস আছে । এইবােৰত প্ৰায়ে তিনিহাজাৰ ছাত্র – ছাত্রী আছে।চৌহদৰ ভিতৰত স্বাস্থ্য সেৱা , পানী যােগান , বিজুলী বাতি আৰু আভ্যন্তৰীণ পথৰ সু-ব্যৱস্থা আছে । অতিথি গৃহ , ডাকঘৰ , দুটাকৈ বেংকৰ শাখা , কেন্টিন , বজাৰ উদ্যান , প্রেক্ষাগৃহ , খেলপথাৰ এইবােৰৰ চৌহদৰ ভিতৰত অৱস্থিত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম ‘ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল ‘ আৰু প্রেক্ষাগৃহটোৰ নাম ‘ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহ ‘ । অসমৰ ভিতৰত সর্ববৃহৎ ইয়াৰ পুথিভঁৰালটোত প্রায় ৮ লাখ পঞ্চাশ হাজাৰ কিতাপ আছে । ইয়াৰ উপৰিও প্রায় পাঁচ হাজাৰ পাণ্ডুলিপি ইয়াত সংৰক্ষিত হৈ আছে । তাৰে কিছুমান তিনিশ বছৰতকৈও পুৰণি । বর্তমান শিক্ষাদান কৰি থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভাগ কেইটা হৈছে- কলা বিভাগ , বিজ্ঞান বিভাগ , বাণিজ্য বিভাগ , ব্যৱস্থাপনা বিভাগ , প্রযুক্তি বিদ্যা বিভাগ আৰু আইন বিভাগ । আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সােতৰখন মহাবিদ্যালয় আছিল । বর্তমান বিশ্ববিদ্যালয়খনৰ স্বীকৃতি প্রাপ্ত মহাবিদ্যালয়ৰ সংখ্যা হৈছে তিনিশ ছাবিশ খন ।

১৩। “ নতুন প্রজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ এক আৰ্হিপুৰুষ স্বৰূপ । ” — বহলাই লিখা ।

উত্তৰঃ ‘ আৰ্হিপুৰুষ ’ বুলিলে সেইজন মানুহৰ কথাকে বুজা যায় । , যাৰ জীৱনাদর্শ আৰু কৰ্মৰাজি আনৰ বাবে অনুকৰণীয় । গতিকে , নতুন প্রজন্মৰ বাবে কৃষ্ণকান্ত সন্দিকৈ সঁচাকৈয়ে এক আৰ্হি পুৰুষ । অসমৰ এইগৰাকী সু-সন্তানে ভাষা – সাহিত্য , শিক্ষা – দীক্ষা , কলা কৃষ্টিৰ গভীৰ সাধনাৰে সমাজলৈ বহুমূলীয়া অৱদান আগবঢ়াই নিজৰ জীৱন ধন্য কৰাৰ লগতে আনৰ জীৱনো ধন্য কৰি গৈছে । তেখেতে গােটেই জীৱনটো নিয়মানুৱৰ্তিতাৰ মাজেৰে পৰিচালিত কৰি যি এক শৃংখলাবদ্ধ আৰু পৰিপাটী জীৱন গঢ়ি তুলিছিল , তাৰ দৃষ্টান্ত সঁচাকৈয়ে বিৰল । তেখেতে য’তেই জৰিত আছিল পৰিয়াল , সমাজ , বা অনুষ্ঠান – প্রতিষ্ঠান , তাতেই কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে এক শৃংখলাবদ্ধ আৰু পৰিপাটী পৰিৱেশ গঢ়ি তােলাৰ চেষ্টা কৰিছিল । প্রথম উপাচার্য হিচাপে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত গঢ়ি তােলা পৰিৱেশ আছিল ইয়াৰ অন্যতম উদাহৰণ । সন্দিকৈয়ে এটা মুহূর্তও অবাবত নষ্ট কৰাটো সহ্য কৰিব নােৱাৰিছিল । এনেকুৱা জীৱনাদৰ্শৰ মানুহকে আন মানুহে সদায় অনুকৰণ কৰিব লাগে। গতিকে নতুন প্রজন্মই কৃষ্ণকান্ত সন্দিকৈদেৱক আৰ্হি পুৰুষ স্বৰূপে গ্রহণ কৰা উচিত ।

