Might Learn Logo Might Learn Shop Might Learn

AHSEC Class 11 Anthropology Chapter 5 প্ৰাগৈতিহাসিক নৃতত্ত্ব পাঠটোৰ উত্তৰ

প্ৰাগৈতিহাসিক নৃতত্ত্ব

অনুশীলনীঃ

১। ‘Prehistory’ শব্দটো কোনে প্ৰথমে উল্লেখ কৰিছিল?

উত্তৰঃ ডেনিয়েল উইলছন।

২। কোনখন কিতাপত প্ৰথমে ‘Prehistory’ শব্দটো উল্লেখ কৰা হৈছিল?

উত্তৰঃ ” The Archaealogy and Prehistoric Annals of Scottland ” নামৰ কিতাপ খনত প্ৰথমে ‘Prehistory’ শব্দটো উল্লেখ কৰা হৈছিল।

৩। আদি ইতিহাস কি?

উত্তৰঃ আদি ইতিহাস হ’ল প্ৰাক্ইতিহাস আৰু ইতিহাসৰ মধ্যৱৰ্তী কালৰ বিৱৰণ।

৪। পুৰাতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ প্ৰাক্ইতিহাস আৰু ইতিহাস উভয় কালতে লুপ্ত হোৱা মানৱ জীৱন ধাৰাৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানকে পুৰাতত্ত্বৰ বিজ্ঞান বুলি কোৱা হয়।

৫। আলপাইন পৰ্বতমালাৰ হিম প্ৰবাহ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আলপাইন পৰ্বতমালাৰ হিম প্ৰবাহ

৬। বৃহৎ তুষাৰ যুগত কিমানটা জলাহ আৰু উপ জলাহ যুগ আছে?

উত্তৰঃ বৃহৎ তুষাৰ যুগত চাৰিটা জলাহ যুগ আৰু উপ জলাহ যুগ তিনিটা আছে।

৭। কোন ভূতাত্ত্বিক যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল?

উত্তৰঃ প্লিষ্ট’ছিন যুগত মানুহৰ আৱিৰ্ভাৱ হৈছিল।

৮। প্ৰাগঐতিহাসিক নৃতত্ত্ব কি?

উত্তৰঃ প্ৰাক্ইতিহাসে লুপ্ত হৈ যোৱা মানুহ আৰু তেওঁলোকৰ সংস্কৃতি বা জীৱন ধাৰাৰ বিষয়ে সম্যৰ জ্ঞান আহৰণ কৰে। তদুপৰি বৰ্তমান মানুহৰ পূৰ্বপুৰুষ সকলৰো জীৱন ধাৰাৰ ওপৰতো প্ৰাক্ইতিহাস আলোকপাত কৰে।

দ্বিতীয়তে, প্ৰাগৈতিহাসিক মানুহে কেনেকৈ খাপ খাই চলিছিল, তাৰ প্ৰয়ােজনীয় হাতিয়াৰ সঁজুলি আদি কেনেকৈ তৈয়াৰ কৰিছিল তথা তেওঁলোকে কেনেকৈ তেওঁলোকৰ বিভিন্ন প্ৰয়োজনসমূহ পূৰণ কৰিছিল, এই সকলােবােৰ কথা আমি প্ৰাক্ইতিহাস অধ্যয়নৰ দ্বাৰা জানিব পাৰো।

তৃতীয়তে, প্ৰাক্ইতিহাসে অতীতৰ বিভিন্ন সময়ৰ কাল নিৰ্ণয় তথা বিভিন্ন সংস্কৃতিৰ উৎপত্তি, ক্ৰম তথা বিস্তাৰণ সম্বন্ধে জনাত সহায় কৰে।

চতুৰ্থতে, প্ৰাগৈতিহাসিক সমলসমূহ বিভিন্ন মিউজিয়ামৰ সংৰক্ষণ কৰি আৰু মানুহৰ শিক্ষা দিয়া হয়।  

৯। প্ৰাক্ ইতিহাস অধ্য়য়নৰ লাভা লাভ কি?

