আনন্দৰাম বৰুৱা
অতি চমু প্ৰশ্নঃ
১। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নমৰ ঠাইত।
২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল ৷
৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ৰ সংস্কৃক ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিদেশী পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল।
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম।
চমু প্ৰশ্নঃ
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ সমন্বয় সাধন কৰিছিল আৰু ভাৰতীয় আদৰ্শক পাশ্চাত্যত প্ৰচলিত কৰি জনপ্ৰিয় কৰি তুলিছিল। কৰ্মৰ ক্ষেত্ৰত তেওঁ কেতিয়াও পশংসা বা স্ব-মান বিচৰা নাছিল।
তেওঁৰ অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা, পিতৃ-মাতৃ, স্বদেশ আৰু স্ব-জাতিৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আদি গুণবোৰ সদায় অনুকৰণীয় বুলি উল্লেখ কৰা হৈছে।
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰঃ আনন্দৰামৰ সময়ত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল। কাৰন সেই সময়ত পথ দুৰ্গম হোৱাৰ বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল। এনে ভয়ৰ বাহিৰেও বিলাতলৈ গলে জাতি হেৰুৱাৰ ভয় মানুহৰ মনত সম্পূৰ্ণ আছিল। গতিকে তেনে সময়ত পৃতি-মাতৃ, জাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সদূৰ ইউৰোপ যাবলৈ ভাৰতৰ মানুহে সাহস কৰা নাছিল।
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?
উত্তৰঃ আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি থকা অচল ভক্তিৰ বাবে আনন্দৰাম বৰুৱা বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহিও তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানেকীৰামৰ ভ্ৰাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছিল।
৪। আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল – বুজাই লিখা ৷
উত্তৰঃ আপোন পিতৃ-মাতৃ,ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ বৰুৱাৰ অগাধ ভক্তিভাৱ আছিল ৷ সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে ‘প্ৰাগজ্যোতিষপুৰসম্ভৱম’ বুলি পৰিচয় দিছে ৷ “মহাবীৰ চৰিত”ৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ৷ এনেদৰে য’তেই সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে ৷
৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ কাৰণে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই সময়ত মানুহ ইউৰোপলে নগৈছিল। কিন্তু সেই ভয়কো নেউচি অদম্য সাহস আৰু মনোবল থকাৰ ফলত আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল। বৰুৱা সাহিত্যকৰ্মৰ বাবেই ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিমৰ পণ্ডিতসকলৰ পৰিচয় ঘটিল ৷ তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৰ্ৱযুগৰ আৰম্ভনি ঘটিল। তেওঁৰ মূল্যবান সংস্কৃতৰ গ্ৰন্থসমূহৰ কাৰনে তেওঁ সদায় পূজনীয় হৈ ৰব।
