Chapter 18
সাগৰৰ ওপৰত সাঁকো
অনুশীলনীঃ
(১) সাগৰ পাৰ হোৱাৰ সমস্যা কেনেদৰে সমাধান হ’ল ?
উত্তৰঃ সাগৰ পাৰ হোৱাৰ সমস্যা এনেদৰে সমাধান কৰিলে যে সুগ্ৰীৱৰ সেনা-বাহিনীত নল আৰু নীল নামৰ দুজন পাকৈত অভিযন্তা আছিল তেওঁলোকে শিল, পাথৰ,মাটি,বালি এনেদৰে তৈয়াৰ কৰিলে যে সাগৰ ওপৰত ভাহিব ধৰিলে আৰু সেইবোৰ এক গোট কৰি সাঁকো নিৰ্মাণ কৰিলে সাঁকো ওপৰত উঠি সাগৰ পাৰ হব পাৰিব এনেদৰে সাগৰ পাৰ হোৱা সমস্যা সমাধান কৰিলে।
(২) কেৰ্কেটুৱাৰ পৰা আমি কি শিক্ষা পাওঁ ?
উত্তৰঃ কেৰ্কেটুৱাৰ পৰা আমি এইটো শিক্ষা পাওঁ যে সৰু-বৰ সকলো প্ৰাণী মিলি-জুলি কাম কৰিলে ডাঙৰ কাম কৰিব পাৰো। সকলো কামে সহজ হৈ পৰে।
(৩) খালী ঠাই পূৰ কৰা-
(ক) সুগ্ৰীৱৰ সেনাত নল আৰু নীল নামেৰে দুজন অভিযন্তা আছিল।
(খ) কেৰ্কেটুৱাৰ পিঠিত ৰামৰ আঙুলিৰ চিন থাকি গ’ল।
(গ) নল-নীলে সাগৰৰ ওপৰত সাঁকো সাজিলে।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post