উত্তৰঃ প্ৰাক্ ইতিহাস অধ্য়নৰ তিনিটা সমলৰ নাম হ’ল-

(১) মানুহৰ বাসস্থান।

(২) মানুহে তৈয়াৰ কৰা বিভিন্ন সা-সঁজুলি, হাতিয়াৰ, বাচন-বৰ্তন আদি।

(৩) চিত্ৰকলা আৰু চাৰুকলা, অলংকাৰ গহণা ইত্যাদি।

১০। প্ৰাক্ ইতিহাস অধ্য়য়নৰ তিনিটা সমলৰ নাম লিখা।

উত্তৰঃ প্ৰাক্ ইতিহাস অধ্য়নয়ৰ তিনিটা সমলৰ নাম হ’ল-

(১) মানুহৰ বাসস্থান।

(২) মানুহে তৈয়াৰ কৰা বিভিন্ন সা-সঁজুলি, হাতিয়াৰ, বাচন-বৰ্তন আদি।

(৩) চিত্ৰকলা আৰু চাৰুকলা, অলংকাৰ গহণা ইত্যাদি।

১১। প্ৰাগৈতিহাসিক যুগৰ কাল নিৰ্ণয় কৰা প্ৰণালী সমূহ কি কি?

উত্তৰঃ প্ৰাগৈতিহাসিক যুগৰ কাল নিৰ্ণয় কৰা প্ৰণালী সমূহ মূলত দুই ভাগত ভাগ কৰিব পাৰি-

(১) পৰোক্ষ কাল নিৰ্ণয় পদ্ধতি

(২) প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি

পৰোক্ষ কাল নিৰ্ণয় পদ্ধতি আৰু প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতিক আকৌ কেইটামান ভাগত ভাগ কৰিব পাৰি।

পৰোক্ষ কাল নিৰ্ণয় পদ্ধতিৰ ভাগকেইটা হ’ল-

(ক) ভূতাত্ত্বিক প্ৰণালী।

(খ) ভূতাত্ত্বিক স্তৰীয় বিদ্যা।

(গ) আনুষংগিক সামগ্ৰী।

(ঘ) প্ৰকাৰতাত্ত্বিক প্ৰণালী।

(ঙ) ভাৰ্ত মাটি বিশ্লেষণ।

(চ) ফুলৰেণু বিশ্লেষণ প্ৰণালী।

প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি আকৌ কেইটামান ভাগত ভাগ কৰিব পাৰি। সেই ভাগকেইটা হ’ল-

(১) তেজস্ত্ৰিয় এঙাৰৰ সহায়ত কাল নিৰ্ণয় পদ্ধতি।

(২) পটেছিয়াম আৰ্গন পদ্ধতি।

(৩) ফ্ল’ৰিণ বিশ্লেষণ প্ৰণালী।

(৪) বৃক্ষবলয় বিশ্লেষণ।

(৫) শৈল চৰ্ম বা আস্তৰন।

১২। প্ৰত্য়ক্ষ আৰু পৰোক্ষ কাল নিৰ্ণয় প্ৰণালী বুলিলে কি বুজা?

উত্তৰঃ প্ৰত্যক্ষভাবে কিছুমান অতীতৰ স্তৰীভূত অৱস্থাৰ পৰা উদ্ধাৰ কৰা মানৱ সংস্কৃতিৰ সমলৰ ওপৰত বৈজ্ঞানিক পদ্ধতিৰ সহায়ত কাল নিৰূপন কৰাকেই প্ৰত্যক্ষ কাল নিৰ্ণয় পদ্ধতি বুলি কোৱা হয়।

১৩। প্ৰাক্ ইতিহাস অধ্য়য়নৰ প্ৰণালী কেইটা কি কি? ইয়াৰে যিকোনো এটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰাক্ ইতিহাস অধ্য়য়নৰ প্ৰণালী প্ৰধানকৈ তিনিটা। সেইকেইটা হ’ল- (ক) ভূতাত্ত্বিক প্ৰণালী। (খ) প্ৰত্নজীৱতাত্ত্বিক প্ৰণালী আৰু (গ) প্ৰত্নতাত্ত্বিক প্ৰণালী।

(ক) ভূতাত্ত্বিক প্ৰণালীঃ পুৰাতত্ত্ববিদ সকলে ভূতত্ত্ব , প্ৰত্নতত্ত্ব আৰু প্ৰত্নজীৱ তত্ত্ববিদ সকলৰ সহযোগত বৈজ্ঞানিক নিয়মেৰে স্তৰীয় ভূতাত্ত্বিক প্ৰণালী প্ৰয়ােগ কৰি স্তৰবােৰত খনন কাৰ্য্য সম্পন্ন কৰে। ইয়াৰ জৰিয়তে ভূগৰ্ভৰ পৰা প্ৰাগঐতিহাসিক মানুহে এৰি থৈ যোৱা সমলবােৰ স্তৰ সমূহৰ পৰা উলিয়াই পৰীক্ষাগাৰত বৈজ্ঞানিক দৃষ্টি ভংগীৰে বিশ্লেষণ কৰি সমলবোৰৰ কাল ক্ৰমণিকা আৰু কৃষ্টিক্ৰমণিকা বুলি জানিব পাৰি। প্ৰাগৈতিহাসিকসকলে প্ৰণালীবদ্ধভাৱে ভূতাত্ত্বিক পদ্ধতিৰে খনন কাৰ্য চলায়। খনন কাৰ্যৰ ফলত আৱিষ্কৃত স্তৰবোৰৰ কাল নিৰ্ণয় কৰা হয় আৰু স্তৰ অনুযায়ী পোৱা প্ৰাগৈতিহাসিক সমলবোৰৰ ব্যৱহৃত কালো স্তৰসমূহ কাল অনুযায়ী থিয়াং কৰা হয়।