দীঘল প্ৰশ্নঃ
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ৷
উত্তৰঃ সংসাৰত সময়ে সময়ে এনে কিছুমান মানুহ জন্মগ্ৰহণ কৰে, যিসকলে কৰ্ম আৰু আর্দশৰ দ্বাৰা জগতত কীৰ্তি ৰাখিবলৈ সক্ষম। এনে এজন ব্যক্তি হল আনন্দৰাম বৰুৱা।
আনন্দৰাম বৰুৱাৰ জীৱনে দেখুৱাইছে যে, সাধাৰণ পৰিৱেশ আৰু সীমাবদ্ধতাবোৰৰ মাজতো কৰ্মস্পৃহা, একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে মহান কৃতিত্ব অৰ্জন কৰিব পাৰি। তেওঁ ইংৰাজী আৰু সংস্কৃত ভাষাৰ জ্ঞানৰ সমন্বয়ে প্ৰাচ্যৰ শ্ৰেষ্ঠ গ্ৰন্থৰাজিৰ স্বাদ পাশ্চাত্যৰ বৌদ্ধিক সমাজলৈ অনাৰ বাবে সক্ষম হৈছিল।
তেওঁৰ জীৱনত একাগ্ৰতা আৰু মনোবলৰ বিশেষ স্থান আছিল — ল’ৰা কালতে ভাওনা, অভিনয় আদি উৎসৱত যেন একমনা আছিল, ঠিক সেইদৰে লিখা-পঢ়াৰ ক্ষেত্ৰতো একমনা আছিল। এই একাগ্ৰতাই তেওঁৰ অমৰকোষ গ্ৰন্থ ল’ৰাকালতে কন্ঠস্থ কৰাৰ ক্ষমতা দিছে।
ইয়াৰ উপৰিও, যি সময়ত মানুহে দূৰত্ব, দুৰ্গম পথ আৰু সামাজিক বাধাৰ বাবে বিদেশলৈ যোৱাৰ সাহ নাপায়, সেই সময়তে আনন্দৰাম বৰুৱাই ইউৰোপলৈ গৈ জ্ঞানৰ সাধনা কৰিছিল। তেওঁৰ একাগ্ৰতা, কৰ্মস্পৃহা আৰু সাহসই তেওঁক অসাধাৰণ জ্ঞানী আৰু কৰ্মী হিচাপে প্ৰতিষ্ঠা কৰিছে।
এই সকলোবোৰ কাৰণৰ বাবে লেখকে আনন্দৰাম বৰুৱাক মহাপুৰুষ হিচাপে মানি, তেওঁৰ পদাংক অনুকৰণ কৰি উন্নতিৰ পথত নিজকে পৰিচালিত কৰিবলগীয়া বুলি উল্লেখ কৰিছে।
২। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰঃ মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হল-ধ্যৰ্য আৰু একাগ্ৰতা। আনন্দৰাম সদায় একাগ্ৰ আছিল। একাগ্ৰতাৰ গুনতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হব পাৰিছিল। এই গুনেই তেওঁক সাহ আৰু শক্তি দান কৰিছিল। ল’ৰাকালতে তেওঁ ভাওনা, অভিনয় আদি উৎসৱত যোগ দিওঁতে যেনে একমনা আছিল ঠিক সেইদৰে লিখা পঢ়া বিষয়তো তেওঁ একমনা আছিল। সেয়েহে গোটেই ‘অমৰকোষ’ গ্ৰন্থ খনি তেওঁ ল’ৰাকালতে কন্ঠস্থ কৰিব পৰিছিল।
৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷’কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ৷’
উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু দেৱৰ দ্বাৰা ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটোৰ পৰা লোৱা হৈছে।
এই কথাফাঁকিৰ জৰিয়তে লেখকে আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠা, কৰ্মস্পৃহা আৰু জীৱনদৰ্শন প্ৰকাশ কৰিব বিচাৰিছে।
মানুহৰ জীৱনৰ সাৰ্থকতা কৰ্মত নিহিত থাকে। যিজনে নিৰন্তৰ কৰ্মত আত্মনিয়োগ কৰে, সেইজনেই প্ৰকৃত অৰ্থত জীৱিত। বিপৰীতে, যিজনে কৰ্ম এৰি অলসতা আৰু নিষ্ক্ৰিয়তাত জীৱন অতিবাহিত কৰে, তেওঁৰ জীৱনটো মৃত্যুৰ সমান। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰই আছিল কৰ্ম। কৰ্মৰ মাজতেই তেওঁ আনন্দ লাভ কৰিছিল। তেওঁ কেতিয়াও নিজৰ কৰ্মৰ বাবে প্ৰশংসা বা মান বিচৰা নাছিল—এইটোই প্ৰকৃত কৰ্মীৰ লক্ষণ। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনত অতি কম সময়ৰ ভিতৰতে তেওঁ বহু কেইখন উচ্চমানৰ গ্ৰন্থ ৰচনা কৰি উলিয়াইছিল। তদুপৰি, ভবিষ্যতে আৰু বহু গ্ৰন্থ প্ৰণয়নৰ সংকল্পো কৰিছিল। তেওঁৰ অবিৰাম কৰ্মস্পৃহা আৰু জ্ঞানসাধনা দেখি জগতবিখ্যাত পণ্ডিত মেক্স মূলাৰেও বিস্মিত হৈছিল। এই সকলো কথাৰ দ্বাৰাই লেখকে উক্ত কথাফাঁকিৰ যথার্থতা প্ৰতিপন্ন কৰিছে।