প্রশ্ন ১৪। বাক্য সাজা –

ধাৰাসাৰ , নেৰা – নেপেৰা , অধ্যৱসায় , একনিষ্ঠ , আশাশুধীয়া ।

উত্তৰঃ ধাৰাসাৰ :-কালিৰে পৰা ধাৰাসাৰ বৰষুণ দি আছে।

নেৰা – নেপেৰা :- নেৰা – নেপেৰাকৈ বৰষুণ দি থাকিলে সি ঘৰলৈ কেনেকৈ যাব ।

অধ্যৱসায় :- অধ্যৱসায়ৰ গুণতহে মানুহ উন্নতিৰ পথত আগবাঢ়িব পাৰে ।

একনিষ্ঠ :- মাধৱদেৱ শংকৰদেৱৰ একনিষ্ঠ শিষ্য আছিল ।

আশাশুধীয়া :- তেওঁ আশাশুধীয় মনৰ মানুহ আছিল বাবেই মুক্তহস্তে দান দিব পাৰিছিল ।

প্রশ্ন ১৫। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱা –

‘ ক ’ অংশ——————-‘ খ ’ অংশ

কৃষ্ণকান্ত সন্দিকৈ———- প্রকৃতিবিদ

গোপীনাথ বৰদলৈ ———- ৰাষ্টপতি

ড০ আদিনাথ নেমিনাথ———– পণ্ডিতপ্রবৰ

হেমচন্দ্ৰ বৰুৱা——————– লােকপ্রিয়

সর্বপল্লী ৰাধাকৃষ্ণণ————— অভিধান প্রণেতা

উত্তৰঃ

‘ ক ’ অংশ ———————-‘ খ ’ অংশ

কৃষ্ণকান্ত সন্দিকৈ—————পণ্ডিতপ্রবৰ গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈ—————–লােকপ্রিয়

ড০ আদিনাথ নেমিনাথ———–প্রকৃতিবিদ

হেমচন্দ্ৰ বৰুৱা অভিধান ———-প্রণেতা

সর্বপল্লী ৰাধাকৃষ্ণণ —————-ৰাষ্টপতি

১৬। শব্দার্থ লিখা-

প্রবৰ , আশাশুধীয়া , অধ্যাৱসায় , আঢ্যৱন্ত , উপাখ্যান , আহুকাল , সংযমশীল , অন্বেষণ , মুগ্ধ , ভূয়সী , অক্লান্ত , বদান্যতা , জ্ঞানলিপচু ।

উত্তৰঃ প্রবৰ – শ্রেষ্ঠ ।

আশাশুধীয়া – উদাৰ চিতীয়া ।

অধ্যাৱসায় – নিৰন্তৰ চেষ্টা ,নেৰানেপেৰা পৰিশ্ৰম ।

আঢ্যৱন্ত – ধন থকা , ধনী ।

উপাখ্যান – কাহিনী সাধুকথা ।

আহুকাল – আপদ , বিঘিনি , বেজাৰ , জঞ্জাল ।

সংযমশীল – নিজক নিয়ন্ত্রণ কৰিব পৰা ।

অন্বেষণ – অনুসন্ধান , বিচৰাকাৰ্য ।

মুগ্ধ – মােহিত ।

ভূয়সী – প্রশংসা , প্রচুৰ , বহুল ।

অক্লান্ত – ভাগৰ নলগাকৈ থকা , ক্লান্ত নােহােৱা

বদান্যতা – দানী , উদাৰ ।

অনুপ্রাণিত – উৎসাহিত ।

জ্ঞানলিপচু – জ্ঞান আহৰণৰ বাবে ইচ্ছুক বা লালায়িত

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects