Chapter 19
অঙ্গদৰ ভৰি
অনুশীলনীঃ
(১) চমুকৈ উত্তৰ লিখা-
(ক) অঙ্গদে ৰাৱণক কি কি কৈছিল ?
উত্তৰঃ অঙ্গদে ৰাৱণক ”ৰাৱণ তুমি বীৰ আৰু পৰাক্ৰমী। কিন্তু তোমাৰ গৰ্ব বাঢ়ি গৈছে। তুমি বহুতো পাপ কৰিবলৈ ধৰিছা। গতিকে অৰ্ধম আৰু পাপৰ পথ এৰা। মাতৃ সীতাক স-সন্মানেৰে সৈতে ওভোতাই দিয়া। ৰামৰ আগত ক্ষমা খোজা। তেওঁ বৰ মহান পুৰুষ,ক্ষমাশীল। তেওঁৰ শৰণাগত হ’লে তোমাৰ কল্যাণ হ’ৱ। যদি তুমি এনে নকৰা তেনেহ’লে ৰামে যুদ্ধত তোমাৰ সেনাবাহিনৰ সৈতে বধ কৰিব | এইবুলি কৈছিল।
(খ) অঙ্গদে কি চৰ্ত ৰাখিছিল ?
উত্তৰঃ অঙ্গদে চৰ্ত ৰাখিছিল- “ যদি তােমাৰ কোনাে সৈনিকে মােৰ ভৰিখন গুচাব পাৰে তেনেহ’লে ৰামৰ সেনাবাহিনীয়ে পৰাজয় স্বীকাৰ কৰিব। ৰামে লঙ্কা জয় নকৰাকৈ উভতি যাব। যদি কোনােৱে আঁতৰাব নােৱাৰে তেনেহলে লঙ্কা ৰামৰ হ’ৱ এই বুলি চৰ্ত ৰাখিছিল।
(গ) অঙ্গদে চতুৰালিৰে কিদৰে কাম কৰিলে ?
উত্তৰঃ অঙ্গদৰ চতুৰালি এনেদৰে কাম কৰিলে যে অঙ্গদৰ ভৰি খন কোনো ৰাক্ষসে অতৰাব নোৱাৰাত তেতিয়া ৰাৱণ আহিল ৰাৱণ বৰ শক্তিশালী আছিল। অঙ্গদে গম পালে যে ৰাৱণে তাৰ ভৰি খন অতৰাই পেলাৱ তেতিয়া অঙ্গদে ক’লে ”হে মূৰ্খ, তুমি মোৰ ভৰিত ধৰিবলৈ নালাগে যোৱা ৰামৰ ভৰিত ধৰাগৈ এই কথা শুনি ৰাৱণ লাজত মৰি যোৱা যেন হ’ল। ৰাৱণ তাৰ পৰা গুচি গ’ল আৰু অঙ্গদ বিজয় হ’ল অঙ্গদৰ চতুৰালি এনেদৰে কান কৰিলে।
(২) বাক্য ৰচনা কৰা-
নিৰপৰাধ,তেজস্বী,উৎপাত, ক্ষমাশীল,লাজত মৰি যোৱা |
উত্তৰঃ
নিৰপৰাধঃ এইখন যুদ্ধত বহুত নিৰপৰাধ মানুহৰ প্রাণ যাৱ।
তেজস্বীঃ লাচিত বৰফুকন এজন তেজস্বী যুদ্ধাৰ আছিল।
উৎপাতঃ সৌৰভ ল’ৰা জনে ঘৰত বৰ উৎপাত কৰি থাকে |
ক্ষমাশীলঃ জয়ন্তে যিটো কাম কৰিছে সেই কামটো ক্ষমাশীল কৰিব নোৱাৰা কাম।
লাজত মৰি যোৱাঃ বিকাশৰ পৰিক্ষাত ৰিজাল্ট বেয়া হোৱা বাবে সি লাজত মৰি যোৱা যেন হ’ল।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post