৪। আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো বুজাই লিখা ৷
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কৰ্মৰাজিয়ে এটা নৱযুগৰ আৰম্ভণি কৰিলে ৷ তেওঁৰআদৰ্শসমূহে অসমীয়াক নতুন দিগন্তৰ সন্ধান দিলে ৷ তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু একাগ্ৰতা। কৰ্ম আৰু একাগ্ৰতাৰ বাবে তেওঁৰ আজিৰ পৰা প্ৰায় ডেৰশ বছৰৰ পূৰ্বে উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। যিখিনি সময়ত জাতি যোৱাৰ ভয়ত এচাম মানুহে ইউৰোপলৈ যাবলৈ ভয় কৰিছিল সেইখিনি সময়তে আনন্দৰাম বৰুৱাই শিক্ষাজগতৰ এখন নতুন দ্বাৰ উন্মোচন কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী আৰু সংস্কৃত ভাষাত গভীৰ জ্ঞান থকা আনন্দৰাম বৰুৱাই ভালেকেইখন গ্ৰন্থ ৰচনা কৰি প্ৰাচ্য আৰু পাশ্চাত্যৰ বৌদ্ধিক ক্ষেত্ৰত সমন্বয় সাধন কৰিছিল। দেশপ্ৰেম আৰু স্বজনৰ প্ৰতি থকা ভক্তিও আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ প্ৰধান গুন আছিল। যতেই সুবিধা পাইছিল তাতেই তেওঁ নিজ মাতৃভূমিৰ নাম উল্লেখ কৰিছিল। পিতৃ-মাতৃ আৰু ভাতৃৰ নাম উল্লেখ কৰি স্বজনৰ প্ৰতি থকা ভক্তি আৰু শ্ৰদ্ধা প্ৰকাশ কৰি নিজৰ পৰিচয় দিছিল। তেওঁৰ এই মহৎ আৰ্দশৰাজি আমি গ্ৰহন কৰিব পাৰো।
৫। প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা।
উত্তৰঃ নিজ দেশত শিক্ষা সম্পূৰ্ণ কৰি আনন্দৰাম বৰুৱাই উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। তেওঁৰ পূৰ্বৱৰ্তী সময়ছোৱাত প্ৰাচ্যৰ বিশেষকৈ ভাৰতীয় সাহিত্য আৰু দাৰ্শনিক গ্ৰন্থসমূহ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই আছিল। সেইসময়ত প্ৰাচ্যৰ জ্ঞানভাণ্ডাৰক পাশ্চাত্যৰ লোকসকলৰ আগত সহজে উপস্থাপন কৰিব পৰা উপযুক্ত গ্ৰন্থৰ অভাৱ আছিল। ফলত পাশ্চাত্য বিদ্বৎসমাজে প্ৰাচ্যৰ জ্ঞান-সম্পদৰ ওপৰত গভীৰ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল।
আনন্দৰাম বৰুৱাই ইংৰাজী আৰু সংস্কৃত ভাষাত বিভিন্ন গ্ৰন্থ ৰচনা কৰি এই দূৰত্ব দূৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে পাশ্চাত্য সমাজে প্ৰাচ্যৰ অমূল্য সাহিত্য, দৰ্শন আৰু জ্ঞানৰাজিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিছিল। এইদৰে তেওঁ প্ৰাচ্যৰ জ্ঞানভাণ্ডাৰক পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ আগত উপস্থাপন কৰি দুয়ো সভ্যতাৰ মাজত এক সেতু নিৰ্মাণ কৰিছিল।
আনন্দৰাম বৰুৱাক আদৰ্শ হিচাপে লৈ ভাৰতত বহু লোকেই সংস্কৃত চৰ্চা আৰু প্ৰাচ্য সাহিত্যৰ অধ্যয়নত আগ্ৰহী হৈ পৰিছিল। তেওঁৰ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যত এটা নৱ যুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত সুদৃঢ় সমন্বয়ৰ স্থাপন হ’ল।