১৪। ভূতাত্ত্বিক সময় তালিকা কি?

উত্তৰঃ ভূতাত্ত্বিক সময় তালিকা হৈছে এখন পৰিকল্পিত সময়সূচী যাক ভূতাত্ত্বিক স্তৰসমূহৰ গভীৰতা, শিলৰ গঠন আৰু তাত পোৱা বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ জীৱাশ্মৰ পৰীক্ষাৰ দ্বাৰা নিৰ্মাণ কৰা হয়। এই তালিকাৰ সহায়েৰে প্ৰাগৈতিহাসিক যুগসমূহৰ শৃংখল বিৱৰণ প্ৰস্তুত কৰিব পাৰি, য’ত শিলাস্তৰৰ গঠন, পৃথিৱীৰ দেশ-মহাদেশ আৰু সাগৰৰ আকৃতি, যুগে যুগে পৰিৱৰ্তন হোৱা জলবায়ু আৰু বিভিন্ন যুগৰ প্ৰাণী-জীৱন সম্বন্ধীয় তথ্য সন্নিৱিষ্ট থাকে। ভূতাত্ত্বিক সময় তালিকাত পূৰ্বপুৰুষ আৰু আদিম মানৱৰ অৱস্থানো প্ৰকাশ পায়। সেয়েহে, ভূতাত্ত্বিক সময় তালিকা প্ৰাগৈতিহাসৰ অধ্যয়ন আৰু মানৱ ইতিহাস বুজাৰ বাবে এটা অপৰিহাৰ্য সহায়ক উপাদান।

১৫। তুন্দ্ৰা জয়বায়ু সেৱী প্ৰাণী চাৰিবিধৰ নাম লিখা।

উত্তৰঃ তুন্দ্ৰা জয়বায়ু সেৱী প্ৰাণী চাৰিবিধৰ নাম হ’ল- মেমথ, বল্গা হৰিণ, ছোগৰু আৰু নােমাল গঢ়।

১৬। গ্ৰীষ্ম জলবায়ু সেৱী প্ৰাণী চাৰিবিধ নাম লিখা।

উত্তৰঃ গ্ৰীষ্ম জলবায়ু সেৱী প্ৰাণী চাৰিবিধ নাম হ’ল- হিপ্পো পটেমাছ, নম্ৰ নাসিকা গঢ়, বাইছন গৰু আৰু ঔৰোচ গৰু।

১৭। তুষাৰ আৰু অন্তৰা তুষাৰ যুগৰ ফলা ফল সমূহ বৰ্ণনা কৰা।

উত্তৰঃ

১৮। তুষাৰ যুগ প্ৰৱৰ্তনৰ কাৰক সমূহ আলোচনা কৰা।

উত্তৰঃ তুষাৰ যুগৰ প্ৰৱৰ্তনৰ কাৰক সমূহ তলত আলোচনা কৰা হ’ল-

(১) ভৌগলিক কাৰক।

(২) নৈসৰ্গিক তথ্য।

১৯। প্ৰত্য়ক্ষ কাল নিৰ্ণয় পদ্ধতি কেইটা চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

২০। ভিলাফ্ৰংকিয়ান কি?

উত্তৰঃ হেগ্ নামে এজন ভূতাত্ত্বিকে ১৯২২ চনত আগবঢ়োৱা সূত্ৰমতে এটা বা তাতোধিক হাতী, ঘােঁৰা আৰু গৰুৰ বংশ গােষ্ঠীৰ জন্তুৰ জীৱাশ্ম সন্নিবিষ্ট থকা স্তৰটােৰ প্লাইষ্টছিন বুলি চিনাক্ত কৰিব পাৰি। এই তিনিপ্ৰকাৰৰ জীৱ সমষ্টিক ভিলাফ্ৰংকিয়ান বােলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects